ৰৈ ৰৈ বিনালে...

চৌদিশে এতিয়া ৰৈ ৰৈ বিনালে। পিছে সপোন বাস্তৱ হোৱাৰ সময়তহে নাই জুবিন। এফালে জুবিন গাৰ্গৰ সপোনৰ ছবিক আদৰাৰ প্ৰস্তুতি, আনফালে সপোন দেখোতাজনেই নাই আমাৰ মাজত। সুখ- দুখ মিহলি এই সময়। 

author-image
Asomiya Pratidin
New Update
AP FOR WEB NEW  bikhekh lekha (9)

ভাস্কৰ শৰ্মা

এখন অসমীয়া চিনেমা। নাম- ৰৈ ৰৈ বিনালে। জুবিন গাৰ্গৰ সপোনৰ চিনেমা ৰৈ ৰৈ বিনালে। চিনেমাখনৰ কাহিনী আজিৰ পৰা ১৭ বছৰ পূৰ্বেই মনত পুহি ৰাখিছিল জুবিন গাৰ্গে। 

আলফুলে, সযতনে লৈ ফুৰা কাহিনীটোক লৈ কত যে হেঁপাহ আছিল তেওঁৰ। এগৰাকী অন্ধ গায়কৰ চৰিত্ৰত অভিনয় কৰাৰ কথা প্ৰায়বোৰ সংগীতানুষ্ঠানতে কৈ ফুৰিছিল জুবিনে। চৰিত্ৰটিৰ নাম ৰাউল।

শিশুসুলভ জুবিন গাৰ্গে লগতে ইয়াকো কৈছিল যে, এইখন এখন সম্পূৰ্ণ মিউজিকেল চিনেমা। ইয়াত কেৱল মিউজিক আৰু প্ৰেম থাকিব। কোনো ধৰণৰ মাৰপিটৰ দৃশ্য ইয়াত দৰ্শকে দেখা নাপাব। 

কালক্ৰমত চিনেমাখনৰ চিত্ৰনাট্য প্ৰস্তুত হৈ উঠিছিল। শান্তনু ৰৌমূৰীয়াৰ তত্বাৱধানত ৰাহুল গৌতম শৰ্মাই লিখিছিল ৰৈ ৰৈ বিনালেৰ চিত্ৰনাট্য। কাহিনী- সংগীত জুবিন গাৰ্গৰ। প্ৰযোজনা জুবিন আৰু গৰিমাৰ। 

আই ক্ৰিয়েচনৰ বেনাৰত নিৰ্মাণ কৰিছে চিনেমাখন। সহযোগী প্ৰযোজনাৰ দায়িত্ব লৈছিল জিল ক্ৰিয়েচনৰ শ্যামন্তক গৌতমে। একেদৰে পৰিচালনাৰ দায়িত্ব দিছিল জুবিন গাৰ্গৰ দীৰ্ঘ সময়ৰ বন্ধু তথা দক্ষ পৰিচালক ৰাজেশ ভূঞাক।

সময়ৰ লগে লগে ছবিখনে পাইছিল পূৰ্ণতা। গীতবোৰো সাজু কৰিছিল জুবিন গাৰ্গে। ১১টা গীত সম্বৃদ্ধ ৰৈ ৰৈ বিনালে। 

প্ৰায়কেইটা গীতেই নিজৰ ষ্টুডিঅ’ত ডাবিং কৰিছিল জুবিন গাৰ্গে। ইতিমধ্যে দুটা গীত মুক্তি দিয়া হৈছে। সপোন সপোন আৰু মোৰ মন- এই দুয়োটা গীত খুবেই জনপ্ৰিয় আৰু অৰ্থৱহ হৈছে। 

ডিজিটেল প্লেটফৰ্মতো সাংঘাটিত সমাদৰ লাভ কৰিছে গীত দুটিয়ে। অৱশ্যে বাকী কেইটা গীত আৰু ছবিখনৰ আৱাহ সংগীতৰ কাম তেওঁৰ কৰা নহ’ল। কিয় কৰা নহ’ল বা হৈ নুঠিল সেই কথা দুনাই কোৱাৰ প্ৰয়োজন নাই। 

জুবিন বিহীন এই সময়ত এতিয়া তেওঁৰ সহযোগীসকলে ছবিখন মুক্তি দিবলৈ ওলাইছে। দিন-ৰাতি একাকাৰ কৰি নিৰ্ধাৰিত দিনটোত ছবিখন মুক্তি দিয়াৰ যো-জা চলাই আছে। জুবিন জীয়াই থাকোতে ঘোষণা কৰা অনুসৰি ৩১ অক্টোবৰ ২০২৫ত ৰৈ ৰৈ বিনালে মুক্তি দিয়া হ’ব।

গুৱাহাটীকে ধৰি অসমৰ ভিন্ন প্ৰান্তত জুবিন অনুৰাগী, জুবিন গাৰ্গ ফেন ক্লাৱৰ সদস্য তথা আন আন ৰাইজেও হাতে- কামে লাগি পোষ্টাৰিঙত নামি পৰিছে। জুবিন গাৰ্গ বিহীন এই সময়ত অন্য প্ৰচাৰৰ প্ৰয়োজন নহ’লেও এতিয়া ৰৈ ৰৈ বিনালে সকলোৰে বাবে আবেগৰ এটি নাম হৈ পৰিছে। 

জুবিনে আলফুলে লৈ থকা চিনেমাখন এতিয়া প্ৰতিজন অসমীয়াৰ বুকুৰ আপোন হৈ পৰিছে। ছবিখনৰ পোষ্টাৰিংত অসমীয়া ছবি জগতৰ অভিনেতা যতীন বৰা, মণ্টুমণি শইকীয়াকে ধৰি আন আন শিল্পীয়ো নামি পৰিছে।

চৌদিশে এতিয়া ৰৈ ৰৈ বিনালে। পিছে সপোন বাস্তৱ হোৱাৰ সময়তহে নাই জুবিন। এফালে জুবিন গাৰ্গৰ সপোনৰ ছবিক আদৰাৰ প্ৰস্তুতি, আনফালে সপোন দেখোতাজনেই নাই আমাৰ মাজত। সুখ- দুখ মিহলি এই সময়। 

জুবিন গাৰ্গে কৈছিল- মই মৰাৰ আগত এনেকুৱা কাম এটা কৰি যাব বিচাৰো, যিটো কাম ১০০ বছৰলৈকে থাকি যাব। হয়, এতিয়া ৰৈ ৰৈ বিনালে মুক্তিৰ পূৰ্বে যিবোৰ কাম কৰি আছে তাক হয়তো বহু বছৰলৈ অসমৰ ৰাইজে মনত ৰাখিব। ৯০ বছৰীয়া অসমীয়া চিনেমাৰ ইতিহাসত কেতিয়াও এনে ঘটনা হোৱা নাছিল, যি ঘটনা ৰৈ ৰৈ বিনালেৰ মুক্তিৰ পূৰ্বে হৈ আছে।

ৰৈ ৰৈ বিনালেৰ ট্ৰেইলাৰ মুক্তি দিছিল ২৩ অক্টোবৰত। তাৰ এদিন পাছতে অনলাইন এপ বুক মাই শ্ব’ত ৰৈ ৰৈ বিনালেৰ অগ্ৰিম টিকট মুকলি কৰি দিছিল।

আনন্দৰ কথা যে ৰৈ ৰৈ বিনালে মুক্তি দিয়াৰ আগেয়ে প্ৰায় ৪টা দিনৰ টিকট বিক্ৰী শেষ হৈ গৈছে। অসমৰ প্ৰতিটো ছবিগৃহৰ প্ৰতিটো দৰ্শনীৰ টিকট হাইচফুল। ইয়াৰ পূৰ্বে এনেধৰণৰ ঘটনা হোৱা নাছিল।

ৰৈ ৰৈ বিনালেৰ অভূতপূৰ্ব সফলতাত এতিয়া প্ৰতিজন অসমীয়াই সুখী। এতিয়া সকলোৱে অধীৰ আগ্ৰহেৰে বাট চাই আছে ছবিখন মুক্তি দিয়ালৈ।

জুবিন বিহীন এইহেন সময়ত ৩১ অক্টোবৰত ডাঙৰ পৰ্দাত দেখিবলৈ পাব ৰাউলৰূপী জুবিনক। আমাৰো আশা- জুবিনে ভবাৰ দৰে সফলতা লাভ কৰক ৰৈ ৰৈ বিনালে...। 

ৰৈ ৰৈ বিনালে জুবিন গাৰ্গ