ভাস্কৰ শৰ্মা
আৰু কিমান সহ্য কৰিম, আৰু কিমান বাট চাম, এই অপেক্ষাৰ জানো আছে অন্ত ? য'ত নাই মান- নাই য'ত আদৰ তাৰ পৰা বিদায় লোৱাই শ্ৰেয় !
হয়তো এইখিনি কথা তেওঁ নকলেও মনে- প্ৰাণে ভবা বুলি বোধ হয় ! এতিয়া অন্তততো তেওঁৰ বিদায়ৰ পাছত এই কথা বহু ক্ৰিকেট অনুৰাগীয়ে ভাবিবলৈ বাধ্য হৈছে।
বাৰে বাৰে দলৰ পৰা উপেক্ষিত, মূল একাদশতো নাই স্থান। তেওঁৰ দৰে এগৰাকী অভিজ্ঞ ক্ৰিকেটাৰে ৰিজাৰ্ভ বেঞ্চত বহি থকাতো কিমান অসহনীয় সেয়া হয়তো বুজা জনে অনুভৱ কৰে। অনুভৱ কৰে ভুক্তভোগীজনেহে।
প্ৰতিভাৰ তেওঁৰ অভাৱ নাই। দলত তেওঁ থকা মানেই প্ৰতিপক্ষ বেটাৰৰ চিন্তা বাঢ়ি যায়। ঘনে ঘনে সলনি কৰিব লগা হয় ৰণকৌশল। বলিঙত যিদৰে পাকৈত, নিপুণ একেদৰে বেটিঙৰ দক্ষতাও কোনো গুণে কম নহয়। কম নহয় ফিল্ডিঙৰ দক্ষতাও। কাৰ্যতঃ এগৰাকী সম্পূৰ্ণ ক্ৰিকেটাৰ। এটা পেকেজসদৃশ। দলৰ মূল চালিকাশক্তি বুলি কলেও বঢ়াই কোৱা নহব।
পোনতে আছিল তেওঁ এগৰাকী অপেনাৰ বেটছমেন। তাৰ পাছত আন্তৰ্জাতিক ক্ৰিকেটত হৈ পৰিল এগৰাকী ত্ৰাসসৃষ্টিকাৰী স্পীনাৰ। অপেনাৰৰ পৰা নিজক এগৰাকী ত্ৰাসসৃষ্টিকাৰী স্পীনাৰলৈ ৰূপান্তৰ কৰাৰ যি দক্ষতা, সেই দক্ষতা হয়তো বিশ্বতে বিৰল !
বিশ্ব ক্ৰিকেটত অতি কম সংখ্যকহে ওলাব এনে প্ৰতিভাধৰ ক্ৰিকেটাৰ। ভাৰতেও লাভ কৰিছিল তেওঁৰ ৰূপত এনে এগৰাকী বিৰল প্ৰতিভাধৰ ক্ৰিকেটাৰ।
বহু যুঁজৰ নায়ক আছিল তেওঁ। দলৰ বিপৰ্যয়ৰ সময়ত তেওঁ দিছে অনন্য বিজয়ৰ সোৱাদ। বলিঙত যদি কোনো সতীৰ্থ বলাৰ ব্যৰ্থ হৈছে, তেন্তে তেঁৱেই পালন কৰিছে সেই গুৰু দায়িত্ব।
আনহাতে বেটিঙত যদি বিৰাট, ৰোহিতহঁতৰ দৰে মহাতাৰকা বেটাৰ ব্যৰ্থ হৈছে, তেতিয়াও সেই দায়িত্ব তেওঁ মূৰ পাতি লৈছে আৰু দলক জয়ী কৰোৱাইছে। মুঠৰ ওপৰত নিৰ্ভৰযোগ্য এগৰাকী ক্ৰিকেটাৰ তেওঁ।
এনেহেন বিৰল প্ৰতিভাৰ আকৰ এগৰাকী যেতিয়া বাৰে বাৰে দলৰ পৰা উপক্ষিত হ’ব লগা হয় অথবা ৰিজাৰ্ভ বেঞ্চতে দিন কটাবলগীয়া তেন্তে ই সঁচাকৈ এক প্ৰশ্নবোধক চিন হৈ ৰয়। ফিটনেছ তথা ফৰ্ম থকাৰ পাছতো যেতিয়া এনেদৰে বাৰে বাৰে বঞ্চিত হবলগীয়া হয়, তেতিয়া হতাশ হোৱাটো স্বাভাৱিক।
সেয়া খেলেই হওক নাইবা আন ক্ষেত্ৰতে হওক। হতাশ আৰু চিন্তা বাঢ়ি যোৱাটো এগৰাকী ভুক্তভোগীৰ বাবে স্বাভাৱিক হৈ পৰে। আৰু তেতিয়াই সেই স্থান ত্যাগৰ মানসিকতাকতাত দগ্ধ হয় এজন লোক। ব্যতিক্ৰম নহ’ল ৰবিচন্দ্ৰণ অশ্বিনৰ ক্ষেত্ৰতো।
ক্ৰিকেট বিশ্বক স্তম্ভিত কৰি আচম্ভিতে অৱসৰ গ্ৰহণৰ কথা ৰাজহুৱা কৰিলে আৰ অশ্বিনে। অষ্ট্ৰেলিয়া ভ্ৰমণৰত অৱস্থাতে তেওঁ ঘোষণা কৰিলে নিজৰ অৱসৰৰ কথা। আটাইকেইজন সতীৰ্থ অবাক হৈ ৰল। শেতা পৰা চকুৰে চাই ৰল সতীৰ্থ বিৰাট কোহলিয়ে। দুচকুত আবেগভৰা চাৱনিৰে অশ্বিনৰ ফালে চাই ৰল বাল্য বন্ধু তথা এতিয়াৰ সতীৰ্থ ৰোহিত শৰ্মা। কাৰ্যতঃ কাঁহ পৰি জীণ যোৱা অৱস্থাৰ সৃষ্টি হল ড্ৰেছিং ৰুমত।
বন্দুকৰ গুলীৰ দৰে ওলাইছিল তেওঁৰ অৱসৰী ভাষণ। বুকুত এবুকু শোক আৰু আবেগ লৈ অশ্বিনে একো কষ্ট অনুভৱ নকৰাৰ অভিনয় কৰি যেন অৱসৰী ভাষণ প্ৰদান কৰিছিল সংবাদমেলত। তেওঁ কৈছিল- এই সিদ্ধান্ত বহুতৰ বাবে আৱেগিক হব পাৰে। এই সময় হব পাৰে আৱেগিক। কিন্তু মোৰ ক্ষেত্ৰত ই এক মহান সময়। এই সময় সন্তুষ্টিৰ অনুভূতি। অৱসৰৰ বাবে মই আগৰে পৰাই প্ৰস্তুত আছিলো। এই সিদ্ধান্ত কোনো ডাঙৰ সিদ্ধান্ত নহয়। ইয়াত আৱেগিক হোৱাৰ প্ৰশ্নই নুঠে। ইয়াৰ পাছতে মই মোৰ নতুন পথৰ সন্ধান কৰিম। এনেদৰেই তেওঁ সলসলীয়া কৈ প্ৰদান কৰিছিল অৱসৰগ্ৰহণৰ ভাষণ।
উক্ত সংবাদমেলত অশ্বিনক সংগ দিছিল অধিনায়ক ৰোহিত শৰ্মাই। ৰোহিতেও অশ্বিনৰ সৈতে কটোৱা বহু স্মৃতি ৰোমন্থন কৰিছিল। ১৭ বছৰ অনুৰ্ধ ক্ৰিকেটত কিদৰে এগৰাকী অপেনাৰ হিচাপে অশ্বিনক পাইছিল, সেই কথাও সুঁৱৰিছিল ৰোহিতে।
এনেদৰেই আন্তৰ্জাতিক ক্ৰিকেটক বিদায় জনাইছিল ৰবিচন্দ্ৰণ অশ্বিনে। ভাৰতীয় ক্ৰিকেটক তেওঁ দিছে অনস্বীকাৰ্য অৱদান। তাৰ তুলনাত ভাৰতীয় ক্ৰিকেটে তেওঁক দিয়া সন্মান আৰু সুযোগ হয়তো নগণ্য। যাৰ বাবে তেওঁ আৰু বাট নাচালে সুযোগলৈ। যত আদৰ নাই তাৰ পৰা শীঘ্ৰেই বিদায় লোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিলে তেওঁ।
এইখিনিতে এটা কথা উল্লেখ কৰা প্ৰয়োজন যে আৰ অশ্বিনৰ কেৰিয়াৰৰ দিশলৈ লক্ষ্য কৰিলে দেখা যায় যে তেওঁ লাভ কৰিছে ঈৰ্ষণীয় সাফল্য। ১০৬ খন আন্তৰ্জাতিক টেষ্ট মেচ খেলিছে তেওঁ। টেষ্ট সংস্কৰণত তেওঁ লাভ কৰিছে ৫৩৭ টা উইকেট। আনহাতে বেট হাতত লৈ তেওঁ সংগ্ৰহ কৰিছে ৩,৫০৩ ৰান। যত আছে ৬টা শতক আৰু ১৪টা অৰ্ধশতক।
একেদৰে তেওঁ খেলিছে আন্তৰ্জাতিক এদিনীয়া ক্ৰিকেট। ১১৬ খন আন্তৰ্জাতিক এদিনীয়া ক্ৰিকেটত তেওঁ ভাৰতক প্ৰতিনিধিত্ব কৰি সংগ্ৰহ কৰিছে ১৫৬ টা উইকেট। ইয়াৰ উপৰি বেট হাতত লৈ এটা অৰ্ধশতকসহ সংগ্ৰহ কৰিছে ৭০৭ ৰান। তেওঁ খেলিছে ৬৫ খন টি- ২০ মেচ। ইয়াতো তেওঁ লাভ কৰিছে ৭২টা উইকেট আৰু সংগ্ৰহ কৰিছে মুঠ ১৮৪ ৰান।
টেষ্টত ৮বাৰকৈ ১০টা উইকেট লাভ কৰা অশ্বিনে দলৰ বিপৰ্যয়ৰ সময়ত কেইবাৰো উদ্ধাৰ কৰিছে ভাৰতীয় দলক। এনে এগৰাকী বিৰল প্ৰতিভাৰ আকৰসদৃশ ক্ৰিকেটাৰৰ বিদায় অনাগত সময়ত সঁচাকৈয়ে অনুভৱ কৰিব ভাৰতীয় দলে।
সেয়ে হয়তো তেওঁৰ বিদায়ৰ পাছত বহু অনুৰাগীয়ে একেমুখে কৈছে- বহু ক্ৰিকেটাৰ আহিব আৰু যাব, কিন্তু পুনৰ এগৰাকী ৰবিচন্দ্ৰণ অশ্বিন ভাৰতে নাপাব ! চৌদিশে আজি গুঞ্জৰিত হৈছে এটাই নাম- অশ্বিন...অশ্বিন...অশ্বিন !