/asomiyapratidin/media/media_files/2024/12/15/KOKfXp72sHWym3sGTm7n.png)
ভাস্কৰ শৰ্মা
কেতিয়াবা কিছুমান সময় বৰ আপোন আপোন লাগে। সেই সময়বোৰ যেন আমাৰ একেবাৰে নিজৰ সময় আছিল। সময়ৰ গতিত সময়ৰ মৃত্যু হ’লেও সেই সময়বোৰে আমাৰ জীৱন জীয়াৰ বাবে কেতিয়াবা হৈ পৰে এপালি মহৌষধ।
অনুভৱৰ বোকোচাত উঠি আহি মন গহনত দোলা দি যায় এই সময়বোৰে। যি সময়ক আমি সোণালী সময় আখ্যা দিওঁ। এই যে প্ৰিয়জনক চুচুক-চামাককৈ দিয়া মৰম মিহলি হৈ থকা চিঠিখন, একেদৰে নৱবৰ্ষত দিয়া গ্ৰীটিংছ কাৰ্ডখন।
তাৰোপৰি চোতালত নৰা ধাৰি পাৰি আইতাই কোৱা সাধুবোৰ, স্কুলৰ বাৰাণ্ডাত বহি নেঁওতা মুখস্থ কৰা, আলহী আহি হাতৰমুঠিত দি যোৱা সিকিটো, নালাগে নালাগে বুলি চকুৰ পাকতে লৈ থোৱা সেই আধলি বা সিকিটোৱেও কৈ যায় সোণালী সময়ৰ কথা। এইবোৰকে ধৰি এনে বহু সময়ৰ স্মৃতিৰে ঠাহ খাই আছে আমাৰ মনৰ কোঠালি। সেইবোৰ সময়লৈ ঘূৰি যাব খুজিও যাব নোৱাৰাৰ পৰিৱেশে কেতিয়াবা সেমেকাই তোলে আমাৰ মনবোৰ।
এতিয়া যেন একো এটা বস্তুতে নাই আন্তৰিকতা। নাই মৰম, নাই আদৰ। আমি যেন সকলোৱে একো একোটা যন্ত্ৰৰ দৰে হৈ পৰিছো। কাম আৰু কাম, টকা আৰু টকাৰ পাছতে দৌৰিছো। ভাগৰি পৰিছো আধুনিকতাৰ ধামখুমীয়াত।
ভাগৰিও নভাগৰাৰ অভিনয় কৰিছো, কিয়নো এনে নকৰিলে আজিকালি তথাকথিত ষ্টেটাছ নিমিলিবও পাৰে। মনৰ বিপৰীতে গৈ হ’লেও ভাল নলগাজনক কামৰ স্বাৰ্থত ভালপোৱাৰ অভিনয় কৰিছো। প্ৰেম নহ’লেও প্ৰেমত পৰিবলৈ চেষ্টা কৰিছো। মুঠৰ ওপৰত সকলোতে ভেজাল আৰু ভেজাল।
যেতিয়া উপায়হীন হৈ পৰো, তেতিয়া কোনেও নেদেখাকৈ কোনোবা এটা চুকত পুৰণি সময়বোৰ সুঁৱৰি চকুলো টুকিছো। হায় মোৰ সোণোৱালী সময় ! সময়ৰবোৰ এনেকৈয়ে মকৰাজালত বন্দী হৈ পৰে। কোনেও গম নোপোৱাকৈ। চকু মোহাৰি পুনৰ নিজকলৈ ব্যস্ত হৈ পৰাৰ সময় এয়া। এই সময়ত নাই আন্তৰিকতা।
মৰমবোৰো যেন ম’বাইলটোতেই আৱদ্ধ। সম্পৰ্কবোৰতো নাই আন্তৰিকতা। প্ৰেমৰ বিষতো যেন দগ্ধ নহয় আজিৰ প্ৰেমিক- প্ৰেমিকা।
আজিৰ সময়ে দিয়া প্ৰতিটো বস্তু জনাই- নজনাই ব্যৱহাৰ কৰিবলৈ লৈছো। তথাকথিত আধুনিক জীৱনশৈলী এটা গঢ়াৰ চেষ্টা কৰিছো দিনে- নিশাই।
অকলশৰে থকা সময়তো হাতত তুলি লৈছো মোবাইল ফোন। তদ্ৰুপ বন্ধু- বান্ধৱৰ আড্ডাৰ সময়তো হাতত অনবৰতে থাকে মোবাইলটো।
কেতিয়াবা নিজকো পাহৰি গৈছো। মনে কি বিচাৰে তাক চিন্তা কৰাৰো সময় নাই আজিকালি আমাৰ হাতত। অথচ আমাৰ হাতত অজস্ৰ সময়। কাৰ বাবে কিহৰ বাবে সেয়া সুধিলে আমি নিৰ্বাক- নিস্তেজ। ৰসহীন কৰি পোলোৱা জীৱনটোত মুকলিকৈ হাঁহিবলৈ পাহৰি গৈছো। যিকণ হাঁহিছো, সেয়াও যেন শুকান জেওৰা চেপি উলিওৱা ৰসহে।
মুঠৰ ওপৰত আমাৰ মাজৰ পৰা হেৰাই গৈছে ধৈৰ্য, সহ্য, ত্যাগ, দুখ, সুখ। খন্তেকীয়া সুখৰ বাবে কৰি গৈছো ইটোৰ পাছত সিটো মনে নিবিচৰা কাম। দেখাক দেখি ইটো লাগে, সিটো লাগেৰ প্ৰতি আগ্ৰহ জন্মাইছো নিজেই। যেন আজিকালি সকলো জানিও নজনাৰ দৰে হৈ গৈছো আমি !
সম্পৰ্কবোৰো এনেকৈয়ে হেৰাই যায়। যেতিয়া আমি সময়ৰ অজুহাতত খবৰ লোৱাৰ নামত মাত্ৰ এটা ফোন অথবা মেছেজ দিয়েই নিজক সান্তনা দিছো। দূৰৰ পৰাই খবৰ লৈছো গাঁৱত থকা মা- দেউতাৰ।
ফোনতে খবৰ লৈছো পেহা, পেহী, খুড়া- খুড়ী আৰু মাহী- মহাৰ। তেওঁলোকৰ সৈতেও নাই সংযোগ, আছে যোগাযোগ। কায়িকভাৱে লগ নোপোৱাৰ বাবে তেওঁলোকে অনুভৱ নকৰে আমি কিদৰে আছো বা আমি অনুভৱ নকৰো তেওঁলোক কিদৰে আছে ! এনেকৈ এদিন- দুদিন কৰি হেৰাই যায় সম্পৰ্কবোৰ।
কেতিয়াবা এনে লাগে- এই সময় যেন বৰ ভয়াৱহ সময়। যি সময়ে নুবুজে মৰম- দয়া আৰু মমতা। যেনেকৈ বিচাৰো তেনেকৈ নিজৰ মতে মিলাই লোৱা সময়ে কেতিয়াও সৃষ্টি নকৰে এনাজৰী। সৃষ্টি নকৰে প্ৰেম, ভাতৃত্ববোধ আৰু সম্প্ৰীতি।
হয়তো এনেকৈয়ে চলি যাব সময়বোৰ। হয়তো এনে এটা বিষাক্ত জীৱন আপুনি মই সকলোৱে যাপন কৰিছো, বা কৰিবলৈ বাধ্য হৈছো। কিন্তু মান আৰু সন্মানৰ খাতিৰত পিন্ধি লৈছো এখন মুখা। যি মুখাই কৰি ৰাখিছে আমাক বোবা !