দাৰিদ্ৰ্যৰ কৰুণ পৰিণতি : মাতৃ-কন্যাই ল’লে চৰমপন্থা

অ’ জীৱন ! আজি আছো, কাইলৈ নাই । জীয়াই থকা মানেই এইটো নহয় যে- কোনো সমস্যা নাই, দুখ নাই, অভাৱ নাই, অভিযোগ নাই...। বাস্তৱ পৃথিৱীত অভাৱৰ নাই কোনো সীমনা। তথাপি জীৱন জীয়াৰ বাবে লাগে ন্যূনতম সমলসমূহ

author-image
Asomiya Pratidin
New Update
bikhekh lekha new (2)

ভাস্কৰ শৰ্মা

Advertisment

অ’ জীৱন ! আজি আছো, কাইলৈ নাই। জীয়াই থকা মানেই এইটো নহয় যে- কোনো সমস্যা নাই, দুখ নাই, অভাৱ নাই, অভিযোগ নাই...। বাস্তৱ পৃথিৱীত অভাৱৰ নাই কোনো সীমনা। তথাপি জীৱন জীয়াৰ বাবে লাগে ন্যূনতম সমলসমূহ। 

পেটৰ ভোক গুচাবলৈ লাগে এমুঠি অন্ন, পিয়াহ গুচাবলৈ এপিয়লা পানী, লজ্জা নিবাৰণ কৰিবলৈ কাপোৰ আৰু থাকিবলৈ এটি ঘৰ। এয়াইটো মৌলিক উপাদান- খাদ্য, বস্ত্ৰ আৰু বাসস্থান।

পৰিতাপৰ কথা যে, আজিৰ এই সময়তো উল্লেখিত ন্যূনতম সা- সুবিধাখিনিৰ বাবে বঞ্চিত হৈ আছে বহু পৰিয়াল। আজিও এসাঁজ ভাতৰ বাবে হাহাকাৰ কৰিব লগা হয় একাংশই। অনিদ্ৰা- অনাহাৰে কটাব লগা তেওঁলোকে। 

এখন কাপোৰৰ বাবে হাবাথুৰি খাব লগা হয় বহু পৰিয়াল। ফটা-ছিটা কাপোৰেৰে নিবাৰণ কৰে লজ্জা। তথাপি চলি থাকে জীয়াই থকাৰ সংগ্ৰাম। হয়তো এই সংগ্ৰামত কেতিয়াবা ভাগৰুৱা হৈ পৰে তেওঁলোক। তথাপি জীৱনৰ বাসনাই জীয়াই থকাৰ বাবে যোগাই উদগনি। 

তেওঁলোকে কষ্ট কৰে যথেষ্ট, কিন্তু এই কষ্ট অনুপাতে নাপায় প্ৰাপ্য। যাৰ বাবে মানসিক অশান্তি, অভাৱ, অনাটন আদিয়ে জুৰুলা কৰে এনেবোৰ পৰিয়ালক। অভাৱ বা দাৰিদ্ৰ্যতা বহু আগৰ পৰাই সমাজত এক সমস্যা হিচাপে আছে। 

দৰিদ্ৰতা নিৰ্মূল কৰাৰ বাবে চৰকাৰ তথা প্ৰশাসন আদিয়েও লৈছে কেতবোৰ পদক্ষেপ। তাৰোপৰি ঘোষণা কৰা আঁচনিসমূহৰ দ্বাৰাও সমাজৰ দৰিদ্ৰ শ্ৰেণীক স্পৰ্শ কৰাৰ চেষ্টা কৰিছে চৰকাৰে। 

কিন্তু আজিও এই আঁচনিসমূহে এচাম দৰিদ্ৰ লোকক চুব পৰা নাই। লাভ কৰা নাই চৰকাৰে ঘোষণা কৰা আঁচনিৰ সুবিধা। ক’ৰবাত লাঞ্চিত- বঞ্চিত হৈ ৰৈ গৈছে তেওঁলোক। 

যাৰ বাবে জীৱন জীয়াৰ সংগ্ৰামত ভাগৰুৱা হৈ থকা মানুহবোৰ আৰু হৈ পৰে ভাগৰুৱা। ৰাজহাঁড় বেকা হৈ পৰা মানুহবোৰৰ জীয়াই থকাৰ বাসনা হেৰাই যায় ক’ৰবাত। 

হয়তো নকৰিবলগীয়া কামো কৰিব লগাত পৰে তেওঁলোক। এনেকৈয়ে চলি থাকে তেওঁলোকৰ জীৱন। কেতিয়াবা হয়তো শেষত উপায়হীন হৈ নিজৰ জীৱনকে শেষ কৰি দিয়ে তেওঁলোকে। বাচি লয় আত্মহত্যাৰ দৰে পথ !

অতি শেহতীয়াকৈ দাৰিদ্ৰতাই অসমতে লৈছে ভয়ংকৰ ৰূপ। সংঘটিত হৈছে মৰ্মান্তিক ঘটনা। ঘটনাৰ স্থান ধুবুৰী জিলাৰ তামাৰহাট। তামাৰহাট থানাৰ অন্তৰ্গত শগুনচৰা গাঁৱৰ এটি পৰিয়ালে বাচি লৈছে চৰমপন্থা। তাৰ কাৰণ এটাই- দাৰিদ্ৰতা।

গাঁওখনত বাস কৰা মাতৃ আৰু দুই কন্যা সন্তানে একেলগে চিপ লৈ আত্মহত্যা কৰে। যি ঘটনাই এতিয়া সমগ্ৰ অঞ্চলটোতে চাঞ্চল্যৰ সৃষ্টি কৰিছে। 

জানিব পৰা মতে পৰিয়ালৰ মুৰব্বী তথা স্বামী আছিল ঘৰৰ পৰা বাহিৰত। তেতিয়াই ঘৰত কোনো নথকাৰ সুযোগ গ্ৰহণ কৰি মাতৃ আৰু দুই কন্যাই এনে পথ বাচি লৈ নিজৰ জীৱনৰ যতি পেলায়।

স্থানীয় ৰাইজে সন্দেহ কৰা অনুসৰি তামাৰহাটৰ এই পৰিয়ালটো অতি দৰিদ্ৰ হোৱা বাবেই এনে পথ গ্ৰহণ কৰে মাতৃ আৰু দুই কন্যাই। ইয়াৰে ডাঙৰ কন্যাৰ বয়স আছিল মাত্ৰ ১০ বছৰ। তেওঁ জন্ম হোৱাৰ কেইবছৰমান পিচৰ পৰাই চকুৰে নেদেখা হৈছিল। 

আনহাতে সৰু ছোৱালীজনীৰ বয়স মাত্ৰ ৪বছৰ। ইতিমধ্যে ঘটনাস্থলীত স্থানীয় আৰক্ষী উপস্থিত হৈ তিনিওৰে মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰিছে। 

উল্লেখিত ঘটনাটোৰ দৰে দেশত এনে বহু লোকে দাৰিদ্ৰতাৰ বাবেই বাচি ল’ব লগা হৈছে চৰমপন্থা। কেৱল চৰমপন্থাই মৃত্যুৰ কাৰণ নহয়। দৰিদ্ৰতাৰ বাবে সৃষ্টি হোৱা ৰোগৰ দ্বাৰাও বহুলোকে মৃত্যুমুখত পৰিছে। খাদ্যৰ অভাৱ, স্বাস্থ্যসেৱাৰ অভাৱ, পৰিৱেশৰ অৱস্থা, অজ্ঞানতা আদিৰ বাবেও বহুলোক মৃত্যুমুখত পৰাৰ নজিৰ আছে। 

এইখিনিতে এটা কথা উল্লেখ কৰা প্ৰয়োজন যে, বিশ্ব বেংকৰ নতুন তথ্য অনুসৰি, ২০২২-২৩ বিত্তীয় বৰ্ষত কেৱল ৫.৩% ভাৰতীয় ‘অতি দৰিদ্ৰ’ হিচাপে চিহ্নিত কৰা হৈছিল। যি হাৰ ২০১১-১২ বিত্তীয় বৰ্ষত আছিল ২৭.১%। 

এই পৰিসংখ্যাই দেখুৱাইছে যে, প্ৰায় ১১ বছৰৰ ভিতৰত দেশখনে ২৬৯ নিযুত মানুহক অতি দৰিদ্ৰতাৰ পৰা মুক্তি দিবলৈ সক্ষম হৈছে। কিন্তু এই হাৰ হ্ৰাস পালেও এতিয়াও এনে কিছু অঞ্চল আছে য’ত চৰকাৰী আঁচনিয়ে তেওঁলোকক ঢুকি পোৱা নাই। দৰিদ্ৰবোৰ দৰিদ্ৰ হৈ গৈয়েই আছে। যাৰ বাবে এনে অনাকাঙ্খিত- অবাঞ্চিত ঘটনা সংঘটিত হৈ আহিছে। 

আনহাতে অসমৰ ক্ষেত্ৰত আজিৰ পৰা এবছৰ আগৰ সমীক্ষা লক্ষ্য কৰিলে দেখা যায় যে, এবছৰ পূৰ্বে অসমৰ জনসংখ্যা আছিল ৩.৬৬ কোটি। লক্ষণীয়ভাৱে ইয়াৰে এক তৃতীয়াংশ অর্থাৎ ৩১.৯৮ শতাংশই দাৰিদ্ৰ সীমাৰেখাৰ তলত বাস কৰে। 

অসমৰ গ্ৰামাঞ্চলৰ ৯২.০৬ লাখ আৰু চহৰাঞ্চলৰ ৯.২১ লাখ লোকে দাৰিদ্র্য সীমাৰেখাৰ তলত বাস কৰিবলগীয়া হৈছে। ৰাজ্যসভাত কেন্দ্ৰীয় চৰকাৰে তথ্য দাখিল কৰা ৩৫ খন ৰাজ্যৰ মাজত দৰিদ্ৰতাৰ ক্ষেত্ৰত অসমৰ স্থান আছিল ২৮ নম্বৰ। অর্থাৎ দৰিদ্ৰতাৰ ক্ষেত্ৰত তলৰ পৰাহে ৮ নম্বৰ স্থানত আছিল অসম।  

গতিকে চৰকাৰে দৰিদ্ৰতা নিৰ্মূল কৰাৰ বাবে যি যি আঁচনি গ্ৰহণ কৰিছে, সেই আঁচনিবোৰ প্ৰতিটো দৰিদ্ৰ পৰিয়ালে লাভ কৰিলেহে সমাজৰ পৰা নিৰ্মূল হ’ব দৰিদ্ৰতা। তাৰোপৰি দৰিদ্ৰতাৰ বাবে সংঘটিত হোৱা ঘটনাবোৰৰ পৰাও পৰিত্ৰাণ পোৱা যাব। 

দৰিদ্ৰ লোকসকলৰ মুখতো বিৰিঙিব সন্তুষ্টিৰ হাঁহি। ইয়াৰ বাবে চৰকাৰে স্থানীয় প্ৰতিনিধিসকলক গুৰু দায়িত্ব অৰ্পণ কৰি মধ্যভোগীয়ে যাতে প্ৰৱেশ কৰিব নোৱাৰে তাৰ বাবে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিব লাগিব। অন্যথা দৰিদ্ৰ লোকসকল অতি দৰিদ্ৰলৈ অৱনমিত হ’ব। যাৰ বাবে আকৌ অনাকাঙ্খিত- অবাঞ্চিত ঘটনাই দখল কৰিব শিৰোনাম...।

দৰিদ্ৰতা