/asomiyapratidin/media/media_files/2026/01/01/whatsapp-imag-2026-01-01-19-41-05.jpeg)
ভাস্কৰ শৰ্মা
কল্পনা কৰকচোন- পশ্চিম আকাশত আবেলি লহিওৱা বেলিটো ক্ষন্তেক জিৰণি লৈ আথে- বেথে ভুমুকি মাৰিছে পূব আকাশত ! জাৰৰ নিশা কুঁৱলীৰ আৱৰণ ভেদি ওলাও- নোলাওকৈ ওলাব লৈছে বেলিটি। নাই উত্তাপ, আছে পোহৰ !
আহঃ সুমথিৰা বৰণীয়া বেলিটিয়ে কান্ধত লৈ আনিছে কি যে এটি সুন্দৰ ৰাতিপুৱা ! এটি নতুন পুৱাৰ, নতুন সুবাসৰ, নতুনৰ সম্ভাৰ লুকাই আছে এই পুৱাত ! পুৱাবোৰ সকলোৰে প্ৰিয়। চৰাই- চিৰিকটি, পশু- পক্ষীৰ উপৰি মানুহে প্ৰতিটো পুৱা সুন্দৰ হোৱাটো মন- প্ৰাণে বিচাৰে। এটি নতুন পুৱাৰ আঁৰত থাকে সুন্দৰ দিনৰ ৰূপৰেখা।
আজি পহিলা জানুৱাৰী। ইংৰাজী নৱবৰ্ষ ২০২৬য়ে ভৰি দিলেহি আমাৰ পদূলিত। বিগত প্ৰতিটো বছৰৰ তিক্ততা পাহৰি নতুনক মেৰিয়াই লোৱাৰ সময় এয়া ! নতুন বছৰটোত সকলোৱে কামনা কৰে ভাল হোৱা, সৰ্বাংগ সুন্দৰ হোৱা। নতুন পুৱাৰ নতুন বছৰ, নতুন কাম, নতুন চিন্তা, নতুন পৰিকল্পনা- এইসমূহৰ মাজতে লুকাই থাকে আমাৰ প্ৰাপ্তি আৰু অপ্ৰাপ্তিৰ বিপুল সম্ভাৰ।
কি পালো, কি হেৰুৱালো তাৰ হিচাপ কাটি কৰি নতুন দিনটোত সকলোৱে পণ লয়, বছৰটো যাতে ভালে- কুশলে যায়। কোনো অপায়- অমংগল, অসূয়া- অপ্ৰীতিয়ে যাতে গ্ৰাস কৰিব নোৱাৰে তাৰ বাবে আজিৰ এই পহিলা দিনটোতে সকলোৱে আৰধ্য দেৱতালৈ আগবঢ়াই ভক্তিৰ অৰ্ঘ্য, শৰাই- নৈবদ্য।
আজিৰ এই পহিলা জানুৱাৰীৰ দিনটোত অসমৰ বিভিন্ন প্ৰান্তৰ মঠ- মন্দিৰত ভিৰ কৰিছে ভক্তই। ৩১ ডিচেম্বৰৰ নিশা আনন্দ- ফুৰ্তিৰ মাজেৰে পাৰ কৰা লোকসকলে পুৱাই উঠি গা- পা ধুই এটি পবিত্ৰ মনলৈ পৰিয়ালটোৰ সৈতে গৈছে মন্দিৰ, নামঘৰ আদি পবিত্ৰ স্থানলৈ।
বছৰটোৰ বাবে জনাইছে সেৱা। ইষ্ট দেৱতালৈ আগবঢ়াইছে চাকি- বন্তি আৰু শৰাই। এয়াই পৰম্পৰা, এই সংস্কৃতি। নতুন দিনৰ, ন আশা আৰু প্ৰত্যাশাৰে ভৰাব বিচৰা এটি নৱবৰ্ষ।
আজিৰ এই দিনটোত কাৰোৰে মনত নাই অৱসাদ কিম্বা বিৰক্তিৰ ভাব। সকলোৰে মনবোৰ আনন্দৰে উপচি পৰিছে। উচাহ- উদ্দীপনাই বিৰাজ কৰিছে তেওঁলোকৰৰ সৰু সৰু সুখবোৰত। নীলাচল পাহাৰত অৱস্থিত মা কাম্যাখ্যা মন্দিৰ, নৱগ্ৰহ মন্দিৰ, বেলতলাৰ লক্ষ্মী মন্দিৰ, নগাঁৱৰ বটদ্ৰৱা থান, বৰপেটা সত্ৰ, মাজুলীৰ নামঘৰ- সত্ৰ, নলবাৰীৰ বিল্বেশ্বৰ দেৱালয়, বালিলেচা দেৱালয়, থেঠা গোসাঁইৰ থান, হাজোৰ পঞ্চতীৰ্থ, ধুবুৰীৰ মহামায়া আদি ধৰ্মীয় স্থানসমূহত ভক্তৰ লানি নিছিগা সোঁত পৰিলক্ষিত হৈছে।
সকলোৱে ভক্তিভাবেৰে আৰধানা কৰিছে ঈশ্বৰৰ। একেদৰে সমনীয়াৰ সৈতে খেলিছে প্ৰীতি মেচ। গাঁও অঞ্চলত যুৱকসকলে খেলিছে ক্ৰিকেট, ফুটবল, ভলীবল আদি। তাৰ মাজতে আজিৰ এই আনন্দৰ দিনটোত বহু সংখ্যক লোকে পূজা- অৰ্চনা কৰাৰ উপৰি বনভোজ খোৱাও পৰিলক্ষিত হৈছে।
কোনোৱে নদীৰ পাৰত খাইছে পৰিয়ালৰ সৈতে, কোনোৱে সময়নীয়াৰ সৈতে প্ৰকৃতিৰ মাজত খাইছে এসাঁজ অথবা আন কোনোৱে গঞা ৰাইজৰ সৈতে পথাৰতে তৃপ্তিৰে খাইছে এসাঁজ ভাত। এইবোৰৰ মাজত লুকাই থাকে প্ৰেম, ভাতৃত্ববোধ আৰু একতাৰ এনাজৰীডাল। যিয়ে অনাগত সময়ত ইজনে সিজনৰ দুখৰ দিনত দিয়ে এষাৰ মাত।
এনেকৈয়ে আজিৰ দিনটো অতিবাহিত কৰা লোকসকলে পৰস্পৰে পৰস্পৰক জনাইছে নতুন বছৰৰ শুভেচ্ছা। পুৰণিক বিদায় দি নতুনক আদৰি জনাইছে ‘হেপী নিউ ইয়েৰ’...
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us