/asomiyapratidin/media/media_files/2025/12/31/bikhekh-lekha-11-2025-12-31-21-39-27.jpg)
ভাস্কৰ শৰ্মা
জুবিন গাৰ্গৰ কবিতাৰ পংক্তিৰে বছৰৰ শেষ দিনটোত পুনৰ মনত পেলাও আহক সেই কথাষাৰ। ‘শেষ বুলিলেই শেষ নহয়…’। জুবিন গাৰ্গে নিজৰ এটি কবিতাত এইষাৰ কথাৰে কৈ গৈছিল বহু কথা। যিষাৰ কথাৰ অন্তৰত লুকাই আছে বহু কথা।
কিছু পোৱা, কিছু নোপোৱাৰ দোমাজা। আছে বহু অব্যক্ত সত্য কথা। যি কথাই আমাৰ দৰে সাধাৰণ মানুহৰ মনকো কৰি তুলিব পাৰে শিহৰিত। যোগাব পাৰে বহু কথা আৰু চিন্তা ভবাৰ অৱকাশ।
প্ৰতিটো বছৰৰ আৰম্ভণি হয় নতুনেৰে আৰু বিদায় লয় শেষেৰে। আৰম্ভণি আৰু শেষৰ এই মাজৰ সময়খিনিতে নিৰ্দিষ্ট বছৰটোৱে লাভ কৰে পোৱা- নোপোৱাৰ মাপকাঠি। মানুহে নিৰ্ণয় কৰে মনতে বছৰটোৱে কি দিলে, কি কাঢ়ি নিলে।
মাজৰ এই সময়খিনিয়ে কিমান দিলে সুখ, কিমান দিলে দুখ। মানুহে এই সকলোবোৰ কথা জোখে মাজৰ সময়খিনিৰ পৰাই। কিন্তু এই সকলোবোৰৰ মাজত ২০২৫ বৰ্ষটো অসমৰ বাবে আছিল অতি বেদনাদায়ক বৰ্ষ।
২০২৫ চনটোৱে অসমৰ বাবে যিমানেই যি ভাল কামৰ সময় উপহাৰ নিদিয়ক কিয়, এই সকলোবোৰ ধূলিৰ লগত মিহলি হৈ গৈছিল ১৯ ছেপ্তেম্বৰৰ সেই অভিশপ্ত দিনটোতে। ভৰ দুপৰীয়া যেতিয়া বৰ বৰ আখৰেৰে ছিংগাপুৰৰ পৰা ভাহি অহা খবৰটো টিভিৰ পৰ্দাত বাজি উঠিছিল। এংকৰে যেতিয়া প্ৰথমবাৰৰ বাবে থোকাথুকি মাতেৰে পৰিৱেশন কৰিছিল সেই অনাকাঙ্খিত বাতৰি- জুবিন গাৰ্গ আৰু নাই। অথবা ছিংগাপুৰত অকাল বিয়োগ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ।
তেতিয়াই সৰগ ভাগি পৰিছিল অসমৰ জনতাৰ মূৰত। শোক- তাপে ম্ৰিয়মান অসমৰ ৰাইজ বাউলি হৈ পৰিছিল সেইদিনা। শোকাৰ্ত অসমীয়াৰ বুকুত দাউদাউকৈ জ্বলি উঠিছিল ক্ষোভৰ অনল শিখা। আৱেগিক অসমীয়াই সেইদিনাই উচুপি উচুপি কৈ উঠিছিল - অভিশপ্ত ২০২৫।
দুখ- শোকৰ মাজেৰে এনেদৰে বাগৰি গৈছিল দিনবোৰ। শোক আৰু দুখে দগ্ধ কৰা প্ৰতিগৰাকী জুবিন অনুৰাগীয়ে কৰি গৈছিল নিত্য-নৈমন্তিক কাম- কাজ। পেটৰ ভাতমুঠিৰ বাবে ওলাও-নোলাওকৈ ৰিক্সাখন, ঠেলাখন উলিয়াই নিছিল শ্ৰমজীৱি লোকসকলে।
জুবিন নথকা সময়তো চলি গৈছে সকলো কাম। কিছুদিনৰ বাবে স্থবিৰ হৈ পৰা জনতাই পুনৰ স্বাভাৱিক অৱস্থালৈ ঘূৰি যোৱাৰ কচৰৎ কৰিছিল নিজৰ মাজতে। সময়বোৰ এনেকুৱাই ! পাখি লগা সময় কাৰোৰে বাবে বাট নাচায়- কেৱল অৱধাৰিতভাৱে গতি কৰে নিজ বাটে। কিন্তু সময়ৰ আব্দাৰ যেনেকৈ মানুহে মনত ৰাখে, ঠিক একেদৰে সময়ৰ নিষ্ঠুৰতাও মানুহে কেতিয়াও নেপাহৰে।
ইয়াৰ মাজতে আজি আহিছে সেই দিনটো। বছৰৰ শেষ তথা নতুন বৰ্ষক আদৰাৰ সময়কণতে জুবিন গাৰ্গে কৈ যোৱা কথাষাৰ যে আজি অতি প্ৰাসংগিক হৈ পৰিছে। শেষ বুলিলেই শেষ নহয়, ই আকৌ আৰম্ভ হয় শেষ নহয়।
এষাৰ কথাকে সৰোগত কৰি আমি আগুৱাব লাগিব নতুনৰ দিশে। আশা- প্ৰত্যাশাৰে ভৰা এই নতুন বছৰটিয়ে আমাক দিব নকৈ ভবাৰ উন্মেষ। যোগাত্মক চিন্তাৰে অনুপ্ৰাণিত হৈ ভাল ভাল কামৰ পণ ল’ব পাৰিব লাগিব আমি।
দুখক ভেজা দি জীৱন কেতিয়াও আগুৱাই নিব নোৱাৰি। সকলো সময়ৰ সোঁতত সপি দি শুদ্ধ পথৰে বিচাৰি যাব লাগিব ন- সূৰুষৰ দিশে। যিয়ে দিব আমাক নতুন চিন্তাৰ খোৰাক আৰু জীৱন জীয়াৰ মন্ত্ৰ...
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us