ভাস্কৰ শৰ্মা
সময় আহে, সময় যায়। স্মৃতিৰ মণিকোঠাত থাকি যায় সময়ে দি যোৱা এটা এটা মুহূৰ্ত। কিছু ভাল লগা, কিছু বেয়া লগা এনেবোৰ মুহূৰ্ত। এনেকৈয়ে গৈ থাকে গতিশীল সময়। কাৰোৰে বাবে অপেক্ষা নকৰাকৈ সময় আগুৱাই গৈ থাকে নিৰবধি।
এইকেইদিন নলবাৰীৰ হৰিমন্দিৰ বাকৰিত উখল- মাখল পৰিৱেশে বিৰাজ কৰিছে। ৰাসৰ ৰসেৰে আনন্দত মতলীয়া হৈ পৰিছে প্ৰতিগৰাকী ভক্ত। সমানে মতলীয়া নলবৰীয়াবাসী ৰাইজ। আনন্দতে ভৰি পৰিছে ভক্তগণৰ মুখাবয়ৱ।
এইবাৰ নলবাৰীৰ ৰাসে ৯১ বছৰ বয়স ভৰি দিছে। ১৩ দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজন কৰা হৈছে ৰাস। নলবাৰীৰ ৰাস শেষ হ’বলৈ মাজত মাত্ৰ ৪টা দিন। ৪দিন পাছতে অন্ত পৰিব এই বৰ্ষৰ ৰাস মহোৎসৱ। সেমেকি উঠিব নলবাৰীবাসীৰ মন। পুনৰ আগৰ দৰেই হৈ পৰিব পৰিৱেশ। উৰুঙা হৈ পৰিব হৰিমন্দিৰৰ বাকৰি।
কি নাই নলবাৰী ৰাসত। দৰ্শক-ৰাইজে মনে বিচৰা প্ৰায় সকলোখিনিয়ে উপলব্ধ নলবাৰী ৰাস মহোৎসৱত। মৃণ্ময় মূৰ্তি, জীৱন্ত ৰাস, পুতলা থিয়েটাৰ, ভ্ৰাম্যমাণ থিয়েটাৰৰ অঘোষিত প্ৰতিযোগিতা, খাদ্য মেলা, বস্ত্ৰ মেলা, মীনা বজাৰ, মৌত কা কুঁৱা, দুঃসাহসিক ক্ৰীড়া, ধোঁৱা ওলোৱা এক বিশেষ চাহ-বিস্কুট ইত্যাদিৰ মেটমৰা সম্ভাৰৰ এক টোপোলাসদৃশ পৰিৱেশত থৌকি-বাথৌ পাগলাদিয়াৰ পূণ্যভূমি নলবাৰী।
নলবাৰীৰ ৰাস মূলতঃ মৃণ্ময় মূৰ্তি প্ৰধান। মৃণ্ময় মূৰ্তিৰ দ্বাৰাই দেখুওৱা হয় শ্ৰীকৃষ্ণৰ নানা ৰূপ। বাৎসল্য কালৰ পৰা বৈকুণ্ঠ গমনলৈকে । তেওঁৰ কৰ্ম-কাণ্ড, শিশুকালৰ জীৱন শৈলী, প্ৰভুত্ব, ঐশ্বৰিকতা আদি।
অৱশ্যে শ্ৰীকৃষ্ণৰ লগতে সংগতি ৰাখি আনুসংগিক চৰিত্ৰসমূহো মৃণ্ময় মূৰ্তিৰ দ্বাৰাই দৰ্শকক দেখুওৱা হয়। তাৰোপৰি দেখুওৱা হয় বিবিধ সজাগতামূলক দৃশ্যপট।
এইসকলোবোৰৰ মাজত অনন্য নক্ষত্ৰ হৈ জিলিকি উঠে ভ্ৰাম্যমাণ থিয়েটাৰ। মুঠৰ ওপৰত নলবাৰী ৰাস মানেই ৰং, আনন্দ, উৎসাহ-উদ্দীপনাৰ পয়োভৰ। ভ্ৰাম্যমাণ থিয়েটাৰৰ অঘোষিত প্ৰতিযোগিতা।
সকলোৰে এটাই আশা- ৰাসতেই চাম ভালপোৱা নাটকখন, প্ৰিয় থিয়েটাৰখন। দিনৰ দিনটো ঘৰৰ কাম-বন সামৰি আবেলি ওলাই যাই ৰাসস্থলীলৈ।
কোনোৱে উপভোগ কৰে থিয়েটাৰ, কোনোৱে কিনে দৈনন্দিন ব্যৱহাৰ্য সামগ্ৰী। কিয়নো ৰাসত হোনো বহু বস্তুৰ দাম সস্তা। শেষৰ দিনা হ'লেটো কথাই নাই। সৰু সৰু মনবোৰ জীপাল কৰিবলৈ নালাগে হাই-ফাই দোকান-পোহাৰ।
নলবাৰী ৰাসক লৈ নামনি অসমৰ ৰাইজৰ আশা-আকাঙ্খা বৰ্ণনাতীত। প্ৰায় মাহজোৰা প্ৰস্তুতিত নিমজ্জিত হৈ থাকে নলবাৰীবাসী। অৰ্থনৈতিক দিশৰ পৰাও অঞ্চলটোৰ ৰাইজ যথেষ্ট লাভৱান হয়। নলবাৰীৰ উপকণ্ঠ অঞ্চলৰ একাংশ লোকে বিভিন্ন বস্তুৰ দোকান দিছে। হোটেল-ৰেষ্টুৰেণ্ট ইত্যাদি দিছে। দোকানী দুজনমানক সুধিছিলো- ব্যৱসায় কেনে চলিছে ? তেওঁলোকে হাঁহিমুখে উত্তৰ দিছিল-বেয়া নহয়।
অসম চৰকাৰেও হেনো ৰাসখনত বহুখিনি আগভাগ লৈছে। মন্ত্ৰী জয়ন্ত মল্লবৰুৱা ৰাস সমিতিৰ সভাপতি। পূৰ্বৰ তুলনাত পৰিস্কাৰ-পৰিচ্ছন্নতাত গুৰুত্ব দিছে। য'তে-ত'তে জাৱৰ-জোঁঠৰ পৰি থকা দেখিবলৈ পোৱা নগ'ল।
নলবাৰীৰ ৰাসলৈ আগমণ ঘটিছে বলিউদৰ অভিনেতা- অভিনেত্ৰীকে ধৰি ৰাজ্যৰ বহু গন্য- মান্য ব্যক্তিৰ। এইবাৰ নলবাৰীৰ ৰাসলৈ আহিছিল ৰামায়ণ ধাৰাবাহিকৰ দুটা চৰিত্ৰ। ৰাম আৰু সীতা। সকলোৱে আনন্দ মনে আৰু ভক্তিভাব আগত ৰাখি দৰ্শন কৰিছিল দুয়োগৰাকী ব্যক্তিক। যেন দুটা চৰিত্ৰ নহৈ অবিকল ৰাম- সীতা নামি আহিছে ধৰালৈ !
পূৰ্বৰ তুলনাত নলবাৰীৰ ৰাসত বহু নতুনত্বত গুৰুত্ব দিয়া দেখা গৈছে। ইণ্ডিয়া গেটৰ আৰ্হিয়ে বহু লোকক আকৰ্ষিত কৰিছে। মূৰ্তিসমূহ প্ৰাণৱন্ত কৰি তুলিবলৈ কৰা কাৰিকৰী কৌশলো চকুত লগা বিধৰ।
ৰাস মণ্ডপৰ সন্মুখতে থকা মঞ্চত স্থানীয় শিল্পীৰ উপৰি আমন্ত্ৰিত শিল্পীয়েও অনুষ্ঠান পৰিবেশন কৰিছে।
মাজুলীৰ পৰা অহা শিল্পীয়েও ৰাসত অভিনয় কৰিছে। প্ৰতিটো অনুষ্ঠানেই সময়মতেই অনুষ্ঠিত হৈছে। নাই কোনো বিতৰ্ক। দূৰ-দূৰণিৰ পৰা আগমন ঘটা প্ৰতিগৰাকী ভক্তই এটি সুন্দৰ শৃংখলাবদ্ধ পৰিৱেশত প্ৰতিটো অনুষ্ঠান উপভোগ কৰিছে।
নলবাৰী ৰাস আৰু ভ্ৰাম্যমাণ থিয়েটাৰ একেটা মুদ্ৰাৰে ইপিঠি-সিপিঠি। প্ৰায় একেলগে, একে সময়তে ১০-১২খন থিয়েটাৰে নাট মঞ্চস্থ কৰে। বৃন্দাবন, হেঙুল, ৰাজতিলক, ৰাজমুকুট, ইতিহাস, বৰদৈচিলা, ৰাজলক্ষ্মী আদি থিয়েটাৰ আহিছে নলবাৰীলৈ।
প্ৰতিখন থিয়েটাৰে দুদিন আগ-পিছকৈ আহি নাট মঞ্চস্থ কৰিছে। এখন এখন নাটক প্ৰায় ৪-৫ দিন ধৰি ২-৩টাকৈ দৰ্শনীৰ ব্যৱস্তা কৰা হৈছে। প্ৰতিটো দৰ্শনীয়ে দৰ্শকেৰে পৰিপূৰ্ণ।
জন অৰণ্যৰ মাজত নাট প্ৰদৰ্শন কৰি সুখী প্ৰতিখন থিয়েটাৰৰ প্ৰযোজক। সন্তুষ্টিৰ হাঁহি এমোকোৰা মুখত লৈ উভতি যায় পিছৰ পেণ্ডেললৈ বুলি। নলবাৰীৰ ৰাসত নাট মঞ্চস্থ কৰাৰ হেঁপাহ প্ৰতিগৰাকী প্ৰযোজকৰ পৰা অভিনেতা-অভিনেত্ৰীলৈকে থাকে। নলবাৰীত বাহঃ বাহঃ পোৱা মানেই ধন্য হয় তেওঁলোকৰ অভিনয় যাত্ৰা।
এই অঘোষিত প্ৰতিযোগিতাখনত একলগ হোৱা প্ৰায়বোৰ থিয়েটাৰৰ অভিনেতা-অভিনেত্ৰীসকল গোট খাই বুজ লয় ইজনে-সিজনৰ। কাৰ পেণ্ডেলত কি খানা, কিমান মানুহ হৈছে, অহাবাৰ কোন, ক'ত চুক্তিবদ্ধ হৈছে। ইয়াৰ পিছৰ পেণ্ডেল ক'ত আছে।
কত কি যে আলোচনা। ৰং-ধেমালিৰে পাৰ কৰে একো একোটা মুহূৰ্ত। নাটক শেষ হোৱাৰ লগে লগেই উক্ত পৰিৱেশৰ সূচনা হয়। কেৱল আৰু কেৱল এই বিৰল দৃশ্যৰ সাক্ষী হৈ ৰয় নলবাৰীৰ ৰাস। সকলোৱে এইকেইটা দিনলৈয়েই যেন বাট চাই থাকে !
নলবাৰীৰ ৰাসতেই নিৰ্ধাৰণ হয় ভ্ৰাম্যমাণৰ ফলাফল। শ্ৰেষ্ঠ নাট্যদলৰ পৰা শ্ৰেষ্ঠ নাটক, শ্ৰেষ্ঠ নাট্যকাৰৰ পৰা শ্ৰেষ্ঠ অভিনেতা-অভিনেত্ৰী, শ্ৰেষ্ঠ কলা নিৰ্দেশনাৰ পৰা শ্ৰেষ্ঠ পোহৰ-সংগীত ইত্যাদি ভালেকেইটা শিতানত নিৰ্ণয় হয় ফলাফল। মুঠৰ ওপৰত আধ্যত্মিকতাৰ পৰা মনোৰঞ্জনলৈকে সকলো দিশৰ পৰা এক মেটমৰা সম্ভাৰেই হৈছে নলবাৰীৰ ৰাস।
য'ত আৰম্ভণি আছে ত'ত শেষও আছে। ১৫ নৱেম্বৰৰ পৰা আৰম্ভ হোৱা ৰাস অন্ত পৰিব ২৭ নবেম্বৰত। নাথাকিব পোহৰ, নবয় মানুহৰ সোঁত। নবাজিব ভক্তিগীত অথবা থিয়েটাৰৰ সেই বিখ্যাত ডাইলগ- 'আমাৰ হাতত গেলাৰীৰ টিকট নাই', 'অমুক থিয়েটাৰৰ মঞ্চত আজিৰ নাট অমুক।' সেমেকি উঠিব প্ৰতিগৰাকী নলবৰীয়াৰ মন। আকৌ অপেক্ষা কৰিব লাগিব অহাবাৰলৈ। এয়াই যে সময়ৰ নিয়ম...