ঘৰমুৱা নাট্যযোদ্ধা !

এটা নাট্যবৰ্ষৰ সফল পৰিসমাপ্তি ! পৰিসমাপ্তি ঘটিল ২০২৪- ২৫ নাট্যবৰ্ষৰ। উল্লখযোগ্য যে ভ্ৰাম্যমাণ থিয়েটাৰত দুটা বছৰক একলগ কৰি এটা নাট্যবৰ্ষ হিচাপে ধৰা হয়। 

author-image
Asomiya Pratidin
New Update
নাট্যযোদ্ধা

ভাস্কৰ শৰ্মা

Advertisment

এটা নাট্যবৰ্ষৰ সফল পৰিসমাপ্তি ! পৰিসমাপ্তি ঘটিল ২০২৪- ২৫ নাট্যবৰ্ষৰ। উল্লখযোগ্য যে ভ্ৰাম্যমাণ থিয়েটাৰত দুটা বছৰক একলগ কৰি এটা নাট্যবৰ্ষ হিচাপে ধৰা হয়। 

কিয়নো যিকোনো এটা বছৰৰ আগষ্ট মাহত নাট্য যাত্ৰা আৰম্ভ কৰে নাট্যদলসমূহে। ১৬ আগষ্টৰ পৰা ২৫ আগষ্টৰ ভিতৰত তিনিওখন নাটকৰ আখৰা সম্পন্ন কৰি নাট্য যাত্ৰাৰ শুভাৰম্ভ কৰে দলসমূহে। 

একেদৰে এই যাত্ৰাৰ সমাপ্তি ঘটে নতুন বছৰৰ এপ্ৰিল মাহৰ ৰঙালী বিহুৰ এদিন বা দুদিনৰ আগে- পাছে। প্ৰায় ১০ৰ পৰা আৰম্ভ কৰি ১৩ এপ্ৰিলৰ ভিতৰত সকলো ভ্ৰাম্যমাণ নাট্যদলে নাট্য যাত্ৰাৰ সমাপ্তি ঘটায়। এই সুদীৰ্ঘ নটা মাহে অসমৰ অৰঙে- দৰঙে, প্ৰান্তে প্ৰান্তে ঘূৰি নাট মঞ্চস্থ কৰে দলসমূহে। 

এই নটা মাহৰ প্ৰতিটো নিশাই যিহেতু নাট মঞ্চস্থ কৰা হয়, সেয়ে সকলো সময়তে নিজকে প্ৰস্তুত কৰি ৰখাৰ দায়িত্বও তেওঁলোকৰ গধুৰ। জাৰ- জহৰ পৰা নিজকে কেনেদৰে সুস্থ- সবল কৰি ৰাখিব, ঘৰুৱা সমস্যা, পৰিয়ালৰ সমস্যা, বেমাৰ- আজাৰ আদি সকলো একাষৰীয়া কৰি কিদৰে পাছৰ পেণ্ডেলটোৰ বাবে নিজক সুন্দৰকৈ ৰাখিব তাৰ বাবে সকলো অভিনেতা- অভিনেত্ৰী তথা কলা- কুশলী সদায় সজাগ আৰু সচেতন হৈ চলিব লগা হয়। 

কাৰণ তেওঁলোকে এইটো কথা স্পষ্ট আৰু ভালকৈয়ে জানে যে, নটা মাহ তেওঁলোকৰ কোনো অজুহাত প্ৰযোজকে মানি নলয় বা নুশুনে। চুক্তিপত্ৰত লিখাই থাকে- ‘ন’ শ্ব ন’ মানি’ আৰু শ্ব মাষ্ট গ’ অন। এই দুয়োটা নিয়ম ভ্ৰাম্যমাণৰ অতি পুৰণি নিয়ম। 

এই নিয়মেই আজি ৫০ টা বছৰে ভ্ৰাম্যমাণে মানি আহিছে। গতিকে প্ৰতিটো পেণ্ডলতে তেওঁলোক সুন্দৰ আৰু সুস্বাস্থ্যৰ অধিকাৰী হৈ থকাটো বাঞ্চনীয় ! এনেদৰেই আগষ্টৰ পৰা একেবাৰে এপ্ৰিললৈকে তেওঁলোকে ৰাজ্যৰ ভিন্ন প্ৰান্তত চহৰে- নগৰে নাট মঞ্চস্থ কৰি ঘূৰি ফুৰে। প্ৰতিটো পেণ্ডেলতে ৩টা নিশা কটাই পাছৰ পেণ্ডললৈ বুলি সাজু হয় নাট্যকৰ্মীসকল। 

উল্লেখযোগ্য যে, এই নটা মাহত প্ৰতিটো ভ্ৰাম্যমাণ দলতে সৃষ্টি হয় একো একোটা পৰিয়ালৰ। সুখ- দুখ, হাঁহি- কান্দোন সকলো ভগাই লয় তেওঁলোকে তেওঁলোকৰ মাজত। কাৰোৰে প্ৰতি কাৰোৰে নাই আক্ষেপ, নাই অভিযোগ, নাই অসন্মান। কিবা কাৰণত কিবা সমস্যাই দেখা দিয়ে যদিও সেয়া তেওঁলোকে এটা পৰিয়ালৰ দৰে নিজৰ মাজতে সমাধান কৰি লয়। এয়াই হৈছে ভ্ৰাম্যমাণৰ মাদকতা !

এতিয়া ভ্ৰাম্যমাণৰ শিল্পীসকল ঘৰমুৱা হোৱাৰ সময়। এতিয়া ৰঙালী বিহু সমাগত, মাজত মাথোঁ এটা দিনহে বাকী। এয়া চলিত নাট্যবৰ্ষক বিদায় দিয়াৰ সময়। ইতিমধ্যে বহুকেইটা নাট্যদলে বিদায় দিলে ২০২৪-২৫ নাট্যবৰ্ষক। অৱশ্যে দুই এটা নাট্যদলে আজি বিদায় দিব চলিত নাট্যবৰ্ষটিক।

টালি- টোপোলা বান্ধি নাট্য শিবিৰ পৰা পোনে পোনে ঘৰমুৱা হৈছে বহু শিল্পী। বুকুত বান্ধি লৈ গৈছে কিছু জীয়া স্মৃতি। ঘৰমুৱা বাছখনৰ খিৰিকিৰ কাষত বহি স্মৃতি সামৰা মুখখনত ফুটি উঠিছে এমোকোৰা প্ৰাপ্তিৰ হাঁহি। 

হয়তো প্ৰতিগৰাকী শিল্পীক পৰৱৰ্তী নাট্যবৰ্ষত লগ নাপাবও পাৰে। যদি বেলেগ নাট্যদলত চুক্তিবদ্ধ হয় তেন্তে লগ পোৱাৰ আশা একেবাৰে ক্ষীণ। সেয়ে তেওঁলোকৰ হাঁহিভৰা মুখকেইখনত কিছু আবেগেও বৰকৈ আমনি কৰিছে। কিন্তু উপায় যে নাই, এয়াই সময়, এয়াই ভ্ৰাম্যমাণৰ নিয়ম। এনেকৈ চলি গৈ থাকে ভ্ৰাম্যমাণ থিয়েটাৰসমূহ।

আপোন ঘৰখনত ৰঙালী বিহুৰ আনন্দ- উল্লাস উপভোগ কৰি তেওঁলোক সাজু হ’ব পৰৱৰ্তী নাট্যবৰ্ষলৈ। মাত্ৰ দুমাহৰ বাবে থাকিব তেওঁলোক আপোন ঘৰখনত। কিয়নো জুন মাহৰ পৰা আৰম্ভ হ’ব পৰৱৰ্তী নাট্যবৰ্ষৰ বাবে নাটকৰ আখৰা। এনেকৈ বছৰ বছৰ ধৰি চলি আহিছে ভ্ৰাম্যমাণৰ শিল্পীৰ এই পৰম্পৰা...।

ভ্ৰাম্যমাণ থিয়েটাৰ