/asomiyapratidin/media/media_files/2025/01/22/mhESLOWVl8lkcQxMFpC3.png)
mobile theatre
ভাস্কৰ শৰ্মা
অসমৰ সাংস্কৃতিক ক্ষেত্ৰত উদ্যোগ বুলিবলৈ দুটাই আছে। এটা চলচ্চিত্ৰ উদ্যোগ। আনটো ভ্ৰাম্যমাণ থিয়েটাৰ উদ্যোগ। অৱশ্যে চলচ্চিত্ৰ উদ্যোগটোক কাগজে- কলমেহে উদ্যোগ হিচাপে ব্যৱহাৰ কৰি অহা হৈছে।
৯০টা বছৰ গৰকা অসমীয়া চিনেমাই প্ৰকৃতাৰ্থত আজিও উদ্যোগ হিচাপে প্ৰতিষ্ঠা লাভ কৰিবলৈ সক্ষম হোৱা নাই। আনহাতে ভ্ৰাম্যমাণ থিয়েটাৰৰ ক্ষেত্ৰত কথাটো ওলোটা। ভ্ৰাম্যমাণ থিয়েটাৰে উদ্যোগ হিচাপে বহু আগেয়ে প্ৰতিষ্ঠা লাভ কৰিছে। যিটো অসমীয়া সাংস্কৃতিক ক্ষেত্ৰৰ বাবে ইতিবাচক দিশ।
পিছে সাম্প্ৰতিক সময়ত ভ্ৰাম্যমাণ থিয়েটাৰক লৈও সচেতন মহল চিন্তিত হৈ পৰা পৰিলক্ষিত হৈছে। সাংস্কৃতিক ক্ষেত্ৰৰে জড়িত অগ্ৰজ সকলেও সমানেই চিন্তিত হৈ পৰিছে এই উদ্যোগটোকলৈ।
বৰ্তমান সময়ত ভ্ৰাম্যমাণ থিয়েটাৰত যিবোৰ অনাকাঙ্খিত ঘটনা সঘনাই সংঘটি হ’বলৈ লৈছে, তাৰ প্ৰতি দৃষ্টি ৰাখিলে এনে লাগে যেন অকাস্মাতে এই উদ্যোগটোলৈ বিপদ নামি আহিব পাৰে ! এনে অবাঞ্চিত সম্ভাৱনাই এতিয়া চুই গৈছে ভ্ৰাম্যমাণ থিয়েটাৰৰ একাশ শিল্পীক।
বহু শিল্পীৰ অভিযোগ যে ভ্ৰাম্যমাণত এতিয়া আগৰ পৰিৱেশ নাই। এতিয়া বহুখিনি পৰৱৰ্তন আহিল। পৰিৱৰ্তন আহিল মঞ্চত, পৰিৱৰ্তন আহিল নাটকত। তাতোকৈ ডাঙৰ পৰিৱৰ্তন আহিছে শিল্পী আৰু প্ৰযোজকৰ মাজৰ সম্পৰ্কত।
ৰতন লহকৰ, কৃষ্ণ ৰয়, সদা মজুমদাৰ আদিৰ দৰে প্ৰযোজক, মহেন্দ্ৰ বৰঠাকুৰ, ভবেন্দ্ৰ নাথ শইকীয়া, সেৱাব্ৰত বৰুৱা, মুনিন বৰুৱা, হেমন্ত দত্ত আদিৰ দৰে নাট্যকাৰ আৰু সেই সময়ছোৱাৰ অভিনয় শিল্পীৰ মাজত যি ত্ৰিকোণ বান্ধোন আছিল, সেই বান্ধোন- এতিয়াৰ পৰিৱেশত দেখা পোৱা নাযায়। সততে শুনা যায় অভিযোগ আৰু প্ৰতিঅভিযোগ। ইজনে সিজনক কৰা সমালোচনা। মুঠৰ ওপৰত এক অসন্তুষ্টিকৰ পৰিৱেশে বিৰাজ কৰা পৰিলক্ষিত হয়।
এতিয়া বিভিন্ন অভিযোগেৰে অভিযুক্ত একাধিক ভ্ৰাম্যমাণ নাট্যদল তথা প্ৰযোজক- শিল্পী। কোনোবাজন প্ৰযোজকৰ বিৰুদ্ধে নাটকক লৈ অভিযোগ, কাৰোবাৰ প্ৰতি শিল্পীৰ মাননিক লৈ অভিযোগ, কাৰোবাৰ প্ৰতি অশালীন মন্তব্যকলৈ অভিযোগ। শিল্পীয়ে শিল্পীৰ প্ৰতি বিৰূপ দৃষ্টিভংগী, সমালোচনা ইত্যাদিৰে ভাৰাক্ৰান্ত ভ্ৰাম্যমাণ থিয়েটাৰ।
মুঠৰ ওপৰত এতিয়া অভিযোগৰ উপৰি অভিযোগ। মিমাংসা কৰাৰ মানসিকতা যেন ক’ৰবাত হেৰাই গৈছে তেওঁলোকৰ। কাৰ কি দোষ, ক’ত কি সমস্যা এইবোৰলৈ ভ্ৰূক্ষেপ নাই বহুতৰে। সামাজিক মাধ্যমত ক্ষোভ উজাৰে শিল্পী- প্ৰযোজকে। কোনোবাজন শিল্পীৰ যদি প্ৰযোজকক লৈ আপত্তি, আন কোনোবাজন প্ৰযোজকৰ শিল্পীক লৈ আপত্তি। এনেদৰেই চলি আছে ভ্ৰাম্যমাণ উদ্যোগ।
সৌ সিদিনা হেমন্ত দত্তৰ টাইটানিক নামৰ নাটকখনকলৈ প্ৰযোজক- নাট্যকাৰৰ মাজত সৃষ্টি হৈছিল বাদ- বিবাদৰ। একেদৰে আগশাৰীৰ নাট্যদল এটাৰ দুখন চিনাকি মুখৰ অভিনেত্ৰীয়ে চলিত নাট্যবৰ্ষৰ আধাতে ত্যাগ কৰিলে নাট্যযাত্ৰা। প্ৰযোজকেও যোগাৰ কৰিলে তেওঁলোকৰ পৰিপূৰক। দুয়োগৰাকী শিল্পীৰ ঠাইত দুগৰাকী অভিনেত্ৰীক বাকীছোৱা নাট্যযাত্ৰাৰ বাবে চুক্তিবদ্ধ কৰিলে।
কেৱল ইমানেই নহয়, নতুনকৈ আত্মপ্ৰকাশ কৰা ৰাজলক্ষ্মী থিয়েটাৰৰো লাগিল অথন্তৰ। নাট্যযাত্ৰাৰ আধাতে চিনাকি মুখৰ অভিনেত্ৰীগৰাকীয়ে কেতবোৰ মন্তব্য কৰি এৰিলে থিয়েটাৰখন। তেওঁৰ স্থানতো প্ৰযোজকে যোগাৰ কৰিলে নতুন শিল্পীৰ।
তাৰোপৰি অতি শেহতীয়াকৈ ৰুদ্ৰাক্ষ থিয়েটাৰ এৰাৰ কথাও জনালে প্ৰতিভাৱান অভিনেতা এগৰাকীয়ে। সামাজিক মাধ্যমত ক্ষোভ উজাৰি অভিনেতাগৰাকীয়ে ভ্ৰাম্যামাণ এৰাৰ কথা ৰাজহুৱা কৰে। জানিব পৰা মতে নৃত্যশিল্পীয়েও মাজে মধ্যে চলিত নাট্যবৰ্ষতে এৰিছে ভ্ৰাম্যমাণ।
ইয়াৰ উপৰি একাধিক নাট্যদলে আয়োজক সমিতিৰ পৰা আগধন লৈও নাট প্ৰদৰ্শন কৰিব পৰা নাই। যাৰ বাবে আয়োজক সমিতিৰ ৰোষত পৰিছে থিয়েটাৰসমূহ। এই সমস্যা বহুদিনৰ নহয়, নতুকৈ গা কৰি উঠা এইবোৰ সমস্যা। এইবোৰ সমস্যা যদি শীঘ্ৰেই সমাধানৰ ব্যাৱস্থা নকৰে, তেন্তে ভ্ৰাম্যমাণ থিয়েটাৰ অকাস্মাতে বন্ধ হৈ যাওতে বৰ বেছি সময় নালাগে। যদিহে এনেদৰে ভ্ৰাম্যমাণে যুঁজ দি দি চলিব লগা হয় তেন্তে ই কিন্তু অনাগত দিনৰ বাবে শুভ লক্ষণ নহয়।
উল্লেখযোগ্য যে নতুন নাট্যবৰ্ষ অহাৰ লগে লগে এতিয়া নতুন নতুন নাট্যদলৰ জন্ম হয়। থিয়েটাৰ পৰিচালনাৰ দিশত ন্যূনতম জ্ঞান নথকা, থিয়েটাৰৰ একো আও- ভাও বুজি নোপাৱো ধনগৰাকীৰো আজিকালি প্ৰযোজক হোৱাৰ বাসনা জাগি উঠিছে। যাৰ বাবে হকে- বিহকে জন্ম দিছে ভ্ৰাম্যমাণ নাট্যদলৰ।
ইয়ো কিন্তু ভ্ৰাম্যমাণত সমস্যা সৃষ্টি কৰাৰ মূল কাৰক। নৱাগত প্ৰযোজকৰ লক্ষ্য আৰু উদ্দেশ্য পৰিস্কাৰ নহ’লে হিতে বিপৰীত হয়। সেয়ে ইয়াৰ প্ৰতি লক্ষ্য ৰাখি সঠিক সিদ্ধান্ত আগত ৰাখি, সঠিক পৰিকাঠামো প্ৰস্তুত কৰি নাট্যদল খুলিলে তেওঁলোক নিশ্চয়কৈ উপকৃত হ’ব ! তাৰোপৰি নতুন নাট্যদল খোলাৰ ক্ষেত্ৰত নীতি- নিয়ম অথবা নিয়মাৱলী কিছু থাকিলে হয়তো এনে সমস্যাৰ পৰা পৰিত্ৰাণ পোৱা যাব বুলি বোধ হয়।
নহ’লে কিন্তু সময়ে বিদায় দিব ভ্ৰাম্যমাণক। ভ্ৰাম্যমাণ উদ্যোগো কাগজে- কলমেহে উদ্যোগ হিচাপে জীয়াই থাকিব। গতিকে সময় থাকোতে সকলো পক্ষই সজাগ আৰু সচেতন হৈ ভ্ৰাম্যমাণৰ বাবে চিন্তা কৰাৰ সময় আহি পৰিছে...