/asomiyapratidin/media/media_files/2026/01/31/whatsapp-image-202-2026-01-31-21-18-27.jpeg)
ভাস্কৰ শৰ্মা
আজি মে ডাম মে ফি। মে ডাম মে ফি হ’ল- টাই আহোমসকলৰ এক আহোম ধৰ্মৰ নিয়ম অনুসৰি পালন কৰা সামাজিক পৰম্পৰাগত উৎসৱ। এই উৎসৱত আহোমসকলে পূৰ্বপুৰুষ সকলক স্মৰণ কৰে আৰু বিশ্ব শান্তিৰ বাবে কামনা কৰে।
এই পৰম্পৰাৰ জৰিয়তে উপৰি-পুৰুষৰ সৈতে অশাৰীৰিক যোগসূত্ৰ স্থাপন কৰি নিজৰ আৰু সমাজ তথা দেশৰ মংগলৰ বাবে জন-মিং বা আশীৰ্বাদ বিচৰা হয়। মে-ডাম-মে-ফিৰ অৰ্থ হ’ল মে মানে তৰ্পন, ডাম মানে মৃতক আৰু ফী মানে হ’ল মৃতকৰ দেও। অন্যান্য পৰম্পৰাৰ দৰে মে ডাম মে ফি পালনৰ বাবেও নীতি নিয়ম আছে যাক টাই- আহোম ভাষাত খেয়ক-লাই বুলি জনা যায়।
প্ৰচলিত বিশ্বাস অনুসৰি এই নীতি নিয়ম সমূহ অসমলৈ আনিছিল চাওলুং চ্যুকাফাৰ লগত অহা বুৰঞ্জী লিখক ম’-মুন্-ম’-মাই দেওধায়ে। বৰ্তমান সময়ত প্ৰতিবছৰে ৩১ জানুৱাৰীত পালন কৰা এই পৰম্পৰাৰ বাবে সমূহীয়াকৈ ৰাইজ গোট খাই এখন আঠচুকীয়া অস্থায়ী হ’-ফী (দেউশাল) সাজে আৰু ইয়াত আঠখন মেহেঙা (শৰাই) পাতি তেওঁলোকৰ আদি পিতা লেংডন দেৱতা প্ৰমুখ্যে আঠজন ‘’ফী’’ক উপাসনা কৰে।
এই পূজাত ফুৰা-তা-ৰা-আলং অথবা নিৰাকাৰ ভগৱানক প্ৰাৰ্থনা জনোৱাৰ উপৰিও ঙি ডাম খাম্ বা সোণালী ড্ৰেগন অংকিত পতাকা উত্তোলন কৰি সমূহীয়াভাৱে ভোজ দিয়া হয়। এই পৰম্পৰা অসমত পোন প্ৰথমবাৰৰ বাবে আয়োজন কৰা হৈছিল তিপামৰ বুঢ়াডাঙৰীয়াৰ থানত।
ৰাজহুৱাভাৱে আয়োজিত এই মে-ডাম-মে-ফিৰ উপৰিও আহোমসকলে ঘৰুৱাভাৱে এই পৰম্পৰা আয়োজন কৰে। ঘৰুৱাভাৱে আয়োজিত এই পৰম্পৰাত পাকঘৰৰ দক্ষিণ দিশৰ খুটা যাক ফ’-কাম বোলা হয়। তাৰ কাষত বাছনি কৰা হয় আৰু পাঁচখন মাইহাং আগবঢ়াই পূৰ্বপুৰুষক উপাসনা কৰা হয়।
টাই-আহোমসকলৰ জন বিশ্বাস যে, পূৰ্ব্ব পুৰুষসকলে মৃত্যুৰ পিছত ’ডাম-ফী’ মানে দেৱতাৰ ৰূপত সাতখন স্বৰ্গৰ কোনোবা এখনত বাস কৰে আৰু পৃথিৱীত ৰৈ যোৱা তেওঁলোকৰ পো-নাতি-পৰিনাতি-জীয়ৰী-বোৱাৰী সকলোৰে অভিভাৱকত্ব গ্ৰহণ কৰে। টাই-আহোমসকলে আত্মাৰ পুনৰ জন্মৰ কথা বিশ্বাস নকৰে।
ঘৰত বিয়া-বাৰু পতাৰ সময়ত, বিহু আদি উত্সৱত আৰু খেতি চপাই ন-খাওঁতে টাই-আহোমসকলে পূৰ্ব পুৰুষসকলক শ্ৰদ্ধাৰে সুঁৱৰি তেওঁলোকৰ পূজা কৰে। ঘৰুৱাকৈ পতা এনে পূজাক ‘মৃতকক দিয়া পূজা ’ বুলি কোৱা হয়।
এনে মৃতকলৈ আগবঢ়োৱা পূজাত মাছ-মঙহৰে ৰন্ধা ভাত, পায়স, মিঠাই আৰু সাঁজ উসৰ্গা কৰা হয়। মৃতকসকলৰ জৰিয়তে দেৱ-দেৱতা আৰু পৰমেশ্বৰলৈও প্ৰাৰ্থনা জনোৱা হয়। টাই-আহোমসকলে বিশ্বাস কৰে যে, দেৱ-দেৱতাসকলক পূৰ্ব্ব পুৰুষৰ যোগেদিহে পাব পৰা যায়।
উল্লেখযোগ্য যে, আজিৰ এই পবিত্ৰ উৎসৱ ‘মে-ডাম-মে-ফি’ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে চৰাইদেউ, শিৱসাগৰ আৰু গুৱাহাটীত ব্যাপক উৎসাহ-উদ্দীপনাৰে উদযাপন কৰা হৈছে। পূৰ্বৰ পৰম্পৰাৰ প্ৰতি আন্তৰিক শ্রদ্ধা জনাই, দেশ আৰু জাতিৰ মংগল কামনা কৰি আজি বিশ্ব ঐতিহ্য ক্ষেত্ৰত চৰাইদেউ মৈদাম থলীত এদিনীয়া কাৰ্যসূচীৰে মে-ডাম-মে-ফী আয়োজন কৰা হৈছে ৷
আটাছুৰ আঞ্চলিক সমিতিৰ উদ্যোগত আৰু ৰাইজৰ সহযোগত মৈদাম প্ৰাংগনত অনুষ্ঠিত হৈছে মে ডাম মে ফী। পুৱা পতাকা উত্তোলন, মৈদাম তৰ্পণ আৰু টাই পৰম্পৰাগত ৰীতি-নীতিৰে বান-ফি পূজাকে ধৰি বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত কৰা হৈছে ৷
একেদৰে ঢকুৱাখনাতো কেন্দ্ৰীয়ভাৱে দুদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হৈছে মে' ডাম মে ফি। তাই সাংস্কৃতিক গৱেষণা আৰু বিকাশ কেন্দ্র অসমৰ উদ্যোগত ঢকুৱাখনা আঞ্চলিক তাই আহোম ছাত্ৰ সন্থা আৰু জ্ঞাতিবৰ্গৰ সহযোগত বিকাশ কেন্দ্ৰ প্ৰাঙ্গনত শুক্ৰবাৰৰ পৰা আৰম্ভ হৈছে এই কেন্দ্ৰীয় ধৰ্মীয় অনুষ্ঠান। এনেকৈয়ে আজিৰ এই পবিত্ৰ দিনটোত পূৰ্বপুৰুষক শ্ৰদ্ধাৰে সুঁৱৰিছে আহোমসকলে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us