/asomiyapratidin/media/media_files/2025/04/04/7z8UOcSv4Ul8TdlWKhII.jpg)
ভাস্কৰ শৰ্মা
প্ৰতিগৰাকী মানুহে একো একোটা ব্যক্তিত্ব লৈ জন্মগ্ৰহণ কৰে। পাছত সেই ব্যক্তিত্বই লাভ কৰে পূৰ্ণতা। আৰু সময়ৰ গতিত সেই ব্যক্তিত্ব হৈ পৰে বহুতৰ বাবে আদৰ্শ।
এনে বিশাল ব্যক্তিত্বৰ অধিকাৰীজনে এখন সমাজ আৰু এটা জাতিক অৱদান স্বৰূপে দিব পাৰে বহু কিবা কিবি সমল। দিব পাৰে জাতিক জীয়াই থকাৰ মহাসঞ্জীৱনী !
মানুহ এই ধৰাৰ পৰা নাইকিয়া হৈ গ’লেও তেওঁৰ ব্যক্তিত্বই এৰি যোৱা যশ, কৃতি, প্ৰতিভাৰ চানেকিয়ে জীয়াই ৰাখে একোজন মানুহক। তাৰোপৰি মানুহজন যদি বহুমুখী প্ৰতিভাৰ আকৰ হয় তেন্তে ই এটা জাতিৰ শিৰা- উপশিৰা পৰ্যন্ত যোগাব পাৰে অলেখ অৱদান। যাৰ দ্বাৰা যুগে যুগে, প্ৰজন্মৰ পৰা প্ৰজন্মলৈ সেই ব্যক্তিত্বক সকলোৱে মনত ৰখাৰ অৱকাশ থাকে।
তেনে এগৰাকী বহুমুখী প্ৰতিভাৰ আকৰ আছিল এইগৰাকী ব্যক্তি। নাম তেওঁৰ মনোজ কুমাৰ। ভাৰতীয় চিনেমা উদ্যোগলৈ তেওঁৰ অৱদান অপৰিসীম।
কি নাছিল তেওঁ ! অভিনেতা, পৰিচালক, প্ৰযোজক, চিত্ৰনাট্যকাৰ, গীতিকাৰ, ৰাজনীতিবিদ আদি বহু প্ৰতিভাৰে প্ৰতিভাত হৈছিল তেওঁ জীৱন পৰিক্ৰমা। য’তেই হাত দিছিল, সেয়াই হৈ পৰিছিল সোণত সুৱগা।
কিয়নো তেওঁ আন কোনো নহয়, তেওঁ যে মনোজ কুমাৰ ! প্ৰতিগৰাকী ভাৰতীয়ৰ বুকুৰ মণিকোঠাত আলফুলে ঘৰ সঁজা বিশাল অথচ এটা মৰম লগা ব্যক্তিত্বৰ অধিকাৰী আছিল তেওঁ।
ভাৰতীয় চিনেমা উদ্যোগলৈ তেওঁৰ অনস্বীকাৰ্য অৱদানৰ বাবে ভাৰত চৰকাৰে আগবঢ়াইছিল পদ্মশ্ৰী বঁটা আৰু ভাৰতীয় চলচ্চিত্ৰৰ সৰ্বোচ্চ সন্মান দাদা চাহেব ফাল্কে বঁটা। তাৰোপৰি ভিন্ন সময়ত ভিন্ন বঁটা আৰু সন্মানেৰে বিভূষিত কৰা হৈছিল তেওঁক। কেৱল ইমানেই নহয়, ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাৰ উপৰি ৭বাৰকৈ লাভ কৰিছিল ফিল্ম ফেয়াৰ বঁটা। এয়াও কম ডাঙৰ প্ৰাপ্তিনে এগৰাকী ব্যক্তিৰ বাবে !
মনোজ কুমাৰৰ জন্ম হৈছিল অবিভক্ত ভাৰতৰ এবটাবাদ, উত্তৰ- পশ্চিম সীমান্ত প্ৰদেশ (বৰ্তমান পাকিস্তান)ৰ অন্তৰ্গত এলেকাত। ১৯৩৭ চনৰ ২৪ জুলাইত জন্মগ্ৰহণ কৰা মনোজ কুমাৰৰ প্ৰকৃত নাম হৰিকৃষণ গিৰি গোস্বামী।
সৰুৰে পৰাই অভিনয়ৰ বীজ মনত ৰোপণ কৰা মনোজ কুমাৰে ১৯৫৭ চনত ৰূপালী পৰ্দাত ভুমুকি মাৰিছিল। ফেশ্বন নাৰ ছবিৰযোগেদি তেওঁ বলিউডত খোজ পেলাইছিল। ইয়াৰ পাছত তেঁও চাহাৰা, চান্দ, হনিমুন ছবিত অভিনয় কৰি দৰ্শকৰ মন জয় কৰিবলৈ সক্ষম হৈছিল।
তাৰ পাছত তেওঁ ১৯৬১ চনত কাঞ্চ কি গুডিয়া চিনেমাৰ জৰিয়তে নায়কৰ চৰিত্ৰ ৰূপায়ণ কৰাৰ সুযোগ লাভ কৰে। ইয়াৰ পাছৰ পৰা আৰু তেওঁ উভতি চাব লগীয়া হোৱা নাই। ইখনৰ পাছত সিখন ছবিত অভিনয় কৰি তেওঁ দৰ্শকৰ পৰা লাভ কৰিছিল বিপুল আদৰ আৰু জনপ্ৰিয়তা।
ডা০ বিদ্যা, ছাদি, সুহাগ সেন্দুৰ, ৰেশমি ৰুমল, নকলি নবাব, ছহিদ, বেদাগ, উপকাৰ, পিয়ন আদি তেওঁৰ উল্লেখযোগ্য ছবি। ১৯৬৫ চনৰ পৰা ১৯৮১ চনৰ সময়ছোৱাখিনি তেওঁৰ বাবে আছিল সোণোৱালী সময়। এই সময়খিনিতে তেওঁ লাভ কৰিছিল প্ৰচুৰ জনপ্ৰিয়তা।
প্ৰায় দুকুৰি ছবিত অভিনয় কৰা মনোজ কুমাৰে চিত্ৰনাট্য ৰচনা, প্ৰযোজনা, সম্পাদনা আদিতো হাত দিছিল। শ্বোৰ, ক্ৰান্তি, ক্লাৰ্ক আদি ছবি সম্পাদনা কৰি তেওঁ তেওঁৰ প্ৰতিভাৰ উমান দিছিল। তাৰ ভিতৰত বহু ছবিয়ে বঁটা লাভ কৰিবলৈও সক্ষম হৈছিল।
উল্লেখযোগ্য যে, ১৯৬৮চনত প্ৰথমবাৰৰ বাবে তেওঁ লাভ কৰিছিল ফিল্ম ফেয়াৰ বঁটা। সেইবাৰ শ্ৰেষ্ঠ ছবি, শ্ৰেষ্ঠ পৰিচালক, শ্ৰেষ্ঠ সংলাপ আৰু শ্ৰেষ্ঠ কাহিনীৰ শিতানত ৪টাকৈ ফিল্ম ফেয়াৰ সন্মান লাভ কৰিবলৈ সক্ষম হৈছিল। একেদৰে ১৯৬৯ চনত বে-ইমান ছবিৰ বাবে শ্ৰেষ্ঠ অভিনেতা আৰু ১৯৭২ত শ্ৰেষ্ঠ সম্পাদনা শিতানত ফিল্ম ফেয়াৰ বঁটা লাভ কৰিছিল।
ইয়াৰ উপৰি ১৯৭৫চনত শ্ৰেষ্ঠ পৰিচালকৰ শিতানত ফিল্ম ফেয়াৰ বঁটা লাভ কৰিছিল। ছবিখন আছিল ৰতি কাপড়া আউৰ মকান। ১৯৯৯ চনত অনুষ্ঠিত হোৱা ফিল্ম ফেয়াৰৰ বঁটা প্ৰদান অনুষ্ঠানত মনোজ কুমাৰলৈ আগবঢ়োৱা হৈছিল জীৱনজোৰা সাধনা বঁটা।
এনে এগৰাকী বিশাল ব্যক্তিত্বৰ গৰাকী মনোজ কুমাৰে ৪ এপ্ৰিল ২০২৫ শুকুৰবাৰে মুম্বাইৰ কোকিলাবেন ধীৰুভাই আম্বানি হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে। উল্লেখযোগ্য যে দীৰ্ঘদিন ধৰি শাৰীৰিক অসুস্থতাত ভুগি আছিল তেওঁ। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৮৭ বছৰ।