উদীয়মাণ ক্ৰিকেটাৰৰ ভিৰত কম মূল্যতে সন্তুষ্ট থাকিল তাৰকা ক্ৰিকেটাৰ

আজিৰ এই আই পি এল ২০২৬ৰ মিনি নিলাম পৰ্বই এটা কথা স্পষ্ট কৰে যে, তাৰকা ক্ৰিকেটাৰৰ ভিৰৰ মাজত অধিকাংশ যুৱ ক্ৰিকেটাৰে আধিপত্য বিস্তাৰ কৰে। বহু কেইজন তাৰকা ক্ৰিকেটাৰতকৈ উদীয়মাণ ক্ৰিকেটাৰৰ প্ৰতিহে ফ্ৰেন্সাইজীসমূহৰ আগ্ৰহ অধিক হোৱা পৰিলক্ষিত হৈছে।

author-image
Asomiya Pratidin
New Update
bikhekh lekha (6)

ভাস্কৰ শৰ্মা

১৬ ডিচেম্বৰ ২০২৫ মঙলবাৰৰ দিনটো ক্ৰিকেট অনুৰাগীৰ বাবে আছিল এক বিশেষ দিন। কিয়নো আজিৰ এই দিনটোতে দুপৰীয়া ২-৩০ বজাৰ পৰা আৰম্ভ হোৱা আই পি এল ২০২৬ৰ মিনি নিলাম পৰ্ব অনুষ্ঠিত হৈ যায়। 

আবুধাবিত অনুষ্ঠিত এই নিলাম পৰ্বত উপস্থিত থাকে প্ৰতিটো ফ্ৰেন্সাইজীৰ বিষয়ববীয়াৰ লগতে আন আন কৰ্মকৰ্তাসকল। এক বিশাল মঞ্চত অনুষ্ঠিত হয় বিশ্বৰে অন্যতম ধনাঢ্য প্ৰতিযোগিতা ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ নিলাম পৰ্ব। 

এইবাৰৰ ছেট ১ৰ নিলাম পৰ্বত দেশী- বিদেশী কেইবাগৰাকী ক্ৰিকেটাৰে ভবাতকৈ বহু গুণে লাভ কৰে ধন। প্ৰতি গৰাকী ক্ৰিকেটাৰক পাবলৈ বহুকেইটা ফ্ৰেন্সাইজীয়ে টনা- আজোঁৰা কৰা পৰিলক্ষিত হয় এই নিলামত। 

আই পি এলৰ প্ৰতিটো দলে ভাগ লোৱা এই নিলাম পৰ্বত বিদেশী ক্ৰিকেটাৰৰ ভিতৰত সৰ্বাধিক দৰত বিক্ৰী হয় অষ্ট্ৰেলিয়া জাতীয় ক্ৰিকেট দলৰ অলৰাউণ্ডাৰ কেমেৰুণ গ্ৰীণ। গ্ৰীণক পাবলৈ মুম্বাই ইণ্ডিয়ানছ, কলকাতা নাইট ৰাইডাৰ্ছ আৰু ৰাজস্থান ৰয়েলছে নিবিদা আৰম্ভ কৰিছিল। 

কিন্তু মুম্বাই আৰু ৰাজস্থানৰ আশাত চেঁচা পানী ঢালি শ্বাহৰুখ খানৰ দল কলকাতা নাইট ৰাইডাৰ্ছে ক্ৰয় কৰে গ্ৰীণক। কে কে আৰে গ্ৰীণক ক্ৰয় কৰা মূল্যৰ পৰিমাণ হৈছে ২৫ কোটি ২০লাখ টকা। উল্লেখযোগ্য যে, আজিৰ এই নিলামত কেমেৰুণ গ্ৰীণেই হৈছে সৰ্বাধিক দৰত বিক্ৰী হোৱা বিদেশী খেলুৱৈ। 

গ্ৰীণৰ আধাৰ মূল্য আছিল ২ কোটি টকা। কিন্তু নিলাম পৰ্বত হোৰা-হোৰে দাম উঠি গ্ৰীণ অৱশেষত সৰ্বাধিক দৰত বিক্ৰী যায়। 
কেমেৰুণে ২০২৩ চনত মুম্বাই ইণ্ডিয়ানছৰ সৈতে আই পি এলত অভিষেক ঘটাইছিল। ইয়াৰ পিছত ২০২৪ চনৰ আই পি এলত আৰ চি বিৰ হৈ খেলিছিল তেওঁ। ২০২৫ চনৰ আই পি এলতো আৰ চি বিৰ হৈ খেলে গ্ৰীণে। অৱশ্যে আই পি এল ২০২৬ৰ মিনি নিলামৰ পূৰ্বে আৰ চি বিয়ে তেওঁক মুকলি কৰি দিছিল আৰু আজি তেওঁ কে কে আৰৰ সদস্য হৈ পৰে। 

উল্লেখযোগ্য যে, কেমেৰুণ গ্ৰীণে আই পি এলৰ ইতিহাসত ৭০৭ ৰান সংগ্ৰহ কৰাৰ লগত ১৬টা উইকেট দখল কৰিছে। ইয়াৰে ১৬খন খেলত তেওঁ মুম্বাই ইণ্ডিয়ানছৰ হৈ ৪৫২ ৰান সংগ্ৰহ কৰে। মুম্বাইৰ হৈ খেলি থাকোতে ৬টা উইকেট দখল কৰিছিল। 

আৰ চি বিৰ সৈতে থকা দুটা ছিজনত গ্ৰীনে মুঠ ১৩খন মেচ খেলি ২৫৫ ৰান সংগ্ৰহ কৰি ১০টা উইকেট দখল কৰিছিল। আই পি এলতো তেওঁৰ এটা শতক আছে, যিটো তেওঁ মুম্বাই ইণ্ডিয়ানছৰ হৈ খেলি থাকোতে কৰিছিল।

একেদৰে জছ ইংলিচক গুজৰাট টাইটানছে ক্ৰয় কৰে ৮.৬০ কোটি টকাত। ৰাহুল চহৰক চেন্নাই ছুপাৰ কিংছে ৫.২০ কোটি টকাৰ বিনিময়ত ক্ৰয় কৰে। ছানৰাইজাৰ্ছ হায়দৰাবাদে বিশাল ধনৰাশিৰে ক্ৰয় কৰে লিভিংষ্টনক। এছ আৰ এইছে তেওঁক ১৩ কোটি টকাত ক্ৰয় কৰে।

আনহাতে মাত্ৰ ৩০ লাখ টকা আধাৰ মূল্য থকা মনগেশ যাদৱক ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰুৱে ৫.২০ কোটি টকাত ক্ৰয় কৰে। বিদেশী ক্ৰিকেটাৰ তথা বাংলাদেশ জাতীয় দলৰ মূখ্য বলাৰ মোস্তাফিজুৰ ৰহমানে এইবাৰ লাভ কৰে ৯.২০ কোটি টকা। তেওঁক পাবলৈ বহুকেইটা দলে চেষ্টা চলাই যদিও অৱশেষত কলকাতা নাইট ৰাইডাৰ্ছে ক্ৰয় কৰিবলৈ সক্ষম হয়। 

একেদৰে একাধিক ফ্ৰেন্সাইজীৰ টনা- আজোঁৰাৰ পাছত গুজৰাট টাইটানছে ক্ৰয় কৰে ৱেষ্ট ইণ্ডিজৰ ক্ৰিকেটাৰ জেছন হ’ল্ডাৰক। হ’ল্ডাৰক ৭কোটি টকাত ক্ৰয় কৰে গুজৰাটে। এইগৰাকী অলৰাউণ্ডাৰৰ অন্তৰ্ভুক্তিয়ে স্বাভাৱিকতে শক্তি বৃদ্ধি কৰিব গুজৰাটৰ।

১৪.২০ কোটি টকাৰে চেন্নাই ছুপাৰ কিংছে ক্ৰয় কৰিছে কাৰ্তিক শৰ্মাক। ১৯ বছৰীয়া কাৰ্তিকৰ অন্তৰ্ভুক্তিয়ে চেন্নাইক বেছ শক্তিশালী কৰিব বুলি ভবা হৈছে। শকত ধনেৰে আন এগৰাকী যুৱ ক্ৰিকেটাৰক ক্ৰয় কৰিছে দলটোৱে। তেওঁ হৈছে প্ৰশান্ত বীৰ। কাৰ্তিকৰ সমমূল্যত ক্ৰয় কৰিছে প্ৰশান্তক। 

৮.৪০ কোটি টকাত দিল্লী কেপিটেলছৰে চুক্তিবদ্ধ হৈছে আকুৱ দৰ। আকুৱৰ দৰে এজন অলৰাউণ্ডাৰ দিল্লীৰ বাবে অতি প্ৰয়োজনীয় আছিল। ৰবি বিষ্ণই এইবাৰ ৰাজস্থান ৰয়েলছৰ শিবিৰত যোগ দিছে। বিষ্ণইক পাবলৈ বাকী দলসমূহৰ হেতা- ওপৰা লাগিছিল যদিও অৱশেষত ৰাজস্থানে তেওঁক ৭.২০ কোটি টকাত ক্ৰয় কৰে। 

আনৰিছ নৰটজিক ভবা মূল্যতকৈ কম দৰতে লাভ কৰে লক্ষ্ণৌ ছুপাৰ জায়েণ্টছে। লক্ষ্ণৌৰ বাবে একপ্ৰকাৰ ভাগ্য বুলিয়েই ধৰিব লাগিব। নৰটজিক মাত্ৰ ২কোটি টকাতে ক্ৰয় কৰে দলটোৱে। 

শ্ৰীলংকান ক্ৰিকেটাৰ তথা বিশ্বৰে এগৰাকী ভয়াৱহ বলাৰ পাথিৰানা এইবাৰ যোগা দিছে কলকাতা নাইট ৰাইডাৰ্ছত। ১৮ কোটি টকাৰে পাথিৰানাক ক্ৰয় কৰিছে শ্বাহৰুখ খানৰ দল কে কে আৰে। পাথিৰানাৰ দৰে এগৰাকী বলাৰে যথেষ্ট শক্তি বৃদ্ধি কৰিব কলকাতাৰ।

দিল্লী কেপিটেলছলৈ গৈছে বেন ডাকেট। ইংলেণ্ড জাতীয় ক্ৰিকেট দলৰ বেটছমেন ডাকেটক ভবা মূল্যতকৈ কমতে লাভ কৰিছে দিল্লী কেপিটেলছে। তেওঁক মাত্ৰ ২ কোটি টকাত ক্ৰয় কৰিছে দিল্লীয়ে। কলকাতাই এৰি দিয়া বেটছমেন ভেংকাটেশ আয়াৰে এইবাৰ বেটিং বিক্ৰম দেখুৱাব বিৰাট কোহলিৰ দল ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰুত। আয়াৰক ৭ কোটি টকাৰে ক্ৰয় কৰিছে আৰ চি বিয়ে। 

মুম্বাই ইণ্ডিয়ানছলৈ উভিত আহিছে কুইণ্টন ডি ক’ক। পুনৰ নীলা জাৰ্চীত দেখা পোৱা যাব দক্ষিণ আফ্ৰিকাৰ উইকেট কীপাৰ বেটাৰ কুইণ্টন ডি ক’কক। বিশ্বৰ আগশাৰীৰ তাৰকা ক্ৰিকেটাৰ হ’লেও তেওঁক এইবাৰ মুম্বায়ে মাত্ৰ ১কোটি টকাতে ক্ৰয় কৰে। 

ইফালে লক্ষ্ণৌ ছুপাৰ জায়েণ্টছে ক্ৰয় কৰিছে শ্ৰীলংকাৰ তাৰকা খেলুৱা হাছাৰাংগাক। তেওঁ ২কোটি টকাতে লাভ কৰে এল এছ জিয়ে। দিল্লীত থাকিব দক্ষিণ আফ্ৰিকাৰ অন্যতম বেটাৰ ডেভিদ মিলাৰ। মিলাৰক ২ কোটি টকাত ক্ৰয় কৰে দলটোৱে।  

আজিৰ এই আই পি এল ২০২৬ৰ মিনি নিলাম পৰ্বই এটা কথা স্পষ্ট কৰে যে, তাৰকা ক্ৰিকেটাৰৰ ভিৰৰ মাজত অধিকাংশ যুৱ ক্ৰিকেটাৰে আধিপত্য বিস্তাৰ কৰে। বহু কেইজন তাৰকা ক্ৰিকেটাৰতকৈ উদীয়মাণ ক্ৰিকেটাৰৰ প্ৰতিহে ফ্ৰেন্সাইজীসমূহৰ আগ্ৰহ অধিক হোৱা পৰিলক্ষিত হৈছে। কিয়নো বহু কেইজন আন্তৰ্জাতিক পৰ্যায়ৰ উপৰি নাম থকা খেলুৱৈৰ তুলনাত নতুন ক্ৰিকেটাৰে লাভ কৰিছে অধিক মূল্য।

মুম্বাই ইণ্ডিয়ানছ আই পি এল চেন্নাই চুপাৰ কিংছ ৰাজস্থান ৰয়েলছ ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু