Advertisment

সমাজক চিন্তাৰ খোৰাক যোগাৱা এখন নাটক...

নাটক আৰু চিনেমা দুয়োটা মাধ্যমেই সুকীয়া সুকীয়া। দুয়োটা মাধ্যমেই নিজ নিজ স্থানত একক আৰু পৃথক। দুয়োটা মাধ্যমৰে আছে এক শ্ৰেণীৰ সুকীয়া দৰ্শক...

author-image
Asomiya Pratidin
New Update
ghaa

ভাস্কৰ শৰ্মা

Advertisment

নাটক আৰু চিনেমা দুয়োটা মাধ্যমেই সুকীয়া সুকীয়া। দুয়োটা মাধ্যমেই নিজ নিজ স্থানত একক আৰু পৃথক। দুয়োটা মাধ্যমৰে আছে এক শ্ৰেণীৰ সুকীয়া দৰ্শক। 

নাটক ভালপোৱা এচামে, চিনেমা এখন উপভোগ নকৰিবও পাৰে অথবা চিনেমা চাই ভালপোৱা এচামে, নাটকৰ মাদকতা উপভোগ নকৰিবও পাৰে। সেইবুলি উভয় মাধ্যমকে ভালপোৱা আন এচাম দৰ্শক নথকা নহয়। আছে। আন এচাম দৰ্শকে দুয়োটা মাধ্যমৰে সোৱাদ পৃথকে পৃথকে ল’ব জানে।  

চিনেমা মূলতঃ পৰিচালক প্ৰধান আৰু নাটক হৈছে অভিনেতাকেন্দ্ৰিক এটি মাধ্যম। এবাৰতে সকলো পৰিপক্ক হৈ উঠিব লাগে নাটকত। ভুলৰ নাথাকে কোনো ক্ষমা। নাটকত ভুলটো ভুলেই। লাইভ মিউজিক, পোহৰ, কলা ইত্যাদিৰ মাজত অভিনেতাই নিপুণ অভিনয়ৰে নাটক এখন আগুৱাই লৈ যায় দৰ্শকৰ মাজলৈ।

অন্যহাতে দৰ্শকেও কিবা এটা চিন্তাৰ খোৰাক বিচাৰি, সামাজিক বাৰ্তা বিচাৰি ভিৰ কৰে ভ্ৰাম্যমাণ থিয়েটাৰৰ প্ৰেক্ষাগৃহত। চিনেমাত দেখা অতিৰঞ্জিত কাৰবাৰবোৰ মনৰ পৰা একাষৰীয়া কৰি প্ৰকৃতাৰ্থত এখন নাটক উপভোগ কৰিবলৈ আহে ভ্ৰাম্যমাণৰ প্ৰেক্ষাগৃহলৈ। 

নাটক এখন উপভোগ কৰিবলৈ যোৱা দৰ্শকজনে নাট মঞ্চস্থ হোৱাৰ আগেয়ে মানসিকভাৱে নিজকে সাজু কৰি লয়। কোনখন নাটকে এইবাৰ কি বাৰ্তা দিব বিচাৰিছে, কোনগৰাকী অভিনেতা- অভিনেত্ৰীয়ে এইবাৰ ভাল অভিনয় কৰিছে ইত্যাদি বহু আশা মনত লৈ দৰ্শকে প্ৰেক্ষাগৃহত প্ৰৱেশ কৰে। 

মুঠৰ ওপৰত মনত এটা বুজাব নোৱাৰা উৎসুকতা লৈ দৰ্শকে প্ৰৱেশ কৰে প্ৰেক্ষাগৃহত। কিয়নো যিকোনো ভ্ৰাম্যমাণ নাট্যদলে সম্পূৰ্ণ ৯টা মাহৰ নাট্যযাত্ৰাৰ বাবে ৰাইজৰ মাজলৈ অহাৰ পাছৰ পৰাই ৰাইজৰ মাজত চৰ্চা লাভ কৰে নিজ নিজ নাটক আৰু শিল্পীসকলকলৈ। তাৰ পাছৰে পৰা ৰাইজৰ মাজত আদৰ বুটলিবলৈ সক্ষম হয় একোখন নাটক তথা নাট্যদলে। 

ভ্ৰাম্যমাণত দৰ্শকে নাটক বিচাৰে। এখন ৰুচিসম্পন্ন নাটক। যি নাটকে ক’ব এখন সমাজৰ গাঁথা আৰু ব্যথাৰ কথা, সমাজ এখনক যোগাব চিন্তাৰ খোৰাক, মসৃণ জীৱন যাত্ৰাৰ বাবে দিব ইতিবাচক বাৰ্তাৰ লগতে আনুসংগিক চিন্তা- চেতনা।

২০২৪-২৫ নাট্যবৰ্ষত ভালেকেইটা নাট্যদলে সমাজক চিন্তাৰ খোৰাক যোগাব নাটক মঞ্চস্থ কৰিছে। তাৰ ভিতৰত কেইখনমান উল্লেখনীয় নাটক হৈছে কহিনুৰ থিয়েটাৰে মঞ্চস্থ কৰা তথা মৃদুল চুতীয়াৰ ৰচনা আৰু তপন লহকৰৰ পৰিচালনাৰে ‘পিঞ্জৰা’, হেঙুল থিয়েটাৰৰ ‘চিলনী’, বৰদৈচিলাৰ সতীশ দাসে ৰচনা কৰা ‘গংগাৰ পানী মক্কাৰ মাটি’, আবাহন থিয়েটাৰৰ অভিজিৎ ভট্টাচাৰ্যৰ ৰচনাৰে ‘মইনা কুশলে আছনে’ আৰু ৰাজলক্ষ্মী থিয়েটাৰে মঞ্চস্থ কৰা তথা চম্পক শৰ্মাৰ ৰচনা- পৰিচালনা আৰু অভিনয় সম্বৃদ্ধ নাটক ‘ঘা’।

বাকী নাটক কেইখনৰ তুলনাত ‘ঘা’ নাটকখনে কেইবাটাও গুৰুত্বপূৰ্ণ দিশ চুই যোৱা পৰিলক্ষিত হৈছে। এটা পৰিয়ালৰ পৰা এখন সমাজৰ প্ৰত্যাহ্বান, নতুন অভিনেতা- অভিনেত্ৰীৰ সৃষ্টি, জলবায়ু পৰিৱৰ্তনৰ কাৰক, সেউজ পৃথিৱী গঢ় দিয়া, ভৱিষ্যৎ প্ৰজন্মৰ বাবে কৰা চিন্তা, মানুহৰ মাজৰ পৰা হেৰাই যোৱা আৱেগিক সম্পৰ্ক আৰু সম্বন্ধবোৰক সামৰি চম্পক শৰ্মাই ৰচনা কৰা এখন উন্নত মানবিশিষ্ট নাটক ‘ঘা’। 

সাম্প্ৰতিক সময়ত আপাত দৃষ্টিত চকুত নপৰা বিভিন্ন ঘটনাও সন্নিৱিষ্ট কৰা হৈছে ‘ঘা’ নামৰ নাটকখনত। নাটকখনৰ প্ৰথমটো দৃশ্য আৰম্ভ হয় এগৰাকী বনধ্বংসকাৰীৰ চৰিত্ৰৰে। বনাঞ্চলত অবাধে গছ কাটি থাকে কাকা নামৰ চৰিত্ৰটোৱে। যেতিয়া কাকা নামৰ চৰিত্ৰটোক মনোজ নামৰ ড্ৰাইভাৰজনে গছ কটাৰ বিৰোধিতা কৰে তেতিয়াই খঙত জ্বলি উঠে কাকা। কাকাৰ ভনীয়েক জয়াক পলুৱাই নিয়াৰ অজুহাতত মনোজ ড্ৰাইভাৰক কুঠাৰেৰে কাটিবলৈ উদ্যত হয় বনধ্বংসকাৰী কাকা। 

সেই মূহুৰ্ততে মঞ্চত প্ৰৱেশ ঘটে আনন্দ বৰুৱা নামৰ চৰিত্ৰ ৰূপায়ণ কৰা চম্পক শৰ্মাৰ। আৰু চম্পক শৰ্মাই কাকাৰ হাতৰ পৰা ৰক্ষা কৰে ড্ৰাইভাৰ মনোজক। মনোজ হৈছে আনন্দ বৰুৱাৰ এগৰাকী বিশ্বাসযোগ্য ড্ৰাইভাৰ। 

আনহাতে আনন্দ বৰুৱা মানে চম্পক শৰ্মা হৈছে পেছাত এগৰাকী ব্যৱসায়ী। এখন বহল আৰু উদাৰ অন্তৰৰ গৰাকী। তেঁওৰ ব্যক্তিত্বই সুকীয়া। তেঁওৰ মনত নাই উচ্চ- নীচ, ধনী- দুখীয়া। 

ব্যৱসায়ী হ’লেও ঘৰখন ঘৰ কৰি ৰাখিব বিচৰা পৰিয়ালক সময় দিয়া এজন মুৰব্বী। পত্নী আৰু এগৰাকী কন্যা সন্তানেৰে ভৰা এখন ঘৰৰ মুৰব্বী চম্পক শৰ্মা। তেওঁৰ কন্যাৰ চৰিত্ৰটি ৰূপায়ণ কৰিছে মোহময়ী অভিনেত্ৰী নন্দিনী কাশ্যপে।  বিশিষ্ট ব্যৱসায়ী আনন্দ বৰুৱাৰ হবি হৈছে- নিজৰ টকা খৰচ কৰি হ’লেও গছপুলি ৰোপণ কৰা, গছপুলি ৰোপণ কৰাৰ বাবে সজাগতা সভা আহ্বান কৰা, এখন সুস্থ সমাজ প্ৰতিষ্ঠা কৰি অনাগত প্ৰজন্মক উপহাৰ দিয়া। এনেদৰেই নাটকখনৰ কাহিনীভাগ আগবাঢ়ি গৈ থাকে।

নাটকখনৰ কাহিনীৰ দাবীত ব্যৱহাৰ কৰা সংলাপ, সংগীত আৰু আৱাহ সংগীতে দৰ্শকক দিছে অন্য এক মাত্ৰা। অসমৰ পটভূমিত, অসমীয়া অসমীয়া লগা এটা কাহিনীৰে পৰিপূৰ্ণ নাটক ‘ঘা’। সাজ- সজ্জাৰ দিশতো আছে স্বকীয়তা।

জয়া চৰিত্ৰত অভিনয় কৰা প্ৰতিভাৱান অভিনেত্ৰী কল্পনা কলিতাৰ অভিনয় চকুত লগা। নাটখনে বিচৰা আবেগত আবেগ ঢালি অভিনয় কৰিছে কল্পনা কলিতাই। বিয়াৰ কিছুদিন পাছতে একালৰ প্ৰেমিক আৰু বৰ্তমানৰ স্বামীক হেৰুওৱাৰ বেদনা কিমান কৰুণ আৰু আবেগবিহ্বল সেই অনুভৱ দৰ্শকক দিয়াত সম্পূৰ্ণৰূপে সফল হৈছে কল্পনা কলিতা। এটি গীতত নৱবিবাহিতা জয়া চৰিত্ৰটোৱে দৰ্শকৰ মাজলৈ আহি স্বামীক বিচৰা সেই কৰুণ দৃশ্যটিয়ে সকলোকে ক্ষণিকৰ বাবে হ’লেও আবেগিক কৰি তুলিবলৈ সক্ষম হৈছে।

নাটকখনত আজিকালিৰ তথাকথিত আধুনিক সমাজ ব্যৱস্থাটি দেখুওৱা হৈছে আনন্দ বৰুৱাৰ পত্নী চৰিত্ৰ ৰূপায়ণ কৰা অভিনেত্ৰীগৰাকীৰ জৰিয়তে। আনন্দ বৰুৱাৰ পত্নীয়ে তেঁওৰ স্বামীয়ে সমাজকলৈ কৰা চিন্তাৰ সম্পূৰ্ণ বিপৰীত। তেওঁ দুদিনীয়া জীৱনটোত বিচাৰে- কেৱল আনন্দ আৰু আনন্দ। আধুনিক হোৱাৰ অজুহাতত তেওঁ প্ৰায়েই ঘৰৰ বাহিৰত আড্ডা, পাৰ্টী আদি কৰি ঘূৰি ফূৰে। ঘৰখনৰ প্ৰতি যেন অকণো দায়িত্ববোধ নাই তেওঁৰ ! 

অন্যহাতে আনন্দ বৰুৱাৰ কন্যা তথা নন্দিনী কাশ্যপ হৈছে পিতৃৰ আদৰ্শৰে চলিব বিচৰা এগৰাকী আধুনিক মনৰ ছোৱালী। তেওঁৰ মাতৃ পিতৃৰ সম্পূৰ্ণ বিপৰীত হোৱা হেতুকে কন্যা নন্দিনীয়ে কোনোবাখিনিত কেতিয়াবা মাকৰ কথাৰ বিৰুদ্ধে যাব লগীয়া হয়। এটা দৃশ্যত মাকে যেতিয়া সংলাপৰ জৰিয়তে কয়- “তুমি মাম্মীক এনে ব্যৱহাৰ কৰিছা ?” তেতিয়া নন্দনীয়ে প্ৰত্যুত্তৰত দিয়া সংলাপত কয়- মাম্মী নহয় মা...। এইখিনিতে এখন অসমীয়া সমাজৰ আপোন আপোন লগা সম্পৰ্কৰ দৃশ্য ফুটি উঠে। 

ইয়াৰ উপৰি নাটকখনৰ অন্য এটা দিশ হৈছে- ভ্ৰাম্যমাণত নতুন অভিনেতা- অভিনেত্ৰীৰ প্ৰতিভা বিকশিত কৰা। এইবাৰ ৰাজলক্ষ্মী থিয়েটাৰত নায়কৰ চৰিত্ৰ ৰূপায়ণ কৰিছে চন্দন ডেকা আৰু সহযোগী অভিনেতা হিচাপে আছে দেৱজিত ৰয়। দুয়োগৰাকীয়ে ভ্ৰাম্যমাণত কৰা অভিনয়ৰে অভিজ্ঞতাসম্পন্ন। দুয়োগৰাকী অভিনেতাই অপেচেদাৰী নাটকতে শিকিছিল অভিনয়ৰ আদিপাঠ।

‘ঘা’ নাটকখনত দুয়োৰে অভিনয় অতি উচ্চমানৰ। তেঁওলোকৰ সুপ্ত প্ৰতিভা উলিয়াই অনাত অন্যতম সহায়ক হিচাপে বিবেচনা কৰিব পাৰি নাট্যকাৰৰ লগতে নাটকখনক। নাট্যকাৰে তেঁওলোকৰ দুয়োৰে ওপৰত ৰখা আস্থাক সন্মান জনোৱাত অকণে কৃপণালি কৰা নাই উদীয়মাণ অভিনেতা চন্দন আৰু দেৱজিতে। নাটকখন চালেই অনুভৱ হয়, দুয়ো যে সাংঘাটিত অনুশীলন কৰিছে। গতিকে এনেদৰে নতুন অভিনেতা সৃষ্টি কৰাটো ‘ঘা’ নাটকৰ উল্লেখযোগ্য বৰঙণি আছে।    

মুঠৰ ওপৰত নাটকখনত অভিনয় কৰা প্ৰায়সংখ্যক কলা- কুশলীৰে অভিনয় সুন্দৰ হৈছে। কল্পনা আৰু নন্দিনী, একেদৰে দেৱজিত আৰু চন্দন, হেমাংগ ৰাজ আটাইকেইগৰাকী কুশীলৱৰে অভিনয় সাৱলীল অভিনয়। নাটকখনৰ প্ৰতিটো চৰিত্ৰতে নিজকে খাপ খুৱাই দৰ্শকক মনোৰঞ্জন দিয়াত সাৰ্থক হৈছে তেওঁলোক। 

আনহাতে পৰিচালক- অভিনেতা চম্পক শৰ্মাই নাটকখনৰ জৰিয়তে ৰাজইক উদ্দেশ্যি দিয়া প্ৰতিটো সংলাপেই একো একোটা বাৰ্তা হিচাপে গন্য কৰিব পাৰি। গছপুলি ৰোপণ, পুঁজিপতি হৈয়ো কিদৰে সাধাৰণ মানুহৰ লগত মানুহ হিচাপে চলিব পাৰি ইত্যাদি কথাবোৰে দৰ্শকৰ মনত ৰেখাপাত কৰিব পৰাটো নাটখনৰ মূল আধাৰ। এনেবোৰ দিশলৈ লক্ষ্য কৰিলে দেখা যায় যে চম্পক শৰ্মাৰ ৰচিত আৰু পৰিচালিত নাট “ঘা” এখন সম্পূৰ্ণ নাটক।

নাটক ভ্রাম্যমান থিয়েটাৰ