মুদ্ৰাত জিলিকিব সুধাকণ্ঠ...

কৰ্মৰ দ্বাৰাই প্ৰতিফলিত হয় মানুহৰ ব্যক্তিত্ব। আৰু এই কৰ্মৰ দ্বাৰাই মানুহ মহীয়ান বুলি প্ৰতিষ্ঠা লাভ কৰে এখন সমাজত। তেতিয়াই একো একোজন ব্যক্তিয়ে এখন সুস্থ- সবল সামাজৰ পৰা লাভ কৰে কৰ্ম স্বীকৃতি। গুণীসকলে বুজে তেওঁৰ গুণৰ মোল। 

author-image
Asomiya Pratidin
New Update
AP FOR WEB NEW  bikhekh lekha N

ভাস্কৰ শৰ্মা

প্ৰতিজন মানুহৰে অন্তৰাত্মাত নিহিত হৈ থাকে, একো একোটা ব্যক্তিত্ব। ব্যক্তিত্ব অবিহনে মানুহে সামাজিক জীৱন কটোৱাটো অসাৰ। 

Advertisment

কৰ্মৰ দ্বাৰাই প্ৰতিফলিত হয় মানুহৰ ব্যক্তিত্ব। আৰু এই কৰ্মৰ দ্বাৰাই মানুহ মহীয়ান বুলি প্ৰতিষ্ঠা লাভ কৰে এখন সমাজত। তেতিয়াই একো একোজন ব্যক্তিয়ে এখন সুস্থ- সবল সামাজৰ পৰা লাভ কৰে কৰ্ম স্বীকৃতি। গুণীসকলে বুজে তেওঁৰ গুণৰ মোল। 

অৱশ্যে এনেবোৰ ভাল কথা আৰু কামৰ মাজতো কেতিয়াবা ধুমুহাৰ দৰে অহা নঞৰ্থক সমালোচনাই কেতিয়াবা- কেতিয়াবা ব্যক্তিত্বত আঘাত কৰাৰ কথাও একাষাৰতে নুই কৰিব নোৱাৰি। সি যি কি  নহওক- সমাজ বা জাতিয়ে কিন্তু যোগাত্মক আৰু ভাল ভাল যুগজয়ী কাম- কাজবোৰহে মনত ৰাখে। আৰু তাৰেই আধাৰত ব্যক্তি বিশেষক প্ৰদান কৰে স্বীকৃতি ।

সুধাকণ্ঠ ড০ ভূপেন হাজৰিকা। নামটোতে আছে এক আবেগ, এক টান, আছে সম্প্ৰীতি আৰু এনাজৰীৰ এডাল নিকপকপীয়া বান্ধ। 

জাতি- উপজাতি, ধৰ্ম- বৰ্ণ আদিৰ পাৰাপাৰ হৈ সম্প্ৰীতিৰডোলেৰ বান্ধ খুৱাই ৰাখিব খোজা এটি সত্বাই হৈছে ভাৰত ৰত্ন ভূপেন হাজৰিকা। বৃহত্তৰ অসমৰ বুকুত থকা নানা জাতি- উপজাতি, ভাষা-ভাষিয়ে যি দৃষ্টিভংগীৰে তেওঁক চাব খোজে, তেনেকৈয়ে সহজে ধৰা দিয়া এটি সত্বা ড০ ভূপেন হাজৰিকা। 

হয়তো ইমান বিশাল ব্যক্তিত্বৰ অধিকাৰীজনৰ কথা পলকতে লিখি বা উপমা- বিশেষণ দি বৰ্ণনা কৰাটো এই মুহূৰ্তত অতি কঠিন কাম হ’ব ! কিয়নো এনে এজন বিশ্ববিশ্ৰুত শিল্পী তথা সাগৰসদৃশ পাৰাপাৰহীন ব্যক্তিত্বৰ গৰাকী সুধাকণ্ঠ ভূপেন হাজৰিকাই অসমীয়া তথা ভাৰতীয় চলচ্চিত্ৰ আৰু সাংস্কৃতিক ক্ষেত্ৰখন লৈ আগবঢ়াইছে অস্বীকাৰ্য অৱদান।  

সাম্প্ৰতিক সময়ত সংঘটিত হৈ থকা বহু ভাল - বেয়া খবৰেৰে ঠাহ খাই আছে অসম। কিন্তু তাৰ মাজতে উজলি উঠিছে আন এক কালজয়ী খবৰ। ভাৰত ৰত্ন ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকীৰ পূৰ্বে অসম আৰু অসমীয়াৰ বাবে শেহতীয়াকৈ আহিছে এটি ভাল লগা খবৰ।

সেয়া হৈছে- কেন্দ্ৰীয় চৰকাৰৰ পৃষ্ঠপোষকতাত সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ প্ৰতি সন্মান জনাই প্ৰস্তুত কৰা হ’ব ১০০ টকীয়া মুদ্ৰা। ইতিমধ্যে এই সম্পৰ্কত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰৰ বিত্ত মন্ত্ৰণালয়ে গেজেট অধিসূচনা জাৰি কৰিছে।

উল্লেখযোগ্য যে, সুধাকণ্ঠৰ জন্ম শতবাৰ্ষিকীৰ সৈতে সংগতি ৰাখিয়েই অসম চৰকাৰে কেন্দ্ৰীয় চৰকাৰ তথা ৰিজাৰ্ভ বেংকলৈ এটা স্মৃতি মুদ্ৰা প্ৰস্তুত কৰিবলৈ আহ্বান জনাইছিল। সেই আহ্বানৰ প্ৰতি সঁহাৰি জনাই এতিয়া কেন্দ্ৰীয় চৰকাৰে এই গেজেট অধিসূচনা জাৰি কৰাৰ কথা ৰাজহুৱা কৰিছে।

কেন্দ্ৰীয় চৰকাৰৰ অসম তথা সুধাকণ্ঠৰ প্ৰতি দেখুওৱা এনে সন্মান আৰু কালজয়ী সিদ্ধান্তৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰিছে অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। তেওঁৰ নিজৰ সামাজিক মাধ্যমত কেন্দ্ৰীয় চৰকাৰলৈ ধন্যবাদ আৰু কৃতজ্ঞতা জনাই লিখিছে এইদৰে- 

“ভাৰত ৰত্ন, সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ বাবে এক কালজয়ী সন্মান
আপোনালোকক অৱগত কৰিবলৈ পাই সঁচাকৈয়ে আনন্দিত হৈছোঁ যে বিশ্ব বৰেণ্য শিল্পীগৰাকীৰ জন্ম শতবাৰ্ষিকীৰ বিশেষ উপলক্ষত কেন্দ্ৰীয় চৰকাৰৰ বিত্ত মন্ত্ৰ্যালয়ে সুধাকণ্ঠ বিশেষ ১০০ টকা মূল্যৰ এটি স্মৃতি মুদ্ৰা প্ৰস্তুতৰ বাবে চৰকাৰী গেজেট অধিসূচনা জাৰি কৰিছে।

লুইতৰ পাৰৰ বৰেণ্য শিল্পীগৰাকীক সদায়ে প্ৰাপ্য স্বীকৃতি দি অহা মাননীয় প্ৰধানমন্ত্ৰী শ্ৰীনৰেন্দ্ৰ মোদী ডাঙৰীয়া নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰক শতবাৰ্ষিকী উদযাপনৰ এই বিৰল মুহূৰ্তক অধিক বিশেষ কৰি তোলাৰ বাবে অসমবাসীৰ হৈ কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ ।“

হয়। মুখ্যমন্ত্ৰীৰ এই সুখানুভূতিৰ সুৰতে সুৰ মিলাই আজি অসমৰ জনগণেও লাভ কৰিছে প্ৰশান্তি। অসমী আইৰ বুকুৰ উম লৈ ডাঙৰ –দীঘল হৈ আজি বিশ্ববিশ্ৰুত শিল্পীৰ যোগ্যতাৰে সুকীয়া স্থান কাহানিবাই দখল কৰা শিল্পী সুধাকণ্ঠলৈ দেশমাতৃৰ এনে কালজয়ী সন্মানৰ বতৰাই সকলো শ্ৰেণীৰ লোকৰ উপৰি জাতি- উপজাতিৰ মনত আনন্দৰ লহৰ তুলিছে। 

আজিৰ এই সোণোৱালী ক্ষণত এই খবৰে হয়তো সুধাকণ্ঠৰ আত্মাকো দিছে এক প্ৰাপ্তিৰ হাঁহি। জীয়াই থাকিলে হয়তো থোকা- থুকি মাতেৰে পুনৰ এবাৰ আওৰালেহেঁতেন তেওঁৰ কালজয়ী সৃষ্টি - মোৰ গীতৰ হেজাৰ শ্ৰোতা / তোমাক নমস্কাৰ/ গীতৰ সভাত তুমিয়েইতো / প্ৰধান অলংকাৰ / প্ৰয়াস কৰো তোমাৰ মুখত/ হাঁহি বিলাবলে / প্ৰয়াস কৰো তোমাৰ দুখত/ সঁচাই কান্দিবলে / তোমাৰ ক্ৰোধত ক্ৰোধান্বিত হৈও / গীত ৰচো /  ব্যক্তি সমূহৰ হৈ/ সুৰৰ শৰাই যাচো…।।

সুধাকণ্ঠ ড০ ভূপেন হাজৰিকা ড০ হিমন্ত বিশ্ব শৰ্মা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী