ফাকুৱা আৰু দৌল উৎসৱ...

আজি ৰঙৰ উৎসৱ ফাকুৱা। সমগ্ৰ দেশতে পালন কৰা হৈছে এই উৎসৱ। ৰং, আনন্দ- উল্লাস, শান্তি- সম্প্ৰীতিৰে সকলোৱে পালন কৰে এই ফাকুৱা উৎসৱ। সকলোৱে অসূয়া- অপ্ৰীতি নাশৰ অৰ্থে জনাই প্ৰাৰ্থনা।

author-image
Asomiya Pratidin
New Update
WhatsApp Image 2026-03-03 at 5.51.03 PM

ভাস্কৰ শৰ্মা

আজি ৰঙৰ উৎসৱ ফাকুৱা। সমগ্ৰ দেশতে পালন কৰা হৈছে এই উৎসৱ। ৰং, আনন্দ- উল্লাস, শান্তি- সম্প্ৰীতিৰে সকলোৱে পালন কৰে এই ফাকুৱা উৎসৱ। সকলোৱে অসূয়া- অপ্ৰীতি নাশৰ অৰ্থে জনাই প্ৰাৰ্থনা। 

ফাগুন মাহৰ পূৰ্ণিমা তিথিত হিন্দু ধৰ্মাৱলম্বী লোকসকলে অতীজৰে পৰাই ফাকুৱা উদযাপন কৰি আহিছে । এই ফাকুৱা বিভিন্ন সময়ত হোলী, ফাল্গুৎসৱ, দৌলোৎসৱ, মদনোৎসৱ আদি নামেৰেও জনা যায় । সমগ্ৰ ভাৰতবৰ্ষতেই হিন্দু ধৰ্মাৱলম্বী লোকসকলৰ প্ৰাচীনতম উৎসৱ হোলী অথবা ফাকুৱা ফাগুন মাহৰ পূৰ্ণিমা তিথিত উদযাপন কৰা দেখা যায় ।

উল্লেখ্য যে, যদিও হিন্দু ধৰ্মাৱলম্বী লোকসকলৰ উৎসৱ বুলি কোৱা হৈছে তথাপিও ধৰ্ম-বৰ্ণ নিৰ্বিশেষে হোলী উদযাপন হৈ আহিছে ভাৰতবৰ্ষত । অসমৰ বৰপেটাত এই ফাকুৱা অথবা দৌলোৎসৱ তিনিৰ পৰা পাঁচ দিনলৈকে উদযাপন কৰা হয় । ইয়াৰ প্ৰথম দিনটোক গোন্ধযাত্ৰা, দ্বিতীয় দিনটোক ভৰ দেউল আৰু ‍অন্তিমটো দিনক সুঁৱেৰী বোলা হয় ।

স্মৰ্তব্য যে, অসমৰ প্ৰত্যকটো উৎসৱৰে অন্তৰালত এক ধৰ্মীয় পৰম্পৰা জড়িত হৈ আছে । অসমতো দৌল উৎসৱৰ পাতনি মেলিছিল মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে । গুৰুজনাই প্ৰথমে তেওঁৰ জন্মস্থান বৰদোৱাত দৌলোৎসৱৰ সূচনা কৰিছিল বুলি জনা যায়। 

অৱশ্যে ১৫১৮ শকত বৰপেটা সত্ৰৰ মথুৰা দাস বুঢ়া আতাই প্ৰথমবাৰৰ বাবে দৌলোৎসৱৰ প্ৰচলন কৰিছিল।  সেই দিনাৰ পৰাই পৰম্পৰাগভাৱে ইয়াক পালন কৰি অহা হৈছে দৌলোৎসৱ। ধৰ্মীয় আচাৰ, ভক্তিৰস আৰু সমন্বয়ৰ উৎসৱ হিচাপে বৰপেটাৰ দেউল উৎসৱ চিহ্নিত হৈ আহিছে।

এইখিনিতে ইয়াকো উল্লেখ কৰিব লাগিব যে, নক্ষত্ৰ গণনা অনুসৰি এই উৎসৱ তিনিদিনীয়া, চাৰিদিনীয়া বা পাঁচদিনীয়াকৈ অনুষ্ঠিত কৰা হয়। সাধাৰণতে ফাগুন মাহৰ পূৰ্ণিমা তিথিত দৌল হ'লে চাৰিদিনীয়াকৈ বা পাঁচদিনীয়াকৈ পালন কৰা হয়। আনহাতে চ'তৰ মাহৰ পূৰ্ণিমা তিথিত দৌল হ'লে তিনিদিনীয়াকৈ পালন কৰা হয় । 

চাৰিদিনীয়া বা পাঁচদিনীয়া দৌলক ডেকাদৌল বোলা হয়। তিনিদিনীয়া দৌলক বুঢ়াদৌল বোলা হয়। দৌলোত্সাৱৰ প্ৰথম দিনটোক “গোন্ধযাত্ৰা”, দ্বিতীয় দিনটোক “ভৰ দেউল” আৰু তাৰ পাছৰ দিনা “সুঁৱেৰী” বা “ফাঁকুৱা” বোলা হয়।

আজিৰ এই পবিত্ৰ দিনটোত বটদ্রৱা থানত শ্রীশ্রী কৃষ্ণৰ দৌল যাত্ৰা মহোৎসৱৰ আয়োজন কৰা হৈছে। উদ্যোক্তাসকলে জনোৱা মতে, আজি গন্ধোৎসৱৰ সন্ধিয়া গোসাঁইক গায়ন-বায়ন আৰু ভক্তসবে গাই বাই কীৰ্তন ঘৰৰ পৰা উলিয়াই আনি কীৰ্তন ঘৰৰ নাতিদূৰত অস্থায়ীকৈ সজা ৰভাতলত স্থাপন কৰিব। 

ইয়াৰ পিছত গোসাঁইক স্নান কাৰ্য্য সম্পাদনৰ পিছত গান্ধবিৰিঙা, গুণ গাঁঠিয়ন, মুঠা, মিঠি, পিৰিকা ফুল আদি ভেষজ উপাদানেৰে প্রস্তুত কৰা গন্ধ তেল বুলি প্রচলিত এই বিশেষ তেলৰে ধোৱা হ'ব। তাৰ পাছত তেল, চন্দন, অগৰু সানি গোসাঁইক নতু্ন বস্ত্র, অলংকাৰ পিন্ধাই সিংহাসনত স্থাপন কৰি গায়ন বায়নে ‘ৰাম ধেমালী’ পৰিবেশন কৰিব। 

সৰ্বভাৰতীয় সমাজত ফাকুৱা উৎসৱ :

আনহাতে ফাকুৱা কেন্দ্ৰ কৰি আয়োজন কৰা অসমৰ দৌলোৎসৱৰ সমান্তৰালকৈ সৰ্বভাৰতীয় সমাজত ফাকুৱাৰ আছে বিশেষ গুৰুত্ব। পৌৰাণিক আখ্যান মতে, এই দিনটোক 'কাম দহনৰ দিন' বোলা হয়। আখ্যান অনুসৰি এসময়ত গিৰিৰাজ হিমালয়ৰ কন্যা পাৰ্বতীয়ে আদিদেৱ মহাদেৱক স্বামীৰূপে পাবলৈ কঠোৰ ব্ৰতত ব্ৰতী হৈছিল। 

কিন্তু মহাপ্ৰভু স্বয়ং তেতিয়া তপস্যাত বিলীন হৈ আছিল। তেওঁৰ সৈতে দেৱী পাৰ্বতীৰ বিবাহ কাৰ্য সম্পন্ন কৰি দিয়াৰ অন্য উপায় নেদেখি দেৱতাসকলে কামদেৱক 'কামবাণ' নিক্ষেপ কৰিবলৈ দিছিল। মহাদেৱৰ তপ ভংগ হোৱাত তেওঁৰ প্ৰথম ক্ৰোধ দৃষ্টি কামদেৱৰ ওপৰত পৰে। ফলত তেওঁৰ ত্ৰিনয়নৰ জুইত কামদেৱ ভস্মীভুত হয়। 

কামদহনৰ এই আখ্যানে মূলতঃ সাংসাৰিক লোভ, মোহ, কাম, ক্ৰোধ ত্যাগৰেই প্ৰতিনিধিত্ব কৰে। আন এক আখ্যান অনুসৰি হিৰণ্যকশিপুৱে তেওঁৰ পুত্ৰ প্ৰহ্লাদক মাৰিবলৈ ভগ্নী হোলিকাক নিৰ্দেশ দিছিল। 

হোলিকাই নিজৰ শৰীৰৰ জুইৰে প্ৰহ্লাদক ভস্মীভূত কৰিবলৈ গৈ নিজেই নিঃশেষ হৈ গৈছিল। হোলিকাই মৃত্যুক্ষণত নিজৰ ভুল বুজিব পাৰি প্ৰহ্লাদৰ ওচৰত ক্ষমা প্ৰাৰ্থনা কৰে। প্ৰহ্লাদে বৰ দিলে যে মৃত্যুৰ পিছত বছৰত অন্ততঃ এদিন মানুহে হোলিকাক স্মৰণ কৰিব। এই হোলিকাৰ পৰাই হোলী শব্দৰ সৃষ্টি হোৱা বুলি বুলিব পাৰি। সেয়ে বিভিন্ন ঠাইত ফাকুৱাৰ আগদিনা অপশক্তি হোলিকাক দাহ কৰা হয় বিভিন্ন ঠাইত। এনদেৰে দেশজুৰি পালন কৰা হয় ফাকুৱা উৎসৱ...

ফাকুৱা দৌল উৎসৱ