/asomiyapratidin/media/media_files/2025/12/09/whatsapp-im-2025-12-09-18-27-58.jpeg)
ভাস্কৰ শৰ্মা
মাজত মাথোঁ আৰু কেইটামানহে দিন বাকী। আহি আছে ২০২৬ বৰ্ষ। এই বৰ্ষতে অনুষ্ঠিত হ’ব দুখন বিশ্বকাপ।
ইয়াৰে এখন আই চি চি টি-২০ ক্ৰিকেট বিশ্বকাপ। আনখন হৈছে ফুটবলৰ মহাযজ্ঞ ফিফা বিশ্বকাপ। ২০২৬ৰ আৰম্ভণিতে অৰ্থাৎ ফেব্ৰুৱাৰী- মাৰ্চৰ পৰা চলিব টি-২০ ক্ৰিকেট বিশ্বকাপ। একেদৰে জুন- জুলাইৰ পৰা চলিব ফিফা বিশ্বকাপ মহাযজ্ঞ।
দুয়োখন বিশ্বকাপক লৈ এতিয়াৰে পৰা আগ্ৰহ বৃদ্ধি পাইছে ক্ৰীড়ানুৰাগীসকলৰ। কিছুদিন পাছতে ক্ৰিকেট আৰু ফুটবল জ্বৰত আক্ৰান্ত সমগ্ৰ বিশ্বৰ অনুৰাগী তথা দৰ্শক- ৰাইজ।
এইবাৰ ফিফা বিশ্বকাপ অনুষ্ঠিত হ’ব ১১ জুনৰ পৰা। আয়োজক হিচাপে আছে ৩খন দেশ ক্ৰমে- আমেৰিকা, মেক্সিকো আৰু কানাডা। এই তিনি ঠাইত অনুষ্ঠিত হ’ব ফুটবল মহাযজ্ঞৰ মেচসমূহ। এই প্ৰতিযোগিতাত বিশ্বৰ ৪৮খন দেশে কৰিব অংশগ্ৰহণ।
আনহাতে ৭ ফেব্ৰুৱাৰীৰ পৰা মাৰ্চলৈ আৰম্ভ হ’ব আই চি চি টি-২০ ক্ৰিকেট বিশ্বকাপ প্ৰতিযোগিতা। এই প্ৰতিযোগিতাৰ আয়োজক হিচাপে আছে দ্বীপৰাষ্ট্ৰ শ্ৰীলংকা। এই টি-২০ বিশ্বকাপত ফুটবল বিশ্বকাপৰ আধা সংখ্যক অৰ্থাৎ ২৪ খন দেশে অংশগ্ৰহণ কৰিব।
ফুটবলৰ দৰে এইবাৰ ক্ৰিকেট বিশ্বকাপতো বৃদ্ধি পাইছে অংশগ্ৰহণকাৰী দেশ তথা দলৰ সংখ্যা। যাৰ বাবে পূৰ্বত কৈ বৃদ্ধি পাব মেচৰ সংখ্যা। পূৰ্বে টি-২০ বিশ্বকাপৰ প্ৰতিযোগিতাত ভাগ লোৱা দলৰ সংখ্যা আছিল ২০টা।
দল বৃদ্ধিৰ হাৰে অনুৰাগীসকলৰ মনতো আনন্দ কঢ়িয়াই আনিছে। প্ৰতিখন মেচেই যে ৰোমাঞ্চকৰ হ’ব, সেই কথা ইতিমধ্যেই পূৰ্বানুমান কৰিছে অনুৰাগীসকলে।
উল্লেখযোগ্য যে, ফিফা বিশ্বকাপত অংশ ল’ব লগা ৪৮টা দলৰ ভিতৰত এতিয়ালৈকে ৪২টা দলৰ যোগদান নিশ্চিত হৈছে। অন্তিম ৬টা দলৰ স্থান নিশ্চিত হ’ব প্লে- অফৰ মেচৰ জৰিয়তে। এই প্লে- অফৰ যুঁজত আছে ইটালী, নৰ্দাৰ্ন, আয়াৰলেণ্ড আৰু জামাইকা। মুঠৰ ওপৰত দল বৃদ্ধিৰ সংখ্যাই দুয়োখন বিশ্বকাপকে আকৰ্ষণীয় আৰু ৰোমাঞ্চকৰ কৰি তুলিব।
এই ৰোমাঞ্চ আৰু আকৰ্ষণৰ মাজতে অনুৰাগীৰ মনত সৃষ্টি হৈছে এক প্ৰশ্নৰ। সেই প্ৰশ্নটো হৈছে এইবাৰ কেইখন দেশে দুয়োখন বিশ্বকাপতে খেলিব। এই সংখ্যা অধিক নহ’লেও কিন্তু চিন্তা আৰু ভাবনাৰ অৱকাশ আছে ভাৰতৰ বাবে।
এইবাৰ বিশ্বৰ ৭খনে দেশে খেলিব দুয়োখন বিশ্বকাপ। ফুটবল আৰু ক্ৰিকেট এই দুয়োখন বিশ্বকাপ খেলিব ৭খন দেশে। অৱশ্যে দুয়োখন বিশ্বকাপ খেলা দেশৰ সংখ্যা বৃদ্ধিৰ সম্ভাৱনা নথকা নহয়। যদিহে এই সম্ভাৱনা সঁচা হয় তেন্তে এইবাৰ ৯খন দেশে খেলিব ফুটবল আৰু ক্ৰিকেট বিশ্বকাপ।
এতিয়ালৈকে ৭খন দেশে দুয়োখন বিশ্বকাপ খেলাটো নিশ্চিত হৈছে। সেই দেশকেইখন হৈছে- দক্ষিণ আফ্ৰিকা, কানাডা, আমেৰিকা, অষ্ট্ৰেলিয়া, নিউজিলেণ্ড, নেদাৰলেণ্ডছ আৰু ইংলেণ্ড।
লক্ষ্যণীয়ভাৱে বিশ্ব ক্ৰিকেটত একচেটিয়া আধিপত্য বিস্তাৰ কৰিলেও ফুটবল বিশ্বকাপত একেবাৰে নিশ্চিহ্ন ভাৰত। এক কথাত ক’বলৈ গ’লে দুয়োখন বিশ্বকাপ খেলা ৭দেশৰ ভিতৰত নাই ১৩৫ কোটি জনসংখ্যাৰ দেশ ভাৰত। তাৰ বিপৰীতে অষ্ট্ৰেলিয়া, ইংলেণ্ড, দক্ষিণ আফ্ৰিকা, নিউজিলেণ্ড দুয়োবিধ খেলতে পাৰ্গত।
অৱশ্যে এই পাৰ্গতৰ শাৰীত থিয় কৰাব পাৰি ৱেষ্ট ইণ্ডিজকো। কিয়নো ফুটবল বিশ্বকাপৰ প্লে- অফৰ যুঁজত থকা জামাইকা পোনপোটীয়াভাৱে বিশ্বকাপত নাই যদিও প্ৰতিনিধি হিচাপে আছে ৱেষ্ট ইণ্ডিজ।
স্বাভাৱিকতে ফুটবলত ভাৰতৰ এই অৱস্থা অতি লাজ লগা আৰু দুখজনক কথা। ভাৰতৰ বিভিন্ন ৰাজ্যত আছে প্ৰতিভাৱান খেলুৱৈ। খেলুৱৈৰ প্ৰতিভা চিনি তাক উপযুক্ত মঞ্চ দিলে, নিশ্চয় এদিন ভাৰতেও ফুটবল বিশ্বকাপ খেলাৰ যোগ্যতা অৰ্জন কৰিব পাৰিব।
ক্ৰিকেটক লৈ যিদৰে উপযুক্ত খেলপথাৰ, সা- সঁজুলি, আন্তঃগাঁথনি প্ৰস্তুত কৰে; একেদৰে ফুটবলৰ বাবেও চৰকাৰে অনুৰূপ পৰিকাঠামো প্ৰস্তুত কৰিলে উপকৃত হ’ব। চুকে- কোণে বিচাৰিব লাগিব প্ৰতিভাৱান খেলুৱৈ। তাৰোপৰি লাগিব পৰিকল্পিত ব্যৱস্থা। সৃষ্টি কৰিব পাৰিব লাগিব এটা সুন্দৰ আৰু উপযুক্ত দল। অভিজ্ঞ ফুটবলাৰ বা প্ৰাক্তন দক্ষ ফুটবলাৰৰ পৰামৰ্শ মতে আগবাঢ়িব লাগিব। তেতিয়াহে ভাৰতে অন্য দেশৰ লগত ফুটবলত ফেৰ মাৰিব পাৰিব বুলি বোধ হয়।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us