/asomiyapratidin/media/media_files/2025/01/13/aZun0cXgcS7LhjWZwidJ.jpg)
hepahor ghor
ভাস্কৰ শৰ্মা
ঘৰতেই আছে সুখ, ঘৰখনতে আছে শান্তি। মা- পিতা, পৰিয়াল, আত্মীয়ৰে ভৰা ঘৰখনতে খাও উৰুকাৰ ভাতসাঁজ। - এই কথা প্ৰকাশ্যে নক’লেও, মনত এইষাৰ কথা ভাবিয়েই হয়তো আজিৰ দিনটোত গাঁওখনলৈ বুলি ঢাপলি মেলিছে নগৰাঞ্চলত বাস কৰা বহু লোক !
উৰুকাৰ ভাতসাঁজ সদায়েই বিশেষ। হাঁহে- মাহে, মাছে- মঙহে লগে- ভাগে খোৱাৰ আমেজেই সুকীয়া। তাতে যদি জুইকুৰাৰ উম পোৱা যায় তেতিয়া ই হৈ পৰে আৰু অধিক আমোদজনক।
মুঠৰ ওপৰত এই উৰুকাৰ দিনটোত দুখীয়াতকৈ দুখীয়াজনেও ভালকৈ খোৱাৰ বাবে বহুখিনি চেষ্টা কৰে। ক্ষণিকৰ বাবে পাহৰি যায় মনৰ দুখ- বেজাৰ, অসূয়া- অপ্ৰীতি। সুখ আৰু সন্তুষ্টিৰ মন এটা লৈ সকলোৱে খাব বিচাৰে হেঁপাহৰ এসাঁজ।
আজি সকলোৱে পাহৰি গৈছে কৰ্মসূত্ৰে থকা চহৰখনৰ মায়া- মোহ। জন্ম গাঁওখনৰ সেই অকৃত্ৰিম মৰম আৰু ভালপোৱাই হাত বাউল দি মাতিছে তেওঁলোকক। আপোন গাঁওখনৰ তাড়নাৰ ওচৰত হাৰি গৈছে কংক্ৰিটৰ মহানগৰীৰ সেই আভিজাত্য, ভেম কিম্বা অহংকাৰ। এয়াই গাঁৱৰ মৰম, এয়াই গাঁৱৰ ভালপোৱা।
আজিৰ এই দিনটোত চহৰৰ ভিন্ন প্ৰান্তত স্থায়ী আৰু অস্থায়ীভাৱে শাক- পাচলিৰ পোহাৰ মেলিছে। সমান্তৰালকৈ মাছ- মাংসৰ বজাৰখনো হৈ পৰিছে উভৈনদী। বেপাৰীসকলৰ আশা- অইন দিনাতকৈ উৰুকাৰ দিনটোত বেচ লাভজনক হ’ব। কিন্তু এইবাৰ যেন এখন ওলোটা ছবিহে পৰিলক্ষিত হ’ল।
এইবাৰ যেন হাত সাৱটি বহি আছে মহানগৰীৰ মাছ- মাংসৰ বেপাৰীসকল। একে দশা পাচলি বজাৰতো। উৰুকা বুলি গ্ৰাহকৰ সোঁত ভবা ধৰণে বোৱা নাই। শাক- পাচলিৰ দাম বৰ বেছি নহয় যদিও এইবাৰ চহৰৰ বজাৰত গ্ৰাহকৰ ভিৰ সেৰেঙা।
অইনবাৰৰ তুলনাত এইবাৰ গাঁৱৰখনলৈ বুলি বহু লোকে দেওবাৰৰ দিনটোতেই ওলাই গৈছে। তাৰোপৰি সোমবাৰৰ উৰুকাৰ পুৱাতেই ওলাই গৈছে অধিকাংশ লোক। গুৱাহাটী এতিয়া প্ৰায় খালী। অৱশ্যে জৰুৰীকালীন সেৱাত ব্যস্ত লোকসকলৰ কথা সুকীয়া। মন থাকিও তেওঁলোক যাব পৰা নাই ঘৰখনলৈ বুলি। সংবাদসেৱা, স্বাস্থ্যসেৱা, আৰক্ষী- প্ৰশাসন আদিৰ দৰে ক্ষেত্ৰৰে জড়িতসকল যাব পৰা নাই ঘৰলৈ।
অইন দিনৰ দৰে ৰাস্তা- ঘাটতো নাই মানুহৰ ভিৰ। কেৱল গাড়ীয়ে- গাড়ীয়ে মানুহ গৈছে আপোন ঘৰখনলৈ বুলি। তেনে পৰিপ্ৰেক্ষিতত চহৰৰ বজাৰত মানুহৰ উপস্থিতি সেৰেঙা হোৱাটো স্বাভাৱিক। দোকানীসকলে ভবা ধৰণে খাদ্য সামগ্ৰীৰ বিক্ৰী নোহোৱাটোও একো আচৰিত কথা নহয়।
সকলো বস্তুৰ ক্ৰিয়া- প্ৰতিক্ৰিয়া থকাৰ দৰে, এইবাৰৰ উৰুকায়ো দেখুৱাই দিলে এই সূত্ৰ। শিপা বিচাৰি গাঁওলৈ ঢাপলি মেলা এইসকল লোকে দেখুৱাই দিলে, বিহুৰ মাদকতা, বিহুৰ গাম্ভীৰ্যতা। কৃত্ৰিমতাৰ পৃথিৱীত বিচৰণ কৰা একাংশ নতুন প্ৰজন্ময়ো দেখুৱাই দিলে এক নিদৰ্শন।
চহৰত ডাঙৰ- দীঘল হৈ পঢ়া শুনা কৰা ছোৱালীজনীয়েও উৰুকাৰ বাবে ব্যস্ত হৈ পৰিছে। নিজ হাতে পিঠা- লাৰু বনাবলৈ চেষ্টা কৰিছে তেওঁ। ন-কইনাজনীও নহয় তাৰ ব্যতিক্ৰম।
তাৰোপৰি বহু উঠি অহা ছোৱালীয়ে দেউতাকৰ গাঁৱৰ ঘৰখনত নিজে কিবা এটা ৰন্ধাৰ বাবে হাতত তুলি লৈছে হেচাখন। চুঙাৰে জুই ফুৱাই ফুৱাই ৰঙা পৰা মুখখনত বিৰিঙি উঠিছে প্ৰাপ্তিৰ এমোকাৰ হাঁহি। হয়তো এই হাঁহি বহুদিনেই চহৰৰ চাৰি দেৱালৰ মাজত থাকি মাৰিব পৰা নাছিল। এয়াইটো ভোগৰ ভোগালী, হেঁপাহৰ ভোগালী। য’ত নাই কৃত্ৰিমতা, মলিনতা। পৰম্পৰাৰ এনাজৰীৰে বান্ধি ৰখা বাপতিসাহোন।
আমাৰ কৃষ্টি- আমিয়েই ৰাখিব লাগিব জীয়াই, আমাৰ হাততে আছে ভোগালী, ৰঙালী আৰু কঙালী। কৃষ্টিৰ পথাৰত সৃষ্টিৰ বীজ আমিয়েইটো সিচিব লাগিব। শিপাৰ মাজতে আজিও জীয়াই আছে আমাৰ আজোককাৰ হাড়। যি হাড় বেকা কৰি ধৰি ৰাখিছিল ইটো, সিটো বহু পৰম্পৰা। হাড়ত গজি উঠা ঘাঁহনিয়েও আমাক সোঁৱাৰাই দিয়ে- আমাৰ ইতিহাস।
আধুনিকতাৰ ধামখুমীয়াৰ মাজত উশাহ লৈ থকা আমাৰ দৰে লোকক ভোগালীয়ে বহু কথাই সোঁৱাৰাই দিয়ে। মাহ মাহ ধৰি লগ নোপোৱা আই- পিতাইৰ সৈতে এসাঁজ খোৱাৰ পৰা আদি কৰি মেজিৰ জুইৰ উমলৈকে। ভেলাঘৰৰ বাকৰিত ইজনে- সিজনৰ প্ৰতি দেখুওৱা আন্তৰিকতা, মৰমসনা মাতষাৰে আমাক লৈ যায় আমাৰ অতীতলৈ।
যি অতীতে আমাক সোঁৱাৰাই দিয়ে আপোন আপোন মুহূৰ্তবোৰ। অতীতৰ আঁচলত বান্ধ খাই থকা আমাৰ শিপা, আমি কি, আমি ক’ৰ পৰা আহি আজি ক’ত পাইছো ইত্যাদি বহু কথাই মনৰ দোলাত দোলা দি থকাৰ পৰিৱেশ ৰচনা কৰি দিয়ে। এইবোৰে আমাক আকৌ এবাৰ নষ্টালজিক কৰি তোলে। ঘূৰাই আনিব বিচৰা সময়, অথচ আনিব নোৱাৰা এই সময়ে মাথোঁ আমাক দিয়ে শান্তি আৰু আত্মসন্তুষ্টি।