/asomiyapratidin/media/media_files/2025/12/04/htrgjnyrgjyk-2025-12-04-18-25-15.jpg)
ভাস্কৰ শৰ্মা
ৰাজ্য ভেদে পৰম্পৰা, সভ্যতা, সংস্কৃতি, খাদ্যভ্যাস, লোকাচাৰ ভিন ভিন। তাৰ মাজতে ভাৰতৰ ইখন ৰাজ্যৰ লগত সিখন ৰাজ্যৰ ভিন্ন পৰম্পৰা তথা সাহিত্য- সংস্কৃতিৰ বহু ক্ষেত্ৰত মিল দেখা যায়। কিন্তু তাৰ মাজত ব্যতিক্ৰম অসম তথা উত্তৰ- পূৰ্বাঞ্চল।
সকলো ক্ষেত্ৰতে বিচিত্ৰতা আছে অসম তথা উত্তৰ- পূৰ্বাঞ্চলৰ। লোকাচাৰকে ধৰি খাদ্যভ্যাস লৈকে সকলো ক্ষেত্ৰতে উত্তৰ- পূৰ্বাঞ্চল তথা অসমৰ বিচিত্ৰতা আছে। নদ- নদী, পৰ্বত- পাহাৰ, ভৈয়াম, হাবি- জংঘল, গছ- গছনি, জীৱ- জন্তু, পশু- পক্ষী আদি সকলো উপাদানেৰে পৰিৱেষ্টিত পূৰ্ণাংগ এটি বিশাল অঞ্চল উত্তৰ- পূৰ্বাঞ্চল। জলবায়ুৰো আছে এক সুকীয়া পৰিচয়।
জাতি- জনজাতি, উপজাতি, ভাষা- ভাষী ইত্যাদিৰ ক্ষেত্ৰতো আছে বিচিত্ৰতা। বড়ো, মিচিং, হাজং, ৰাভা, গাৰো, ডিমাচা, কাৰ্বি, অকা- ডফলা, চাওতালী, বাগানীয়া, টাই- আহোম, কলিতা, ব্ৰাহ্মণ, ইচলাম ইত্যাদি সম্প্ৰদায়ৰ মানুহেৰে ভৰপূৰ অসমভূমি।
প্ৰতিটো জনজাতি অথবা উপজাতিৰে আছে সুকীয়া, সুকীয়া পৰম্পৰা। আছে তেওঁলোকৰ নিজ নিজ ভাষা। তাৰোপৰি আছে লোক সংগীত, লোক নৃত্য। আছে বিভিন্ন পৰম্পৰা। মূলতঃ কৃষিভিত্তিক পৰম্পৰাই অধিক উত্তৰ- পূবৰ ৰাজ্যসমূহত।
তাৰোপৰি ভাষাৰ ক্ষেত্ৰতো আছে বিবিধতা। ৫ৰ পৰা ১০ কিলোমিটাৰৰ অন্তৰে অন্তৰে সলনি হয় কথিত ভাষাৰ শৈলী। উজনি অসমৰ পৰা নামনি অসমলৈ প্ৰতিখন জিলাৰ মানুহৰে কথন শৈলী ভিন্ন, তথাপি বান্ধ খাই আছে এডাল নিকপকপীয়া এনাজৰীৰডোলেৰে।
সহজ- সৰল জীৱন- যাপনেৰে অতীতৰ পৰাই উত্তৰ- পূবৰ মানুহে দিন পাৰ কৰি আহিছে। কৃত্ৰিমতাহীন জীৱন- যাপন কৰা এইসকল লোক অৱশ্যে সময়ৰ লগে লগে নতুনত্বকো আঁকোৱালি লৈছে সাৱলীলভাৱে।
সি যি কি নহওঁক, বৰ্তমান আঘোণ মাহ। উত্তৰ- পূবৰ আন ৰাজ্যৰ কথা উল্লখ নকৰি যদি কেৱল অসমৰ কথা ধৰা হয়; তেন্তে আঘোণ মাহৰ সৈতে অসমৰ আছে অতি নিবিড় সম্পৰ্ক।
পূৰ্বেই উল্লেখ কৰা হৈছে যে, উত্তৰ- পূৰ্বাঞ্চলৰ কেতবোৰ লোকাচাৰ আৰু পৰম্পৰা মূলতঃ কৃষিভিত্তিক। কৃষিৰ লগত জড়িত বিভিন্ন উৎসৱ- পাৰ্বণ কৃষিৰ সৈতে সংপৃক্ত। অসম তথা অসমীয়া গ্ৰাম্য আৰু চহা সমাজত আঘোণ মাহৰ দুটি উল্লেখযোগ্য লোক উৎসৱ হৈছে মহো- হো আৰু ন- খোৱা পৰ্ব।
ইয়াৰে মহো- হো উৎসৱ নামনি অসমৰ কেইখনমান জিলাতে সীমাবদ্ধ। আঘোণ মাহৰ পূৰ্ণিমা তিথিত এই উৎসৱ পালন কৰা হয়। কামৰূপ, নলবাৰী, বজালী আৰু বৰপেটা জিলাত মূলতঃ মহো- হো উৎসৱ পালন কৰি অহা হৈছে অতীজৰে পৰা।
আঘোণৰ পূৰ্ণিমা ৰাতি মহো- হো গীত গাই চেমনীয়াহঁতে। আঘোণৰ পথাৰৰ পকা ধানত পৰা কীট- পতংগৰ পৰা হাত সাৰিবলৈ মুখ্যতঃ এই উৎসৱ পালনৰ পৰম্পৰা চলি আহিছে।
আজিকালি অৱশ্যে মহো- হো উৎসৱ আগৰ দৰে হৈ থকা নাই। প্ৰতিযোগিতাৰ এই সময়ত গাঁৱৰ বহু ডেকা চাকৰি- ব্যৱসায়ৰ বাবে চহৰমুখী হৈছে। হাতত সময়ৰ অভাৱ। জনসংখ্যাৰ দ্ৰুত বৃদ্ধিয়ে খেতি- মাটিয়ো সংকীৰ্ণ কৰি আনিছে। ইটোৰ পাছত সিটো ঘৰ- অট্টালিকা। যাৰ বাবে কমি আহিছে চহ কৰা মাটি।
আগৰ দৰে আজিকালি খেতি কৰা মানুহৰ সংখ্যাও তেনেই সীমিত। যাৰ বাবে এই লোকাচাৰ বিলুপ্তিৰ দিশে গতি কৰি আছে। হয়তো আৰু কেইবাটাও প্ৰজন্মৰ পাছত মহো- হো কিতাপ- কাগজতে সীমাব্ধ হৈ থাকিব ! ই লোক সংস্কৃতিৰ বাবেই এক অশুভ সংকেত হিচাপে ইতিমধ্যে পৰিগণিত হৈছে।
ঠিক একেদৰে অসমীয়া লোকাচাৰত আঘোণ মাহৰ অন্যতম কৃষিভিত্তিক উৎসৱ হৈছে ন- খোৱা। ধান চোপোৱাৰ পাছত নতুন চাউলেৰে গাঁৱৰ সকলোৱে একগোট হৈ একেলগে খোৱা ভাত সাজেই হৈছে ন- খোৱা বা ন- লগোৱা উৎসৱ। গাঁৱৰ প্ৰায় ঘৰ মানুহে অকলে নাইবা দুই- চাৰিঘৰ পৰিয়াল লগ হৈ গাঁৱৰ ৰাইজক এসাজ খুওৱাৰ উদ্দেশ্যে এই উৎসৱৰ আয়োজন কৰে।
ন-খোৱাত ব্যৱহাৰ কৰা চাউল সদায় আল চাউল (উখোৱা চাউলৰ বিপৰীত) ব্যৱহাৰ কৰা হয়। প্ৰথমে ন- ধানৰ চাউল লক্ষ্মী দেৱীৰ শ্ৰীচৰণত অৰ্পণ কৰি তাৰ পাছত ন- খোৱা উৎসৱ পাতে। ইয়াত ব্যৱহাৰ কৰা পাচলিৰ ভিতৰত অন্যতম হৈছে মাটি আলু। মাটি দাইল, বৰালি বা আৰি মাছ ন-খোৱাৰ অন্যতম ব্যঞ্জন।
নিয়ৰ সনা জাৰৰ নিশা সকলো মিলি আনন্দ মনে ন- চাউলৰ ভাত খাই এই উৎসৱ উদযাপন কৰে। অৱশ্যে মহো- হোৰ দৰে ন-খোৱা উৎসৱো লাহে লাহে পাহৰণিৰ গৰ্ভলৈ ঢাৱমান হৈছে। সময়ৰ লগে লগে অসমীয়া এই লোকাচাৰসমূহ বিলুপ্তিপ্ৰায় হোৱাৰ ক্ষণত সকলোৱে পুনৰ এনেবোৰ কৃষ্টি- সংস্কৃতি জীয়াই ৰখাৰ পণ নেবান্ধিলে এনেকৈয়ে হেৰাই যাব পাহৰণিৰ গৰ্ভত...
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us