/asomiyapratidin/media/media_files/2026/01/20/bikhekh-lekha-22-2026-01-20-21-57-00.jpg)
ভাস্কৰ শৰ্মা
নীতিন নবীন। ‘নবীন’ নামটোতে আছে নতুনৰ আশা। নতুন আশা- নতুন প্ৰত্যাশাৰে নীতিন নবীনৰ কান্ধত অৰ্পণ কৰা হৈছে ভাৰতীয় জনতা পাৰ্টীৰ সৰ্বোচচ্চ পদবী সভাপতিৰ দায়িত্ব।
২০ জানুৱাৰী ২০২৬ মঙলবাৰে আনুষ্ঠানিকভাৱে নবীনৰ হাতত অৰ্পণ কৰে সভাপতিৰ দায়িত্ব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে মিঠাই খুৱাই স্বাগত সম্ভাষণ জনাই নৱ নিযুক্ত সভাপতিগৰাকী। একেদৰে দলৰ কাৰ্যকৰ্তাসকলেও তেওঁক জনাই উষ্ম আদৰণি।
উল্লেখযোগ্য যে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু বিদায়ী সভাপতি জে পি নাড্ডাৰ উপস্থিতিত নবীনে কাৰ্যভাৰ গ্ৰহণ কৰে। নবীনক নতুন দায়িত্বৰ বাবে অভিনন্দন জনাই প্ৰধানমন্ত্ৰী মোদীয়ে কয়, “আজিৰ পৰা তেওঁ মোৰ বছ, আৰু মই তেওঁৰ কৰ্মী।” লগতে তেওঁ কয় যে সভাপতি সলনি হৈছে, কিন্তু দলৰ আদৰ্শ সলনি হোৱা নাই।
তেওঁ আৰু কয়- “এয়া একবিংশ শতিকা আৰু একবিংশ শতিকাৰ প্ৰথম ২৫ বছৰ ইতিমধ্যে পাৰ হৈ গ’ল। পৰৱৰ্তী ২৫ বছৰটো গুৰুত্বপূৰ্ণ। এই সময়ছোৱাত এখন উন্নত ভাৰত নিৰ্মাণ হ’ব। এই গুৰুত্বপূৰ্ণ সময়ছোৱাৰ আৰম্ভণিতে নীতিন নবীনে বিজেপিৰ দলটোক আগুৱাই নিব। আজিৰ যুৱক-যুৱতীসকলৰ ভাষাত নীতিন নবীন এক প্ৰকাৰৰ ‘মিলেনিয়াল’; তেওঁ সেই প্ৰজন্মৰ অন্তৰ্গত যিয়ে ভাৰতত বৃহৎ অৰ্থনৈতিক, সামাজিক আৰু প্ৰযুক্তিগত পৰিৱৰ্তনৰ সাক্ষী হৈছে।”
আনহাতে কাৰ্যভাৰ গ্ৰহণ কৰাৰ পিছতে ভাৰতীয় জনতা পাৰ্টিৰ নৱনিৰ্বাচিত ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীনে প্ৰথম ভাষণত কয় যে এইবাৰ পাঁচখন ৰাজ্যত নিৰ্বাচন অনুষ্ঠিত হ’ব আৰু আগন্তুক নিৰ্বাচনত বিজেপিয়ে আৰু অধিক শক্তিশালী ৰূপত আত্মপ্ৰকাশ কৰিব। তেওঁ কয়, “আমি এনে এটা ৰাজনৈতিক দলৰ অন্তৰ্গত য’ত ৰাজনীতি ক্ষমতাৰ ওপৰত নহয়। ৰাজনীতি আনন্দৰ কথা নহয়, ত্যাগৰ কথা। ৰাজনীতি বিলাসীতা নহয়, তপস্যাহে। ৰাজনীতি পদৰ দ্বাৰা নহয়, দায়িত্বৰ কথা।”
প্ৰণিধানযোগ্য যে, শ্যামাপ্ৰসাদ মুখাৰ্জী, দীনদয়াল উপাধ্যায়, অটল বিহাৰী বাজপেয়ী, লালকৃষ্ণ আদৱানী আদিৰ দৰে মূল্যবোধৰ ৰাজনীতি কৰা ৰাজনীতিকসকলে অলংকৃত কৰা এই পদত শেহতীয়াকৈ অধিষ্ঠিত হৈছে এইগৰাকী নতুন সভাপতি। আন ৰাজনৈতিক দলবোৰতকৈ ভাৰতীয় জনতা পাৰ্টীৰ শাসন আৰু অনুশাসনৰ কথা দেশৰ প্ৰায় সংখ্যক লোকেই জ্ঞাত।
ৰাষ্ট্ৰ প্ৰথম, দল দ্বিতীয় - এই মন্ত্ৰৰে আজি অত বছৰে ভাৰতীয় জনতা পাৰ্টীয়ে নিজৰ কাম- কাজ কৰি আহিছে। অৱশ্যে শাসনত থকা দলটোৰ শেহতীয়া কেতবোৰ কাৰ্যকলাপৰ বাবে সময়ে সময়ে কুটু সমালোচিত হৈ অহাৰ কথাও নুই কৰিব নোৱাৰি।
অটল বিহাৰী বাজপেয়ীৰ দৰে আদৰ্শৰ ৰাজনীতি কৰা লোকে এই দলটোৰ নামত দিছে অধিক সময়। দলটোক পিটি পিটি গঢ় দিছে তেওঁলোকৰ দৰে মহান ৰাজনীতিকসকলে। তৃণমূল পৰ্যায়ৰ পৰাই জনতাৰ আবেগ- অনুভূতি বুজিব পৰা পৰিৱেশ ৰচনা কৰিছিল তেওঁলোকে।
দলটোৰ সৰ্বাধিক ৩টাকৈ কাৰ্যকালেৰে সুচাৰুৰূপে দায়িত্ব পালন কৰিছিল বাজপেয়ীয়ে। তেওঁৰ নীতি আৰু আদৰ্শৰ বাবেই ভাৰতীয় জনতা পাৰ্টীয়ে দেশৰ জনসাধাৰণৰ মাজত লাভ কৰিবলৈ সক্ষম হৈছিল অপাৰ সমাদৰ।
বাজপেয়ীয়ে বুজি পাইছিল ৰাইজৰ আশা-আৱেগ তথা মনৰ অনুভূতি। কাৰ্যকৰ্তাৰ প্ৰতিটো কথাই উপলব্ধি কৰাৰ আগ্ৰহ প্ৰকাশ কৰিছিল তেওঁলোকৰ দৰে নেতাসকলে।
অৱশ্যে অটল বিহাৰী বাজপেয়ীহঁতৰ সময়ৰ আদৰ্শ এতিয়া ভাৰতীয় জনতা পাৰ্টীত বিচাৰিবলৈ কিছু কষ্ট কৰিবলগীয়া পৰিৱেশ এটা গা কৰি উঠিছে। যাৰ বাবে দল তথা চৰকাৰখনৰ বিভিন্ন কামক লৈ ৰাইজে মুকলিলৈ অসন্তুষ্টি ব্যক্ত কৰি আহিছে।
সি যি কি নহওঁক এতিয়া দলটোৰ দায়িত্ব এগৰাকী নতুন সভাপতিৰ হাতত অৰ্পণ কৰা হৈছে। এই গৰাকী নীতিন নবীনে দলটোৰ প্ৰতি এনে কিছু কাম কৰিব লাগিব, যিবোৰ কামে দলটোৰ হেৰুওৱা গৰিমা পুনৰ ঘূৰাই আনিবলৈ সক্ষম হয়। মূল্যবোধৰ ৰাজনীতি আৰু বাজপেয়ীহঁতৰ দৰে অগ্ৰজসকলৰ আদৰ্শৰে আগুৱাই গ’লে নিশ্চিতভাৱে পূৰ্বৰ গৰিমা অটুট থাকিব ভাৰতীয় জনতা পাৰ্টীৰ...
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us