/asomiyapratidin/media/media_files/2026/01/26/whatsapp-imakjkjkjlk-2026-01-26-19-48-12.jpeg)
ৰাজৰ্ষি চহৰীয়া
পদ্মশ্ৰী সন্মান। ভাৰত চৰকাৰে প্ৰদান কৰা চতুৰ্থ সৰ্বোচ্চ অসামৰিক সন্মান হৈছে পদ্মশ্ৰী সন্মান। চৰকাৰে শিল্পকলা, শিক্ষা, বাণিজ্য, বিজ্ঞান, ক্ৰীড়া, সমাজসেৱা, সাহিত্য আৰু চৰকাৰী ক্ষেত্ৰত বিশেষ অৱদান আগবঢ়োৱাৰ বাবে এই সন্মান প্ৰদান কৰি আহিছে।
১৯৫৪ চনত প্ৰথমবাৰৰ বাবে প্ৰদান কৰা হৈছিল এই সন্মান। প্ৰথমবাৰলৈ চিকিৎসা বিজ্ঞান আৰু জননীতিৰ ক্ষেত্ৰত বিশেষ অৱদানৰ বাবে অসমৰ দুগৰাকী বিশিষ্ট ব্যক্তি ক্ৰমে ডাঃ মথুৰা দাস আৰু অমলপ্ৰভা দাসক প্ৰদান কৰা হৈছিল এই সন্মান। আৰু তেতিয়াৰে পৰা প্ৰতিবছৰে ভাৰতবৰ্ষৰ শিল্পকলা, শিক্ষা, বাণিজ্য, বিজ্ঞান, ক্ৰীড়া, সমাজসেৱা, সাহিত্য আৰু চৰকাৰী ক্ষেত্ৰত বিশেষ অৱদান আগবঢ়োৱাৰ ব্যক্তিসকলক প্ৰদান কৰি অহা হৈছে পদ্মশ্ৰী সন্মান।
উল্লেখযোগ্য যে, সত্ৰীয়া সংস্কৃতিৰ একনিষ্ঠ সাধক হৰিচৰণ শইকীয়া, প্ৰসিদ্ধ ভাস্কৰ্য শিল্পী নুৰুদ্দিন আহমেদ, লোকসংগীতৰ বৰেণ্য শিল্পী পখিলা লেকথেপী, বিশিষ্ট এৰী তথা ৰেচম বিশেষজ্ঞ ড° যোগেশ দেউৰী আৰু মৰণোত্তৰভাৱে বিশিষ্ট ৰাজনীতিক কবীন্দ্ৰ পুৰকায়স্থক ২০২৬ বৰ্ষৰ পদ্মশ্ৰী সন্মানেৰে বিভূষিত কৰা হয়।
মন কৰিবলগীয়া যে, ভাৰত চৰকাৰে পদ্মশ্ৰী সন্মানৰ লগতে প্ৰতিবছৰৰ দৰে ২০২৬ বৰ্ষতো পদ্মবিভূষণ আৰু পদ্মভূষণ সন্মান আগবঢ়ায়। ৫গৰাকী বিশিষ্ট ব্যক্তিলৈ পদ্মবিভূষণ, ১৩গৰাকীলৈ পদ্মভূষণ আৰু ১১৩গৰাকীলৈ পদ্মশ্ৰী বঁটা ঘোষণা কৰে।
পদ্মবিভূষণ বঁটা আগবঢ়োৱা হৈছে ক্ৰমে- ধৰ্মেন্দ্ৰ সিং দেওল (মৰণোত্তৰভাৱে) (শিল্পী), শ্ৰী কে টি থমাছ (জনসংযোগ), এন ৰাজাম (শিল্পী), শ্ৰী পি নাৰায়াণন (সাহিত্য) আৰু ভি এছ অচুথানন্ধন (জনসংযোগ)লৈ।
ইফালে, পদ্মভূষণ সন্মানেৰে সন্মানিত কৰা হৈছে ক্ৰমে- আল্কা য়াগনিক (শিল্পী), ভগত সিং কোশ্যাৰী (জনসংযোগ), কল্পীপট্টি ৰামসামী পালানিস্বামী (মেডিচিন), শ্ৰী মম্মোটি (শিল্পী), ডাঃ নোৰি দত্তত্ৰেয়ুদু (মেডিচিন), পীযুষ পাণ্ডে (মৰণোত্তৰভাৱে) (শিল্পী), এছ কে এম মাইলানন্দন (সামাজিক কৰ্মী), শতবধনী আৰ গণেশ (শিল্পী), শিবু সোৰেণ (মৰণোত্তৰভাৱে) (জনসংযোগ), উদয় কোটাক (ট্ৰেড এণ্ড ইণ্ডাষ্ট্ৰি), ভি কে মালহোত্ৰা (মৰণোত্তৰভাৱে) (জনসংযোগ), ভেল্লাপাল্লেই নাটেছন (জনসংযোগ) আৰু বিজয় অমৃতৰাজ (খেল)লৈ।
মন কৰিবলগীয়া যে, ২০২৬ বৰ্ষৰ বাবে ঘোষণা কৰা পদ্মবিভূষণ আৰু পদ্মভূষণ সন্মান অসমৰ এগৰাকী ব্যক্তিলৈও এইবাৰ প্ৰদান কৰা হোৱা নাই। কিন্তু অসমৰ ৫গৰাকী বিশিষ্ট ব্যক্তিলৈ পদ্মশ্ৰী সন্মান আগবঢ়াইছে ভাৰত চৰকাৰে।
উল্লেখ্য যে, আমাৰ এই প্ৰতিবেদনত আপোনালোকে জানিব পাৰিব যে- কেৱল পদ্মশ্ৰী সন্মান আগবঢ়োৱা ক্ষেত্ৰসমূহৰ ভিতৰত অসমত এতিয়াও এনে কেতবোৰ ক্ষেত্ৰ আছে য’ত পদ্মশ্ৰী বঁটা প্ৰদান কৰা বৰ্তমান পৰ্যন্ত হোৱা নাই। শিল্পকলা, শিক্ষা, বাণিজ্য, বিজ্ঞান, ক্ৰীড়া, সমাজসেৱা, সাহিত্য আৰু চৰকাৰী ক্ষেত্ৰৰ ভিতৰত এতিয়াও অসমত বাদ পৰি ৰৈছে ‘ক্ৰীড়া’ ক্ষেত্ৰ।
১৯৫৪ চনৰ পৰা ২০২৬লৈ অসমৰ ৮৫গৰাকী ব্যক্তিক প্ৰদান কৰা হৈছে পদ্মশ্ৰী সন্মান। ২০২৫চনত এই সন্মান প্ৰদান কৰা হয় ক্ৰমে- অনিল চন্দ্ৰ বড়ো (শিক্ষা), গীতা উপাধ্যায় (সাহিত্য/লোকসংস্কৃতি), জয়নাচৰণ বাৰাথী (লোকসংস্কৃতি) আৰু ৰেৱকান্ত মহন্ত (কলা)লৈ।
মন কৰিবলগীয়া যে, বৰ্তমানলৈ সৰ্বাধিক অসমৰ ব্যক্তিক পদ্মশ্ৰী সন্মান প্ৰদান কৰা হৈছিল ২০২১চনত। উক্ত বৰ্ষত লখিমী বৰুৱা (সমাজসেৱা), গোপীৰাম বৰগায়ন বুঢ়াভকত (কলা), বিজয়া চক্ৰৱৰ্তী (প্ৰশাসনিক সেৱা), মংগলসিং হাজোৱাৰী (সাহিত্য আৰু শিক্ষা), দুলাল মানকি (কলা), বিৰুবালা ৰাভা (সমাজসেৱা), ৰোমান শৰ্মা (সাহিত্য আৰু শিক্ষা), ইমৰান শ্বাহ (সাহিত্য আৰু শিক্ষা)লৈ আগবঢ়োৱা হয় এই সন্মান।
তদুপৰি ১৯৫৪ৰ পৰা চলিত বৰ্ষলৈ সৰ্বাধিক পদ্মশ্ৰী সন্মান প্ৰদান কৰা হৈছে ‘‘সাহিত্য আৰু শিক্ষা’’ৰ ক্ষেত্ৰখনত বিশেষ অৱদান আগবঢ়োৱা ব্যক্তিসকলক। কিন্তু তাৰ বিপৰীতে ক্ৰীড়া ক্ষেত্ৰত বৰ্তমানলৈ পদ্মশ্ৰী সন্মান লাভ কৰা নাই অসমৰ কোনো ব্যক্তিয়ে। অসমত বহু সফল ক্ৰীড়াবিদ থাকিলেও পদ্মশ্ৰী সন্মান কোনো অসমীয়াই লাভ কৰা নাই।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us