২০২৬-২৭ বৰ্ষৰ সাধাৰণ বাজেট...

দেশৰ সাধাৰণ বাজেট। দেওবাৰে কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনে সদনত দাখিল কৰিলে সাধাৰণ বাজেট ২০২৬-২৭। প্ৰথমে পুৱা ৯ বজাত বাজেটৰ প্ৰতিলিপি ৰাষ্ট্ৰপতিলৈ প্ৰেৰণ কৰা হয়।

author-image
Asomiya Pratidin
New Update
bikhekh lekha.jpg

ৰাজৰ্ষি চহৰীয়া

দেশৰ সাধাৰণ বাজেট। দেওবাৰে কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনে সদনত দাখিল কৰিলে সাধাৰণ বাজেট ২০২৬-২৭। প্ৰথমে পুৱা ৯ বজাত বাজেটৰ প্ৰতিলিপি ৰাষ্ট্ৰপতিলৈ প্ৰেৰণ কৰা হয়। তাৰপাছত ১০.৩০ বজাত কেন্দ্ৰীয় কেবিনেটে অনুমোদন জনায় বাজেটত। তাৰপাছত দিনৰ ১১ বজাত কেন্দ্ৰীয় বিত্তমন্ত্ৰীগৰাকীয়ে দাখিল কৰে বাজেট।
এই বাজেটত বেংক, বীমা, কৃষক, স্বাস্থ্য, প্ৰতিৰক্ষা, ৰে’লৱে, অৰ্থব্যৱস্থা, মেক ইন ইণ্ডিয়া, গ্ৰাম্য বিকাশ, আন্তঃগাঁথনি, ৰাজহ আৰু ব্যয়, শিক্ষা, কৰ, বিনিয়োগ, ডিজিটেল ইণ্ডিয়া,মহিলাসকলকে ধৰি বিভিন্ন দিশৰ ক্ষেত্ৰত দেওবাৰে দাখিল কৰা বাজেট ২০২৬-২৭ত ঘোষণা কৰা হয়। 

এই বাজেটৰ দ্বাৰা ভাৰতৰ প্ৰতিখন ৰাজ্যৰ বাবে ঘোষণা কৰাৰ লগতে ২০২৬-২৭ বৰ্ষৰ বাজেটত অসমৰ বাবেও আগবঢ়োৱা হৈছে উপহাৰ। দেওবাৰে দাখিল কৰা বাজেটত অসমৰ ক্ৰীড়া ক্ষেত্ৰখনৰ লগতে খেলুৱৈৰ বিকাশৰ বাবে কাম কৰা হ'ব আগন্তুক ৫ বছৰত। নাৰিকল, কাজু, চন্দন উৎপাদনৰ বাবে অধিক গুৰুত্ব প্ৰদান কৰা হ'ব। 
ইফালে, কেন্দ্ৰীয় বিত্তমন্ত্ৰীগৰাকীয়ে কয় যে- ‘লাখপতি বাইদেউ আঁচনি যথেষ্ট সফল হৈছে। আত্মনিৰ্ভৰ হৈছে মহিলাসকল।’ লগতে ১৫টা পুৰাতাত্বিক স্থলৰ বিকাশৰ বাবে প্ৰদক্ষেপ গ্ৰহণ কৰিব চৰকাৰে, দিব্যাংগ সহায়ক যোজনাৰ বাবে বিশেষ কেন্দ্ৰ স্থাপন কৰা হ'ব।  

আজিৰ এই বাজেটত অসমলৈ প্ৰথমটো উপহাৰ ঘোষণা কৰি কয় যে- তেজপুৰৰ মানসিক স্বাস্থ্য উন্নয়ন কেন্দ্ৰ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈ উন্নত কৰা হ'ব। তদুপৰি উত্তৰ-পূবৰ ৫ ৰাজ্যত স্থাপন কৰা হ'ব ৫টা অত্যাধুনিক পৰ্যটন কেন্দ্ৰ। উত্তৰ-পূবৰ বাবে ৪হাজাৰ ইলেক্ট্ৰিক বাছৰ উপহাৰ দিব কেন্দ্ৰীয় চৰকাৰে। ইয়াৰ বাবে বিশেষ আঁচনি প্ৰস্তুত কৰা হৈছে।

তাৰমাজতে মন কৰিবলগীয়া যে, ২০২৬-২৭ বৰ্ষৰ বাজেটত প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ বাবে ৭.৮ লাখ কোটি টকাৰ বাজেট আৱন্টন দিয়া হৈছে। সেনা বাহিনীৰ আধুনিকীকৰণৰ বাবে প্ৰতিৰক্ষা মন্ত্ৰালয়ে লাভ কৰিব ২.১৯ লাখ কোটি টকা। পূৰ্বৰ বাজেটৰ তুলনাত এইবৰ্ষৰ বাজেটত প্ৰতিৰক্ষাৰ ক্ষেত্ৰত আৱন্টিত ধন ১৫ শতাংশ বৃদ্ধি পালে। 

ইফালে, ২০২৫-২৬ বৰ্ষৰ বাজেটত প্ৰতিৰক্ষা বাজেট (চিভিল)ৰ ক্ষেত্ৰত আৱন্টিত ধনৰ তুলনাত এইবৰ্ষত ০.৪৫ শতাংশ হ্ৰাস কৰা হৈছে যদিও প্ৰতিৰক্ষা সেৱা (ৰেভেনিউ) আুৰ কেবিটেল আউটলে’ত ক্ৰমে- ৩,৬৫,৪৭৮.৯৮ কোটি টকা আৰু ২,১৯,৩০৬.৪৭ কোটি টকা আৱন্টন কৰা হৈছে। ২০২৫-২৬ বৰ্ষৰ বাজেটৰ তুলনাত এইবৰ্ষত ক্ৰমে ১৭.২৪ শতাংশ আৰু ২১.৮৪ শতাংশ বৃদ্ধি পালে। 

ইফালে, প্ৰতিৰক্ষা পেঞ্চনৰ বাবেও আৱন্টিত ধন বৃদ্ধি পাইছে। কেন্দ্ৰই এইবৰ্ষত ১,৭১,৩৩৮.২২ কোটি টকা আৱন্টিত কৰিছে বাজেটত। উল্লেখ কৰাৰ প্ৰয়োজন যে, পাকিস্তানে ২০২৫ বৰ্ষৰ ২২ এপ্ৰিলত জম্মু-কাশ্মীৰৰ পহলগামত পাকিস্তানী সন্ত্ৰাসবাদীয়ে নিৰ্মমভাৱে ২৬গৰাকী পৰ্যটকক হত্যা কৰাৰ পাছতে ভাৰতে আৰম্ভ কৰিছিল অপাৰেশ্যন সিন্দূৰ। ভাৰতৰ অপাৰেশ্যন সিন্দূৰৰ সফলতাৰ পাছতে অনুমান কৰা হৈছিল যে, ২০২৬-২৭ বৰ্ষৰ বাজেটত প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ ক্ষেত্ৰত আৱন্টিন ধন পূৰ্বৰ তুলনাত বৃদ্ধি পাব। আৰু সেয়াই হোৱা দেখা গ’ল।

উল্লেখ্য যে, বিগত বৰ্ষটোত বাজেটত প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ নামত ৫.৬৭ লাখ টকা আৱন্টিত কৰা হৈছিল। চিৰবৈৰী পাকিস্তান আৰু চীনৰ মাজত থকা বুজাবুজি আৰু সেনা বাহিনীৰ সা-সামগ্ৰী চীনে পাকিস্তানক যোগান ধৰি আহিছে। সেয়েহে ভাৰতৰ নিৰাপত্তাৰ দিশৰ প্ৰতি লক্ষ্য ৰাখি ২০২৬-২৭ বৰ্ষৰ বাজেটত প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ ক্ষেত্ৰত বাজেটত আৱন্টিন ধন বৃদ্ধি কৰা হৈছে। কেৱল পাকিস্তান আৰু চীনেই ভাৰতৰ নিৰাপত্তাৰ দিশত চিন্তাৰ কাৰণ নহয়। বাংলাদেশ আৰু পাকিস্তানৰ মাজতো সম্পৰ্ক পূৰ্বৰ তুলনাত ভালৰ দিশে আগবাঢ়িছে। সেয়েহে এইবাৰ বাজেটত আৱন্টিত ধন বৃদ্ধি কৰি ভাৰতক যিকোনো নিৰাপত্তাৰ দিশত আহিব পৰা সমস্যাৰ বাবে সাজু হ’বলৈ আৰু দেশখনক সুৰক্ষিত কৰি ৰখাৰ স্বাৰ্থত বৃদ্ধি কৰা হৈছে প্ৰতিৰক্ষাৰ বাজেট। 

সামৰিক সঁজুলি, যুদ্ধ, আন্তনিৰ্ভৰশীলতা, সামৰিক বাহিনীৰ স্বাস্থ্য, সীমান্তৰ আন্তঃগাঁথনি, উপকূলীয় নিৰাপত্তা, উদ্ভাৱনক উৎসাহিত কৰাৰ বাবে এইবাৰ বাজেট প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ বাবে আৱন্টিত ধন বৃদ্ধি পালে। 

ধাৰাবাহিকভাৱে নৱমবাৰৰ বাবে দেশৰ সাধাৰণ বাজেট দাখিল কৰে কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনে। দেওবাৰে বাজেট ভাষণত বিত্তমন্ত্ৰী সীতাৰমনে কয় যে- বিশ্বস্তৰীয় সুবিধা দেশবাসীয়ে উপভোগ কৰিব পৰাকৈ আমি বাজেট দাখিল কৰি আহিছো। দৰিদ্ৰতা হ্ৰাস কৰাৰ বাবে আমি চেষ্টা কৰি আহিছো। চৰকাৰে বহুকেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। বিগত ১২বছৰে আমাৰ দেশ আৰ্থিক বিকাশৰ অনিৰুদ্ধ গতিত আগবাঢ়িছে। দেশত যাতে বিনিয়োগ বৃদ্ধি পায় তাৰ বাবে চৰকাৰে প্ৰদক্ষেপ গ্ৰহণ কৰি আহিছে। প্ৰধানমন্ত্ৰীৰ নেতৃত্বত চৰকাৰে যথেষ্ট চিন্তা-ভাৱনা কৰি ভিন্ন নীতি গ্ৰহণ কৰিছে। জনতাৰ আশা-আকাংক্ষা পূৰণৰ লগতে সকলো সম বিকাশক আমি কৰ্তব্য হিচাপে গ্ৰহণ কৰিছো। প্ৰতিটো শ্ৰেণীৰ লোকৰ বিকাশ সাধন কৰাতো আমাৰ প্ৰধান আৰু প্ৰথম কৰ্তব্য হিচাপে গ্ৰহণ কৰিছো। 

২০২৬-২৭ৰ বাজেটখনত তিনিটা দিশত বিশেষ গুৰুত্ব প্ৰদান কৰা হৈছে বুলি ঘোষণা কৰে কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনে। দেশৰ অৰ্থনীতি আৰু আন্তঃগাঁথনি তীব্ৰগতিত বৃদ্ধি কৰা। ২০২৫-২৬ বৰ্ষৰ বাজেটত ১১.২ লাখ কোটি টকাৰ তুলনাত এইবৰ্ষৰ বাজেটত ৰাজহুৱা মূলধনী ব্যয় ১২.২ লাখ কোটি টকালৈ বৃদ্ধি কৰা হৈছে। ইয়াৰ দ্বাৰা দেশৰ আন্তঃগাঁথনি অধিক গতিত উন্নত কৰাৰ দিশত আগবাঢ়িবলৈ সুবিধা হ’ব। তদুপৰি, দেশৰ উদ্যোগ ক্ষেত্ৰখন উন্নীত কৰিবলৈ ১০ হাজাৰ কোটি টকা ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগ বৃদ্ধি পুঁজিৰ প্ৰস্তাৱ দিয়া হৈছে। 

চাকৰি সৃষ্টি আৰু দক্ষতা বিকাশৰ ক্ষেত্ৰত এইবাৰৰ বাজেটত বিশেষ গুৰুত্ব প্ৰদান কৰা হৈছে। বস্ত্ৰ শিল্প, MSME, পৰ্যটন, ক্ৰীড়া আৰু সৃষ্টিশীল উদ্যোগৰ ক্ষেত্ৰত দেশজুৰি আগুৱাই নিয়াৰ কথা ঘোষণা কৰা হয়। 

ইফালে, এনিমেশ্যন, ভিজুৱেল ইফেক্টছ, গেমিং আৰু কমিক্সৰ ক্ষেত্ৰতো গুৰুত্ব আৰোপ। মুম্বাইস্থিত ইণ্ডিয়ান ইনষ্টিটিউট অৱ ক্ৰিয়েটিভ টেকন’লজিছে ১৫ হাজাৰ বিদ্যালয় আৰু ৫০০ কলেজত এভিজিচি অৰ্থাত্ এনিমেচন, ভিজুৱেল ইফেক্টছ, গেমিং আৰু কমিক্স লেব স্থাপন কৰাৰ বিপৰীতে অহা দশকত ভাৰতৰ ক্ৰীড়া পৰিৱেশ তন্ত্ৰক ৰূপান্তৰিত কৰাৰ বাবে খেলো ইণ্ডিয়া মিছন আৰম্ভ কৰা হ’ব। আনহাতে, পৰ্যটনৰ ক্ষেত্ৰত ভাৰতবৰ্ষক আগবঢ়াই নিয়াৰ বাবে চৰকাৰে ২০টা পৰ্যটন স্থানত ১০ হাজাৰ গাইডক দক্ষতা বৃদ্ধি কৰিব আৰু বৰ্তমানৰ প্ৰতিষ্ঠানসমূহ উন্নীত কৰি ৰাষ্ট্ৰীয় আতিথ্য প্ৰতিষ্ঠান স্থাপন কৰিব।

এখন দেশ উন্নত কৰিবলৈ হ’লে সেইখন দেশৰ কৃষক, মহিলা আৰু দুৰ্বল শ্ৰেণীৰ লোকসকলকো আৰ্থিককে ধৰি সকলো দিশৰ পৰা শক্তিশালী কৰা জৰুৰী। উচ্চ শিক্ষা গ্ৰহণৰ ক্ষেত্ৰত মহিলাসকলে সন্মুখীন হোৱা প্ৰত্যাহ্বানসমূহৰ সৈতে মোকাবিলা কৰি বাজেটত প্ৰতিখন জিলাতে এছটিইএম প্ৰতিষ্ঠানৰ বাবে একোটা ছোৱালীৰ হোষ্টেলৰ প্ৰস্তাৱ দিয়া হৈছে। কৃষকৰ বাবে প্ৰযুক্তিৰ জৰিয়তে আয় বৃদ্ধি, উন্নত পৰামৰ্শদাতা সেৱা আৰু বজাৰত প্ৰৱেশৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে। লগতে দেশবাসীৰ মানসিক স্বাস্থ্যয়ো লাভ কৰিছে গুৰুত্ব। NIMHANS-2ৰ ঘোষণাৰ লগতে ৰাঁচী আৰু তেজপুৰৰ মানসিক স্বাস্থ্য প্ৰতিষ্ঠানলৈ উন্নীতকৰণৰ জৰিয়তে মানসিক স্বাস্থ্যও বাজেটত বিশেষ স্থান লাভ কৰিলে।

মন কৰিবলগীয়া যে, ২০২৬ চনৰ এপ্ৰিলৰ পৰা নতুন আয়কৰ আইন, ২০২৫ কাৰ্যকৰী হ’ব। য’ত সাধাৰণ কৰদাতাৰ বাবে সহজভাৱে মানি চলাৰ লক্ষ্যৰে সৰলীকৃত নিয়ম আৰু প্ৰ-পত্ৰ থাকিব। প্ৰতিগৰাকী ব্যক্তিৰ বাবে বাজেটখনে বহিঃৰাজ্যৰ ভ্ৰমণ পেকেজৰ ওপৰত কম কৰ, ব্যক্তিগত আমদানিৰ ওপৰত শুল্ক হ্ৰাস আৰু দুৰাৰোগ্য ৰোগৰ ঔষধকে ধৰি ১৭টা ঔষধৰ ওপৰত শুল্ক ৰেহাই দিয়াৰ জৰিয়তে সকাহ দিয়ে দেশবাসীক।

এই বাজেটত উত্তৰ-পূবৰ ৰাজ্যসমূহৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰা হৈছে। ৰাজ্যসমূহৰ পৰ্যটন উন্নয়ন, বৌদ্ধ চাৰ্কিট প্ৰকল্প, বৈদ্যুতিক বাছ আৰু উদ্যোগিক কৰিড’ৰৰ পৰিকল্পনা কৰা হৈছে আৰু ইয়াৰ লক্ষ্য হৈছে চাকৰি সৃষ্টি আৰু যোগাযোগ উন্নত কৰা।

উল্লেখ্য যে, বাজেটত স্বাস্থ্য খণ্ডক অগ্ৰাধিকাৰ প্ৰদান কৰি ১৭বিধকৈ নতুন জৰুৰীকালীন ঔষধৰ ওপৰত আৰোপ হৈ থকা আমদানি আৰু ৰপ্তানি শুল্ক সম্পূৰ্ণৰূপে ৰদ কৰা হৈছে। কৰ্কট ৰোগৰ দৰে ৰোগৰ ঔষধো এই তালিকাত স্থান পাইছে। কেৱল সেয়ে নহয়, আন ৭টাকৈ বিৰল ৰোগৰ চিকিৎসাৰ বাবে প্ৰয়োজনী ঔষধ আৰু চিকিৎসাৰ ক্ষেত্ৰত ব্যৱহাৰ কৰা সজুলিৰ আমদানি শুল্ক মুক্ত কৰা হৈছে। তাৰ উপৰি চৰকাৰে স্মাৰ্টফোন, মাইক্ৰৱেভ অভেন আদিৰ দৰে সা-সামগ্ৰীৰ ক্ষেত্ৰতো আমদানি শুল্ক হ্ৰাস কৰিছে। লগতে চামৰাৰ সামগ্ৰীৰ ওপৰত কৰৰ বোজা আতঁৰোৱাৰ দিশত ব্যৱস্থা গ্ৰহণ কৰা হৈছে। 

ইয়াৰ বিপৰীতে বৃদ্ধি পাব কেতবোৰ সামগ্ৰীৰ। চৰকাৰে চিগাৰেট, পান মছলা আৰু অন্যান্য ধঁপাত জাতীয় সামগ্ৰীৰ ওপৰত আৰোপ কৰিছে অতিৰিক্ত আবকাৰী শুল্ক আৰু স্বাস্ত্য উপ-কৰ। লগতে ছাতি আৰু ইয়াৰ সঁজুলি, বিদেশী বিলাসজাত সামগ্ৰী, ফিউচাৰ্ছ এণ্ড অপচনছ (F&O) ট্ৰেডিং পূৰ্বৰ তুলনাত অধিক দামী হ’ব।

নিৰ্মলা সীতাৰমণ বাজেট বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ