২৬-২৬: গণৰাজ্য দিৱসত ভাৰতত আক্ৰমণৰ ষড়যন্ত্ৰ...

ভাৰতবাসী এতিয়া সাজু গণৰাজ্য দিৱস উদযাপন কৰিবলৈ। গণৰাজ্য দিৱসৰ বাবে দিল্লীত ইতিমধ্যে চলিছে ব্যাপক প্ৰস্তুতি। জুবিন গাৰ্গৰ মায়াবিনী গীতেৰে সুঁৱৰিব প্ৰাণৰ শিল্পীগৰাকীক। কিন্তু তাৰমাজতে আহিছে এক দুখবৰ। 

author-image
Asomiya Pratidin
New Update
biseslekhhhaaaaa

ৰাজৰ্ষি চহৰীয়া

সমগ্ৰ ভাৰতবাসী এতিয়া সাজু গণৰাজ্য দিৱস উদযাপন কৰিবলৈ। গণৰাজ্য দিৱসৰ বাবে দিল্লীত ইতিমধ্যে চলিছে ব্যাপক প্ৰস্তুতি। জুবিন গাৰ্গৰ মায়াবিনী গীতেৰে সুঁৱৰিব প্ৰাণৰ শিল্পীগৰাকীক। কিন্তু তাৰমাজতে আহিছে এক দুখবৰ। 

দৰাচলতে, দেশৰ বহু কেইখন চহৰত সন্ত্ৰাসবাদীয়ে আক্ৰমণ কৰাৰ সম্ভাৱনা দেখা দিছে, যাৰ বাবে চহৰসমূহত জাৰি কৰা হৈছে হাই এলাৰ্ট। ৰাষ্ট্ৰীয় সংবাদমাধ্যমৰ খবৰ অনুসৰি,  চোৰাংচোৱা এজেন্সীসমূহে লাভ কৰিছে এই তথ্য।  

সন্ত্ৰাসবাদীয়ে দেশৰ মন্দিৰসমূহৰ লগতে দিল্লীসহ বহু কেইখন চহৰত আক্ৰমণ কৰাৰ ষড়যন্ত্ৰ চলাইছে। এই খবৰ লাভ কৰাৰ পিছতে দিল্লীত নিৰাপত্তা ব্যৱস্থা অধিক কটকটীয়া কৰি তোলা হৈছে। সন্ত্ৰাসবাদীয়ে এই আক্ৰমণক ২৬-২৬ নামেৰে বিশেষ কোড নামো দিছে। 

সন্ত্ৰাসবাদীয়ে ২৬ জানুৱাৰীত বা তাৰ পূৰ্বেই ভাৰতৰ বহু স্থানত আক্ৰমণ চলোৱাৰ অপচেষ্টা চলাইছে আৰু এই আক্ৰমণ বিশেষকৈ অযোধ্যাৰ ৰাম মন্দিৰ আৰু জম্মুৰ ৰঘুনাথ মন্দিৰ ধ্বংস কৰিবলৈ কৰাৰো সম্ভাৱনা আছে। 

সন্ত্ৰাসবাদী আক্ৰমণৰ বিৰুদ্ধে যুঁজ দি অহা ভাৰতৰ চৰকাৰৰ সংস্থাসমূহে চোকা নজৰ ৰাখিছে সামাজিক মাধ্যমতো।  ৰাষ্ট্ৰীয় সংবাদমাধ্যমৰ খবৰ অনুসৰি, ২০১৬চনৰ পৰাই এই আক্ৰমণৰ বাবে প্ৰস্তুতি চলাই আহিছিল সন্ত্ৰাসবাদী সংগঠনে। এই আক্ৰমণ জেইছ-ঈ-মহম্মদ নামৰ পাকিস্তানৰ সন্ত্ৰাসবাদী সংগঠনটোৱে কৰিবলৈ চেষ্টা চলাই আছে। 

ৰাজধানী চহৰ দিল্লীৰ লগতে ভাৰতৰ আনবোৰ স্থানত আক্ৰমণ কৰিবলৈ প্ৰস্তুতি চলোৱা এই সন্ত্ৰাসবাদী সংগঠনটোৰ মহম্মদ ৰেহান, মহম্মদ ওমৰ, আবু সুফিয়ান, মহম্মদ শাহীদ ফেজল, চৈয়দ মহম্মদ অৰ্শ্বিয়া, মহম্মদ ছৰজীল আখতাৰ জড়িত আছে বুলি চোৰাংচোৱা সংস্থাসমূহে অনুমান কৰিছে। 

গণৰাজ্য দিৱসত সন্ত্ৰাসবাদী আক্ৰমণ কৰাৰ শংকা দেখা দিয়াৰ পিছতো ভাৰতত নিৰাপত্তা কটকটীয়া কৰা হৈছে। উল্লেখ্য যে, জম্মু-কাশ্মীৰৰ পহলগামত পাকিস্তানৰ সন্ত্ৰাসবাদীয়ে কৰা আক্ৰমণৰ ঘটনাৰ এবছৰো সম্পূৰ্ণ হোৱা নাই। ২২ এপ্ৰিল, ২০২৫ত ২৬গৰাকী পৰ্যটকক নিৰ্মমভাৱে গুলীয়াই হত্যা কৰিছিল সন্ত্ৰাসবাদীয়ে। 

মন কৰিবলগীয়া যে, এই সন্ত্ৰাসবাদীয়ে প্ৰথমে পৰ্যটকসকলক তেওঁলোকৰ ধৰ্ম কি বুলি প্ৰশ্ন কৰে আৰু তাৰপাছত গুলীয়াই হত্যা কৰে। তাৰপিছতে পাকিস্তানক প্ৰত্যুত্তৰ দিয়ে ভাৰতে। 

সন্ত্ৰাসবাদীৰ মূল ঘাটি বুলি ক’বলৈ গ’লে সমগ্ৰ বিশ্বৰ ভিতৰত এখনেই দেশ আছে আৰু সেইখন হৈছে পাকিস্তান। ভাৰতৰ গাতে লাগি থকাৰ চিৰবৈৰী পাকিস্তানক এইবাৰ এশিকনী দিয়ে ভাৰতে। ২০২৫চনৰ ৭ মে’ত ভাৰতে পাকিস্তানৰ সন্ত্ৰাসবাদী ঘাটিৰ ওপৰত আক্ৰমণ চলায়। 

ভাৰতীয় স্থল, বায়ু আৰু নৌ সেনাই পাকিস্তানৰ ৯টাকৈ সন্ত্ৰাসবাদীৰ আন্তঃগাঁথনিৰ ওপৰত আক্ৰমণ চলায়। এই আক্ৰমণৰ পিছত দুয়োখন দেশৰ মাজত যুদ্ধ আৰম্ভ হয়। প্ৰায় ৫ দিনৰ বাবে ভাৰতে পাকিস্তানৰ সন্ত্ৰাসবাদী ঘাটিত আক্ৰমণ কৰাৰ পাছত অৱশেষত যুদ্ধবিৰতি ঘোষণা কৰা হয় দুয়োখন দেশৰ মাজত। 

উল্লেখ্য যে, দুখন দেশৰ মাজত যুদ্ধ আৰম্ভ হোৱাৰ পিছত এই যুদ্ধ দীৰ্ঘসময়ৰ বাবে চলে। আৰু তাৰ প্ৰতি দৃষ্টি ৰাখিযেই অসমত ৰেচন কাৰ্ডৰ হিতাধিকাৰীসকলক ৩ মাহৰ ৰেচন একেলগেই দিয়া হৈছিল। কিন্তু পাকিস্তানৰ বিৰুদ্ধে প্ৰায় ৫ দিনৰ বাবে ভাৰতে চলাই অপাৰেশ্যন সিন্দূৰ। 

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে এই যুদ্ধবিৰতি পাছত কয় যে- এইখন নতুন ভাৰত। গতিকে আমাৰ মাতৃভূমিৰ ওপৰত যিয়েই বেয়া দৃষ্টি দিব, তাৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা লোৱা হ’ব। ভাৰতৰ ওপৰত কৰা আক্ৰমণ আৰু সহ্য কৰা নহ’ব।

মন কৰিবলগীয়া যে, ভাৰত বৰ্তমান সমগ্ৰ বিশ্বৰ দৃষ্টিত আছে। অতি শক্তিশালী আৰু তীব্ৰগতিত সকলো দিশতেই আগবাঢ়িছে ভাৰত। বৰ্তমান ভাৰত আন্তঃৰাষ্ট্ৰীয় ৰাজনৈতিক ক্ষেত্ৰখনত এক গুৰুত্বপূৰ্ণ নাম। কিন্তু পূৰ্বৰে পৰা ভাৰতক শত্ৰু জ্ঞান কৰি অহা পাকিস্তানে ভাৰতৰ উন্নতি হয়তো হজম কৰিব পৰা নাই। 

ইফালে, পাকিস্তানৰ সন্ত্ৰাসবাদীয়ে পহলগামত আক্ৰমণ কৰাৰ পাছতে বাংলাদেশে অভিসন্ধি ৰচিছিল ভাৰতৰ উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্য কেইখনক দখল কৰাৰো। বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰৰ মুৰব্বী মহম্মদ ইউনুছৰ অতিকৈ ঘনিষ্ঠ তথা অৱসৰপ্ৰাপ্ত মেজৰ জেনেৰেল এ এল এম ফজলুৰ ৰহমানে অভিসন্ধি ৰচিছিল যে- চীনৰ সৈতে মিলি উত্তৰ-পূব ভাৰতৰ ৭খন ৰাজ্যত আক্ৰমণ কৰি দখল কৰাৰো। 

ভাৰতৰ চিকেন নেকৰ কথা উল্লেখ কৰি বাংলাদেশৰ তৰফৰ পৰা কোৱা হৈছিল যে, যদি ভাৰতে পাকিস্তানৰ ওপৰত আক্ৰমণ কৰে তেন্তে আমি উত্তৰ-পূৰ্বৰ ৭ ভগ্নীৰ ওপৰত আক্ৰমণ কৰিম। মুখেৰে চিঞৰি থকা বাংলাদেশে আজিলৈকে এই সন্দৰ্ভত কেৱল নতুন মানচিত্ৰহে নিৰ্মাণ কৰিছ যদিও ভাৰতে আগন্তুক সময়ত যিকোনো পৰিস্থিতিৰ বাবে সাজু হৈ থকাতো উচিত। 

চিৰবৈৰী পাকিস্তানৰ সন্ত্ৰাসবাদীয়ে এইবাৰ গণৰাজ্য দিৱসত যদি ভাৰতত আক্ৰমণ কৰে তেন্তে দুয়োখন দেশৰ মাজত যুদ্ধ পুনৰ আৰম্ভ হোৱাৰ সম্ভাৱনা নথকা নহয়। কিন্তু তাৰমাজতে বাংলাদেশেও উত্তৰ-পূৰ্বাঞ্চলত আক্ৰমণ কৰিব পাৰে। গতিকে দেশৰ নিৰাপত্তাৰ দিশত এয়া অতিকৈ চিন্তনীয় বিষয়। 

ভাৰত