‘সাদিন-প্ৰতিদিন গোষ্ঠী’ৰ এচিভাৰ এৱাৰ্ডছ-২০২৫, বিভিন্ন ক্ষেত্ৰৰ বিশিষ্ট ব্যক্তিসকলক বঁটা প্ৰদান

সাদিন প্ৰতিদিন গোষ্ঠীয়ে প্ৰতি বছৰে অনুষ্ঠিত কৰি অহা এচিভাৰ এৱাৰ্ড অনুষ্ঠান এইবাৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ বিৰিঞ্চি কুমাৰ বৰুৱা প্ৰেক্ষাগৃহত অনুষ্ঠিত হয়।  এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে কেন্দ্ৰীয় মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়া। 

author-image
Asomiya Pratidin
New Update
new ap web bikhekh lekha.jpg

ৰাজৰ্ষি চহৰীয়া

সাদিন প্ৰতিদিন গোষ্ঠীয়ে প্ৰতি বছৰে অনুষ্ঠিত কৰি অহা এচিভাৰ এৱাৰ্ড অনুষ্ঠান এইবাৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ বিৰিঞ্চি কুমাৰ বৰুৱা প্ৰেক্ষাগৃহত অনুষ্ঠিত হয়।  এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে কেন্দ্ৰীয় মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়া। 

এইবাৰো সাদিন-প্ৰতিদিন গোষ্ঠীয়ে এচিভাৰ এৱাৰ্ডছ অনুষ্ঠানত অসমৰ লগতে উত্তৰ পূৰ্বাঞ্চলৰ ভিন্ন ক্ষেত্ৰত প্ৰতিষ্ঠিত কেইবাজনো বিশিষ্ট ব্যক্তি তথা সংস্থাক এচিভাৰ এৱাৰ্ডেৰে সন্মানিত কৰে। কলা, সংস্কৃতি, সাহিত্য, সংবাদ, ক্ৰীড়া, বিজ্ঞান, বাণিজ্য, প্ৰকৃতি সুৰক্ষা, মানৱ কল্যাণকে ধৰি একাধিক ক্ষেত্ৰত দক্ষতাৰে কাম কৰি অহা এইসকল ব্যক্তিৰ লগতে  সংস্থাক আজি কেন্দ্ৰীয় মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াই এচিভাৰ এৱাৰ্ড প্ৰদান কৰে।  

11111

বন্তি প্ৰজ্বলনেৰে আৰম্ভ কৰা হয় এই অনুষ্ঠানটি। বন্তি প্ৰজ্বলন কৰে কেন্দ্ৰীয় মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়া আৰু শংকৰ সংঘৰ পদাধিকাৰ ভৱেন্দ্ৰ নাথ ডেকাই। ইয়াৰ পাছতে আদৰণি ভাষণ আগবঢ়াই সাদিন-প্ৰতিদিন গোষ্ঠীৰ অধ্যক্ষ জয়ন্ত বৰুৱাই।

ভাষণৰ আৰম্ভণিতে বঁটা প্ৰাপকৰ লগতে অনুষ্ঠানত উপস্থিত বিশিষ্ট ব্যক্তিসকলক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰি তেওঁ কয়- ‘অসমীয়া ভাষা-সাহিত্যৰ গভীৰ সংকটকালত অতিকৈ বিৰল বৰঙণীৰে জাতিটোক চিৰকাললৈ প্ৰতিষ্ঠা কৰিছিল অসমীয়া ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱাই। বিগত প্ৰায় ১৩০ বছৰীয়া এই প্ৰেৰণা শিৰত লৈ আমি সাদিন-প্ৰতিদিন গোষ্ঠীয়েও অবিৰত আৰু প্ৰতিৰুদ্ধভাৱে আগবাঢ়ি যোৱা আমাৰ প্ৰচেষ্টা অব্যাহত ৰাখিছো। সমাজৰ বিভিন্ন প্ৰান্তৰ বিভিন্ন ক্ষেত্ৰৰ বিকাশৰ বাবে নিৰৱচ্চিন্নভাৱে কাম কৰা বিশিষ্ট লোকসকলক উত্সাহিত কৰাৰ বাবে যিদৰে এচিভাৰ এৱাৰ্ডছ আয়োজন কৰা হৈছে, সেইদৰে আন কিছু সামাজিক দায়িত্বও সাংবাদিকতাৰ বৃত্তৰ পৰা বাহিৰলৈ ওলাই গৈ সাদিন-প্ৰতিদিন গোষ্ঠীয়ে পালন কৰাৰ চেষ্টা কৰিছে।’

CaptureSDFSDFDFG

সাদিন-প্ৰতিদিন গোষ্ঠীৰ অধ্যক্ষ জয়ন্ত বৰুৱাৰ ভাষণৰ পাছতে বঁটা বিতৰণ আৰম্ভ কৰা হয়। আৰম্ভণিতে প্ৰদান কৰা হয় দুটা শাখাত এচিভাৰ এৱাৰ্ডছৰ জুৰীৰ বিশেষ সন্মান।  অসমৰ উদ্যোগীকৰণ পৰিৱেশ তন্ত্ৰক ৰূপান্তৰিত কৰাৰ বাবে দুই ভাতৃ ক্ৰমে ইন্দ্ৰনীল তালুকদাৰ আৰু কাব্যনীল তালুকদাৰলৈ আগবঢ়োৱা হয় জুৰীৰ বিশেষ সন্মান। 

WhatsApp Image 2026-01-25 at 10.37.50 PM


তাৰ লগতে উপমন্যু বৰকটকীলৈ এই বৰ্ষৰ জুৰীৰ বিশেষ সন্মান প্ৰদান কৰা হয়। বঁটা প্ৰদান কৰে কেন্দ্ৰীয় ড’নাৰ মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াই। 

WhatsApp Image 2026-01-25 at 10.37.51 PM

তাৰ পাছত এচিভাৰ এৱাৰ্ডছ-২০২৫ অনুষ্ঠানত প্ৰদান কৰা হয় Excellence in Environment Conservation বঁটা। এই বঁটা প্ৰদান কৰা হয় প্ৰকৃতিপ্ৰেমী মনোজ গগৈক। 

WhatsApp Image 2026-01-25 at 8.21.41 PM

ড০ বিস্মিতা হাজৰিকালৈ আগবঢ়োৱা হয় Excellence in Science & Innovation বঁটা। কেন্দ্ৰীয় মন্ত্ৰী জ্যোতিৰাদিত্য সন্ধিয়াই আগবঢ়াই এই বঁটা।

WhatsApp Image 2026-01-25 at 8.11.07 PM

২০২৫চনত মহিলা ক্ৰিকেট বিশ্বকাপত জয়ী হোৱা ভাৰতীয় ক্ৰিকেট দলৰ খেলুৱৈ তথা অসম কন্যা উমা চেত্ৰীলৈ আগবঢ়োৱা হয় Excellence in Sports বঁটা।

WhatsApp Image 2026-01-25 at 6.51.14 PM

ষ্টাৰ চিমেন্ট লিমিটেডৰ মুখ্য কাৰ্যবাহী বিষয়া প্ৰদীপ পুৰোহিতলৈ আগবঢ়োৱা হয় Excellence in Business বঁটা। কেন্দ্ৰীয় মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াই আগবঢ়াই এই বঁটা।

WhatsApp Image 2026-01-25 at 8.24.47 PM

কৰুণাধাৰা ন্যাসলৈ আগবঢ়োৱা হয় Excellence in Social Service সন্মান।  কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে আগবঢ়াই এই সন্মান। 

WhatsApp Image 2026-01-25 at 8.25.47 PM

এচিভাৰ এৱাৰ্ডছ অনুষ্ঠানত বিশিষ্ট ভাস্কৰ্য শিল্পী বিজু কুমাৰ দাসলৈ Excellence in Art বঁটা আগবঢ়োৱা হয়। এই বঁটা প্ৰদান কৰে কেন্দ্ৰীয় মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াই।

WhatsApp Image 2026-01-25 at 7.48.14 PM

বিশিষ্ট চিকিৎসক সুৰজিৎ গিৰিলৈ আগবঢ়োৱা হয় Health Care Award । এই বঁটা প্ৰদান কৰে কেন্দ্ৰীয় মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াই।

WhatsApp Image 2026-01-25 at 7.51.31 PM

অসমীয়া ছবিৰ লগতে হিন্দী ছবিৰ সংগীত সুৰকাৰ জিতু-তপনলৈ আগবঢ়োৱা হয় আজিৰ এই বঁটা বিতৰণী অনুষ্ঠানত। 

WhatsApp Image 2026-01-25 at 8.07.22 PM

বিশিষ্ট চলচ্চিত্ৰ পৰিচালক জাহ্নু বৰুৱালৈ আগবঢ়োৱা হয় Excellence in Culture বঁটা। এই সন্মান প্ৰদান কৰে কেন্দ্ৰীয় মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াই। একেদৰে প্ৰতিদিন টাইমৰ মাৰ্কেটিং হেড ৱাহিদুৰ ৰহমান আৰু বাহাৰুল ইছলামলৈ আগবঢ়োৱা হয় বিশেষ বঁটা।

WhatsApp Image 2026-01-25 at 6.46.46 PM

‘সাদিন-প্ৰতিদিন গোষ্ঠী’ৰ এচিভাৰ এৱাৰ্ডছ-২০২৫অনুষ্ঠান।গুৱাহাটী বিশ্ববিদ্যালয়ৰ বিৰিঞ্চি কুমাৰ বৰুৱা প্ৰেক্ষাগৃহত দেওবাৰে অনুষ্ঠিতএই বঁটা বিতৰণ অনুষ্ঠানটিত বিশিষ্ট অসমীয়া ঔপন্যাসিক তথা গল্পকাৰ পোলেন বৰকটকীলৈ আগবঢ়োৱা হয়সাদিনবঁটা। এই বঁটাত আছে এখন স্মাৰক আৰু ৫৫ হাজাৰ ৫৫৫ টকাৰ চেক।

WhatsApp Image 2026-01-25 at 6.51.28 PM

গুৱাহাটী বিশ্ববিদ্যালয়ৰ বিৰিঞ্চি কুমাৰ বৰুৱা প্ৰেক্ষাগৃহত দেওবাৰে অনুষ্ঠিত হয় ‘সাদিন-প্ৰতিদিন গোষ্ঠী’ৰ এচিভাৰ এৱাৰ্ডছ-২০২৫ অনুষ্ঠান। এই বঁটা বিতৰণ অনুষ্ঠানটিত বিশিষ্ট সাহিত্যিক-গৱেষক তথা ভাষাবিদ ড০ নাহেন্দ্ৰ পাদুনলৈ আগবঢ়োৱা হয় ‘জীৱনজোৰা সাধনা’ বঁটা। এই বঁটাত আছে এখন স্মাৰক আৰু ১ লাখ ১১ হাজাৰ ১১১ টকাৰ চেক। উল্লেখ্য যেএচিভাৰ এৱাৰ্ডছ ২০২৫ অনুষ্ঠানটিত মুখ্য অতিথি হিচাপে উপস্থিত থকা কেন্দ্ৰীয় মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াই এই বঁটা প্ৰদান কৰে ড০ নাহেন্দ্ৰ পাদুনক।

WhatsApp Image 2026-01-25 at 7.03.05 PM

বিভিন্ন ক্ষেত্ৰৰ বিশিষ্ট ব্যক্তিসকলক সন্মানসমূহ আগবঢ়োৱাৰ পাছত কেন্দ্ৰীয় ডোনাৰ আৰু যোগাযোগ দপ্তৰৰ মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াই ভাষণ আগবঢ়াই। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে-  সাদিন-প্রতিদিন গোষ্ঠীৰ Achiever Awards এতিয়া ৰাষ্ট্রীয় পৰ্যায়ৰইয়াৰ বাবে অধ্যক্ষ জয়ন্ত বৰুৱাক অভিনন্দন জনাইছো। হেমচন্দ্র বৰুৱাৰ পৰম্পৰাক সফলভাৱে আগুৱাই লৈ গৈছে জয়ন্ত বৰুৱাই। সাদিন-প্রতিদিন গোষ্ঠীৰ সাংবাদিকতাৰ ইতিহাসক প্রশংসা কৰি তেওঁ লগতে ভাষণত কয় যে- অসমীয়া প্রতিদিনে নৈতিক আৰু উচ্চ পৰ্যায়ৰ দায়বদ্ধতাৰ পৰিচয় দিছে

WhatsApp Image 2026-01-25 at 6.46.10 PM

ইফালে, হেমকোষ অভিধানৰ ব্রেইল সংস্কৰণ এক উল্লেখযোগ্য অৱদান বুলি উল্লেখ কৰি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে লগতে কয় যে- হেমকোষৰ পৰম্পৰা অব্যাহত ৰাখি জয়ন্ত বৰুৱাই প্রকাশ কৰিছে এই সংস্কৰণবৰুৱা ডাঙৰীয়াৰ কেৱল সাংবাদিক অথবা সংবাদ গোষ্ঠীৰ অধ্যক্ষই নহয়, অসমীয়া জনজীৱনতো তেওঁৰ অৱদান উল্লেখনীয়।

আজিৰ এই বঁটা প্ৰদান অনুষ্ঠানত ভাষণ প্ৰসংগত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে আৰু কয়- অভূতপূৰ্ব প্রতিভাৰ গৰাকীৰে ভৰি আছে অসমপ্রতিভাৱান বঁটাপ্রাপকসকলৰ সৈতে উপস্থিত থাকিবলৈ পাই গৌৰৱান্বিত হৈছো। আজিৰ যুৱ প্রজন্মক দেখিলে কেতিয়াবা মনত ঈৰ্ষা জন্মে। ভাৰতৰ ১৪০ কোটি জনসংখ্যাৰ ৭০ শতাংশই ৩৫ বছৰৰ তলৰ। ইউৰোপ, আমেৰিকাৰ জনসংখ্যাতকৈ ভাৰতৰ যুৱৰ সংখ্যা ২-৩ গুণ বেছি। ইতিহাসলৈ উভতি চাওক।২-৩ হাজাৰ বছৰৰ পিছলৈ চাওক। পৰৱৰ্তন যদি আহিছে নতুন চামৰ তৎপৰতাৰ বাবেই আহিছে। মা ভাৰতীৰ এই অমৃত সময়ে কেৱল ভাৰতকে নহয় বিশ্বৰে পৰিৱৰ্তন সাধিব। সমগ্র বিশ্বৰ তুলনাত ভাৰত তিনিগুণ বেছি গতিত বিকশিত হৈ আছে।

WhatsApp Image 2026-02-05 at 2.43.17 PM

কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ ভাষণৰ পাছতে ‘সাদিন-প্ৰতিদিন গোষ্ঠী’ৰ সাংবাদিকতা আৰু কাৰিকৰী বিভাগৰ ৬ গৰাকী ব্যক্তিলৈ আগবঢ়োৱা হয় বিশেষ সন্মান।  তেওঁলোকক ২০২৫ বৰ্ষৰ শ্ৰেষ্ঠ সাংবাদিক বঁটা প্ৰদান কৰা হয় ক্ৰমে ‘প্ৰতিদিন টাইম’ৰ বাহাৰুল ইছলাম, ৱাহিদুৰ ৰহমান, ‘অসমীয়া প্ৰতিদিন’ৰ হীৰামণি শৰ্মা, ভৱেশ ডেকা আৰু ‘প্ৰতিদিন ডিজিটেল’ৰ ডিম্পুল বৰগোহাঁই আৰু জয়দীপ নাৰায়ণ দেবক। 

WhatsApp Image 2026-01-25 at 9.10.03 PM

ইয়াৰ পাছতে এই অনুষ্ঠানটি সফল হোৱাত সহায়-সহযোগ আগবঢ়োৱা ষ্টাৰ চিমেন্টৰ ডেপ্যুটি জেনেৰেল মেনেজাৰ অভিষেক দন্ত, এভেৰিডে স্পাইচেছৰ সঞ্চালক বি শৰ্মা, এছ পি এম আইএএছ একাডেমীৰ সঞ্চালক পলাশ গগৈক বিশেষ সম্বৰ্ধনা জ্ঞাপন কৰা হয়। অৱশেষত প্ৰতিদিন টাইমৰ পৰিচালন সঞ্চালিকা স্মিতাক্ষী বি গোস্বামীয়ে শলাগৰ শৰাই আগবঢ়ায়। 

WhatsApp Image 2026-01-25 at 7.25.28 PM

শলাগৰ শৰাই আগবঢ়াই প্ৰতিদিন টাইমৰ পৰিচালন সঞ্চালিকা গৰাকীয়ে কয়- 'পোনপ্ৰথমে মই গভীৰ কৃতজ্ঞতা জ্ঞাপন কৰিছো মাননীয় কেন্দ্ৰীয় মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়া ডাঙৰীয়াক। অতি ব্যস্ততাৰ মাজতো আমাৰ এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি তেখেতে আমাক ধন্য কৰিলে। তেখেতেৰ উপস্থিতিয়ে আমাৰ অনুষ্ঠানটিক অধিক গাম্ভীৰ্যপূৰ্ণ কৰি তুলিলে। আমাৰ সমাজ আৰু আধ্যাত্মিক জীৱন সমৃদ্ধ কৰা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পদাধিকাৰ ভৱেন্দ্ৰ নাথ ডেকা ডাঙৰীয়া আমাৰ অনুষ্ঠানত উপস্থিত থাকে।

WhatsApp Image 2026-02-05 at 2.45.34 PM

তেওঁকো আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছো। গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড০ ননীগোপাল মহন্ত ডাঙৰীয়া, পঞ্জীয়ক আৰু শিক্ষাগুৰুসকলৰ লগতে শিক্ষাৰ্থীসকলকো ধন্যবাদ জনাইছো। আপোনালোকৰ সহায়-সহযোগিতাৰ বাবে আমাৰ অনুষ্ঠানটি সফলতা লাভ কৰিলে। সাদিন-প্ৰতিদিন গোষ্ঠীৰ অধ্যক্ষ তথা মোৰ পিতৃ জয়ন্ত বৰুৱা দেৱক মোৰ বিশেষ কৃতজ্ঞতা জ্ঞাপন কৰিছো। আজিৰ এই অনুষ্ঠানত উপস্থিত থাকে বিভিন্ন দল-সংগঠন তথা জাতীয় অনুষ্ঠানৰবিভিন্ন নেতা-নেত্ৰীসকলক কৃতজ্ঞতা জ্ঞাপন কৰিছো। শ্ৰদ্ধাৰ সন্মানীয় বঁটাপ্ৰাপকসকলকো কৃতজ্ঞা আৰু শুভেচ্ছা জ্ঞাপন কৰিছো। আপোনালোকৰ অৱদানে সমাজ জীৱনক সমৃদ্ধ কৰক। লগতে সকলো স্পন্সাৰক মোৰ কৃতজ্ঞতা জ্ঞাপন কৰিলো। ইমানতেই মোৰ শলাগৰ শৰাই সমাপ্ত কৰি সকলোকে পুনৰ এবাৰ ধন্যবাদ জনাইছো। '

জ্যোতিৰাদিত্য সিন্ধিয়া