/asomiyapratidin/media/media_files/2025/10/22/whatsapp-image-2025-1-2025-10-22-12-40-15.jpeg)
মৃদুল কুমাৰ সন্দিকৈ
নাম- শম্ভুনাথ সিং। পদবী- উপাচাৰ্য, তেজপুৰ বিশ্ববিদ্যালয়। কামহে তেওঁ উপাচাৰ্য্যৰ দৰে নকৰে। কেনেকৈ তেজপুৰ বিশ্ববিদ্যালয়ত লুণ্ঠন চলাব পাৰে, সেই কামতে তেওঁ মগ্ন থাকে। অনিয়ম আৰু দুৰ্নীতি সংঘটিত কৰাত বদনাম থকা এজন বিশাৰদ তেওঁ।
তেওঁৰ আখ্যান তেজপুৰ বিশ্ববিদ্যালয়তে সীমাৱদ্ধ হৈ থকা নাই। দুৰ্নীতি- অনিয়মৰ বাবে বাতৰিৰ শিৰোণাম আৰু সহকৰ্মী তথা ছাত্ৰ- ছাত্ৰীৰ অপ্ৰিয় হোৱাতো তেওঁৰ যেন এক হবি। তেওঁ আহৰণ কৰা শিক্ষাগত অৰ্হতাবোৰো সন্দেহৰ মাজত আৱদ্ধ।
সেইজন শম্ভুৰ শেহতীয়া কাহিনীয়ে উদঙাই দিব বিচৰা হৈছে তথ্যসহকাৰে। তেজপুৰ বিশ্ববিদ্যালয়ত শিক্ষক- ছাত্ৰ সমাজে তেওঁক বিশ্ববিদ্যালয়খনৰ উপচাৰ্য পদৰ পৰা আঁতৰাই দিবলৈ ৰাজপথত আন্দোলনত নামিব লগা হৈছে।
সেই প্ৰতিবাদৰ ৰূপ দেখি একালত তেওঁৰ আঙুলিৰ ইচাৰাত উঠা- বহা কৰা বিশ্ববিদ্যালয়খনৰ বহু দায়িত্বশীল পদবীত থকা লোকে লিখিতভাৱে ভুল স্বীকাৰ কৰি পদবীৰ পৰা পদত্যাগ কৰিছে। বিশ্ববিদ্যালয়খনৰ জনসংযোগ বিষয়াগৰাকীয়ে তেওঁৰ অত্যাচাৰতে চাকৰি বাদ দিছে।
পৰৱৰ্তী সময়ত বিশ্ববিদ্যালয়খনৰ ভাৰপ্ৰাপ্ত পঞ্জীয়ক প্ৰফেচৰ প্ৰীতম দেৱে সেই পদবী ত্যাগ কৰি ১৫ অক্টোবৰ ২০২৫ত পদত্যাগ পত্ৰ দাখিল কৰিছিল। একেদৰে স্কুল অৱ ইঞ্জিনিয়াৰিঙৰ ডীন প্ৰফেচৰ শংকৰ চি ডেকাই লিখিতভাৱে স্বীকাৰ কৰিছে, বহু অনিয়মৰ দস্তাবেজত ইচ্ছাৰ বিৰুদ্ধে গৈ উপাচাৰ্য শম্ভুৰ নিৰ্দেশ মানি চহী কৰিব লগা হৈছিল।
আনহাতে একাডেমিক এফায়াৰ্চৰ ডীন প্ৰফেচৰ ৰাজা আৰ হকে একেই স্বীকাৰোক্তি দি লিখিতভাৱে স-জ্ঞানে স্বীকাৰ কৰি লৈছে যে, উপাচাৰ্য শম্ভূ সিঙে প্ৰশাসনীয় বহু নথি-পত্ৰত নীতিবিহীনভাৱে তেওঁৰ চহী লৈছিল। অনুৰূপ স্বীকাৰোক্তি দিছে ভাৰপ্ৰাপ্ত পঞ্জীয়ক প্ৰচেফৰ প্ৰীতম দেৱে।
তেওঁৰ দুৰ্নীতিৰ সংগী হোৱা সকলে বুজি উঠিছে যে, শম্ভু সিঙৰ দুৰ্নীতিৰ সংগী হৈ তেওঁলোকে ভুল কৰিছে। সেই কথা অৱশ্যে বুজা নাই এতিয়াও শম্ভু সিঙক নিযুক্তি দিয়া সকলে। শম্ভু নামৰ মানুহজনক শ্ৰদ্ধাজনকভাৱে উক্ত পদবীত থকা সূত্ৰে মানুহে বা ছাত্ৰ- ছাত্ৰীয়ে ‘ছাৰ’ সম্বোধন কৰিব লাগিছিল।
তেজপুৰ বিশ্ববিদ্যালয়ৰ ছাত্ৰ- ছাত্ৰী আৰু এই দুৰ্নীতিৰ বিৰুদ্ধে সৰৱ হোৱা সকলৰ মতে, তেওঁ সেই সন্মানৰ যোগ্য কৰি নিজক ৰখা নাই। বহুতৰ মতে তেওঁ ‘শম্ভু চিকাৰী’ ! দুৰ্নীতি কৰি টকা চিকাৰ কৰা এটা চিকাৰী। এয়াই তেওঁৰ ভাবমূৰ্তি।
তেওঁৰ বিৰুদ্ধে ৰুজু কৰা হৈছে গোচৰ। তেজপুৰৰ বৰঘাট আউট পোষ্টত ৭ অক্টোবৰ ২০২৫ৰ দিনা এই গোচৰ ৰুজু কৰিছে তেজপুৰ বিশ্ববিদ্যালয়ৰ শিক্ষক গোটৰ সভাপতি প্ৰফেচৰ কুসুম কুমাৰ বণিয়াই। এই এজাহাৰত উল্লেখ কৰা মতে- বিশ্ববিদ্যালয়খনৰ ডাইৰেক্টৰ অৱ কম্পিউটাৰ চেণ্টাৰ পদত উপাচাৰ্য শম্ভু সিঙে মাথে ৰামাকৃষ্ণণ নামৰ এজন ব্যক্তিক নিযুক্তি দিছিল।
২০২৪ চনৰ ৩ অক্টোবৰত নিযুক্তি দিয়া ৰামাকৃষ্ণণ শম্ভু সিঙৰ নিজৰ মানুহ- ভাত ঘৰৰ মানুহ। আগেয়ে এই পদৰ দায়িত্বত আছিল বিশ্ববিদ্যালয়ৰ এজন অভিজ্ঞ অধ্যাপক। এই পদৰ বাবে কোনো ধন ব্যয় কৰিব লগা হোৱা নাছিল। কিন্তু উপাচাৰ্য শম্ভু সিঙে তেওঁ নিযুক্তি দিয়া ৰাধাকৃষ্ণণৰ বাবদ মাহে ২লাখ টকা দৰমহা আদায় দিব লাগে বিশ্ববিদ্যালয়ে।
এই পদটো ঠিকাভিত্তিক। পদটোত ৰাধাকৃষ্ণণক নিযুক্তি দিয়াৰ মূল কাৰণ হ’ল- তেওঁৰ জৰিয়তে অনলাইনযোগে সংঘটিত দুৰ্নীতিৰ তথ্য লুকুওৱা। ইতিমধ্যে এটা বছৰৰ ঠিকাভিত্তিক নিযুক্তিৰ সময় পাৰ হোৱাৰ পাছত এতিয়াও মাথেৰ হাততে বিশ্ববিদ্যালয়খনৰ চাইবাৰ, আই টি চিষ্টেম, ডাটা বেছ, ছফটৱেৰ আদি সকলো আছে।
তেওঁৰ নিযুক্তিৰ সময়সীমা বৃদ্ধি নকৰাকৈ তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ দৰে এক অনুষ্ঠানৰ এনেবোৰ তথ্য আৰু দায়িত্ব এজন অকৰ্তৃত্বশীল লোকৰ হাতত আছে। সেইবোৰ সম্ভৱ হৈছে শম্ভু সিং নামৰ উপাচাৰ্যগৰাকীৰ কৃপাত।
তেজপুৰ বিশ্ববিদ্যালয়ৰ এক ইতিহাস আছে। অসম আন্দোলনৰ ৮৫৫ জন শ্বহীদৰ কেঁচা তেজৰ গোন্ধ আছে তাত। অসম আন্দোলনৰ ফচল আছিল এই বিশ্ববিদ্যালয়খন। পূৰ্বতে দেশৰ ভিতৰতে শৈক্ষিক দিশত গৰিমা অৰ্জন কৰিবলৈ সক্ষম হোৱা এইখন বিশ্ববিদ্যালয় এতিয়া অৱক্ষয়ৰ গৰাহত পৰিছে।
শম্ভু সিঙৰ দৰে লোকে সেই গৰিমাক বিসৰ্জন দি, ৰাজনৈতিক নিযুক্তিৰে ঘোৰ অমাৱস্যা নমাই আনিছে বিশ্ববিদ্যালয়খনলৈ। বিশ্ববিদ্যালয়খনত নিযুক্তিৰ বেহা বহে। আনকি ইয়াত নিয়োজিত সুৰক্ষাকৰ্মীৰ নামতো চলে দালালৰাজ। ইয়াৰো কাৰণ শম্ভু।
সদৌ অসম ছাত্ৰ সন্থালৈ স্থানীয় লোকে বিষয়টোৰ গুৰুত্ব দিবলৈ ৫ আগষ্ট ২০২৫তে পত্ৰ লিখিছিল। সাৰ পোৱা নাই এতিয়াও আছু। পাহৰি গ’ল তেজপুৰ বিশ্ববিদ্যালয় প্ৰতিষ্ঠাৰ আঁৰৰ কাহিনী। ইয়াত এতিয়া বহিৰাগত কোম্পানীক দি ঠিকাভিত্তিক মানুহ নিযুক্তি দিয়া হয়। কাৰণ সেইবোৰত চলে ভাল বেহা, লাভ হয় উপাচাৰ্যৰ। গৰম হয় তেওঁৰ জেপ।
তেজপুৰ বিশ্ববিদ্যালয়ৰ সুৰক্ষাৰ দায়িত্ব এবছৰৰ আগতে জি ডি এক্স ছিকুৰিটি চাৰ্ভিছক দিয়া হৈছিল। মানুহক দেখুৱাবলৈ স্থানীয় কিছু যুৱকক এই সুৰক্ষা প্ৰতিষ্ঠাটোৱে নিযুক্তি দিছিল যদিও কিছু চৰ্ত পূৰ্ণ কৰিলেহে সেই নিযুক্তি লাভ কৰিবলৈ সক্ষম হৈছিল।
একোজন সুৰক্ষাকৰ্মীক মাহৰ ৩০ দিনে কাম কৰিবলৈ বাধ্য কৰোৱা হয়। তেওঁলোকক দৰমহা দিয়ে ১৫,৫০০ টকা। বিশ্ববিদ্যালয়ে সেই একোজন সুৰক্ষা কৰ্মীৰ বাবে দিয়ে ২২,০০০ টকা। প্ৰথম জইনিং ফিজ হিচাপে সংগ্ৰহ কৰে একোজন সুৰক্ষা কৰ্মীৰ পৰা ১,৫০০ টকাকৈ জইনিং ফিজ।
বিশ্ববিদ্যালয়খনত আছে ১,০০০ অস্থায়ী কৰ্মচাৰী। সেইবোৰো আউট চ’ৰ্চিং। আলম উপাধিধাৰী এজন লোকক মেন পাৱাৰৰ চাপ্লাই ঠিকা দিয়াৰ অভিযোগ আছে। তেওঁ কৰ্ম সংস্থাপনৰ বাবে অহা লোকৰ পৰা ইয়াৰ সুযোগ লৈ সংগ্ৰহ কৰে ৪০/৫০ হাজাৰ টকা। সেই ঠিকা ল’বলৈ মেনেজ কৰিব লগা হয় আলমে উপাচাৰ্য শম্ভুক।
অভিযোগ মতে ৩/৪ কোটি টকা উপাচাৰ্য শম্ভুক দি তেওঁ সেই ঠিকা লাভ কৰিছিল। এই কথা আলমে দাম্ভিকতাৰে কয় বহুজনৰ আগত। এজন বিশ্ববিদ্যালয়ৰ ভিতৰত এতিয়া এইবোৰ চলি আছে। কোনো দিনেই বিশ্ববিদ্যালয়খনৰ উন্নয়ণ, ছাত্ৰ সমাজৰ শৈক্ষিক- মানসিক দিশৰ কথা তেওঁ চিন্তা কৰাৰ বাবে আহৰিয়েই পোৱা নাই।
বিশ্ববিদ্যালয়খনত তেওঁ উপাচাৰ্য হিচাপে যোগদান কৰা ২ বছৰ ৫মাহ হ’ল। দিন হিচাপত প্ৰায় ৮৮০ দিন। এই সময়ছোৱাত বন্ধৰ দিনবোৰ আছেই। সেইবোৰ বাদ দি উপাচাৰ্য শম্ভুৱে বিশ্ববিদ্যালয়খনত নামমাত্ৰ কেইটামান দিনহে উপস্থিত আছিল।
তেওঁ বৰ ভ্ৰমণপ্ৰিয় মানুহ। কটাক্ষ কৰি ক’ব পাৰি তেওঁক চলন্ত উপাচাৰ্য। ইয়াৰো কাৰণ আছে। এই দুবছৰ পাঁচ মাহৰ কাৰ্যকালত তেওঁ এবছৰৰো অধিক সময় ভ্ৰমণ কৰিয়েই কটালে। ইয়াৰ পৰা তেওঁৰ দুইফালৰ পৰা লাভ হয়। সেই ভ্ৰমণৰ বাবদ লাভ কৰে লাখ লাখ টকা ভ্ৰমণ বনাচ। কাম নকৰিলেও চলি যায় সময়।
উক্ত সময়ছোৱাত তেওঁ ৫১টা ভ্ৰমণসূচীৰ বাবে বিশ্ববিদ্যালয়ৰ পৰা টকা উলিয়াই নিছিল। মূলতঃ তেওঁ দিল্লীলৈকে যায়। কাৰণ দিল্লীত তেওঁৰ ঘৰ। ২০ এপ্ৰিল ২০২৩ৰ পৰা ২৭ এপ্ৰিল ২০২৩লৈ তেওঁ ৮ দিনৰ বাবে গৈছিল তেজপুৰৰ পৰা দিল্লীলৈ। দিল্লীৰ পৰা তেওঁ ৰাজস্থানলৈ গৈছিল সেইবাৰ।
২জুন ২০২৩ৰ পৰা ৮জুন ২০২৩ ৭দিনৰ বাবে আকৌ গ’ল দিল্লীলৈ। তেজপুৰলৈ আহি ১২ দিনৰ পাছতে ২০ জুন ২০২৩ৰ পৰা ২৬জুন ২০২৩লৈ এইবাৰ তেওঁ গ’ল গুৱাহাটী হৈ দিল্লীলৈ। ৭জুলাই ২০২৩ত আকৌ ৭দিনৰ বাবে ১৩ জুলাই ২০২৩লৈকে দিল্লীলৈ গ’ল।
সেই বছৰ জুলাই মাহতে ২৮ জুলাইত ৬দিনৰ বাবে দিল্লীলৈ, ১৮ আগষ্টত ৫দিনৰ বাবে দিল্লীলৈ, ২৬ আগষ্টত ৬দিনৰ বাবে দিল্লীলৈ, ৪ ছেপ্তেম্বৰত ৩দিনৰ বাবে দিল্লীলৈ যোৱা ভ্ৰমণ বানচ তেওঁ উলিয়াই নিছে তেজপুৰ বিশ্ববিদ্যালয়ৰ পৰা।
বিশ্ববিদ্যালয়ৰ চৌহদত তেওঁক দেখা পোৱাতো পৰ্বতত কাছৰ কণী বিচৰাৰ দৰে। ১৩ ছেপ্তেম্বৰ ২০২৩ৰ পৰা ১৯ ছেপ্তেম্বৰ ২০২৩লৈ ৭দিনৰ বাবে দিল্লী, ৩০ ছেপ্তেম্বৰ ২০২৩ৰ পৰা ৫ অক্টোবৰ ২০২৩লৈ ৫দিনৰ বাবে দিল্লী ভ্ৰমণ কৰিছিল তেওঁ।
কাৰ পৰা তেওঁ ছুটী লৈছিল, সেয়া তেওঁৰ বাদে কোনেও নাজানে। মুঠতে তেওঁ উঠি ৰজা, বহি ৰজা। যি মন যায় তাকে কৰা এজন উপাচাৰ্য। শম্ভূ সিঙৰ চাকৰি এনেকৈয়ে চলি গৈছে। তেওঁৰ দায়িত্ব লুণ্ঠনতে শেষ হৈছে।
২০২৫ বৰ্ষতো ৯ জানুৱাৰী ২৫ত দিল্লীলৈ গৈ ১২ দিন কটালে। ২১ জানুৱাৰীত ঘূৰি আহি ৪ ফেব্ৰুৱাৰীত ২২ দিনৰ বাবে দিল্লীলৈ উৰা মাৰিছিল। সেই মাহটো তেওঁ দিল্লীতে শুই- বহি কটালে। দুদিনৰ বাবে তেজপুৰলৈ আহি ২৮ ফেব্ৰুৱাৰী ২০২৫ত ১০ দিনৰ বাবে আকৌ দিল্লীলৈ গুচি গ’ল।
উপাচাৰ্য শম্ভু সিঙৰ অহা- যোৱা এনেকৈ চলি থাকে তেজপুৰ- দিল্লীলৈ। ইতিমধ্যে তদন্ত আৰম্ভ হৈছে শম্ভু সিঙৰ বিৰুদ্ধে। সেই তদন্তই তেওঁ আদায় লোৱা ভ্ৰমণ বানচৰ দিশটোও সামৰি ল’ব লাগে। অযোগ্য শম্ভু নামৰ এই উপাচাৰ্যজনৰ যোগ্যতা এটাই তেওঁৰ হেনো বিজেপিৰ এজন ৰাষ্ট্ৰীয় পৰ্যায়ৰ নেতা তথা কেবিনেট মন্ত্ৰীৰ আত্মীয়।
এতিয়া ৰাইজেই ল’ব লাগে সিদ্ধান্ত। তেনবোৰ অযোগ্যৰ হাতত কেৱল ৰাজনীতিৰ আশীৰ্বাদ থকাৰ বাবে তেজপুৰ বিশ্ববিদ্যালয়ক শেষ কৰিবলৈ এৰি দিব নে এই বিশ্ববিদ্যালয়খনক উদ্ধাৰৰ বাবে ওলাই আহিব ? প্ৰশ্ন কৰিব লাগে চৰকাৰ, দিল্লীক- কেতিয়া বিদায় দিব শম্ভু নাথ সিঙক ? ৰাজ্যৰ দল-সংগঠনবোৰ সৰৱ নহ’লে তেজপুৰ বিশ্ববিদ্যালয়ত চলিয়েই থাকিব শম্ভুৰাজ...