"জোনমণি"ৰ কাহিনী শুনিলে উচুপিব আপুনি...

১৩ মাৰ্চ, ১৯৯৮। এখন চিঠি আহিছিল জোনমণিৰ স্বামীৰ নামত। চিঠিখন আহিছিল- অফিচ অৱ দা বড়ো লিবাৰেচন টাইগাৰ(BLT) নলবাৰী জিলাৰ মুখ্য কাৰ্যালয়ৰ পৰা।

author-image
Asomiya Pratidin
New Update
AP FOR WEB NEW  bikhekh lekha (15)

মৃদুল কুমাৰ সন্দিকৈ

এদিন জুবিনেই কৈছিল জোনমণিৰ কথা। মহানগৰীৰ এখন বিহু সন্মিলনৰ অনুষ্ঠানত গীত পৰিৱেশন কৰি জুবিনে পুৰণি দিনৰ সোঁৱৰণ কৰি উভতি গৈছিল তামুলপুৰলৈ। তামুলপুৰত হাইস্কুলীয়া শিক্ষা লৈছিল জুবিনে।

সেই তেতিয়াই লগ পাইছিল জোনমণিক। সেইদিনা জুবিনে এই কথাও কৈছিল এই জোনমণিক তেওঁ গানৰ মাজত জীয়াই ৰাখিছিল। জুবিনৰ পাখি এলবামৰ এটা গীতত জুবিনে গাইছিল- জোনমনি ৰুণ্ জুণ্/তেতিয়া চকুত জোন/নিভাঁজ আবেগৰ/টোপাটোপে সৰা সোণ।

জোনমণিয়ে এই কথা গম পোৱা নাছিল। ২০১৭ চনৰ কোনোবা এটা দিনত ওচৰৰে ল'ৰা এটাই ফোন কৰিছিল জোনমণিলৈ। কৈছিল- "খুৰী,জুবিন দাই কালি আপোনাৰ কথা কৈছে ফাংচনত। টিভিত দেখিছো মই।"

তাৰ পাছত জোনমণিয়েও টিভিতেই তেওঁৰ বিষয়ে জুবিনে কোৱা কথাবোৰ চাইছিল। জুবিন তেতিয়া ডাঙৰ শিল্পী। জোনমণিয়ে ভৱা নাছিল তেওঁৰ কথা জুবিনে মনত ৰাখিছে এনেকৈ। নিজৰ ল'ৰা আৰু সেই ভতিজা ল'ৰাহঁতক কেতিয়াবা ঘৰুৱা পৰিৱেশত জোনমণিয়ে কৈছিল- "তামুলপুৰত আমি একেলগে পঢ়োতে,আমি গান গাওঁতে জুবিনে আমাৰ সৈতে তবলা বজাইছিল। আমি গান গোৱা কেইজনী হেৰাই গ'লো,জুবিন এতিয়া ইমান ডাঙৰ শিল্পী হ'ল।"

জুবিনৰ মৃত্যুৰ পাছত সাংবাদিকে বিচাৰি উলিয়ালে জোনমণিক।সুধিলে হাইস্কুলীয়া দিনৰ কথা। দুবাৰকৈ তেওঁ সোণাপুৰত থকা জুবিনৰ ক্ষেত্ৰলৈও আহিছিল। এই চৰ্চাত থকা জোনমণিৰ জীৱন কাহিনী বহু প্ৰত্যাহ্বানেৰে ভৰা।

মুছলপুৰত আছিল তেওঁলোক। দেউতাকে কাম কৰিছিল স্বাস্থ্য বিভাগত। বদলি হৈ আহিছিল দেউতাক তামুলপুৰলৈ। সেই সূত্ৰে তামুলপুৰৰ হাইস্কুলত নাম লগাইছিল তেওঁ। দশম শ্ৰেণীত নাম ভৰ্তি কৰাইছিল জোনমণিয়ে।

এ চেকচনত আছিল জুবিন। জোনমণিৰ চেকচন আছিল বি। জুবিনে এডভান্স মেথ আৰু সংস্কৃত লৈছিল। জোনমণিৰ আছিল বুৰঞ্জী আৰু সংস্কৃত। দুয়োটা চেকচনৰ সংস্কৃত ক্লাছ একেলগে হৈছিল।

বিশেষ মাত-বোল নাছিল। সিহঁতৰ ক্লাছটোত ৪ জনী ছোৱালী আছিল। দুজনীয়ে ক্লাছ কৰিবলৈকে নাহিছিল। ক্লাছত নিয়মীয়াকৈ উপস্থিত আছিল জোনমণি আৰু পদুমী ৰাভা। এইবোৰ জোনমণিয়ে কোৱা স্মৃতি কথা।

সন্ত্ৰাস,হিংসা জুবিনে ভাল পোৱা নাছিল। বন্দুকেৰে কৰা বিপ্লৱৰ ওপৰত জুবিনৰ আস্থা নাছিল। জুবিনে বুজিছিল হত্যা-হিংসাই সমাজ নগঢ়ে,সৃষ্টি নকৰে। বৰঞ্চ এইবোৰে শেষ কৰে কাৰোবাৰ জীৱন।

জুবিনৰ এই সহপাঠী জোনমণিৰ ক্ষেত্ৰত সেয়াই হৈছিল। অৱশ্যে তামুলপুৰ এৰাৰ পাছত কোনোদিনেই জোনমণিক লগ নোপোৱা জুবিনে এইবোৰ কথা গম পোৱা নাছিল। তামুলপুৰত যিটো ভাড়াঘৰত জোনমণিহঁতৰ পৰিয়াল আছিল, সেই ভাড়াঘৰৰ মালিকৰ সৰু ভায়েকৰ সৈতে জোনমণিৰ বিবাহ হৈছিল।

উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষৰ পৰীক্ষাৰ অন্তত এই বিবাহ সম্পন্ন হৈ গৈছিল। স্বামীৰ নাম আছিল খগেন দাস। পৰিয়ালটো আৰ্থিকভাৱে স্বচ্ছল আছিল। তেওঁলোকৰ আছিল এখন হাৰ্ডৱেৰ দোকান,এটা প্ৰিন্টিং প্ৰেছ,বাছ-ট্ৰাককে ধৰি আন ব্যৱসায়।

জোনমণিৰ স্বামী খগেন দাসে চলাইছিল প্ৰিন্টিং প্ৰেছটো। প্ৰেছটোৰ নাম আছিল দুদ্ৰৰূপা প্ৰেছ। তেতিয়া পৃথক বড়োলেণ্ডৰ দাবীত বিএলটি নামৰ সংগঠনটো সশস্ত্ৰ সংগ্ৰাম চলাইছিল।

১৩ মাৰ্চ, ১৯৯৮। এখন চিঠি আহিছিল জোনমণিৰ স্বামীৰ নামত। চিঠিখন আহিছিল- অফিচ অৱ দা বড়ো লিবাৰেচন টাইগাৰ(BLT) নলবাৰী জিলাৰ মুখ্য কাৰ্যালয়ৰ পৰা। সেই চিঠি পোৱাৰ পাছতে জোনমণি পৰিয়ালত হাঁহাকাৰৰ সৃষ্টি হৈছিল।

বিএলটি নলবাৰী জিলাৰ বিত্তীয় সম্পাদকৰ দ্বাৰা স্বাক্ষৰিত চিঠিখনৰ ৰেফাৰেন্স নম্বৰ আছিল- ৪/১০/৫/৯৯। চিঠিখন আছিল এখন ধনদাবীৰ পত্ৰ। চিঠিখনত বিএলটিয়ে চাৰিদিনৰ সময় বান্ধি দি জোনমণিৰ স্বামী খগেন দাসক ডেৰ লাখ টকা ১৭ মাৰ্চ , ১৯৯৮ ৰ ভিতৰত আদায় দিবলৈ কোৱা হৈছিল।

অন্যথাই তেওঁলোকৰ সাংগঠনিক নিয়ম অনুসৰি কঠোৰ শাস্তি বিহিব বুলি সকীয়াই দিছিল। ১৯৯৮ ত ডেৰ লাখ টকা কম নাছিল। যোগাযোগ চলিছিল বিএলটিৰ নেতৃত্বৰে। খগেন দাসে কৈছিল ইমান টকা দিব পৰা ক্ষমতা নাই তেওঁৰ।

জমা ধন কেইটাৰ পৰা টকা ৫০ হাজাৰ যোগাৰ কৰি বিএলটিক আদায় দিছিল। সকলো ঠিক হ'ব বুলি ভাৱিছিল যদিও সমাধান হোৱা নাছিল এই সমস্যাৰ। দুদিনমানৰ পাছত খগেন দাসক বিএলটি ল'ৰাই মাতি নিছিল সাপকাটালৈ।

আকৌ ধমকি! আদায় দিবই লাগিব সমুদায় ধন। ধন দিব নোৱাৰো বুলি কোৱাত তেওঁক হত্যা কৰিবলৈ উদ্যত হৈছিল। সাপকাটাৰ যিঘৰ লোকৰ ঘৰলৈ বিএলটিৰ সদস্যই খগেন দাসক মতাই নিছিল সেই লোকজনে এই কথাত বাধা দিছিল।

বিএলটিৰ এজন সদস্যই হাতত থকা মৰণাস্ত্ৰটোৰে এটা কোব মাৰিছিল খগেন দাসৰ মুৰত। তেওঁ মুৰটো হাওলাই দিয়াত এই কোব পৰিছিল কাণত। দুটা টুকুৰা হৈ পৰিছিল কাণখন। তেওঁক হত্যা কৰিবলৈ বাধা দিয়া লোকজনে এখন গামোচাৰে কাণখন বান্ধি ঘৰলৈ ঘূৰি অহাত সহায় কৰিছিল খগেন দাসক।

তামুলপুৰৰ ঘৰলৈ আহি খগেন দাসৰ অৱস্থা দেখি ঘৰৰ আনবোৰ আতংকিত হৈ পৰিছিল। ওচৰৰে ডাক্তৰ এজনক মাতিছিল কাণখন চিলাই দিবলৈ। ভয়ত সেই ডাক্তৰজন অহা নাছিল। তাৰ সলনি দুটা পেইন কিলাৰ দি দায়িত্ব সামৰিছিল।

পিছদিনা ভূটানৰ পৰা নলবাৰীলৈ অহা এখন গাড়ীত পুৱা ৬ বজাতে খগেন দাসক পৰিয়ালে চিকিতসাৰ বাবে নলবাৰীলৈ আনিছিল। নলবাৰীৰ বৰুৱা নাৰ্ছিংহোমলৈ লৈ গৈছিল খগেন দাসক। ডাক্তৰে খগেন দাসৰ অৱস্থা দেখি কাণখন চিলাই দিছিল যদিও জোৰা লাগে নাই তাক লৈ সন্দেহ কৰিছিল।

কাণখন অৱশ্যে জোৰা লাগিছিল তেওঁৰ। ঘূৰি আহিছিল তেওঁলোক তামুলপুৰলৈ পুনৰ। কিন্তু ভাবুকি,শংকাত কেইটামান দিন কটাইছিল তাত। দিনতে ঘৰত দুৱাৰ মাৰি সকলো সোমাই থাকে ভিতৰত। ৰাতি নজলাই লাইট।

কিমান দিনলৈ থাকিব এনেকৈ। নলবাৰীত থকা ভতিজা ল'ৰা এটাই এম্বেচাদৰ আৰু এখন ট্ৰাক লৈ তেওঁলোকক তাৰ পৰা লৈ আহিলে। দোকান,প্ৰেছ,ঘৰ-মাটি তাতেই এৰিলে। ডাইনিং টেবুলখনো আনিব নোৱাৰিলে।

আৰ্থিকভাৱে স্বচ্ছল জোনমণিৰ পৰিয়ালটোৰ সন্মুখত আহি পৰিল বহু প্ৰত্যাহ্বান। তামুলপুৰত থকা তেওঁলোকৰ আন পৰিয়ালৰ সদস্য সকলো গুচি গ'ল অন্য ঠাইলৈ। তামুলপুৰৰ মাটিবোৰ বিক্ৰী কৰিবলৈ তেওঁলোকক হেঁচা দিলে।কিন্তু বিচৰা মতে দামহে নিদিলে।

সুযোগ বুজি সকলোৱে দাদাগিৰি কৰিলে। পানীৰ দামত ঘৰ-মাটি-দোকান সকলো কিনিলে। নলবাৰীত ভাড়াঘৰত থাকি হাতত থকা নামমাত্ৰ ধন কেইটাৰে খগেন দাসে ঘুমতি খুলিলে। গেলা-মালো থ'লে সেই দোকানত।

লক্ষ্মীয়ে সাথ নিদিলে, দোকান নচলিলে। কাঠফলা মিল এটা ঘগ্ৰাপাৰত আৰম্ভ কৰিলে। তাতো লোকচান, প্ৰতিদিনাই ক্ষমতাশালী বিষয়াৰ দৰদাম চলিল। উপায়ন্তৰ হৈ সেই মিল বিক্ৰী কৰি কিনি ল'লে এখন টেম্পু। এই টেম্পুৱে হৈ পৰিল জোনমণিৰ পৰিয়ালৰ উপাৰ্জনৰ উৎস।

চলি আছে তেনেকৈয়ে এতিয়া জোনমণি। নলবাৰীৰ ভাড়াঘৰত তেওঁ,স্বামী আৰু পুত্ৰ সৌৰভ থাকে। সি এতিয়া ডাঙৰ হৈছে। ইক'নোমিকছত বি এ ডিগ্ৰী লৈছে। নলবাৰীৰ ডিচি অফিচত অস্থায়ী ভিত্তিত কাম এটা কৰি আছে। টেম্পুৰাৰী পোষ্ট। ডাটা এন্ট্ৰি অপাৰেটৰ কাম।

এয়াই জোনমণিৰ জীৱন কাহিনী। জুবিন গাৰ্গ জীয়াই থকা হ'লে জোনমণিৰ কাহিনী শুনি সেমেকি উঠিল হেতেন তেওঁৰ দুচকু। গমেই নাপালে এইবোৰ কথা জুবিন গাৰ্গে। সন্ত্ৰাস- হিংসাই  চুই যোৱা জীৱন গাঁথা এয়া।

জোনমণিৰ এতিয়া এটাই আশা- যি হৈ গ'ল,হৈয়েতো গ'ল। ঘূৰাই আনিব নোৱাৰি সুখৰ দিনবোৰ। নতুনকৈ লিখিব নোৱাৰি অতীত। সৌৰভৰ কিবা এটা সংস্থাপন হ'লেই সুখী হ'ব তেওঁলোক...

জুবিন গাৰ্গ