/asomiyapratidin/media/media_files/2025/10/20/whatsapp-image-2025-1-2025-10-20-15-22-30.jpeg)
মৃদুল কুমাৰ সন্দিকৈ
জুবিনে যেন বহু কথা জানিছিল আগতীয়াকৈ। তেওঁৰ সৃষ্টিবোৰৰ লগতে চৰ্চা লাভ কৰিছে তেওঁৰ কথাবোৰ। কেতিয়াবা সংগীতানুষ্ঠানত গীতৰ মাজত, কেতিয়াবা সংবাদ মাধ্যমৰ আগত আৰু কেতিয়াবা কোনোবা ৰাজহুৱা স্থানত কৈ দিছিল কিছু কথা।
এজন দাৰ্শনিকৰ দৰেই তেওঁৰ সেই কথাবোৰ আছিল। কিছুমান কথা অপ্ৰিয় হ’লেও চিৰ বাস্তৱ হৈ ৰৈ গ’ল। কথা নহয় যেন সেইবোৰ আছিল জুবিনৰ বাণী ! চিধাকৈ তেওঁ কথা কৈছিল। কালৈকে তেওঁৰ ভয় নাছিল। যি ভাবিছিল তাকেই মুকলিকৈ কৈ দিছিল।
তেওঁহে ক’ব পাৰিছিল এনে কথা- ঘেণ্টা মই কাকো খাটিৰ নকৰোঁ। ইমানেই নিৰ্ভীক আছিল তেওঁ। তেওঁ লিখা গীতৰ কথাবোৰৰ মাজতো সমাজ চেতনাপূৰ্ণ প্ৰতিফলন ঘটিছিল। চমকপ্ৰদভাৱেই এটা বা দুটা বাক্যত তেওঁ কৈ যোৱা কথাবোৰ এতিয়া সতৰ্কবাণী হৈ উৰি ফুৰিছে চৌদিশে।
কাকোৱেই তেওঁ এৰি দিয়া নাছিল। সত্ৰাধিকাৰক প্ৰভু বুলি মতাত তেওঁৰ আপত্তি আছিল। মঞ্চৰ পৰাই তেওঁ সেই আপত্তিৰ কথা কৈ সমালোচনাৰ সন্মুখীন হৈছিল। সাধাৰণ মানুহৰ বাবেই যেন তেওঁৰ জীৱন- সংগীত সকলো আছিল।
সেই কথাবোৰৰ অৰ্থ এতিয়া মৰ্মে মৰ্মে উপলব্ধি কৰা হৈছে। মন্ত্ৰী-নেতা, বিধায়কক তেওঁ পাপৰৰ লগত তুলনা কৰি কৈছিল- মন্ত্ৰী- এম এল এ সব পাপৰহে মাত্ৰ, দেখিবলৈ খাদ্য, আঁচলতে শব্দ...। ৰসিকতাৰে ভৰা আছিল তেওঁৰ মুখৰ ভাষা। আছিল এজন নিৰ্ভীক প্ৰবক্তা। মানুহে তেওঁৰ অনুপস্থিতিত সেই কথাবোৰেই আওৰাইছে।
তেওঁৰ গীতবোৰৰ সমান্তৰালকৈ এই কথাবোৰো মনত পেলাইছে সকলোৱে। কিতাপৰ কথা ক’বলৈ গৈ তেওঁ কৈছিল-এটা ডাঙৰ কথা। কিতাপৰ প্ৰয়োজনীয়তা আৰু অসমীয়া জাতিৰ প্ৰতি অহা সংকট আৰু প্ৰত্যাহ্বানক তুলি ধৰিছিল। তেওঁ কৈছিল- কিতাপ নথকা জাতিক গামোচাই বচাব নোৱাৰে।
জুবিনৰ মৃত্যুৰ পাছত তেওঁকলৈ টনা- আঁজোৰা। কি শাসক দল, কি বিৰোধী সকলোতেচোন জুবিনক লৈ ৰাজনীতি। জানিছিল নেকি তেওঁ এনে হ’ব বুলি? কিয়নো কা আন্দোলনৰ সেই সময়ছোৱাতে গীতৰ মাজেৰে কৈ গৈছিল- পলিটিক্স নকৰিবা বন্ধু...।
সাংবাদিকে সুধিছিল তেওঁক বহু বিষয়ৰ সম্পৰ্কত প্ৰশ্ন। অসমীয়া ভাষাই ধ্ৰুপদী ভাষাৰ স্বীকৃতি লাভ কৰা খবৰটো দি সাংবাদিকে তেওঁৰ প্ৰতিক্ৰিয়া জানিব বিচাৰিছিল। তেওঁ উৎসাহী হোৱা নাছিল এই খবৰত । বৰঞ্চ সোঁতৰ বিপৰীতে গৈ কৈছিল- ইণ্ডিয়াৰ যিমান ভাষা আছে, সব পালি-প্ৰাকৃত, সংস্কৃতৰ পৰা অহা। সেইটো ভাৰত চৰকাৰে দিব নোৱাৰে। ভাৰত চৰকাৰে আমাক কি স্বীকৃতি দিব ?
তেওঁৰ মনত লুকাই থকা জাতীয়তাবাদৰ পৰিধি আছিল বিশাল। ক্ষোভ আছিল আন অসমীয়াৰ দৰে তেওঁৰ মনতো। সেয়েহে তেওঁ কাকো খাটিৰ নকৰাকৈয়ে কৈছিল- আমি সব দি আছো। আমি তেল দি আছো, আমি চাহ দি আছো, জুবিন গাৰ্গ দি আছো।
নিজকলৈও এনে মূল্যায়ন কৰিব পৰাতো সৰু কথা নহয়। বাহিৰত এজন লোকে অসম কিহৰ বাবে বিখ্যাত বুলি সোধোতে তেওঁ হেনো কৈছিল- অসম ৩টা বস্তুৰ বাবে বিখ্যাত। গঁড়, চাহপাত আৰু জুবিন গাৰ্গৰ বাবে বিখ্যাত অসম।
সেয়াই হ’ল। বিশ্বজুৰি এজন জুবিন গাৰ্গে দেখুৱাই দিলে অসম আৰু অসমীয়াত্বক। তেওঁৰ মৃত্যুৰ খবৰে চুই গ’ল সমগ্ৰ বিশ্ব। সঁচাকৈয়ে অসম চাহ, গঁড় আৰু জুবিনৰ বাবে বিখ্যাত। তেওঁ তথাকথিত ক্ষমতাশালী লোক নাছিল। নাছিল তেওঁৰ অলেখ সা-সম্পত্তি। কিন্তু এইবোৰৰ উদ্ধত আছিল জুবিন গাৰ্গ।
গালি পাৰিব পাৰিছিল তেওঁ নিজকে আটাইতকৈ ক্ষমতাশালী লোক বুলি আত্মযহ কৰা মানুহজনকো। তেওঁহে ক’ব পাৰিছিল অকলশৰে থিয় হৈ কোনো শক্তিশালী ৰাজনৈতিক দলক উদ্দেশ্যি এইটো পাৰ্টী ফটুৱা পাৰ্টী, এইটো পাৰ্টী বটলা পাৰ্টী। ভোট নিদিব তেওঁলোকক।
চৰকাৰৰ জনবিৰোধী নীতিক লৈ তেওঁ আছিল তীব্ৰ অসন্তুষ্টি। সূক্ষ্মভাৱে লক্ষ্য কৰিছিল এইবোৰ আৰু তেওঁৰ মুখৰ পৰা ওলাইছিল সেই কথা- নাথিং ইজ ফ্ৰী, নট ইভেন ইয়ৰ ডেথ। নতুন প্ৰজন্মক লৈ ভীষণ আশাবাদী আছিল তেওঁ। এই প্ৰজন্মটোৰ শক্তি কিমান তেওঁ হৃদয়ংগম কৰিছিল।
শাসক-শোষকসকলক উদ্দেশ্যি তেওঁ একপ্ৰকাশৰৰ হুংকাৰেই দিছিল। মনত ৰাখিব কৈছিল এই ক্ষমতাত অন্ধসকলক- মনত ৰাখিব, আমি নতুন প্ৰজন্ম হয়, ইচ্ছা কৰিলে দেশ সলাবও পাৰো, জ্বলাবও পাৰো।
সাম্প্ৰতিকতাৰ বিৰুদ্ধে থিয় দিছিল জুবিন গাৰ্গে। তেওঁৰ কোনো জাতি নাই বুলি ঘোষণা কৰিছিল। নাছিল তেওঁৰ কোনো ধৰ্ম আৰু ভগৱান। তেওঁ কৈছিল- মোৰ কোনো জাতি নাই, মোৰ কোনো ধৰ্ম নাই। মোৰ কোনো ভগৱান নাই, মই মুক্ত। মই কাঞ্চনজংঘা।
তেওঁ আছিল মনৰ পৰা ধনী। আনৰ দুখত দুখী, সুখত সুখী। তেওঁৰ মতে- ‘কিছুমান মানুহ টকাৰ ধনী, কিছুমান মনৰ ধনী। মই মনৰ ধনী।‘
ধনী মানুহবোৰৰ কাষত তেওঁ নাছিল। সেই কথা তেওঁ বুজিছিল- বেছি ধনী মানুহৰ লগত থাকি লাভ নাই, ধনী মানুহে দুখীয়াৰ দুখ নুবুজে। বলিউদৰ কোনোবা তাৰকাই ম’হ বলি দিবলৈ অহা খবৰ পাই তেওঁৰ প্ৰতিক্ৰিয়া আছিল- বলি কিয় লাগে, বলি নিজক দিয়া। যদিও শক্তিপীঠ হয়, কামাখ্যা মাই বলি নিবিচাৰে। মই এইটো কৈ আহিছো যে, বলি- বিধান বন্ধ কৰা।
তেওঁ কিমান যুক্তিবাদী আছিল তেওঁৰ কথাবোৰেই কৈ যায় আজি । তেওঁ ইটাবোৰক বিশ্বাস কৰিছিল, অট্টালিকাক কৰা নাছিল। তেওঁৰ ভাষাত মই ইটাবোৰক বিশ্বাস কৰোঁ, অট্টালিকাক নহয়। মানুহক দুখ দি ঈশ্বৰক পূজা কৰিব তেওঁ বিচৰা নাছিল। দুখীজনৰ মুখত হাঁহি বিৰিঙাব পাৰিলে তেওঁ ঈশ্বৰৰ সেৱা বুলি ধৰি লৈছিল- মানুহক দুখ দি ঈশ্বৰক পূজা কৰি লাভ নাই। দুখীজনৰ মুখত হাঁহি বিৰিঙাব পাৰিলে ঈশ্বৰ সেৱা হয়।
গণতন্ত্ৰত কোৱা হয় ৰাইজে ৰজা। দিল্লী- দিশপুৰলৈ গ’লে সকলো হয় ওলোটা। সেয়েহে আছিল তেওঁৰ এই সতৰ্কবাণী- চৰকাৰ আমিহে বনাও, চৰকাৰে আমাক নবনাই। প্ৰভু ঈশ্বৰ বুলি ক’লে তেওঁ বেয়া পাইছিল। বুদ্ধৰ কথা কৈ তেওঁ কৈছিল- আপুনিহে ঈশ্বৰ, মই নহয়। বুদ্ধই যদি তেনেকৈ কয়, আমিবোৰে কিয় কওঁ মই প্ৰভু ঈশ্বৰ।
এনেকুৱা বহু কথাই জুবিন গাৰ্গে কৈ গৈছিল। তেওঁ কোৱা কথাবোৰ উপলব্ধি কৰাৰ সময় এতিয়া। সাধাৰণভাৱে কোৱা কথাবোৰেই আছিল অসাধাৰণ আৰু দাৰ্শনিক চিন্তা- চেতনাৰে ভৰা, সৰু- ডাঙৰ সকলো মানুহৰ অন্তৰ চুই যোৱা।