জুবিনে খুলি দিয়া মুখাবোৰ...

সুৰা সেৱন,সংগ প্ৰদান আৰু বন্ধ কোঠাত কৰা নিষিদ্ধ কামবোৰ এওঁলোকৰ বাবে আছিল এফালে আভিজাত্যৰ প্ৰতীক, আনফালে উপাৰ্জনৰ উৎস। সকলো মিলাই ৰমমৰীয়া বেহা চলাই আছিল শ্যামকানু মহন্তই।

author-image
Asomiya Pratidin
New Update
AP FOR WEB NEW  bikhekh lekha NEW 2024 (4)

মৃদুল কুমাৰ সন্দিকৈ

মুখা খোল খাইছে বহুতৰ। শৈক্ষিক, সাংস্কৃতিক, সাংবাদিক আদি সকলো ক্ষেত্ৰৰে যেন বহু গোপন কথা মুকলি কৰি থৈ গ'ল জুবিন গাৰ্গে। কেৱল ছিংগাপুৰলৈ জুবিনক লৈ যোৱা দোষতে এতিয়া শ্যামকানু মহন্ত নামৰ সাংস্কৃতিক বেপৰীজন অভিযুক্ত নহয়। তেওঁৰ আন অপ কৰ্মৰ কথাবোৰ পোহৰলৈ আহি আছে। পৰ্যটন আৰু সাংস্কৃতিক আধাৰ হিচাপে লৈ কেৱল বেপাৰ কৰিলে তেওঁ।

চৰকাৰী বিষয়া আৰু ক্ষমতাশালী একাংশ লোকৰ সৈতে উঠা-বহা কৰি শ্যামকানুৱে চলাইছিল লুন্ঠন। চৰকাৰী ধন তেওঁ কিয় পাই আৰু কি উদ্দেশ্যে তেওঁ সেই ধন নি দেশ-বিদেশত ব্যয় কৰে তাৰ আভাস এটা মানুহে জুবিনৰ মৃত্যুৰ পাছতহে লাভ কৰিলে।

জুবিনক বেকব'ন বুলি কোৱা শ্যামকানু মহন্তৰ মতে জুবিন প্ৰকৃততে কি আছিল সেই পৰ্দাও তুলি দিলে তেওঁৰে ঘৰৰ মানুহে। পাৰিবাৰিক সম্বন্ধৰ উৰ্দ্ধলৈ গৈ যেতিয়া পৰিয়ালৰ লোকে সেইবোৰ কথা ৰাজহুৱা কৰে তাক বিশ্বাস নকৰি নোৱাৰি। 

ৰঙালী,নৰ্থ-ইষ্ট ফেষ্টিভেল পতাৰ নামত ৰাজহুৱা ধন কৌশলৰে সংগ্ৰহ কৰি কেৱল অতিথিকে নহয়, সেই অনুষ্ঠানৰ সৈতে সম্পৰ্ক নথকা বহু সংখ্যক ধুনীয়া যুৱতী তথা মডেলক শ্যামকানু মহন্তই কিয়  লগত লৈ যায় সেয়াও মানুহে বুজি পোৱাকৈ এটা পৰিৱেশ সৃষ্টি হৈছে। আমাৰ লোক-সংস্কৃতি আৰু পৰ্যটনক প্ৰচাৰ-প্ৰসাৰৰ ঠিকা লোৱা বুলি দেখুৱাই আচলতে ইয়াৰ গইনাৰে এই সকলে ইমান দিনে আন এক কাৰবাৰো সমান্তৰালভাৱে চলাই গৈছিল।

সুৰা সেৱন,সংগ প্ৰদান আৰু বন্ধ কোঠাত কৰা নিষিদ্ধ কামবোৰ এওঁলোকৰ বাবে আছিল এফালে আভিজাত্যৰ প্ৰতীক, আনফালে উপাৰ্জনৰ উৎস। সকলো মিলাই ৰমৰমীয়া বেহা চলাই আছিল শ্যামকানু মহন্তই। জুবিন গাৰ্গৰ ছিংগাপুৰত মৃত্যু নোহোৱা হ'লে কাৰ সাধ্য আছে এইবোৰ কথা ৰাজহুৱা কৰি লিখা বা কোৱা?

ইতিমধ্যে তেওঁৰ আৰি লোৱা মুখাখন সুলকি মাটিত পৰিছে।বহু ধনী ব্যক্তিৰ সৈতে তেওঁৰ ঘনিষ্ঠতা, ক্ষমতাশালী লোকৰ সৈতে থকা সু-সম্পৰ্কৰ কথা শ্যামকানু মহন্তই সুযোগ পালেই প্ৰদৰ্শন কৰি আহিছে। আনকি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব  শৰ্মাও শ্যামকানুৰ এই কৌশলগত সামাজিক প্ৰচাৰৰ পৰা সাৰি যোৱা নাছিল।

২০২১ ৰ ৯ মে'ত শ্যামকানু মহন্তই মুখ্যমন্ত্ৰীৰ সৈতে হাতত ধৰি আগবাঢ়ি যোৱা এখন বিশেষ আলোকচিত্ৰ আপলোড কৰিছিল তেওঁৰ সামাজিক মাধ্যমত। ফেচবুকত দিয়া সেই ফ'টোখনৰ জৰিয়তে যেন শ্যামকানুৱে বুজাই দিব বিচাৰিছিল তেতিয়াই খোদ মুখ্যমন্ত্ৰীৰ সৈতেই তেওঁৰ কি পৰ্যায়ৰ ঘনিষ্ঠতা। তৈল মৈদনত তেওঁ আছিল অদ্বিতীয়। সেইদিনা এই ফ'টোখন আপলোড কৰি তেওঁ এটা নতুন যুগৰ সূচনা হোৱা বুলি ঘোষণা কৰিছিল।

জুবিন গাৰ্গৰ সন্দৰ্ভত পৰিয়ালৰ লোকৰ আগত তেওঁৰ স্বাস্থ্যক লৈ উদ্বিগ্নতা প্ৰকাশ কৰাৰ বিপৰীতে শ্যামকানুৱে এয়া তেওঁৰ বাবে এক বাণিজ্যিক প্ৰডাক্ট বুলি কৰা মন্তব্যই উদঙাই দিয়ে তেওঁৰ মানসিকতা আৰু মানুহজনৰ আচল চৰিত্ৰ।

১৯ ছেপ্তেম্বৰত আকস্মিকভাৱে জুবিন গাৰ্গৰ মৃত্যুৰ পাছত বহু পুৰণা ঘটনা প্ৰৱাহে মানুহৰ মনত জোকাৰণি তুলিলে। ৰঙালীৰ মঞ্চত জুবিনে কৰা সেই বিশেষ মন্তব্যৰ ভিডিঅ'ত কাক কি বুলি কৈছিল সেয়া এতিয়া মানুহৰ মোবাইলে-মোবাইলে। হাতত সুৰাৰ গ্লাছ লৈ তেওঁলোকে ৰঙীন পাৰ্টীত বহে। সেয়া বিশেষ লোকৰ বাবে আয়োজিত বিশেষ পাৰ্টী আছিল বুলি মানুহে  আওকাণ কৰিছিল। এতিয়া তেওঁলোক সাধাৰণ মানুহৰ প্ৰশ্নৰ সন্মুখীন হৈছে।

এয়া তেওঁলোকৰ নৈতিকতা নেকি বুলি উঠা প্ৰশ্নত বহু নামি-দামী সাংবাদিকৰ মুখবোৰ ভাহি উঠিছে। যিসকলে নিজক নিজেই নিকাৰ প্ৰমাণ পত্ৰ দি তত পোৱা নাই। কি ধৰণে পৰিৱেশ সলনি হৈছে আৰু এচাম ভদ্ৰ লোকৰ ভব্য মুখবোৰত ফুটি উঠিছে অসভ্য আৰু মুখাধাৰী মানুহৰ ঠিকনা।

মনত সেই মানুহবোৰৰ মুখবোৰ আনি এতিয়া ভাৱিব মন গৈছে জীয়াই থকাৰ সময়ত নিৰ্ভীকভাৱে যি মন গৈছিল জুবিনে কৰিছিল,কৈছিল। আৰু এতিয়া তেওঁৰ মৃত্যুৱেও একেই দায়িত্ব যেন পালন কৰি গ'ল। ৰাজ্যৰ গায়িকাই মুকলিকৈ কৈ দিছে শ্যামকানু মহন্তক এক্সট্ৰা কৈ লগ নকৰিলে অনুষ্ঠান পোৱা নাযায়। সেই এক্সট্ৰা কৈ লগ পোৱাৰ কাৰণটো কি নিশ্চয় খুলি ক'ব নালাগে।

এনে খবৰো আছে, ছিংগাপুৰৰ অনুষ্ঠানৰ প্ৰস্তুতিৰ পূৰ্বেই নতুন দিল্লীত যথেষ্ট ব্যস্ত হৈ থকা সেই সকল মুখ্য আয়োজকে সেই সময়তো নিৰ্বাচিত কিছু লোকক সংগ প্ৰদানৰ বাবে দিল্লীলৈ সংগী কৰি নিছিল। কামৰ লগতেই ফুৰ্টিও হৈছিল এনেকৈ। এগৰাকী গায়কে মুকলিকৈ প্ৰত্যাহ্বান জনাইছিল যে সংগীতানুষ্ঠান পৰিৱেশন  কৰিবলৈ গ'লে শিল্পীক উপযুক্ত মাননি  দিয়া নহয়।

জুবিন গাৰ্গক তেওঁ কিমান টকা মাননি দিলে তাক ৰাজহুৱা কৰিবলৈও প্ৰত্যাহ্বান জনাইছিল। মানুহে দেখিলে লাভহীন এন জি অ' বা ফাৰ্ম খুলি শ্যামকানু মহন্তহঁতে কি বিলাসী ঘৰ সাজিছে, ক'ত ক'ত কোটি কোটি টকীয়া মাটি কিনি থৈছে। একেদৰে মানুহে দেখিলে ১০-১১ বছৰ জুবিন গাৰ্গৰ কাষত থাকি তেওঁকে বিশ্বাসী বুলি ভৱা মানুহজনে কেনেদৰে ঠগিলে।

কোটি কোটি টকা জুবিনৰ আত্মসাৎ কৰাৰ অভিযোগত অভিযুক্ত জুবিনৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাৰ স্বৰূপ জুবিনৰ মৃত্যুৱে পোহৰলৈ আনিলে। পোহৰলৈ আহিল টাৰচেম মিট্টলৰ দৰে সাংস্কৃতিক বেপাৰী সকলৰ শোষণৰ কথা। স্তব্ধ হৈ পৰা জুবিনপ্ৰেমীয়ে আৱেগৰ বাবেই জনপ্ৰিয় অভিনেত্ৰীয়ে নিশা নিশা গৈ কাৰোবাৰ ঘৰত কটোৱা ৰসাল সময়বোৰৰ কথাও চুবুৰিয়াই নিৰ্ভয়ে কৈ দিলে।

যোৰহাটত জুবিনৰ নামত হোৱা প্ৰতিবাদত উদ্ভণ্ডালি কৰা ঘটনাৰ পাকচক্ৰই এচাম সাংবাদিকক চৰ্চালৈ আনিলে। যিসকলে প্ৰৰোচনাৰে এই প্ৰতিবাদক হিংসাত্মক ৰূপ দি নেতা হোৱা চেষ্টা চলাইছিল। ৰুজু হৈছিল যোৰহাটত ১২২/২৫ নম্বৰৰ গোচৰ। ভাৰতীয় ন্যায় সংহিতাৰ ৪৯/১২১(২)/৭৪/৭৫(২)/১৮৯(৩)/১৯০/২২৫/১২৬(২)/২২৩/২৩২ গোচৰত গ্ৰেপ্তাৰো হৈছিল ১৫ জনকৈ লোক। 

২৩ ছেপ্তেম্বৰ ২০২৫ ত ৰুজু হোৱা গোচৰৰ ভিত্তিত যোৰহাটত গ্ৰেপ্তাৰ হোৱা সকলৰ ভিতৰত আছিল বিতুপন বৈশ্য,উজ্জ্বল বৰা,দেৱজিত গগৈ,ধ্ৰুৱজ্যোতি শৰ্মা,প্ৰিয়াংকু বৰা,বিতুপন দত্ত, চন্দন দাস,প্ৰাঞ্জল ডেকা,গৌৰাশংকৰ গগৈ,মনজিত বৰুৱা,চুনু সাহ,দুলুমণি বৰা,লেখন ৰবি দাস,কমল বৰা আৰু বিশ্বজিত বৰা।

অভিযোগ উঠিছিল আৰু মুখ্যমন্ত্ৰীয়ে সংবাদমেলত ৰাজহুৱাকৈ কৈছিল সেই ঘটনাৰ আঁৰত এজন স্থানীয় সাংবাদিক। নাম উৎপল বৰা। তেওঁৰ সহযোগী হৈ আছিল জনৈক নেওঁগ নামৰ এজন সাংবাদিক। এইবোৰ কথা জনাৰ পিছত মানুহে হিচাপ ল'লে তেওঁলোকৰ। খুলি দিলে বহুতে সেই সকলে সাংবাদিকতাৰ নামত কৰা অপকৰ্মৰ দস্তাৱেজ।

কোনোবা অনা অসমীয়া ব্যৱসায়ীৰ নামো এই ঘটনাৰ সৈতে সাঙোৰ খোৱাৰ পাছত তেওঁলোকক লৈও ক্ষোভৰ উদ্গীৰণ ঘটিল স্বতঃস্ফুতভাৱে। সমালোচনাৰ সন্মুখীন হৈও মুখ নুখুলিলে ছিংগাপুৰৰ প্ৰৱাসী অসমীয়া সমাজক নেতৃত্ব দিয়া সকলে। বৰঞ্চ তেওঁলোকে তেওঁলোকৰ যোগাযোগৰ নম্বৰবোৰ বন্ধ কৰি দায়িত্ব সামৰিলে। 

আগদিনালৈকে জুবিনপ্ৰেমী বুলি পৰিচয় দিয়া সকলৰ বুকু জুবিনৰ মৃত্যুৱে যেন কঁপাবই নোৱাৰিলে। এয়াই তেওঁলোকৰ প্ৰেম আছিল,অসম আৰু অসমীয়াৰ প্ৰতি দায়ৱদ্ধতা আছিল। মৃত্যুৰ আগদিনা ৰাতি জুবিনে তাৰে এগৰাকী স্থানীয় শিল্পীৰ সৈতে আওৰাইছিল এটা বিখ্যাত গীত “Tears in Heaven”। সেইদিনা জুবিনে পিন্ধি থকা চাৰ্টটোৱে পিছদিনা পিন্ধি সাগৰৰ সেই দ্বীপলৈ গৈছিল। তাৰমানে আগদিনা ৰাতিৰ পৰা পোচাক সলোৱাই নাছিল নেকি?

অসুস্থ জুবিনক কিয় বিশ্ৰামৰ সুযোগ বা ব্যৱস্থা কৰি দিয়া নাছিল? জুবিনৰ মৃত্যুৰ পাছত ৰাজ্যৰ দুখন বিশ্ববিদ্যালয়ৰ উপাচাৰ্যক লৈ চৰ্চা চলিল। তাৰে এজন হ'ল গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ননীগোপাল মহন্ত। উত্থাপিত অভিযোগ মতে তেওঁৰ কাৰ্যালয়তো নতুনকৈ নিৰ্মানৰ নামত কোটি টকা ব্যয় কৰিছে।

এখন ঘৰুৱা ফাৰ্মৰ নামত লাখ লাখ টকা ব্যয়ৰে ফাৰ্নিচাৰ কিনিছে, বিশ্ববিদ্যালয়ৰ চৌহদত মন্দিৰ বনোৱাৰ নামতো লুন্ঠন চলিছে। দুলু আহমেদ নামৰ লোকজনে মুকলিকৈ এইবোৰ কথা লিখিছে। পূজা এচ'ছিয়েট কাৰ সেই প্ৰশ্নৰ উত্তৰ মানুহে বিচাৰিছে। তেওঁৰ ভাতৃ শ্যামকানুৰ সৈতে খোদ উপাচাৰ্যৰে অংশীদাৰিত্ব থকা ফাৰ্মৰ নামত বিশ্ববিদ্যালয়ৰ কোটি কোটি টকাৰ ঠিকা কাম কৰি লুন্ঠন চলোৱা বুলি উত্থাপিত অভিযোগ গুৰুতৰ। সেইবোৰ প্ৰশ্নৰ উত্তৰ মানুহে বিচাৰিছে। জুবিনৰ অপ মৃত্যুৰ পৰা গৈ এইবোৰ কাহিনীৰ চৰ্চা চলিছে।  

আন এজন উপাচাৰ্যৰ দুৰ্নীতিৰ খবৰ জুবিনৰ মৃত্যুৱে যেন উদঙাই থৈ গ'ল। তেওঁৰ নাম শম্ভূনাথ সিং। তেজপুৰ বিশ্ববিদ্যালয়ৰ এই উপাচাৰ্য গৰাকীৰ অনিয়মৰ তালিকা দীঘলীয়া আৰু বহু দিনীয়া। জুবিনৰ মৃত্যুৰ পাছত বিশ্ববিদ্যালয়ৰ ছাত্ৰ সমাজে এখন শোকসভা পাতিব বিচাৰিছিল। কিন্তু উপাচাৰ্য সিঙে এই অনুমতি প্ৰদান কৰা নাছিল। জুবিনৰ আৱেগ তেওঁ বুজি পোৱা নাছিল।

ছাত্ৰ সমাজে প্ৰতিবাদ কৰিছিল যদিও গুৰুত্ব নিদিয়াত সংঘাত হৈছিল ছাত্ৰ-ছাত্ৰীৰ সৈতে। কাৰণ সেয়া জুবিনৰ প্ৰতি থকা জীয়া আৱেগ আছিল। ছাত্ৰ হাতত প্ৰহৃত হ'ল শম্ভূনাথ সিং।পূৰ্বতে তেওঁ নতুন দিল্লী IGNOU ৰ অধ্যাপক আছিল। পাটনা বিশ্ববিদ্যালয়ৰ উপাচাৰ্য হৈ থাকোতে তেওঁৰ কথা শিক্ষা বিভাগৰ প্ৰধান সচিবে চৰকাৰী পত্ৰতে লিখিছিল যে তেওঁ এই পদৰ বাবে উপযুক্তই নহয়।

কেৱল টকা আৰু অনিয়মৰ  বাবে তেওঁ কুখ্যাত। অসমীয়া জাতিৰ আৱেগ আৰু অসম আন্দোলনৰ ফচল তেজপুৰ বিশ্ববিদ্যালয়ত তেওঁৰ দৰে লোক এজনক উপাচাৰ্য পদ দিয়াটোৱে চৰম দুৰ্ভাগ্যজনক কথা আছিল। যিজন উপাচাৰ্য শৈক্ষিক দিশৰ পৰা চৰ্চিত নহয়,তেওঁ শৈক্ষিক বা শিক্ষাগত জীৱন পঞ্জীখনেই উপলব্ধ নহয় তেজপুৰ বিশ্ববিদ্যালয়ৰ ৱেব চাইডত।

তেওঁ চৰ্চাত থাকে মেধাৱী ছাত্ৰক ভুৱা গ'ল্ড মেডেল দিয়াৰ বাতৰিত,প্ৰতিবাদী ছাত্ৰ-ছাত্ৰীক প্ৰহাৰ কৰাৰ খবৰত। তেজপুৰ বিশ্ববিদ্যালয়লৈ আহিয়ে বিশ্ববিদ্যালয়ৰ ধন ব্যয়ৰে তেওঁ কি লৈছিল জানেনে? এটা ডেৰলাখ টকীয়া আইফোন। কেনেকৈ মানি ল'ব পাৰি তেওঁলোকক শিক্ষাবিদ,শিক্ষা প্ৰশাসক বুলি।

প্ৰথম ব'ৰ্ড অৱ মেনেজমেন্টৰ মিটিঙত তেওঁ আন কাম কৰা নাছিল। তেওঁ আৰু পৰিয়ালৰ চিকিৎসা বিল আদায় সম্পৰ্কীয় অনুমোদনত মোহৰ মাৰিছিল। নিযুক্তিত কিমান খেলি-মেলি হৈছে হিচাপ নাই। এচিটেন্ট ৰেজিষ্টাৰ পদ খালী হৈছিল। ৭৭৪ জনে আৱেদন কৰিছিল। ৬০ জনীয়া তালিকাও প্ৰস্তুত হ'ল কিন্তু এজনো নিৰ্বাচিত নহ'ল। ইন্টাৰভিউ ব'ৰ্ড গঠনতে খেলি-মেলি।  ব'ৰ্ড অৱ মেনেজমেন্টে দিয়া তালিকাৰ পৰা বিশেষজ্ঞ সদস্য মনোনীত কৰিব লাগে তেওঁ ইন্টাৰভিউ  ব'ৰ্ডৰ বাবে।

কিন্তু তেওঁ নিজেই নিজৰ মানুহ ভৰাই লয় ইন্টাৰভিউ  ব'ৰ্ডত। সাক্ষাতৰ বাবে নিৰ্বাচিত প্ৰাৰ্থীলৈ ৱাটচ্আপ ক'ল আহে। ইংগিত দিয়ে চাকৰিৰ বাবে ধন দিয়াৰ। হিন্দীত  পাতে কথা-বতৰা। ডিপুটি ৰেজিষ্টাৰ নিযুক্তিতো একে বেমেজালী। মেধাৱী তালিকা ঠিকেই প্ৰস্তুত হ'ল। অ'বিচিৰ বাবে সংৰক্ষিত ডিপুটি ৰেজিষ্টাৰ এটা পদৰ বাবে হৈছিল সাক্ষাৎকাৰ। কিন্তু প্ৰথম দুজনে চাকৰিত যোগদা ন নকৰাত তৃতীয় স্থানত থকা জনক সুযোগে দিয়া নহ'ল। 

সেই সংৰক্ষিত পদটো অসংৰক্ষিত কৰি নিযুক্তি দিয়া হ'ল নিজৰ মানুহক। এতিয়া সেই নিযুক্তিৰ প্ৰসংগত আদালতত চলি আছে গোচৰ। নতুনকৈ তেওঁ পদ সৃষ্টি কৰিলে। নাই ইউজিচি চৰকাৰৰ অনুমতি। পদৰ নাম ডাইৰেক্টৰ, কম্পিউটাৰ চেন্টাৰ। মাহে দৰমহাৰ নামত যায় ২ লাখ। তেওঁৰ দুৰ্নীতিৰ অনিয়মৰ সহযাত্ৰী ফাইনেন্স অফিচাৰ গৰাকী। নাম তেওঁৰ ড০ ব্ৰজবন্ধু মিশ্ৰ। চাকৰিৰ কাৰ্যকাল তেওঁৰ শেষ নহয় হে নহয়।

ইঞ্জিনীয়াৰ নিযুক্তিতো অনিয়ম। তাৰ উদাহৰণ হৈ আছে যাদৱ চন্দ্ৰ নাথ। লাইবেৰীত কিতাপ কিনাৰ নামত অনিয়ম সীমা নাই। শম্ভূনাথ নামৰ এই মানুহজনৰ কৃপা আছে চাৰিটাকৈ দিল্লীৰ কিতাপ বিতৰক কোম্পানীৰ। নিবিদা নিদিয়ে, ডাইৰেক্ট দিয়ে কিতাপৰ যোগানৰ ঠিকা। এনে ৫ টা কোম্পানী শম্ভূনাথৰে।

শেহতীয়াকৈ এম এছ ইন্দু বুকছ্ ক দিলে কোটি টকাৰ কিতাপ,জাৰ্নেল যোগানৰ ঠিকা। তেওঁ দিল্লীৰ ঘৰলৈ অহা-যোৱাৰ ব্যয় বিশ্ববিদ্যালয়ৰ একাউন্টৰ পৰা যায়। অধোন্নতিক শেষ দিশে এতিয়া তেজপুৰ বিশ্ববিদ্যালয়। NIRF ৰ সৰ্ব ভাৰতীয় ৰেংকিঙত তেজপুৰ বিশ্ববিদ্যালয়ৰ ২০১৬ ত স্থান আছিল ৫ নম্বৰত। শম্ভূনাথে দায়িত্ব পাই সেয়া নিলে ২০২৫ ত ৭৯ লৈ। 

জুবিন গাৰ্গ সন্দৰ্ভত তেওঁ আপত্তিজনক মন্তব্য কৰিছিল। শোকসভা পাতিব লওঁতে কৈছিল "Don't make things funny"। তাৰ পাছতে ক্ষোভত ফাটি পৰিল মানুহবোৰ। কোনোৱে প্ৰস্তুত কৰিলে তেওঁৰ দুৰ্নীতিৰ দস্তাৱেজৰ সবিশেষ। এতিয়া মানুহৰ হাতে হাতে সেই দস্তাৱেজ। দাবী উঠিছে "তেজপুৰ ইউনিভাৰছিটি বচাও, শম্ভূ সিং কো হটাও"।

জুবিনে খোলা মুখ এইবোৰ। জুবিনৰ ভাতৃ সন্দীপন গাৰ্গ। ছিংগাপুৰৰ সংগী হৈছিল তেওঁ। সেইদিনা সাগৰত জুবিনৰ সৈতে একেলগে আছিল। জুবিনৰ ধুমুহাই তেওঁকো ছুই গ'ল। ২০২২ বৰ্ষত তেওঁ নিৰ্বাচিত হৈছিল অসম আৰক্ষী সেৱাৰ বাবে। EWS কোটাত পাইছিল চাকৰি। তেওঁৰ ৰোল নম্বৰ আছিল ১৪০৩৮২৩। দেউতাক আছিল নামৰূপৰ সাৰ কাৰখানা বিষয়া।

আৰ্থিকভাৱে স্বচ্ছল পৰিয়ালৰ সন্তান। কিন্তু এপিএচ ল'লে EWS কোটাত। মানুহৰ প্ৰশ্নৰ ওপৰত প্ৰশ্ন এতিয়া। বিদেশ ভ্ৰমনলৈ চৰকাৰৰ অনুমতি লৈ গৈছিল নে? জুবিনৰ মৃত্যুৰ পাছত এনেদৰে খোল খাইছে বহুতৰ মুখা। আনকি সংবাদ মাধ্যমৰো তীব্ৰ প্ৰতিযোগিতা চলিল নতুন খবৰ দিয়াৰ। 

সিদ্ধাৰ্থ শৰ্মা বিমানেৰে অহা বুলি চলিল প্ৰচাৰ। 6E 6048 (A320)নম্বৰৰ বিমানখনত হেনো তেওঁ আহিছিল ২৪ ছেপ্টেম্বৰত। ভাইৰেল হ'ল বিমানৰ টিকট। ডাঙৰ ডাঙৰ ব্ৰেকিং চলিল। পিছতহে ওলাল সেইজন সিদ্ধাৰ্থ শৰ্মা জুবিনৰ মৃত্যুৰ বাবে অভিযুক্ত তেওঁৰ মেনেজাৰজন নহয়। এজন বেলেগ মানুহ।সঁচা-মিছা নিৰূপণ কৰাৰ দায়িত্ব দায়িত্বহীনভাৱে কেনেদৰে আমি একাংশ সংবাদ মাধ্যমে পালন কৰিছো সেই মুখাখনো খুলি দিলে জুবিনে।

জুবিন গাৰ্গ শ্যামকানু মহন্ত