/asomiyapratidin/media/media_files/2025/09/22/ap-for-web-new-bikhekh-lekha-vdzv-2025-09-22-16-46-42.png)
মৃদুল কুমাৰ সন্দিকৈ
৪ ছেপ্তেম্বৰ ২০২৫, গুৱাহাটী :
স্থান গুৱাহাটী প্ৰেছ ক্লাৱ। এখন সংবাদমেল আয়োজন কৰা হৈছিল সেইদিনা। সেই সংবাদমেলত ঘোষণা কৰা হৈছিল নৰ্থ- ইষ্ট ইণ্ডিয়া ফেষ্টিভেল এইবাৰ ৩দিনীয়াকৈ ১৯ ছেপ্তেম্বৰৰ পৰা ২১ ছেপ্তেম্বৰ ২০২৫ত অনুষ্ঠিত হ’ব।
ছিংগাপুৰৰ ছানটেক কনভাৰচেচন এণ্ড এক্সিভিছন চেণ্টাৰত এই ফেষ্টিভেলৰ চতুৰ্থ সংস্কৰণ অনুষ্ঠিত হ’ব বুলি সেইদিনা সদৰী কৰিছিল ফেষ্টিভেলৰ মূল আয়োজক শ্যামকানু মহন্তই। সংবাদমেলত তেওঁ জনাইছিল ভাৰত- ছিংগাপুৰ কূটনৈতিক সম্পৰ্ক ৬০ বছৰীয়া জয়ন্তী উপলক্ষে এই কাৰ্যসূচী ৰূপায়ণত সহযোগ কৰিব ছিংগাপুৰত থকা ভাৰতীয় দূতাবাসে।
এই অনুষ্ঠানত অন্যতম সহযোগী হ’ব অসম এছোছিয়েছন ছিংগাপুৰ। এইদৰে আৰম্ভ হৈছিল ছিংগাপুৰ ভ্ৰমণৰ প্ৰেক্ষাপট। এই অনুষ্ঠানত কি কি হ’ব তাৰো এক আভাস দিছিল শ্যামকানু মহন্তই সেইদিনা।
কোন কোন যোৱাৰ কথা ছিংগাপুৰলৈ :
সংবাদমেলখনত শ্যামকানু মহন্তই সদৰী কৰা মতে, নৰ্থ- ইষ্ট ফেষ্টিভেলৰ সামৰণি অনুষ্ঠানত অংশ ল’ব কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই। ইয়াৰ উপৰিও অৰুণাচলৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডু, মেঘালয়ৰ মুখ্যমন্ত্ৰী কংৰাড চাংমা, ত্ৰিপুৰা, মিজোৰাম, ছিকিম তথা অসমৰ কেইবাজনো মন্ত্ৰীকে ধৰি প্ৰায় ৪০০ৰো অধিক অতিথি- প্ৰতিনিধি যোৱা কথা আছিল এই ফেষ্টিভেলত।
সামৰণি অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰী মাৰ্ঘেৰিটাৰ লগতে জুবিন গাৰ্গৰ সাংস্কৃতিক সন্ধিয়া, নাগালেণ্ড, মণিপুৰৰ শ্ৰেষ্ঠ বেণ্ডসমূহৰ প্ৰদৰ্শন, ত্ৰিপুৰাৰ বৰকোং হ্ৰাংখল, ছিংগাপুৰৰ জনপ্ৰিয় ৰেপাৰ ইয়াং ৰাজা, অৰুণাচলৰ শিল্পীৰ দ্বাৰা শ্ন লাইং ডান্স, ভায়োলিনা বৰদলৈৰ নেতৃত্বত সত্ৰীয় নৃত্য, তিৱা, কাৰ্বি বিহুনৃত্যৰ উপৰিও উত্তৰ- পূবৰ বহুকেইজন ডিজাইনাৰক হস্তশিল্প প্ৰদৰ্শন, ছেৰলিং ইংতিপিৰ ফেশ্বন শ্ব’ আদি অনুষ্ঠান থকাৰ কথা সেইদিনা সদৰী কৰা হৈছিল। পিছত দেখা গৈছিল সেই অনুষ্ঠানত উপস্থিত হৈছিলগৈ কেইবাজনো পৰিচিত লোক। তাৰ ভিতৰত আছিল জুবিন গাৰ্গ, প্ৰণয় বৰদলৈ, ঋতুৰাজ বৰকটকী, মৃগাংক হাজৰিকা, সঞ্জীৱ নাৰায়ণ আদি। ঘোষিকা হিচাপে এই অনুষ্ঠানত অংশ ল’বলৈ গৈছিল অসমৰ এগৰাকী জনপ্ৰিয় অভিনেত্ৰী নিশিতা গোস্বামী। নিৰ্বাচিত লোকৰ বাবে আছিল এই আমন্ত্ৰণ।
ছিংগাপুৰ কেতিয়া পাইছিল গৈ জুবিন গাৰ্গ :
১৭ ছেপ্তেম্বৰ ২০২৫ত পুৱাই গুৱাহাটীৰ পৰা ছিংগাপুৰ অভিমুখে উৰা মাৰিছিল জুবিন গাৰ্গ আৰু তেওঁৰ ৪ সতীৰ্থ। সেইসকল আছিল ক্ৰমে- সিদ্ধাৰ্থ শৰ্মা, শেখৰজ্যোতি গোস্বামী, সন্দীপন গাৰ্গ আৰু সহঃ কণ্ঠশিল্পী অমৃতপ্ৰভা মহন্ত। ছিংগাপুৰৰ সময় অনুসৰি আবেলি ৩-৫৫ বজাত তেওঁলোক গৈ ছিংগাপুৰৰ হোটেল পাইছিল।
Drukair- Royal Bhutan Airlines ৰ কে বি ৫৪০ নম্বৰৰ বিমানখনেৰে তেওঁলোক ছিংগাপুৰলৈ গৈছিল। বিমানখন পুৱা ৮-৫৪ বজাত বৰঝাৰ বিমান বন্দৰৰ পৰা উৰণ আৰম্ভ কৰিছিল আৰু ছিংগাপুৰত অৱতৰণ কৰিছিল ছিংগাপুৰৰ সময় মতে আবেলি ৩-৩৫ বজাত।
ছিংগাপুৰত জুবিন গাৰ্গৰ বাবে পেন পেচিফিক নামৰ হোটেলখনত কোঠা ঠিক কৰা আছিল। এই হোটেলখন ৩৮ মহলীয়া এখন অতি বিলাসী হোটেল। ৭৯০টা কোঠা থকা হোটেলখন আছে ৭ ৰাফেল ব’লাভাৰ্ড, মেৰিনা স্কোৱেৰ, ছিংগাপুৰত।
আৰম্ভ হ’ল ছিংগাপুৰত নৰ্থ- ইষ্ট ফেষ্টিভেল :
ছিংগাপুৰত নিৰ্ধাৰিত সময়ত অনুষ্ঠিত হ’ল নৰ্থ- ইষ্ট ইণ্ডিয়া ফেষ্টিভেল। ইতিমধ্যে ছিংগাপুৰত গৈ উপস্থিত হৈছিল জুবিন গাৰ্গ। তেওঁৰ লগত সংগী হিচাপে গৈছিল মেনেজাৰ সিদ্ধাৰ্থ শৰ্মা, ভাতৃ তথা অসম আৰক্ষী বিষয়া সন্দীপন গাৰ্গ, জুবিন গাৰ্গৰ বাদ্যযন্ত্ৰী শিল্পী শেখৰজ্যোতি গোস্বামী আৰু সহযোগী কণ্ঠশিল্পী অমৃতপ্ৰভা মহন্ত।
তেওঁলোকৰ বাবে আন অতিথিৰ দৰে ছিংগাপুৰত পঞ্চতাৰকা হোটেল সাজু কৰি থোৱা হৈছিল। তাতেই তেওঁলোকে বাহৰ পাতিছিল। তেওঁলোকক আপ্যায়নৰ বাবে ব্যস্ত হৈ পৰিছিল আসাম এছোচিয়েছনৰ কৰ্মকৰ্তা। জুবিন গাৰ্গক ওচৰত পাই তেওঁলোক উৎসাহিত হৈ পৰিছিল।
ৰাতি চলিছিল পাৰ্টী !
পিছদিনা আছিল শুকুৰবাৰ। আৰম্ভ হোৱাৰ কথা নৰ্থ- ইষ্ট ইণ্ডিয়া ফেষ্টিভেল। তাৰ আগ ৰাতিৰ কথা এয়া। আয়োজন কৰা হৈছিল এটা সুৰাৰ পাৰ্টী। ছিংগাপুৰত থকা তন্ময় ফুকনে লৈছিল উদ্যোগ। আছিল কেইবাজনো তাত থকা প্ৰবাসী অসমীয়া।
বহু ৰাতিলৈকে এই পাৰ্টী চলিছিল। বহুকেইজন চিনাকি মানুহ সেই পাৰ্টিত জুবিন গাৰ্গক সংগ দিছিল। তাতেই পৰিকল্পনা হৈছিল পিছদিনা তেওঁলোক ফুৰিবলৈ যাব। জাহাজেৰে (য়ট) যাব লাগিব এটা দ্বীপলৈ। দ্বীপটোৰ নাম আছিল চেইণ্ট জ’নছ আইলেণ্ড।
পাৰ্টী কৰি জুবিন গাৰ্গ গৈছিল কোঠালৈ। খোৱা নাছিল নৈশ আহাৰ। এইবোৰ কথা ছিংগাপুৰত সেইদিনা প্ৰত্যক্ষভাৱে দেখা এক সূত্ৰই কোৱা। বিশ্ৰামো লোৱা নাছিল জুবিন গাৰ্গে। পৰিকল্পনা অনুসৰিয়েই ওলাই গৈছিল ছিংগাপুৰৰ স্থানীয় সময় মতে দিনৰ ১২-০০ বজাত জুবিন গাৰ্গ আৰু এটা দল।
জুবিনৰ সংগী কেইজনৰ উপৰিও সেই দলটোত আছিল ১২জন মান প্ৰবাসী অসমীয়া। সঞ্জীৱ নাৰায়ণ আৰু মৃগাংক হাজৰিকায়ো যোৱা কথা আছিল সেই জাহাজত। কিন্তু তেওঁলোক ছিংগাপুৰত গৈ উপস্থিত হওঁতে পলম হোৱাৰ বাবে দিনৰ ১১-০০ বজালৈকে হোটেলৰ কোঠাত সোমাব পৰা নাছিল। সেয়ে তেওঁলোকক এৰি সেই দ্বীপটোৰ অভিমুখে গুচি গৈছিল জুবিন গাৰ্গসহ দলটো।
য’ত আছিল ছিংগাপুৰৰ আসাম এছোচিয়েছনৰ সভাপতি অভিমান্যু তালুকদাৰ, ছিংগাপুৰত থকা প্ৰবাসী অসমীয়া তন্ময় ফুকন, ৱাজিবুৰ, পৰিক্ষীত শৰ্মা আদি। জুবিন গাৰ্গৰ বাবে ঘৰতে ৰান্ধি লৈ গৈছিল ঔ-টেঙা দিয়া গাহৰি মাংস। য়টখনত আছিল বিয়েৰৰো ব্যৱস্থা।
হঠাৎ ঘটি গৈছিল অঘটন :
য়টৰ পৰা জপিয়াই সাগৰৰ পানীত সাঁতোৰাৰ এক ব্যৱস্থা আছিল তাত। সেই দ্বীপলৈ ফুৰিবলৈ যোৱা পৰ্যটকসকলৰ বাবে এয়া এক আকৰ্ষণৰ কেন্দ্ৰবিন্দু। পানী বেছি গভীৰ নহয়। নিৰাপত্তাজনিত সকলো ব্যৱস্থা থাকে।
যিসকলে এইদৰে জপিয়াই পানীত সাঁতোৰাৰ আনন্দ ল’ব খোজে তেওঁলোকৰ বাবে লাইফ জেকেট পিন্ধাতো বাধ্যতামূলক। প্ৰথমবাৰ জুবিন গাৰ্গে সাগৰৰ পানীত লাইফ জেকেট পিন্ধিয়েই জাপ মাৰিছিল। কিছু সময় সাঁতুৰি উঠি আহিছিল।
দ্বিতীয়বাৰ তেওঁ লাইফ জেকেট খুলি থৈছিল য়টত। মাৰো নেমাৰোকৈ জাপ মাৰিছিল পানীত। তেতিয়া এখন নাৱত নৌকা বিহাৰত ব্যস্ত আছিল মেনেজাৰ সিদ্ধাৰ্থ শৰ্মা আৰু সন্দীপন গাৰ্গ। পানীত সাঁতুৰি আছিল শেখৰজ্যোতি গোস্বামী। সাঁতুৰি সেই দ্বীপটোলৈ যাব পাৰি সেই স্থানৰ পৰা।
পানীৰ পৰাই শেখৰে কৈছিল- সাঁতুৰি যাও বলা সেই দ্বীপলৈ। কোনোবাই য়টৰ ওপৰৰ পৰাই কৈছিল গ’লেই নহ’ব উভতি আহিবও পাৰিব লাগিব। পানীত জাপ মাৰি নমাৰ পাছত কিছু ক্ষণ সাঁতোৰাৰ পাছত অৱস হৈ গৈছিল জুবিন গাৰ্গ।
কাষ চাপি আহিছিল শেখৰ। তলৰ পৰা জুবিন গাৰ্গক দাঙি ধৰিছিল তেওঁ। চিঞৰিছিল জুবিন গাৰ্গৰ কিবা এটা হোৱা বুলি। য়টখনৰ চালকজনেও পানীত জপিয়াই দিছিল সহায় কৰাৰ বাবে।
কাষতে থকা সৰু নাও এখনত জুবিন গাৰ্গক তুলি দিয়া হৈছিল। জুবিনৰ মুখেৰে আৰু নাকেৰে বগা বিজলুৱা পদাৰ্থ ওলাইছিল। য়টলৈ তুলি অনা হৈছিল শিল্পীজনক। দিয়া হৈছিল চি পি চি। খবৰ দিয়া হৈছিল সহায়ৰ বাবে। উপকূলৰক্ষী বাহিনী আৰু আৰক্ষী আহি উপস্থিত হৈছিল তাত। প্ৰাথমিক চিকিৎসাৰ ব্যৱস্থা কৰা হৈছিল।
সেই সময়ত উপস্থিত থকা এক সূত্ৰই সদৰী কৰা মতে য়টতে জুবিন গাৰ্গৰ বমি হৈছিল পানীত নমাৰ পূৰ্বে। ইয়াক আওকাণ কৰি চলা হৈছিল সেইদিনা। গুৰুত্ব দিয়া হোৱা নাছিল বিষয়টো। অনাহাৰ- অনিদ্ৰা আৰু দৈনিক ল’বলগীয়া ঔষধ জুবিন গাৰ্গে লোৱা নাছিল।
খবৰ দিয়া হৈছিল শ্যামকানু মহন্তক :
উপকূলৰক্ষী আৰু আৰক্ষীয়ে নিকটৱৰ্তী এটা জাহাজ ঘাটলৈ য়টখন চলাই নিয়াৰ নিৰ্দেশ দিছিল। তাত আন চিকিৎসাৰ ব্যৱস্থাও কৰি থোৱা আছিল। অক্সিজেনকে ধৰি আন সুবিধাও ৰাখিছিল। জাহাজ ঘাট পোৱাৰ পাছত জুবিন গাৰ্গৰ প্ৰাণ ৰক্ষাৰ বাবে চিকিৎসা কৰ্মীৰ দলটোৱে প্ৰচেষ্টা অৱ্যাহত ৰাখিছিল। সকলোৱে শুশ্ৰূষা কৰিছিল জুবিন গাৰ্গক।
শ্যামকানু মহন্তও আহি পাইছিল তাত। চলি আছিল নৰ্থ- ইষ্ট ইণ্ডিয়া ফেষ্টিভেলৰ কাৰ্যসূচী। এখন আলোচনাচক্ৰ চলি আছিল তেতিয়া। সেইখন আধাতে এৰি শ্যামকানু মহন্ত আহি পুনৰ উভতি গৈছিল নৰ্থ- ইষ্ট ইণ্ডিয়া ফেষ্টিভেল স্থলীলৈ।
এখন এম্বুলেঞ্চেৰে জুবিন গাৰ্গক লৈ যোৱা হৈছিল ছিংগাপুৰৰ প্ৰখ্যাত হাস্পতাল- ছিংগাপুৰ জেনেৰেল হাস্পতাললৈ। এম্বুলেঞ্চখনত কেৱল এজন ব্যক্তি যোৱাৰ অনুমতি দিছিল। সেয়েহে তাত জুবিনৰ সৈতে গৈছিল মেনেজাৰ সিদ্ধাৰ্থ শৰ্মা।
পিছে পিছে গৈছিল মৃগাংক হাজৰিকা আৰু সঞ্জীৱ নাৰায়ণ :
চিকিৎসালয়লৈ পিছে পিছে এখন গাড়ীত গৈছিল মৃগাংক হাজৰিকা আৰু সঞ্জীৱ নাৰায়ণ। ইতিমধ্যে জুবিনৰ মৃত্যু ঘটিছিল। পানীৰ পৰা য়টত উঠাওতে সকলো শেষ হৈ গৈছিল। তথাপি আশা এৰি দিয়া নাছিল। জেনেৰেল হাস্পতালৰ ইমাৰজেন্সিত ভৰ্তি কৰাৰ পাছত সকলো চেষ্টাই কৰিছিল চিকিৎসকে।
আনহাতে য়টখনত থকা বাকীসকলক আটক কৰিছিল ছিংগাপুৰ আৰক্ষীয়ে। এজন এজনকৈ মাতি আনি সোধা-পোচা কৰিছিল তেওঁলোকক। সুধিছিল- জুবিন গাৰ্গে সুৰা সেৱন কৰে নেকি, ড্ৰাগছ লয় নেকি আদি প্ৰশ্ন। তেওঁলোক কিয় তালৈ গৈছিল সেই কথাও সুধিছিল তদন্তকাৰী আৰক্ষীয়ে।
কেইবাঘণ্টা ধৰি তেওঁলোকক আটক কৰি ৰাখিছিল। য়টখনত তালাচী চলাইছিল। জুবিন গাৰ্গৰ হোটেল ৰূমতো চলিছিল অভিযান। সঞ্জীৱ নাৰায়ণ আৰু মৃগাংক হাজৰিকাকো সোধা- পোচা কৰিছিল হাস্পতালতে। ইতিমধ্যে আনুষ্ঠানিক ঘোষণা হৈ গৈছিল যে জুবিন গাৰ্গ আৰু নাই।
জুবিনৰ মৃত্যুৰ পাছতো ফেশ্বন শ্ব’ :
শ্যামকানু মহন্তই নিজৰ বেপাৰ এৰি দিয়া নাছিল নেকি ছিংগাপুৰতো । জুবিন গাৰ্গে ছিংগাপুৰত জিৰণি ল’বলৈ যোৱা বুলি মৃত্যুৰ পাছত ভাষ্য দিয়া একেজন শ্যামকানু মহন্তই ৪ ছেপ্তেম্বৰত সংবাদমেলত নিজ মুখে ঘোষণা কৰিছিল গান গাবলৈ যাব জুবিন গাৰ্গ ছিংগাপুৰলৈ।
জুবিন গাৰ্গৰ কাষৰ পৰা ঘূৰি আহি নৰ্থ- ইষ্ট ইণ্ডিয়া ফেষ্টিভেলৰ আন কিছু কাৰ্যসূচীত ব্যস্ত হৈ পৰিছিল তেওঁ। সেই পৰিৱেশৰ মাজতে পোহৰলৈ আহিছে নৰ্থ- ইষ্ট ফেষ্টিভেলৰ নামত চলা ফেশ্বন শ্ব’ৰ আলোকচিত্ৰ। কিন্তু সংবাদ মাধ্যমক তেওঁ জনাইছিল- এই খবৰ পোৱাৰ পাছতে হেনো বন্ধ কৰি দিয়া হৈছিল অনুষ্ঠানটোৰ সকলো কাৰ্যসূচী।
সামাজিক মাধ্যমত জুবিনৰ মৃত্যুৰ খবৰ বিয়পি পৰাৰ পাছত ছিংগাপুৰলৈ জুবিনক লৈ যোৱা শ্যামকানু মহন্তৰ ওপৰত ৰাইজ খৰ্গহস্ত হৈ পৰিছিল। তাৰ বহু সময়ৰ পাছতহে এই অনুষ্ঠান বন্ধ কৰা বুলি ঘোষণা কৰিছিল। মানুহৰ ৰোষ আৰু খং দেখি ছিংগাপুৰৰ পৰাই পৰিস্থিতি নিয়ন্ত্ৰণৰ চেষ্টা কৰিছিল শ্যামকানু মহন্তই।
নিৰ্বাচিত কিছু লোকক ফোন কৰি সহায় বিচাৰিছিল। এনেদৰে তেওঁ নিজকে প্ৰক্ষেপ কৰিছিল যে এই মৃত্যুৰ বাবে তেওঁ কোনোপধ্যেই দায়ী নহয়। বাংগালুৰুৰ পৰা নিৰ্দিষ্ট লোকক ফেচবুকৰ পোষ্ট ডিলিট কৰিবলৈ অনুৰোধ কৰা হৈছিল শ্যামকানুৰ হৈ। সংবাদ মাধ্যমত প্ৰকাশিত তেওঁৰ সাক্ষাতকাৰ ৰহস্যজনকভাৱে ডিলিট হৈছিল।
ছিংগাপুৰৰ সাংবাদিকে কি কয় :
ছিংগাপুৰৰ সংবাদ মাধ্যমতো এই খবৰ সবিস্তাৰে প্ৰকাশ পাইছিল। জুবিন গাৰ্গৰ মৃত্যুৰ খবৰ তেনে এক খবৰ প্ৰকাশ কৰা ছিংগাপুৰৰ সাংবাদিক ডিয়েনাৰ সৈতে ই-মেইলযোগে যোগাযোগ কৰি এই ঘটনাৰ সন্দৰ্ভত সবিস্তাৰে জানিব বিচৰা হৈছিল।
সাংবাদিকগৰাকীয়ে জনালে- এই ঘটনাৰ সন্দৰ্ভত তদন্ত এতিয়াও অন্ত পৰা নাই। অনুসন্ধান চলি আছে। এই অনুসন্ধান তথ্য আৰক্ষীৰ বাবে অতি গোপনীয়। সেই বিষয়ে তেওঁ কোনো কথা আৰক্ষীৰ উদ্ধৃতি ক’ব নোৱাৰে। লগতে জনালে- ছিংগাপুৰ আৰক্ষীয়ে ১৯ ছেপ্তেম্বৰ ২০২৫ৰ ছিংগাপুৰৰ সময় মতে ৩-৩০ বজাত এটা ফোন পাইছিল য’ত এজন ৫২ বছৰীয়া লোক চেইণ্ট জ’নছ আইলেণ্ডৰ সমীপত অচেতন হৈ পৰিছিল আৰু তেওঁৰ চিকিৎসালয়ত মৃত্যু ঘটিছিল।
এজাহাৰ দাখিল শ্যামকানু- সিদ্ধাৰ্থৰ বিৰুদ্ধে :
জুবিন গাৰ্গৰ মৃত্যুৰ পাছত সাধাৰণ লোকৰ দৃষ্টিত এই মৃত্যুৰ বাবে দায়ী বুলি শ্যামকানু মহন্ত আৰু মেনেজাৰ সিদ্ধাৰ্থৰ বিৰুদ্ধে অভিযোগৰ জোৱাৰ উঠে। ৫৪খন এজাহাৰ ২০ ছেপ্তেম্বৰলৈকে ৰাজ্যৰ বিভিন্ন থানাত দাখিল কৰা হৈছে। চি আই ডিৰ এক উচ্চস্তৰীয় সূত্ৰই জানিবলৈ দিয়া মতে ২২ ছেপ্তেম্বৰলৈকে এজাহাৰৰ সংখ্যা ৬০খনলৈ হৈছে।
সেই সকলো এজাহাৰৰ ভিত্তিত চি আই ডিত ৰুজু কৰা হৈছে এটা গোচৰ। চি আই ডি থানাত ৰুজু হোৱা সেই গোচৰৰ নম্বৰ ১৮/২০২৫। ভাৰতীয় ন্যায় সংহিতাৰ ধাৰাৰ ৬১(২), ১০৫, ১০৬(১)ৰ অধীনত এই গোচৰ ৰুজু হৈছে।
ইতিমধ্যে এই গোচৰ দিয়া সকলৰ ভাষ্য গ্ৰহণ কৰি আছে তদন্তকাৰী দলে। প্ৰশ্ন হয়- এই গোচৰৰ আধাৰত অভিযোগৰ আঙুলি উঠা সকলক জেৰা কৰা হ’বনে ? মূল অভিযুক্তৰ লগতে এই ঘটনাক প্ৰকৃত সত্য উদঘাটনৰ লগতে প্ৰত্যক্ষদৰ্শীসকলৰ ভাষ্য গ্ৰহণ কৰাতো অত্যন্ত জৰুৰী।
নহ’লে সমগ্ৰ ঘটনা প্ৰবাহ এক ৰহস্যৰ মাজত ৰৈ যাব। জুবিনৰ মৃত্যুৰ লগতে জুবিন গাৰ্গক প্ৰতাৰণা কৰাৰ আন এক গুৰুতৰ অভিযোগ উত্থাপন হৈছে। সেই দিশতো তদন্তকাৰী বিষয়াই তদন্ত কৰাতো প্ৰয়োজনীয় হৈ পৰিছে।
চৰ্চাত হোৱাটছ এপৰ কেইটামান স্কীণ শ্বট :
জুবিন গাৰ্গৰ মৃত্যু আৰু তেওঁৰ মৃত্যুৰ বাবে দায়ী কোন তাক লৈ চৰ্চাত থকাৰ মাজতে ভাইৰেল হৈছিল কেইবাটাও হোৱাটছ এপত কথা পতাৰ স্কীণ শ্বট। প্ৰথমে মানুহে এই স্কীণ শ্বটকেইটাৰ বিশ্বাসযোগ্যতাক লৈ সন্দেহ কৰিছিল যদিও ইয়াৰ আধাৰতে জুবিন গাৰ্গৰ মেনেজাৰ সিদ্ধাৰ্থক লৈ প্ৰশ্নৰ অৱতাৰণা হৈছিল।
স্কীণ শ্বটকেইটাত পোহৰলৈ অহা বাৰ্তালাপত বহু বিস্ফোৰক তথ্য আছিল। য’ত মেনেজাৰ সিদ্ধাৰ্থই জুবিন গাৰ্গক কেনেদৰে আৰ্থিক শোষণ চলাইছিল তাৰ আভাস পোৱা যায়। সেই অভিযোগবোৰ বহুদিনৰ পূৰ্বে জুবিন গাৰ্গৰ বহু ঘনিষ্ঠ লোকে জানিছিল যদিও সেই বিষয়ে ৰাজহুৱাকৈ কোনো প্ৰতিক্ৰিয়া ব্যক্ত কৰা নাছিল।
পিছত জানিব পৰা গ’ল সেয়া জুবিন গাৰ্গৰ সৈতে ছিংগাপুৰত থকা বাদ্যযন্ত্ৰী শেখৰজ্যোতি গোস্বামী আৰু জুবিন গাৰ্গ ফেন ক্লাৱৰ সাধাৰণ সম্পাদক পিকু বৰগোহাঁইৰ মাজত হোৱা হোৱাটছ এপৰ বাৰ্তালাপ আছিল। সেই কথাবোৰ জানি জুবিন গাৰ্গৰ মৃত্যুক লৈ মানুহৰ মাজত সৃষ্টি হোৱা সন্দেহ আৰু প্ৰশ্ন অধিক তীব্ৰতৰ হৈ পৰে।
ছিংগাপুৰলৈ নিয়াৰ বাবে আৰু অন্যান্য সময়ত জুবিন গাৰ্গক অসুস্থ সময়তো ব্যৱহাৰ কৰা বুলি শ্যামকানু মহন্তৰ বিৰুদ্ধে উত্থাপিত অভিযোগ আৰু সিদ্ধাৰ্থ শৰ্মাৰ ভূমিকাক লৈ ৰাজ্যজুৰি ব্যাপক চৰ্চা চলিছে।
জুবিন গাৰ্গক ঠগি ধনী হ’ল নেকি সিদ্ধাৰ্থ ? :
জুবিন গাৰ্গৰ অতি বিশ্বাসী আছিল সিদ্ধাৰ্থ শৰ্মা। মাৰোৱাৰী সম্প্ৰদায়ৰ সিদ্ধাৰ্থ শৰ্মাই যি কৈছিল জুবিনে তাকেই মানিছিল। মিট্টাল উপাধিধাৰী মেনেজাৰজন জুবিন গাৰ্গৰ কাষৰ পৰা আঁতৰি যোৱাৰ পাছত সমগ্ৰ দায়িত্ব জুবিন গাৰ্গে সিদ্ধাৰ্থ শৰ্মাৰ হাততে অৰ্পণ কৰিছিল।
১৮ নৱেম্বৰ জুবিন গাৰ্গৰ জন্মদিন। এই দিনটোত সিদ্ধাৰ্থ শৰ্মাৰো জন্মদিন। সিদ্ধাৰ্থ কেৱল জুবিনৰ বাবে বন্ধুৱেই নাছিল, আছিল পৰামৰ্শদাতা, অত্যন্ত বিশ্বাসী লোক। জন্মদিনো একেলগে উদযাপন কৰিছিল সিদ্ধাৰ্থৰ সৈতে। সেই সিদ্ধাৰ্থৰ সম্পত্তি আৰু জুবিন গাৰ্গৰ সম্পত্তিৰ মাজত আকাশ- পাতাল পাৰ্থক্য।
জুবিন গাৰ্গৰ ঘনিষ্ঠই দাবী কৰা মতে, সিদ্ধাৰ্থ শৰ্মাৰ আছে এখন হোটেল। নাম- ৰয়েল হেৰিটেজ। মহানগৰীৰ আহোমগাঁৱত থকা এই হোটেলখন তিনি তাৰকাযুক্ত। ছয়মাইলত সিদ্ধাৰ্থৰ আছে এটা পানী বটলিং ফেক্টৰী। বেলতলাত প্ৰিমিয়াম ফ্লেট, দাতালপাৰাত আন এটা প্ৰিমিয়াম ফ্লেট, জু-ৰোডত মিউজিক মেনেজমেণ্ট কাৰ্যালয়।
জুবিন গাৰ্গ এল এল পি মিউজিকেল কোম্পনীৰ পৰিচালন সঞ্চালক সিদ্ধাৰ্থ শৰ্মা। তাৰ বিপৰীতে জুবিন গাৰ্গৰ সম্পত্তিৰ নামত কাহিলীপাৰাত এটা ফ্লেট, খাৰঘুলিত নিৰ্মিয়মাণ ঘৰটো, জোনালীত ষ্টুডিঅ’। উষা ক’ৰ্টত এটা ফ্লেট আছিল যদিও সেয়া বিক্ৰী কৰা বুলি সূত্ৰত প্ৰকাশ। মুম্বাইত থকা ষ্টুডিঅ’টো আনি এনে কে প্ৰডাকচনৰ স্বত্বাধিকাৰী দেৱ বৰকটকীৰে হোৱা সংঘাতৰ পাছত নিজৰ ঘৰত এটা ষ্টুডিঅ’ খুলিছিল। যিটো বৰ্তমান জোনালীত আছে।
এই দিশবোৰো এতিয়া তদন্তৰ প্ৰয়োজন হৈ পৰিছে। অন্যায়- অনিয়মৰ বিৰুদ্ধে সদায় মাত মাতি অহা জুবিন গাৰ্গ নিজেও ক’ব নোৱাৰাকৈ অন্যায়ৰ বলি হৈছে নেকি সেয়াও তদন্তৰ বিষয় এতিয়া।
কিয় দোষী নহ’ব তেওঁলোক :
প্ৰশ্ন হয় ৰাইজে অভিযোগ কৰাৰ ধৰণে তেওঁলোকক কিয় দোষী বুলি গন্য কৰা নহ’ব। অসুস্থ জুবিন গাৰ্গক মৃত্যু মুখলৈ তেওঁলোকে নিজৰ স্বাৰ্থটো ঠেলি দিয়া নাইনে ? আপোনভোলা গায়কজনৰ সৰলতাৰ সুযোগ ল’লে বহুতে। তেওঁৰ বেমাৰত ধন ঘটাৰ আহিলা কৰিলে এইসকলে।
জুবিন গাৰ্গৰ অনুৰাগীসকলে এই কথা অনুভৱ কৰিছে। কথাবোৰ সঁচা বুলি বিভিন্ন তথ্য- সূত্ৰই প্ৰতিপন্ন কৰিছে। তাৰ মাজতে কিছু দুৰ্ভাগ্যজনক আৰু আনুমানিক কথাই সমগ্ৰ পৰিৱেশ দুঃষিত কৰিছে। অযথা গৰিমা গাৰ্গক কেন্দ্ৰ কৰি এই মুহূৰ্তত একাংশই প্ৰচাৰ কৰা কথাবোৰ গৰিহণাৰযোগ্য।
তথ্য প্ৰমাণ নোহোৱাকৈ মনলৈ যি আহে তাকেই কৈ এক কল্প কাহিনীৰ সৃষ্টি কৰাৰ বিপৰীতে সঠিক বিচাৰ- বিশ্লেষণেৰে সমগ্ৰ ঘটনা প্ৰবাহ পোহৰলৈ অনাৰ দায়িত্ব সকলোৰে। আইনে শাস্তি দিয়ক বা নিদিয়ক জুবিন গাৰ্গৰ লাখ লাখ অনুৰাগীয়ে তেওঁলোকক চিনি থ’লে, সামাজিকভাৱে এলাগী কৰিলে এয়াও তেওঁলোকৰ বাবে কম শাস্তি নহ’ব। তথাপি সকলোৱে বিচাৰে এইসকল খলনায়কৰ শাস্তি হওক, কঠোৰ শাস্তি হওক...