জুবিনৰ মৃত্যুৰ পাছত গৰিমাৰ প্ৰথমটো খোজ...

যিটো কথা জুবিনক ভালপোৱা সকলে অনুভৱ কৰিছিল, সেই কথাটোকে বাস্তৱত ৰূপায়ণ কৰি আনুষ্ঠানিকভাৱে ঘোষণা কৰা হ’ল যে, জুবিন গাৰ্গৰ নামত এটা ন্যাস গঠন কৰা হৈছে। এই ন্যাসৰ পৰিসৰ নিশ্চিতভাৱে বহু বহল হ’ব আৰু ইয়াৰ দায়িত্ব যথেষ্ট গধুৰ হ’ব। 

author-image
মৃদুল কুমাৰ সন্দিকৈ
আপডেট কৰা হৈছে
New Update
bikhekh lekha (12)

মৃদুল কুমাৰ সন্দিকৈ

যিটো কথা জুবিনক ভালপোৱা সকলে অনুভৱ কৰিছিল, সেই কথাটোকে বাস্তৱত ৰূপায়ণ কৰি আনুষ্ঠানিকভাৱে ঘোষণা কৰা হ’ল যে, জুবিন গাৰ্গৰ নামত এটা ন্যাস গঠন কৰা হৈছে। এই ন্যাসৰ পৰিসৰ নিশ্চিতভাৱে বহু বহল হ’ব আৰু ইয়াৰ দায়িত্ব যথেষ্ট গধুৰ হ’ব। 

কাহিলিপাৰাৰ জুবিন গাৰ্গৰ বাসগৃহ (ফ্লেট)ত আয়োজিত এক সংবাদমেলত জুবিন গাৰ্গৰ ভগ্নী ড০ পামী বৰঠাকুৰ, পত্নী গৰিমা শইকীয়া গাৰ্গ, খুৰাক মনোজ বৰঠাকুৰ, সাংবাদিক গৌতম শৰ্মা আদিৰ উপস্থিতিত সেই আনুষ্ঠানিক ঘোষণা ২ জানুৱাৰী ২০২৬ত কৰা হয়। এই কথা ঘোষণা কৰি আৱেগিক হৈ পৰে পত্নী গৰিমা গাৰ্গ।

সেই সন্দৰ্ভত দিয়া এটা প্ৰেছ বাৰ্তাত এই বিষয়ে কোৱা হয় এইদৰে- “জুবিন গাৰ্গ অসম আৰু অসমবাসীৰ প্রাণে প্রাণে চিৰদিন চিৰবর্তমান এক সত্ত্বা। এই সত্ত্বাটোৰ সমান্তৰালভাৱে শিল্পীগৰাকীৰ স্বপ্ন আক কর্ম, সাধনা আৰু সৃষ্টি, আদর্শ আৰু বিশ্বাসকো আমি চিৰযুগমীয়া কৰি ৰাখিব লাগিব।

শিল্পীগৰাকীৰ পৰিয়াল, আত্মীয় স্বজন আৰু অগ্রজ-অনুজ ভ্রাতৃ-বন্ধুৰ সহায়-সহযোগিতা তথা দিহা-পৰামর্শেৰে আমি এক নতুন পদক্ষেপ ল'বলৈ আগবাঢ়িছোঁ। সমাজ, সংস্কৃতি, প্রকৃতি তথা নতুন প্রজন্মৰ কল্যাণৰ বাবে জুবিন গার্গে অলেখ সপোন দেখিছিল আৰু সিবোৰৰ হকে নিৰন্তৰ কাম কৰি গৈছিল। শিল্পীগৰাকীৰ সেই চেতনাক সাৰোগত কৰি, ৰাইজৰ সহায়-সহযোগিতা আৰু অভিভাৱকত্বৰ কামনাৰে আমি জুবিন গাৰ্গৰ নামত এটি ট্রাষ্ট বা ন্যাস গঠন কৰিবলৈ আগবাঢ়িছোঁ।

এই ট্রাস্টৰ যোগেদি জুবিন গাৰ্গৰ আদর্শেৰেই তেখেতৰ প্রিয় প্রকৃতি, মানুহ, সমাজ, সংস্কৃতি আৰু নতুন পুৰুষৰ বাবে আমি কাম কৰি যাম। এই পৰিকল্পনাৰ প্ৰথম পদক্ষেপ হিচাপে আমি আমাৰ খাৰঘূলিৰ যিটো property-সেইটো এই উদ্দেশ্যৰ বাবে আগবঢ়াই দিব বিচাৰিছোঁ। আমাৰ আশা- জুবিন গাৰ্গৰ সপোনৰ ঘৰটোৰ পৰাই তেখেতৰ আদৰ্শ আৰু দর্শনক জীয়াই ৰখাৰ বাবে কিছু ভাল কাম হৈ থাকক।

জুবিন গার্গে কৰি যোৱাৰ দৰেই এই ট্রাস্টে 'কলাগুক আর্টিষ্ট ফাউণ্ডেশ্যন'ৰ যোগেদি বিভিন্ন সামাজিক-সাংস্কৃতিক দিশত কাম কৰি যাব। শিল্পীগৰাকীয়ে তেখেতৰ ভগ্নীৰ নামত প্রতিষ্ঠা কৰি থৈ যোৱা 'অভিনয়াঃ জংকী বৰঠাকুৰ পৰিৱেশ্য কলা কেন্দ্র'ৰ যোগেদি নতুন প্রজন্মৰ বাবে বিভিন্ন সাংস্কৃতিক পদক্ষেপ আমি গ্রহণ কৰি যাম।

তাৰ লগতে, জুবিন গাৰ্গৰ যিখিনি বৌদ্ধিক উত্তৰাধিকাৰ বা intellectual property, সেইবোৰৰ যথোপযুক্ত সংৰক্ষণৰ বাবে বিজ্ঞানসম্মত ব্যবস্থা গ্রহণ কৰা হ'ব। জুবিন গাৰ্গৰ জীৱন আৰু কর্ম, তেখেতৰ কৃতি-কৃতিত্ব আৰু সাংস্কৃতিক-সামাজিক অৱদান সম্পর্কে বিদ্যায়তনিক আৰু প্রণালীবদ্ধভাৱে চর্চা কৰাৰ উদ্দেশ্যেৰে এটি বিশেষ গৱেষণা গোট বা dedicated research wing গঠন কৰা হ'ব যিয়ে নিয়মীয়াকৈ শিল্পীগৰাকীক লৈ বৌদ্ধিক অন্বেষণ কৰি যাব।

জুবিন গাৰ্গৰ পঢ়াশলীয়া জীৱনৰ কেইবাগৰাকীও বন্ধু-বান্ধৱ, যি নিজ নিজ ক্ষেত্রত বিশেষভাৱে প্রতিষ্ঠিত, তেওঁলোকৰ লগতে ৰাজ্যখনৰ সামাজিক, সাংস্কৃতিক, প্রশাসনিক তথা সংবাদ জগতৰ বহুকেইগৰাকী অগ্রজ-অনুজ ভ্রাতৃ-বন্ধুৰ সহযোগিতাৰে আমি এই পদক্ষেপ হাতত লৈছোঁ। জুবিন গার্গে তেওঁৰ সেনাবাহিনী বুলি অভিহিত কৰা 'জুবিন ফেন ক্লাব' এই পৰিকল্পনাৰো সহযাত্রী হৈছে। জুবিন গাৰ্গৰ নামত গঠন হ'বলগীয়া এই ট্রাষ্টৰ প্ৰাৰম্ভিক পৰ্যায়ত সংবাদ মাধ্যমৰ যোগেদি আমি অসমবাসীৰ আশীষ বিচাৰিছোঁ।“

গৰিমা গাৰ্গে স্বাক্ষৰিত কৰা এই কথাখিনিতে জুবিন গাৰ্গৰ ন্যাস গঠনৰ প্ৰক্ৰিয়াটোৰ সন্দৰ্ভত প্ৰাথমিক আভাস পোৱা যায়। ন্যাসৰ সৈতে জড়িত হ’ব লগা লোকসকলৰ কিছুৰ নামো সংবাদমেলত ঘোষণা কৰা হৈছে। সেই অনুসৰি ন্যাস পৰিচালনা কৰিব জুবিন গাৰ্গৰ খুৰাক মনোজ বৰঠাকুৰে। লগত থাকিব সাংবাদিক গৌতম শৰ্মা আৰু পাৰ্থ সাৰথি মহন্ত। 

এই ন্যাসৰ অধীনত ৩টা শাখা থাকিব। তাৰে এটা হৈছে- কলাগুৰু আৰ্টিষ্ট ফাউণ্ডেশ্যন, আনটো হৈছে অভিনয়া : জংকি বৰঠাকুৰ পৰিৱেশ্য কলা আৰু তৃতীয়টো হ’ব গৱেষণা শাখা। এই গৱেষণা শাখাটোৰ সৈতে জড়িত থাকিব বিদ্যায়তনিক আৰু সাংস্কৃতিক ক্ষেত্ৰৰ অভিজ্ঞ লোকসকল। জুবিন গাৰ্গৰ সন্দৰ্ভত গৱেষণা আৰু অধ্যয়নৰ দিশটো চম্ভালিব এই শাখাই। জুবিনৰ এখন শুদ্ধ আৰু সম্পূৰ্ণ জীৱনী প্ৰস্তুত কৰাৰ কথাও গৰিমা গাৰ্গে দোহাৰে। 

ইয়াৰ বাবে জুবিনে লগ পোৱা বিভিন্ন লোকৰ সৈতে মত- বিনিময়, তথ্য সংগ্ৰহ আদি কামৰ বাবে বহু সময়ৰ প্ৰয়োজন হ’ব বুলিও গৰিমা গাৰ্গে জানিবলৈ দিয়ে। খাৰঘুলিৰ ঘৰটো ন্যাসৰ নামতে উছৰ্গা কৰাৰ কথা ঘোষণা কৰে গৰিমাই। জুবিনৰ মৃত্যুৰ চাৰে তিনিমাহৰ পাছত এয়া প্ৰথমটো খোজ বুলিও আখ্যা দিয়ে গৰিমাই।

ইয়াৰ বাবে সকলো ৰাইজৰ সহযোগ আৰু আশীৰ্বাদ বিচাৰে গৰিমাই। লগতে গৰিমাই মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাকো ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰে। এয়া গৰিমাৰ সৰলতা আৰু বিনম্ৰতাৰ পৰিচয়। জুবিন গাৰ্গৰ ন্যায়ক লৈ তেওঁ সামাজিক মাধ্যমতো সৰৱ হোৱা দেখা যায়। কেতিয়াবা হতাশা, কেতিয়াবা সন্তুষ্টিৰে ভৰা এইবোৰ প্ৰতিক্ৰিয়া। 

গৰিমা গাৰ্গ হতাশ হ’লে সাধাৰণ মানুহৰ মনতো হাতাশাৰে ছানি ধৰে। ধৈৰ্য আৰু সাৱধানতাৰে জুবিনৰ মৃত্যুৰ পাছৰ সময়খিনি অতিবাহিত কৰোতে আন বহু প্ৰত্যাহ্বানৰ সন্মুখীন তেওঁ হ’ব লগা হৈছে। সেই প্ৰত্যাহ্বানবোৰৰ মাজত কেতিয়াবা তেওঁ দিশহাৰা হৈ পৰে যেন বোধ হয় !

সামাজিক মাধ্যমত তেওঁ আক্ৰমণৰ লক্ষ্য হোৱাৰ দৰে দুৰ্ভাগ্যজনক ঘটনাও দেখিবলৈ পোৱা গৈছে। সেইবোৰ অতিক্ৰম কৰি জুবিন গাৰ্গক আগুৱাই নিয়াৰ দায়িত্ব তেওঁৰ মৃত্যুৰ পাছত গৰিমা গাৰ্গে কান্ধ পাতি ল’ব লগা হৈছে। অৱশ্যে এইটো ঠিক যে, জীৱিতকালত জুবিনক এটা পক্ষই বেৰি সাধাৰণ মানুহৰ মাজত থাকি ভালপোৱা মানুহজনক আঁতৰাই ৰাখিছিল। 

সেই কাম যাতে তেওঁৰ মৃত্যুৰ পাছত কোনেও কৰিব নোৱাৰে, তাৰ প্ৰতি গৰিমা গাৰ্গ এইবাৰ কিন্তু সজাগ আৰু সচেতন হৈ থাকিবই লাগিব। নহ’লে মৃত্যুৰ পাছতো জুবিনক পণ্য সামগ্ৰী কৰি পেলোৱা মানুহৰ অভাৱ নাই এতিয়াও...

জুবিন গাৰ্গ গৰিমা শইকীয়া গাৰ্গ