/asomiyapratidin/media/media_files/2025/09/30/ap-for-web-new-bikhekh-lekha-3-2025-09-30-12-54-36.jpg)
মৃদুল কুমাৰ সন্দিকৈ
এটা যুগৰ অন্ত পৰিল। 'জুবিন' নামৰ এটা সত্বা কিন্তু আমাৰ মাজত তেওঁ এৰি থৈ গ'ল। এই প্ৰেক্ষাপটত জুবিনৰ সৃষ্টি আৰু দৰ্শনক লৈ আলোচনা-পৰ্যালোচনা হোৱাৰ বহু অৱকাশ থকাৰ পাছতো আমি বিতৰ্ক আৰু তেওঁৰ মৃত্যু কেন্দ্ৰিক খবৰবোৰৰ পাছতহে ব্যস্ত হৈ পৰিব লগা হৈছে।
জুবিনৰ মৃত্যুৰ ঘটনাৰ সত্যৰ অন্বেষণ নিশ্চয় হ'বই লাগিব। তাৰ মাজতে জুবিনৰ অনুপস্থিতিত তেওঁক সঠিক পৰ্যালোচনাৰে আমি কেনেদৰে তেওঁক জীয়াই ৰাখিব পাৰে তাৰো এক সুসংহত পৰিকল্পনাৰো প্ৰয়োজন আছে।
এয়া এক জাতীয় দায়িত্ব। প্ৰিয় শিল্পী জনৰ অনুপস্থিতিত তেওঁৰ বাবে আমি কি কৰিব পাৰো আৰু কি কৰাৰ দৰকাৰ তাৰ এক ৰূপৰেখা তৈয়াৰ হ'ব লাগে। কোনেও যাতে আৱেগিক হৈ জুবিনৰ প্ৰতি আন্তৰিকতা প্ৰদৰ্শনৰ নামত অনাগত দিনবোৰত জুবিনৰ অৱদান আৰু তেওঁৰ স্বভিমানক লৈ খেলা কৰিব নোৱাৰে তাৰ প্ৰতি সকলো সজাগ-সচেতন হৈ থাকিব লাগিব।
ইয়াৰ বাবে চৰকাৰ,জাতীয় দল-সংগঠন,ৰাইজ,জুবিনৰ অনুৰাগী আৰু তেওঁৰ পৰিয়ালে এক পৰিকল্পিত আঁচনি গ্ৰহণ কৰিব পাৰে। ইতিমধ্যে সামাজিক মাধ্যমত বিভিন্ন কথা-বতৰা চৰ্চা হৈছে। সেইবোৰৰ ভিতৰত কিছু কাম কৰাৰ দিশে যোৱা কেইটামান দিনতে সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।
১) পাঠ্যক্ৰমত সন্নিৱিষ্ট জুবিনঃ
প্ৰথম ড০ বুলজিৎ বৰগোহাঁয়ে জুবিন গাৰ্গৰ কৰ্মৰাজী পাঠ্যক্ৰমত অন্তৰ্ভুক্ত হ'ব লাগে বুলি প্ৰস্তাৱ আগবঢ়াইছিল। চৰকাৰী পক্ষৰ ফালৰ পৰাও নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ অধীনত তেনে পাঠ্যক্ৰম প্ৰস্তুত হ'ব বুলি ইতিমধ্যে ঘোষণা কৰিছিল।
সেই পাঠ্যক্ৰম হ'ব লাগে বিশেষজ্ঞ লোকৰ দ্বাৰাই প্ৰস্তুত কৰা। কেৱল অসমৰ ভিতৰতে ইয়াক সীমাৱদ্ধ নকৰি বিশ্বৰ প্ৰেক্ষাপটত আৰু মহাবিদ্যালয়, বিশ্ববিদ্যালয় পৰ্যায়তো অন্তৰ্ভুক্ত কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে।
প্ৰয়োজনত পাঠ্যক্ৰমৰ অধ্যায়বোৰ চিনাক্ত কৰি অসমৰ বিশ্ববিদ্যালয় সমূহে ইয়াৰ দায়িত্ব গ্ৰহণ কৰিলে, সেই পাঠ্যক্ৰমৰ উদ্দেশ্য আৰু গভীৰতা বৃদ্ধি পাব। ইয়াক কেৱল মানুহে কোৱাৰ বাবেই জুবিনৰ নামত এক লেখা পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰাৰ দৰেই হ'ব নালাগে।
২) জুবিনৰ গীতৰ সংকলন স্বৰলিপি প্ৰকাশঃ
জুবিন গাৰ্গে ৩৮০০০ ৰৰো অধিক গীত গাইছিল। বহু সহস্ৰাধিক গীত তেওঁ লিখিছিল। সেই গীত সমূহৰ সংকলন প্ৰকাশ কৰিলে এয়া হ'ব তেওঁৰ গীত সমূহক জীয়াই ৰখা এক উল্লেখযোগ্য পদক্ষেপ।
কেইবাটাও খণ্ডত এই গীত সমূহৰ প্ৰকাশৰ দিহা কৰিব পাৰি। গীতৰ লগতে তাৰ স্বৰলিপি প্ৰস্তুত কৰি প্ৰকাশৰ ব্যৱস্থা কৰিলে গীত সমূহৰ নিজস্বতা আৰু স্বকীয়তা চিৰদিনৰ বাবে থাকি যাব। এই দিশত বিশেষজ্ঞ লোক সকলে উদ্যোগ গ্ৰহণ কৰিব লাগিব।
৩) জুবিনৰ গীত আৰু জীৱন দৰ্শনক লৈ গৱেষণাঃ
জুবিন গাৰ্গৰ প্ৰতিটো গীতে সমাজবাদী চেতনা, চিন্তাৰ গভীৰতা, মৌলিকতাৰে ভৰপূৰ। সেই গীত সমূহৰ মাজত আছে জীৱনৰ এক অনন্য় দৰ্শন। জুবিনৰ গীতক লৈ গৱেষণা কৰা বহু থল আছে।
বিশ্ববিদ্যালয়ৰ কৰ্তৃপক্ষ, গৱেষক ছাত্ৰ সকলে এনেবোৰ বিষয় গৱেষণাৰ বিষয় হিচাপে গ্ৰহণ কৰিলে ইয়াৰ পৰা তেওঁৰ সৃষ্টিৰাজীক মূল্যায়ণ কৰাৰ এক নতুন পথ মুকলি হ'ব।
৪) এখন সঠিক সম্পূৰ্ণ জীৱনীঃ
জুবিন গাৰ্গৰ ৫২ বছৰীয়া জীৱন বহু উত্থান-পতনৰ মাজেৰে ভৰা। তেওঁৰ বিষয়ে বিভিন্ন গ্ৰন্থ প্ৰকাশ পাইছে যদিও তেওঁৰ অনুপস্থিতিত সঠিক তথ্যৰ আধাৰত তেওঁৰ এখন সম্পূৰ্ণ জীৱনী প্ৰস্তুত কৰিব পাৰি।
প্ৰয়োজনত ইয়াৰ বাবে অভিজ্ঞ আৰু তেওঁ আত্মীয় তথা ঘনিষ্ঠ লোকসকলক লৈ এখন সম্পাদনা সমিতি প্ৰস্তুতেৰে এই কাম সম্পন্ন কৰিবলৈ পদক্ষেপ ল'ব লাগে।
৫) "জুবিন সংগীতক" আনুষ্ঠানিক স্বীকৃতিঃ
মানুহে ইতিমধ্যে জুবিনৰ সংগীতক স্বীকৃতি দিছে। এই স্বীকৃতি স্বতঃস্ফুটভাৱে দিয়া স্বীকৃতি। চৰকাৰে আনুষ্ঠানিকভাৱে ইয়াত ছীল-মোহৰ মাৰি জুবিনৰ গীত সমূহক জুবিন সংগীতৰূপে স্বীকৃতি দিব পাৰে।
৬) জুবিন সংগ্ৰহালয় স্থাপনঃ
জুবিনে ব্যৱহাৰ কৰা সামগ্ৰী সমূহ উপযুক্ত সংৰক্ষণ কৰিব পাৰি। সৰু-ডাঙৰ সেই তেওঁৰ স্মৃতি বিজড়িত সামগ্ৰ সমূহ হ'ব তেওঁক সোঁৱৰণ কৰা এক উৎস। চৰকাৰে ইতিমধ্যে তেওঁৰ গীতৰ ডিজিটেল সংগ্ৰহালয় স্থাপনৰ কথা ঘোষণা কৰিছে।
আশা কৰা হৈছে সোণাপুৰৰ সমাধি ক্ষেত্ৰতো এনে কিছু ব্যৱস্থা থাকিব। সেইবোৰৰ উপৰি জুবিনৰ এই সংগ্ৰহালয় কেৱল তেওঁৰ ব্যক্তিগত ব্যৱহৃত সম্পদ সমূহেৰে উপযুক্ত স্থানত স্থাপনৰ কথা ভাৱিব পাৰি।
৭) মাডাম টুচেড জুবিনৰ প্ৰতিমূৰ্তিঃ
লণ্ডনৰ এই বিখ্যাত সংগ্ৰহালয়ত বিশ্বৰ বহু জনপ্ৰিয়, প্ৰতিষ্ঠিত শিল্পী,তাৰকাৰ ম'মৰ প্ৰতিমূৰ্তি আছে। বলিউডৰ বহু নায়ক-নায়িকাৰ প্ৰতিমূৰ্তিও ইয়াত স্থান লাভ কৰিছে। জুবিনৰ দৰে শিল্পীৰ প্ৰতিমূৰ্তিয়ে যে ইয়াত স্থান লাভ কৰিব পাৰে তাৰ বাবে যোগাযোগ আৰু পদক্ষেপ গ্ৰহণ কৰিব পাৰি। মানস ৰবিনে এই ক্ষেত্ৰত চিন্তাৰ বাট মুকলি কৰি এই প্ৰস্তাৱ আগবঢ়াই থৈছে।
৮) জুবিনৰ নামত এটা জাতীয় ন্যাসঃ
জুবিনৰ নামত নিশ্চয় এখন ন্যাস গঠন হ'ব। এই ন্যাসৰ দ্বাৰাই এটা জাতীয় ন্যাস পুঁজি গঠন কৰিব পাৰি। বিপদৰ সময়ত শিল্পী,কলা-কুশলী,দৰিদ্ৰ লোকক এই ন্যাসৰ পৰা সহায়-সহযোগ কৰিব পৰা যাব।যিটো কাম জুবিনে সদায় কৰিছিল।
৯) জুবিনৰ চিনেমা সংগ্ৰহ আৰু আলোচনাঃ
জুবিনে সংগীত পৰিচালনা কৰা চিনেমাৰ সংখ্যা যথেষ্ঠ। এই চিনেমাবোৰৰ প্ৰকৃত তথ্য সংগ্ৰহ আৰু তেওঁ নিজে কৰা চিনেমাবোৰৰ উপযুক্ত সংৰক্ষণ কৰিবলৈ ব্যৱস্থা গ্ৰহণ কৰিব পাৰি।
১০) জুবিনৰ নামত তথ্যচিত্ৰ আৰু পূৰ্ণদৈঘ্য বায়'পিকঃ
মৃত্যুৰ লৈকে জুবিনৰ এই যাত্ৰা সামৰি এখন উন্নতমানৰ তথ্যচিত্ৰ প্ৰস্তুত কৰাৰ প্ৰয়োজন আছে। জুবিনক লৈ প্ৰস্তুত কৰা এই তথ্য চিত্ৰ হিন্দী,ইংৰাজী আৰু অসমীয়াত হ'ব লাগে।
জুবিনক লৈ এখন পূৰ্ণদৈঘ্য বায়'পিক প্ৰস্তুত কৰিব পাৰি। শশাংক সমীৰৰ দৰে তেওঁৰ ঘনিষ্ঠ আৰু এনে কামৰ অভিজ্ঞতা থকা লোকক ইয়াৰ দায়িত্ব দিব পাৰি।
১১) জুবিন বিষয়ক গ্ৰন্থ প্ৰকাশঃ
জুবিন গাৰ্গৰ মৃত্যুৰ পাছত তেওঁক লৈ বিভিন্ন আলোচনা হৈছিল। সামাজিক মাধ্যম আৰু সংবাদ মাধ্যমত হোৱা এই লেখাবোৰৰ বহু সংখ্যক লেখা অতি উচ্চমানৰ। সেই নিৰ্বাচিত লেখাবোৰ সম্পাদনা কৰি জুবিন সম্পৰ্কীয় গ্ৰন্থ প্ৰকাশ কৰিব পাৰি।
ইয়াৰ উপৰিও প্ৰকাশক সকলে বিভিন্ন দৃষ্টিভংগীৰে জুবিন বিষয়ক গ্ৰন্থ নিশ্চয় প্ৰকাশৰ কথা চিন্তা-চৰ্চা কৰিছে। এইবাৰ গ্ৰন্থমেলাৰ বতৰত আশা কৰা হৈছে তেনে গ্ৰন্থৰ সমাহাৰ ঘটিব। অসম কলেজ শিক্ষক সন্থায়ো এনে এক উদ্যোগ গ্ৰহণ কৰিছে।
১২) জুবিনৰ দৰ্শনৰ প্ৰচাৰ-প্ৰসাৰঃ
জুবিনৰ কথাবোৰ আছিল ব্যতিক্ৰম। সৰু এটা কথাই মানুহৰ মনত প্ৰভাৱ পেলাই থৈ যায়। ইয়াক জুবিনৰ দৰ্শনো বুলিব পাৰি। সেই কথাবোৰ প্ৰচাৰ আৰু প্ৰসাৰ হ'ব লাগে। সমাজত ইয়াৰ এটা ভাল প্ৰভাৱ পৰিব। তেওঁৰ বহু কথা আছিল সময়ৰ সতৰ্কবাণী।
১৩) জুবিনৰ গীতৰ কপিৰাইটঃ
জুবিনৰ গীতৰ কপিৰাইটসমূহ তেওঁ হাতত নাই বুলি ইতিমধ্যে খবৰ প্ৰকাশ পাইছে। ইয়াক লৈ যথেষ্ট বিতৰ্কও হৈছে। এই গীতসমূহৰ কপিৰাইট আৰু ৰয়েলিটি যাতে জুবিনৰ আইনী উত্তৰাধিকাৰী বা ন্যাসে পাব পাৰে তাৰ বাবে এক উদ্যোগ গ্ৰহনৰ প্ৰয়োজন আছে।
১৪) জুবিনক দিয়া গামোছাবোৰঃ
জুবিনৰ মহাপ্ৰস্থানৰ পাছত অজস্ৰ অনুৰাগীয়ে তেওঁক এখন গামোছাৰে শেষ বিদায় জনাইছিল। সেই হাজাৰ হাজাৰ গামোছা ক'ৰবাত সংৰক্ষণ কৰি থোৱাতো সম্ভৱ নহয়। মানুহে তেওঁক ভগৱানৰ শাৰীত থৈছে। তেওঁক দিয়া সেই গামোছাবোৰো মানুহে ভক্তি ভাৱেৰে নিজৰ ঘৰত ৰাখিব বিচাৰিব।
এই ক্ষেত্ৰত জুবিনৰ পৰিয়াল আৰু প্ৰশাসনে গামোছাবোৰ জুবিনৰ স্মৃতি হিচাপে সংগ্ৰহ কৰিব বিচৰা লোকক দিয়াৰ ব্যৱস্থা কৰিব পাৰে। এটা নিৰ্দিষ্ট দৰত সেই গামোছাবোৰ নিলাম কৰিব পৰা যায়। ইয়াৰ জৰিয়তে জুবিন ন্যাসৰ বাবে যথেষ্ট সংখ্যক পুঁজিও সংগ্ৰহ হ'ব।
১৫) লুইতৰ বুকুত জুবিনৰ প্ৰতিমূৰ্তিঃ
লুইতৰ বুকুত জুবিনৰ এটা প্ৰতিমূৰ্তি নিৰ্মানৰ ব্যৱস্থা কৰিব পাৰি। কিয়নো জুবিনে লুইত ভাল পাইছিল। এই প্ৰতিমূৰ্তিৰ স্থান হ'ব পাৰে শেহতীয়াকৈ মহানগৰীত পুৰণি জিলা আয়ুক্তৰ কাৰ্যালয় ভাঙি নিৰ্মাণ কৰা সৌন্দৰ্য বৰ্ধনৰ বাবে লোৱা স্থানৰ সমীপত। লুইতৰ পাৰৰ এই স্থানৰ পৰা জুবিনৰ সেই প্ৰতিমূৰ্তি দৰ্শন কৰিবলৈ বহু লোকৰ নিশ্চয় সমাগম ঘটিব।
১৬) বিশ্ব অভিলেখৰ বাবে আনুষ্ঠানিক অনুৰোধঃ
জুবিনক শেষ বিদায় জনাবলৈ সমাগম হৈছিল লাখ লাখ লোকৰ। বহুতে ইয়াক বিশ্বৰ অভিলেখ বুলি আখ্যা দিছে। সেই অভিলেখৰ স্বীকৃতি প্ৰদান কৰা অনুষ্ঠানলৈ এই বিষয়ে পত্ৰ আৰু তথ্য প্ৰেৰণ কৰিব লাগে। যাতে এই এক অভিলেখৰ আনুষ্ঠানিক ৰূপ পায়।
১৭) জুবিনৰ নামত এখন সংগীত বিশ্ববিদ্যালয়ঃ
জুবিনৰ নামত এখন সংগীত বিশ্ববিদ্যালয় স্থাপন কৰিব পাৰে। চৰকাৰে আৰু ৰাইজে এই দিশত উদ্যোগ আৰু চিন্তা-চৰ্চা কৰা ভাল। কোনো ব্যক্তিগত লোকে যাতে জুবিনৰ আৱেগক লৈ এনে কাম কৰিব নোৱাৰে তাৰ বাবে আগতিয়াকৈ সতৰ্ক থকা প্ৰয়োজন।
১৮) জুবিন সংগীত মহোৎসৱঃ
জুবিনৰ জন্ম দিনটো ৰাজ্যজুৰি জুবিন সংগীত মহোৎসৱৰূপে উদযাপন কৰিব পাৰি। ১৯৭২ চনৰ ১৮নৱেম্বৰত জন্ম হৈছিল জুবিনৰ। এই দিনটোত তেওঁক এনেদৰে সোঁৱৰণ কৰা ব্যৱস্থা কৰিব লাগে। তেওঁ অনুপস্থিতিত এয়া হ'ব তেওঁৰ বাবে এক সজল সোঁৱৰণ।
১৯) মানুহৰ দিন উদযাপনঃ
জুবিনে কোনো জাতি-ধৰ্মত বিশ্বাস ৰখা নাছিল। তেওঁ নিজে কৈ গৈছে তেওঁ নিজকে মানুহ বুলিহে ভাৱে। সাম্প্ৰদায়িকতাৰ বিপৰীতে জুবিনৰ এই বাৰ্তা আছিল সম্প্ৰীতি আৰু মানৱতাৰ বাৰ্তা। জুবিনৰ মৃত্যু দিন ১৯ ছেপ্তেম্বৰত সেয়েহে আমি মানুহৰ দিন হিচাপে উদযাপন কৰিব পাৰো।
২০) জুবিন মন্দিৰ!
এতিয়া ঠায়ে ঠায়ে জুবিনৰ প্ৰতিমূৰ্তি নিৰ্মাণৰ বাবে মানুহে সিদ্ধান্ত লৈছে। এই সিদ্ধান্তক অলপ উচ্চস্তৰলৈ নি বিভিন্ন স্থানত জুবিন মন্দিৰ নিৰ্মাণ কৰিব পাৰি। সেই মন্দিৰ আনি সাধাৰণ মন্দিৰৰ দৰে হ'ব নালাগে। তাত সকলো ধৰ্মৰ লোক যাব পৰাকৈ জুবিনৰ সংগীতৰ লগতে কলা-সংস্কৃতি বিকাশৰ এক কেন্দ্ৰস্থলৰূপে গঢ়ি তুলিব পাৰি। এনেকৈয়ে জুবিনক ভগৱানৰ শাৰীতে থ'ব পৰা যাব।
জুবিনৰ লৈ আমি কৰিব পৰা কিছু কামৰ এক চমু আভাস হে এয়া। চৰকাৰে ইতিমধ্যে জুবিনক লৈ কৰিব পৰা কিছু কামৰ কথা ঘোষণা কৰিছে। আন বহুতৰ মনতো চাগৈ তেনে কিছু পৰিকল্পনাই ভুমুকি মাৰিছে। সেই সকলোবোৰ কথা বিচাৰ-বিশ্লেষণ কৰি এক উমৈহতীয়া কাৰ্যসূচী গ্ৰহণ কৰিব পাৰি।
এই দিশত আৰু অধিক চিন্তা-চৰ্চাৰ প্ৰয়োজন আছে। জুবনিৰ মৃত্যুৰ পাছত আমি আৱেগিক হৈ আছো। সেই আৱেগক সম্বল কৰি লৈ আমি জুবিনৰ বাবে বহুত কৰিব পাৰো। জুবিনে আমাৰ বাবে বহু দি গ'ল। এতিয়া আমাৰ সময় তেওঁৰ বাবে কিবা এটা কৰা।
যিবোৰ কামৰ জৰিয়তে জুবিনক জীয়াই ৰখাই নহয়, জুবিনে বিচৰাৰ দৰে জাতিটোক সমৃদ্ধশালী কৰিব পাৰি। এনেবোৰ কামেহে জুবিনক জীয়াই ৰাখিব। তেওঁৰ প্ৰতি আমাৰ দায়বদ্ধতা প্ৰকাশ পাব...