জুবিনঃ ১৯ছেপ্টেম্বৰৰ পৰা ১৯অক্টোবৰলৈ...

এটা দিনেই যেন আছিল নাযায় নুপুৱায়। ৩০টা দিন তেওঁৰ অবিহনে পাৰ হৈ গ’ল। কাণত বাজি আছে তেওঁৰ গীতবোৰ। বুকুত বৈ আছে শোকৰ নৈ। আবেগ আৰু শোকৰ সংমিশ্ৰণত গঢ় লৈ উঠিছে তেওঁহীন দিনৰ প্ৰাণ নথকা সময়ৰ কঠোৰ বাস্তৱ।

New Update
WhatsApp Image 2025-10-19 at 1.51.03 PM

মৃদুল কুমাৰ সন্দিকৈ

এটা দিনেই যেন আছিল নাযায় নুপুৱায়। ৩০টা দিন তেওঁৰ অবিহনে পাৰ হৈ গ’ল। কাণত বাজি আছে তেওঁৰ গীতবোৰ। বুকুত বৈ আছে শোকৰ নৈ। আবেগ আৰু শোকৰ সংমিশ্ৰণত গঢ় লৈ উঠিছে তেওঁহীন দিনৰ প্ৰাণ নথকা সময়ৰ কঠোৰ বাস্তৱ।
  
আজি ১৯অক্টোবৰ, ২০২৫। আজিৰ পৰাই উভতি চাওঁ সেই ৩০দিনৰ দিনলিপি, বহু ঘটনা ঘটি গ’ল তেওঁৰ অনুপস্থিতিত।  

১৯অক্টোবৰ, ২০২৫- 

জুবিন গাৰ্গৰ মৃত্যুৰ এমাহ হ’ল।  জুবিনৰ জোনালীস্থিত ষ্টুডিঅত তেওঁৰ সহশিল্পী আৰু পৰিয়ালৰ লোকৰ এমহীয়া বিশেষ অনুষ্ঠান। জুবিনৰ সোণাপুৰ সমাধিক্ষেত্ৰত পুৱতি নিশাৰে পৰা লোকৰ আগমন।

ধুবুৰীৰ পৰা শদিয়ালৈকে বাছ ভাড়া কৰি উপস্থিত লৈছে সহস্ৰাধিক লোক। ৰাজ্যৰ ভিন্ন প্ৰান্তত জুবিন গাৰ্গৰ মৃত্যুৰ এমহীয়া অনুষ্ঠান। নগাঁৱৰ কাকীৰ লগতে কাহিলীপাৰাত স্থাপন কৰা হ’ল জুবিনৰ প্ৰতিমূৰ্তি।

১৮অক্টোবৰ, ২০২৫-

জুবিন বিহীন প্ৰথমটো বিহু। কাতি বিহু লগত সংগতি ৰাখি জুবিনৰ নামতো বহুতে জ্বলালে চাকি। 

১৭অক্টোবৰ, ২০২৫


•    শেখৰজ্যোতি-অমৃতপ্ৰভা আৰক্ষীৰ জিম্মাৰ ম্যাদ অন্ত। দুয়োকে প্ৰেৰণ হাফলং কাৰাগাৰলৈ।
•    জুবিনৰ সমাধিক্ষেত্ৰত উপস্থিত ৰাহুল গান্ধী। কাহিলীপাৰাত সাক্ষাত কৰিলে জুবিনৰ পৰিয়ালক।
•    জুবিনৰ মৃত্যুৰ প্ৰাথমিক তদন্তৰ সন্দৰ্ভত আনুষ্ঠানিক বিবৃতি ছিংগাপুৰ আৰক্ষীৰ। বিবৃতিত উল্লেখ কৰিলে জুবিনৰ মৃত্যু অস্বাভাৱিক নহয়। তদন্ত সম্পূৰ্ণ কৰিবলৈ ৩মাহৰ সময় লাগিব। 
•    জুবিনক লৈ বিজেপিৰ কাৰ্যসূচী। ময়ো জুবিন, আমিও জুবিন টেগলাইনেৰে এই আন্দোলনৰ কথা ঘোষণা।
•    বিজেপিৰ এই টেগলাইনক লৈ ব্যাপক প্ৰতিক্ৰিয়া। তাৰ পাছতেই টেগলাইন সলনি কৰিলে বিজেপিয়ে। নতুন আন্দোলনৰ টেগলাইন- ময়ো জুবিন অনুৰাগী, আমিও জুবিন অনুৰাগী।

১৬অক্টোবৰ, ২০২৫-

 
•    জুবিনৰ মৃত্যুৰ লেহেমীয়া তদন্তৰ বিৰুদ্ধে ক্ষোভ ব্যক্ত কৰি গুৱাহাটী বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থীৰ ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ।
•    বাক্সাৰ নিকাছি, মুছলপুৰ, আদলবাৰীত বন্ধ দোকান-পোহাৰ। হিংসাত্মক কাৰ্যত জড়িত থকা দুজনক গ্ৰেপ্তাৰ। কেইবাজনকো চিনাক্ত আৰক্ষীৰ।
•ফাৰ্ষ্টট্ৰেক আদালতত জুবিন গাৰ্গৰ মৃত্যুৰ বিচাৰ প্ৰক্ৰিয়া চলাবলৈ আদালতত আবেদন জনাব চৰকাৰে। এই কথা প্ৰকাশ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ।
•    ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ উদ্যোগত জুবিনৰ বাবে ন্যায় বিচাৰি শিক্ষাৰ্থীৰ সমদল। 
•    শ্যামকানু মহন্তৰ সৈতে ছিংগাপুৰলৈ যোৱা ঢকুৱাখনাৰ সংমণ্ডলৰ জলসম্পদ বিভাগৰ সহায়ক অনিলেষ গগৈক চাকৰিৰ পৰা নিলম্বন।

১৫অক্টোবৰ, ২০২৫


•    ১৪দিনৰ জিম্মাৰ অন্তত বাক্সাৰ জেললৈ প্ৰেৰণ শ্যামকানু, সিদ্ধাৰ্থ, সন্দীপনৰ লগতে জুবিন গাৰ্গৰ দুই দেহৰক্ষী।
•    বাক্সাত উত্তপ্ত পৰিস্থিতি। প্ৰথমে প্ৰচণ্ড শিলাবৰ্ষণ ক্ষুদ্ধ ৰাইজৰ। ৰুদ্ৰ মূৰ্তি ধৰি জ্বলাই দিলে আৰক্ষীৰ দুখন বাহন, সংবাদমাধ্যমৰ গাড়ী। দুগৰাকী গুলীৱিদ্ধ। পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে লাঠীচালনা, কন্দুৱা গেছ আৰু শূণ্যলৈ গুলী নিক্ষেপ।
•    বাক্সাৰ কাৰাগাৰৰ সন্মুখত হাজাৰ হাজাৰ লোকৰ বিক্ষোভ। আহত ১০জনৰো অধিক সাংবাদিক আৰু কেইবাজনো আৰক্ষী।
•    ছিংগাপুৰৰ পৰা আহি এছ আই টিত হাজিৰ প্ৰতিম-সুস্মিতা-দেৱজ্যোতি।
•    ছিংগাপুৰৰ উচ্চায়ুক্তক দিল্লীত সাক্ষাত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ।
•    বিদেশ মন্ত্ৰীকো সাক্ষাত মুখ্যমন্ত্ৰীৰ।

১৪অক্টোবৰ, ২০২৫


•    জুবিন গাৰ্গৰ তদন্তৰ সন্দৰ্ভত এছ আই টিৰে বৈঠক বিশিষ্ট ব্যক্তিৰ। নিমন্ত্ৰিত অধিকাংশই নাথাকিল উপস্থিত। বৈঠকক লৈ তীব্ৰ সমালোচনা জুবিন প্ৰেমীৰ।
•    জুবিনৰ মৃত্যুক লৈ অজাপৰ নেতা চিত্ৰৰঞ্জন বসুমতাৰী সংবাদমেল। প্ৰশ্ন কৰিলে- প্ৰৱাসী অসমীয়া অভিমুন্য তালুকদাৰৰ সৈতে কি সম্পৰ্ক মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ। সেই কথা ৰাজহুৱা কৰাৰ দাবী।
* গুৱাহাটীত জুবিনৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত বাধা। যান-জঁটৰ দোহাই দি ছয়মাইলত অনুষ্ঠান অনুষ্ঠিত কৰাত বাধা প্ৰশাসনৰ। অনুষ্ঠানটো আয়োজন কৰিছিল গুৱাহাটীৰ শিল্পী সমাজে
•    CID কাৰ্যালয়ত হাজিৰ তন্ময় ফুকন আৰু অভিমন্যু তালুকদাৰ


১৩অক্টোবৰ, ২০২৫


• চি আই ডিত হাজিৰ ছিংগাপুৰৰ ৪গৰাকী অসমীয়া ক্ৰমে-  সিদ্ধাৰ্থ বৰা, পৰিক্ষীত শৰ্মা, গিঅ’লংসাত নাৰ্জাৰী আৰু ভাস্কৰ দত্ত। 
•    অমৃতপ্ৰভাৰ মোবাইলৰ পৰা ডিলিট কৰা সাগৰৰ ভিডিঅ উদ্ধাৰ এছ আই টিৰ।
•    জি এম চি ত সম্পন্ন মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন দাখিল।
•    লুৰীণ জ্যোতি গগৈৰ বিৰুদ্ধে ৰিণিকি ভূঞা শৰ্মাৰ মানহানিৰ গোচৰ ৰুজু।
•    বকোত থকা সিদ্ধাৰ্থ শৰ্মাৰ খোৱাপানীৰ উদ্যোগ মহাবীৰ একুৱা ফেক্টৰীত এছ আই টিৰ অভিযান আৰু উদ্যোগটো ছীল কৰি দিয়ে এছ আই টিয়ে। 

১২অক্টোবৰ, ২০২৫-


•    জুবিনৰ মৃত্যুৰ তদন্তক লৈ অসন্তুষ্ট অখিল গগৈ। ন্যায় সংহিতাৰ বিধি অবিহনেই তদন্তৰ নামত আভুৱা ভৰাইছে চৰকাৰে।
•    মুখ্যমন্ত্ৰীৰ ফেচবুক লাইভ। ঘোষণা-  আহি আছে ৪গৰাকী প্ৰৱাসী অসমীয়া। জুবিনৰ মৃত্যুৰ সমস্ত ঘটনা কম সময়তে আদালতক জনাব পাৰিব বুলি মন্তব্য মুখ্যমন্ত্ৰী ড০ শৰ্মাৰ।
•    জুবিন গাৰ্গৰ ন্যায় প্ৰদানৰ দাবীত ১৪অক্টোবৰ, ২০২৫ৰ পাৰ ধাৰাবাহিক আন্দোলনৰ ঘোষণা আছুৰ।

১১অক্টোবৰ, ২০২৫- 


•    জুবিনৰ ন্যায়ৰ দাবীত আৰ টি আই কৰ্মী সন্থাৰ ধৰ্মঘট।
•    অগপ নেতা কমলাকান্ত কলিতাৰ মন্তব্য- প্ৰকৃত তথ্য উদঘাটন নকৰি জুবিনক লৈ কৰা হৈছে ৰাজনীতি।
•    বি বৰুৱা কলেজত জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি।

১০অক্টোবৰ, ২০২৫


•    জুবিনৰ নাম লৈ জলজীৱনত মেনেজাৰ সিদ্ধাৰ্থই ১৮কোটি টকাৰ ঠিকা লোৱাৰ কথা চৰ্চাত। এই কথা অস্বীকাৰ বংকিম ৰায় মেধিৰ।
•    জুবিনৰ  দুই  দেহৰক্ষী নন্দেশ্বৰ বৰা আৰু পৰেশ বৈশ্যক গ্ৰেপ্তাৰ। 
•    জুবিনৰ জোনালীস্থিত ষ্টুডিঅ নিৰ্মাণত শেখৰজ্যোতিয়ে আত্মাসাৎ কৰিছিল ধন। 
•    কৃষ্ণানু দাস, ৰিদীপ দাস, জয়শ্ৰী গোস্বামীক জেৰা এছ আই টিৰ।
* জাষ্টিছ ফৰ জুবিন গাৰ্গ বুলি সামাজিক মাধ্যমত লিখিবলৈ ৰাইজক আহ্বান গৰিমা শইকীয়া গাৰ্গৰ। নিশা সোণাপুৰৰ জুবিন ক্ষেত্ৰত উপস্থিত হৈ এই আহ্বান গৰিমাৰ।

৯অক্টোবৰ, ২০২৫- 


•    ৭প্ৰৱাসী অসমীয়ালৈ পুনৰ চমন চি আই ডিৰ।  জেৰাৰ সন্মুখীন হৈ ছিংগাপুৰলৈ উভতিল ৰূপকমল কলিতা। 
•    এছ আই টিতক ভাষ্য দিলে জুবিনৰ ঘনিষ্ঠ দিগন্ত শৰ্মা আৰু ব্যৱসায়ী বংকিম ৰায় মেধিয়ে।
•    গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাৰ্চাযৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ। ননীগোপাল মহন্তৰ পদ্যতাগৰ দাবী অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ। উপাচাৰ্য মহন্তৰ হাততে দিলে তেওঁৰেই পদত্যাগৰ দাবীত দিয়া স্মাৰক পত্ৰ। 
•    জুবিন গাৰ্গৰ মৃত্যুৰ ৰহস্যৰ তদন্তক লৈ মন্তব্য শান্তনু ভৰালীৰ। ঘটনাস্থলীলৈ এছ আই টিৰ দল কিয় যোৱা নাই সেয়া এক সাথঁৰ বুলি প্ৰশ্ন ভৰালীৰ। 

৮অক্টোবৰ, ২০২৫-


•    জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত ৭দিনৰ জেৰাৰ অন্তত সন্দীপন গাৰ্গৰ গ্ৰেপ্তাৰ। চাকৰিৰ পৰা নিলম্বন।
•    শ্যামকানু মহন্ত, ভাস্কৰজ্যোতি মহন্তক গোসাঁই সমাজৰ পৰা বহিস্কাৰ। 
•    চি আই ডিক সাক্ষ্যদান মানস ৰবীনৰ। 
•    ৰিণিকি ভূ়ঞা শৰ্মাৰ গোচৰ অখিল গগৈৰ বিৰুদ্ধে। অখিল গগৈয়ে ছিংগাপুৰ ফেষ্টিভেললৈ মুখ্যমন্ত্ৰীৰ পত্নী যোৱা বুলি কৰিছিল মন্তব্য। 
•    মুখ্যমন্ত্ৰীৰ অসহায় মন্তব্য-  অসম আৰক্ষী ছিংগাপুৰলৈ যোৱাতো অসম্ভৱ। 
•    ৰৈ ৰৈ বিনালেৰ পৰা অমৃতপ্ৰভা, শেখৰজ্যোতি আৰু সিদ্ধাৰ্থৰ অভিনয় দৃশ্য আঁতৰ কৰা হ’ব বুলি পৰিচালক ৰাজেশ ভূঞাৰ।
•    পীয়ুষ হাজৰিকাৰ অভিযোগ- কৃষক মুক্তিৰ মঞ্চত নিষিদ্ধ কৰা হৈছিল জুবিন গাৰ্গক।


৭অক্টোবৰ, ২০২৫-


•    জুবিনৰ দুই দেহৰক্ষী নন্দেশ্বৰ বৰা, পৰেশ বৈশ্যক নিলম্বন। বেংক একাউন্টত কোটি কোটি টকাৰ লেনদেনৰ তথ্য পালে চি আই ডিয়ে।
•    চি আই ডিৰ কাৰ্যালয়ত উপস্থিত ছিংগাপুৰৰ প্ৰৱাসী অসমীয়া ৰূপকমল কলিতা।
•    জুবিনৰ ন্যায়ক লৈ সন্দিহান গৰিমা গাৰ্গ। সামাজিক মাধ্যমত মন্তব্য- মই জ্বলি পুৰি আছো, মানুহজন চিৰদিনলৈ নোহোৱা হৈ গ’ল, কাৰণটো জানিব লাগিব।
•    জুবিন ভগ্নী পামী বৰঠাকুৰে ক’লে- ইতিমধ্যে ১৭-১৮দিন ওকলি গৈছে। ৰাইজে বিচৰা ধৰণে সোনকালেই ন্যায় পাব লাগে।
•    গৌৰৱ গগৈৰ অভিযোগ মুখ্যমন্ত্ৰীয়ে আৰম্ভ কৰিছে মিছন চেভ শ্যামকানু।
•    এছ আই টিক ৩মাহত ছাৰ্জশ্বিট দাখিলৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ।
•    অখিল গগৈৰ প্ৰত্যাহ্বান মন্ত্ৰী পীয়ুষ হাজৰিকাৰ। নৰ্থ ইষ্ট ফেষ্টিভেলক ধন দিবলৈ মুখ্যমন্ত্ৰীয়ে দিয়া নাছিল কোনো নিৰ্দেশ।


৬অক্টোবৰ, ২০২৫-


•    চি আই ডিৰ জিম্মাত শ্যামকানুক জেৰা ইডিৰ। 
•    গোলাঘাটৰ সমন্বয় ক্ষেত্ৰৰ নাম জুবিন সমন্বয় ক্ষেত্ৰ কৰাৰ দাবী। গোলাঘাটৰ জোৱাঁই জুবিন গাৰ্গৰ ৰাজহুৱা আদ্যশ্ৰাদ্ধৰ অনুষ্ঠান পাতিলে গোলাঘাটবাসীয়ে। সহস্ৰাধিক লোকে গালে- মায়াবিনী।
•    মুখ্যমন্ত্ৰীৰ সংবাদমেল- তদন্তৰ ক্ষেত্ৰৰ কেন্দ্ৰৰ সহযোগ লাগিব। বিভিন্ন অজুহাতত অসমলৈ আহিব খোজা নাই ছিংগাপুৰৰ প্ৰৱাসী অসমীয়া।
•    সোণাৰিত মন্ত্ৰী বিমল বৰাৰ মন্তব্য- জুবিনৰ মৃ্ত্যুক লৈ ৰাজনীতিত নামিছে একাংশ।
•    কাজিৰঙাৰ বন বিভাগে ল’লে গুৰুত্বপূৰ্ণ পদক্ষেপ। জন্ম হোৱা এটা হাতী পোৱালীৰ নাম ৰাখিলে-মায়াবিনী।

৫অক্টোবৰ, ২০২৫-


•    মুখমন্ত্ৰীয়ে দিয়া সময়সীমা অনুসৰি চি আই ডি কাৰ্যালয়ত এজনো ছিংগাপুৰৰ প্ৰৱাসী অসমীয়া উপস্থিত নহ’ল।
•    মুখ্যমন্ত্ৰীৰ ঘোষণা- সঠিক দিশত আগবাঢ়িছে জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত। 
•    অখিল গগৈৰ অভিযোগ-  শ্যামকানুক ৩০লাখকৈ টকা দিবলৈ প্ৰতিটো বিভাগক নিৰ্দেশ দিছিল মুখ্যমন্ত্ৰীয়ে। 
•    জুবিনৰ গাড়ী চালক, দেহৰক্ষী, সহশিল্পী আৰু ঘনিষ্ঠ বাদ্যযন্ত্ৰীক জেৰা এছ আই টিৰ। 
•    জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ শুৱালকুছিত ব্ৰহ্মপুত্ৰত বিসৰ্জন জুবিনৰ চিতাভষ্ম।


৪অক্টোবৰ, ২০২৫


•    শ্যামকানু মহন্তৰ ১৪.৪২কোটি টকীয়া ঋণ কেলেংকাৰীক লৈ চৰ্চা। 
•    চি আই ডিৰ জেৰা সাংবাদিক প্ৰণয় বৰদলৈ আৰু সাৰস্বত গোস্বামীক। 
•    মুখ্যমন্ত্ৰীৰ মন্তব্য- জুবিনক বিহ দিছিল নে নাই তদন্তহে ওলাব।
•    বামুণীমৈদামৰ ৰেলৱে কলনীত বিজয়ী দশমীৰ দিনা জুবিনৰ গীত বজাবলৈ অনুৰোধ কৰা অবিনাশ ৰজক নামৰ যুৱকজনক মৰিয়াই হত্যা। 
•    ৰৈ ৰৈ বিনালে নামৰ জুবিনৰ অন্তিমখন ছবিত জুবিন গাৰ্গৰ আঁচল কন্ঠই ব্যৱহাৰ হব বুলি ছবিখনৰ পৰিচালক ৰাজেশ ভূঞাৰ ঘোষণা।
•    চি আই ডিৰ বিষয়া মৰমী দাসে কাহিলীপাৰালৈ আহি গৰিমা গাৰ্গক জমা দিলে জুবিনৰ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন।
•    প্ৰতিবেদন উভতাই দিলে গৰিমাই। 
•    গৰিমা গাৰ্গৰ মন্তব্য-  শেখৰে যদি জানিছিল, জুবিনক বিহপাণ কৰোৱাৰ কথা । কিয় ইমানদিনে কোৱা নাছিল।
•    জুবিন গাৰ্গলৈ অগপৰ ৰাজহুৱা শ্ৰদ্ধাঞ্জলি। 
•    দক্ষিণ অষ্ট্ৰেলিয়াৰ এডিলেইডচ জুবিনলৈ প্ৰৱাসী অসমীয়াৰ শ্ৰদ্ধাঞ্জলি।
•    চি আই ডি থানাৰ ভাৰপ্ৰাপ্ত বিষয়া জয়ন্ত বৰ্মনক অব্যাহতি। তেওঁৰ স্থানত এই দায়িত্ব অৰ্পন কৰা হ'ল উপেন কলিতাক।

৩ অক্টোবৰ,২০২৫:

*বিস্ফোৰক স্বীকাৰোক্তি জুবিনৰ সৈতে ছিংগাপুৰলৈ যোৱা বাদ্যযন্ত্ৰ শিল্পী শেখৰজ্যোতি গোস্বামীৰ। শেখৰে চি আই ডিক দিয়া ভাষ্য মতে, বিহ খুৱাই হত্যা কৰা হৈছে জুবিনক। অভিযোগৰ আঙুলি মেনেজাৰ সিদ্ধাৰ্থলৈ।

*জুবিনৰ ঘনিষ্ঠ পাৰ্থ প্ৰতিম গোস্বামীৰ বিস্ফোৰণ- ৰক্ষকে হ'ল ভক্ষক।

*মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা- জুবিনৰ মৃ্ত্যুৰ তদন্তৰ বাবে গঠন হ'ব ন্যায়িক আয়োগ। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ সৌমিত্ৰ শইকীয়াক এই আয়োগৰ দায়িত্ব। 

*জুবিন গাৰ্গৰ দুই পি এছ অ'ক চি আই ডিৰ জেৰা।

*শ্যামকানু মহন্তই উচ্চতম ন্যায়ালয়ত গ্ৰেপ্তাৰৰ পূৰ্বে ৩০ ছেপ্তেম্বৰত দাখিল কৰিছিল লেখ আৱেদন। সেই তথ্য ৰাজহুৱা। মালেয়েচিয়া পৰাই আইনী প্ৰক্ৰিয়া আৰম্ভ কৰিছিল শ্যামকানুৱে। শ্যামকানুৰ হৈ লেখ আৱেদন দাখিল উচ্চতম ন্যায়ালয়ৰ ৰাজ কমল নামৰ অধিবক্তাজনৰ।

*জুবিনৰ মৃত্যুকাণ্ডক লৈ উদ্ভৱ হোৱা পৰিস্থিতিৰ বাবে  সংবাদ মাধ্যম আৰু সামাজিক মাধ্যমক দোষাৰূপ শ্যামকানুৰ।

২ অক্টোবৰ,২০২৫:

*শেখৰজ্যোতি গোস্বামী আৰু অমৃতপ্ৰভা মহন্তক ৩ দিনৰ ধাৰাবাহিক জেৰাৰ অন্তত গ্ৰেপ্তাৰ। 
*জুবিন গাৰ্গৰ হত্যাৰ গোচৰৰ সৈতে ভাৰতীয় ন্যায় সংহিতা ১০৩ ধাৰা সংযোজন। 

*চি আই ডিৰ জেৰা জুবিনৰ সৈতে ছিংগাপুৰলৈ যোৱা ভাতৃ তথা আৰক্ষী বিষয়া সন্দীপন গাৰ্গক। 

*ছিংগাপুৰ আৰক্ষীয়ে ভাৰতীয় উচ্চায়ুক্তক প্ৰদান কৰিলে জুবিনৰ অট'পচি ৰিপ'ৰ্ট।

১ অক্টোবৰ,২০২৫:

*আৰক্ষী সূত্ৰ মতে, ছিংগাপুৰৰ পৰা ঘূৰি অহা পথত নতুন দিল্লী বিমান বন্দৰত শ্যামকানু মহন্তক আৰু ৰাজস্থানৰ পৰা দিল্লীলৈ আহি থকা পথত গুৰগাৱৰ এখন টোলগেটৰ সমীপত গ্ৰেপ্তাৰ সিদ্ধাৰ্থ শৰ্মাক।
*শ্যামকানু মহন্তক গ্ৰেপ্তাৰ কৰাত সন্তুষ্টি ব্যক্ত গৰিমা গাৰ্গৰ।

*বীৰ লাচিত সেনাৰ নেতা বিকাশ অসমক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল যদিও নেতাজনক এৰি দিয়ে আৰক্ষীয়ে।

*যোৰহাটত জুবিনলৈ শ্ৰদ্ধাঞ্জলী গৌৰৱ গগৈ আৰু কৰ্ণাটকৰ উপ মুখ্যমন্ত্ৰী ডি কে শিৱ কুমাৰৰ।

*৫০ সংখ্যক জন্মদিন পালন কৰা যোৰহাট ষ্টেডিয়ামত জুবিনৰ ১৩ দিনীয়া কাজ-কৰ্ম। অজস্ৰ গুণমুদ্ধই শেষ শ্ৰদ্ধা জনালে জুবিনক।

*জুবিন গাৰ্গৰ মোবাইল ফোন উদ্ধাৰ কৰা কথা জনালে চি আই ডিয়ে। 

৩০ ছেপ্তেম্বৰ,২০২৫:  

*জুবিন গাৰ্গৰ মৃত্যুৰ সন্দৰ্ভত সঞ্জীৱ নাৰায়ণক এছ আই টিৰ জেৰা। 

*শ্যামকানু মহন্তৰ ফেচবুক একাউন্ট নিষ্ক্ৰিয়।

*বৰ্ষাপাৰাত মহিলা বিশ্বকাপত উদ্বোধনী অনুষ্ঠানত জুবিনক সোঁৱৰিলে জুবিনৰ গীতেৰে পাপন, শ্ৰেয়া ঘোষাল আদি শিল্পীয়ে। 
*শ্যামকানু মহন্তক গ্ৰেপ্তাৰৰ বাবে ছিংগাপুৰত এট'ৰ্নি জেনেৰেললৈ ভাৰত চৰকাৰৰ পত্ৰ।

*জুবিন গাৰ্গৰ আদ্যশ্ৰাদ্ধৰ লগত সংগতি ৰাখি উৰিয়াগাঁৱত তিনিদিনীয়া অবিৰত ভাগৱত পাঠ।

২৯ ছেপ্তেম্বৰ,২০২৫:

*ফেচবুক জৰিয়তে শ্যামকানু মহন্তৰ ঘোষণা- শ্ৰদ্ধেয় ৰাইজ, আহি আছো মই।

*মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা দুদিনৰ ভিতৰতে আত্মসমৰ্পন কৰিব শ্যামকানুই।

* ছিংগাপুৰৰ স্থানীয় লোক নোযোৱা ৰহস্যময় দ্বীপটোলৈ জুবিনক কিয় নিয়া হৈছিল বুলি পত্নী গৰিমা গাৰ্গৰ প্ৰশ্ন।

*জুবিন গাৰ্গৰ ৰহস্য়জনক মৃত্যুৰ মূল অভিযুক্তক গ্ৰেপ্তাৰৰ বাবে অখিল গগৈৰ অনিৰ্দিষ্টকালীন ধৰ্মঘট আৰম্ভ।

২৮ ছেপ্তেম্বৰ,২০২৫:

*"মন কি বাত" ত জুবিন গাৰ্গক সোঁৱৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে। ক'লে- জুবিন গাৰ্গৰ স্মৃতি চিৰদিন সজীৱ হৈ থাকিব। আহিবলগা প্ৰজন্মক জুবিনৰ সংগীতে মন্ত্ৰমুগ্ধ কৰি ৰাখিব।

*শ্যামকানু মহন্তৰ গীতনগৰ বাসগৃহত এছ আই টিৰ অভিযান। অভিযানত উদ্ধাৰ চৰকাৰী ছীল-মোহৰকে ধৰি বহু গুৰুত্বপূৰ্ণ নথি-পত্ৰ।

*নিশিতা গোস্ৱামী,অমৃতপ্ৰভা মহন্ত,শেখৰজ্যোতি গোস্বামীক এছ আই টিৰ ১২ ঘন্টা জেৰা। 

*ৰিণিকি শৰ্মা  ভূঞা,পবিত্ৰ মাৰ্ঘেৰিটা আৰু কেন্দ্ৰীয় মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াক সাঙুৰি এজেহাৰ দাখিল। জুবিনৰ মৃত্যুৰ বাবে দায়ী কৰি বশিষ্ঠ থানাত এই এজাহাৰ দাখিল কৰে অংকুৰ হাজৰিকা ওৰফে ৰুদ্ৰাংক হাজৰিকাই।

*জুবিনৰ মেনেজাৰকলৈ নতুন তথ্য। বিজেপি যুৱ মৰ্চাৰ সাংস্কৃতিক বিভাগৰ সদস্য আছিল সিদ্ধাৰ্থ শৰ্মা। ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ মতে সেয়া ৩-৪ বছৰৰ আগৰ কথা।
*বৈদিক ৰীতি-নীতিৰে জুবিনৰ দহা সম্পন্ন।

*জুবিন গাৰ্গৰ কাহিলীপাৰাৰ বাসগৃহত পুত্ৰ জিত আদানীৰ সৈতে গৌতম আদানী। সন্ধিয়া ব্যক্তিগত বিমানেৰে গুৱাহাটীত উপস্থিত হৈ গৰিমা গাৰ্গক সাক্ষাত।

২৭ ছেপ্তেম্বৰ,২০২৫:

*জুবিনৰ মৃত্যু সন্দৰ্ভত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ বিস্ফোৰক মন্তব্য- হত্যা কৰা হৈছে জুবিনক!

*শ্যামকানু-সিদ্ধাৰ্থৰ বিৰুদ্ধে লুকআউট নটিছ জাৰি।

*৬ অক্টোবৰ ২০২৫ ৰ ভিতৰত দুই মূল অভিযুক্ত শ্যামকানু আৰু সিদ্ধাৰ্থ শৰ্মাক চি আই ডিৰ সন্মুখত হাজিৰ হোৱা নিৰ্দেশ।
*জুবিন গাৰ্গৰ জীৱন ভিত্তিক পাঠ আধুনিক ভাৰতীয় ভাষা(MIL)পাঠ্যপুথিত অন্তৰ্ভুক্ত হ'ব বুলি অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ অধ্যক্ষ ৰমেশ চান্দ জৈনৰ ঘোষণা।

*নিশিতা-অমৃতপ্ৰভা-শেখৰক এছ আই টিৰ  জেৰা। 

*ৰঙিয়া ৰাষ্ট্ৰীয় ঘাইপথত অনুৰাগীয়ে আঁকিলে জুবিনৰ বিশাল প্ৰতিচ্ছবি। 

২৬ ছেপ্তেম্বৰ,২০২৫:

*দীঘলীপুখুৰীত উত্তপ্ত পৰিস্থিতি। জুবিনৰ আদৰ্শৰে গছ কটাৰ বিৰোধিতা কৰা প্ৰতিবাদকাৰীক আটক আৰক্ষীৰ।

*সিদ্ধাৰ্থ শৰ্মাৰ ফ্লেটৰ সন্মুখত প্ৰতিবাদ কৰা প্ৰতিবাদকাৰীক আৰক্ষীয়ে নিৰ্মম প্ৰহাৰ কৰা লৈ ব্যাপক প্ৰতিক্ৰিয়া।

*শ্যামকানু-সিদ্ধাৰ্থসহ ১১ প্ৰৱাসী অসমীয়ালৈ চি আই ডিৰ জাননী।

*অজ্ঞাত স্থানৰ পৰা ফেছবুকযোগে পোষ্ট দি সিদ্ধাৰ্থ শৰ্মাৰ দাবী- মই নিৰ্দোষী।

*গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ননীগোপাল মহন্তৰ ঘোষণা- জুবিনৰ নামেৰে নামাংকৃত হ'ব পৰিৱেশ্য কলা-সাংস্কৃতিক কেন্দ্ৰ। 
*চি আই ডি থানাত জুবিনৰ মৃত্যুৰ তদন্ত বিচাৰি ১০০০ শিল্পী সমাজৰ এজাহাৰ দাখিল। 
*শ্যামকানুক জাতিদ্ৰোহী বুলি ঘোষণা কৰিবলৈ দাবী বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ।
*যোৰহাট ষ্টেডিয়ামত ৩ দিনলৈ ৰখোৱা হ'ব জুবিনৰ চিতাভষ্ম। 

২৫ ছেপ্তেম্বৰ ২০২৫


*শ্যামকানুৰ অট্টালিকা আৰু সিদ্ধাৰ্থ শৰ্মাৰ ফ্লেটত এছ আই টিৰ অভিযান। 
*শ্যামকানুৰ বাসগৃহত জুবিন অনুৰাগীৰ উত্তাল বিক্ষোভ। 
* গুৱাহাটীৰ ৰাজপথত জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় বিচাৰি প্ৰতিবাদ। আৰক্ষী- প্ৰতিবাদকাৰীৰ সংঘৰ্ষত ১৫জন আহত।
*গোপন স্থানৰ পৰা সামাজিক মাধ্যমত ভিডিঅ’যোগে শ্যামকানু মহন্তৰ প্ৰতিক্ৰিয়া। ছিংগাপুৰলৈ জুবিনক আমন্ত্ৰণ জনোৱাটো অপৰাধ হ’ব নোৱাৰে বুলি ক’লে শ্যামকানুই।
* মুখ্যমন্ত্ৰীৰ ঘোষণা- চৰকাৰৰ ওপৰত বিশ্বাস ৰাখক। ১০/১৫ দিনত সকলো প্ৰশ্নৰ উত্তৰ পাব। সন্দেহৰ আওতালৈ অহা সকলো ব্যক্তিক জেৰা কৰা হ’ব। 
* শ্যামকানু মহন্তৰ বিৰুদ্ধে ই ডিৰ তদন্ত বিচাৰি গুৱাহাটী উচ্চ ন্যায়ালয়ত পি আই এল দাখিল। 

২৪ ছেপ্তেম্বৰ ২০২৫

*প্ৰাগ নিইজৰ স্বত্বাধিকাৰী সঞ্জীৱ নাৰায়ণৰ সংবাদমেল - জুবিন গাৰ্গক লৈ ছিংগাপুৰত ১৮ ছেপ্তেম্বৰ ২০২৫ত কোনো পাৰ্টীৰ আয়োজন কৰা নাছিল তেওঁ। জুবিনৰ মৃত্যুৰ তদন্তৰ মুখামুখি হ’বলৈ সাজু বুলি ঘোষণা।
*প্ৰাগ নিউজৰ সন্মুখত সঞ্জীৱ নাৰায়ণৰ বিৰুদ্ধে বীৰ লাচিত সেনা, যুৱ ছাত্ৰ পৰিষদ, জুবিন অনুৰাগীৰ প্ৰতিবাদ।
*শ্যামকানু মহন্তৰ সকলো অনুষ্ঠান ৰাজ্যত নিষিদ্ধ ঘোষণা মুখ্যমন্ত্ৰীৰ। 
* জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ বাবে এছ আই টি গঠন। 
* গৰিমা গাৰ্গৰ ঘোষণা- জুবিনে বিচৰাৰ দৰেই ৩১ অক্টোবৰ ২০২৫ত মুক্তি পাব তেওঁৰ অন্তিমখন ছবি ‘ৰৈ ৰৈ বিনালে।‘ 
*জুবিনৰ মৃত্যুৰ পাছত শোকসভা অনুষ্ঠিত কৰিবলৈ নিদিয়া তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ দুৰ্নীতিগ্ৰস্ত উপাচাৰ্য সম্ভূনাথ সিঙৰ বিৰুদ্ধে ছাত্ৰ- ছাত্ৰীৰ প্ৰতিবাদ। উপাচাৰ্যক দোষাৰোপ কৰি জনসম্পৰ্কৰক্ষী বিষয়াৰ পদত্যাগ।
* যোৰহাটত উদ্ভণ্ডালি কৰা ১৬জন তথাকথিত জুবিন অনুৰাগীক গ্ৰেপ্তাৰ।

২৩ ছেপ্তেম্বৰ ২০২৫

* সোণাপুৰৰ কমাৰকুছিত জুবিন গাৰ্গৰ শেষকৃত্য সম্পন্ন। শোকাকূল অগণন লোক। মুখাগ্নি কৰিলে ভগ্নী পামী বৰঠাকুৰ আৰু পুত্ৰসম জ্ঞান কৰা ৰাহুল গৌতম শৰ্মা, অৰুণ গাৰ্গ আৰু ভাতৃ ৰিতু প্ৰয়াগ গাৰ্গে।
* ২১জাঁই টোপধ্বনিৰে জুবিন গাৰ্গলৈ ৰাষ্ট্ৰীয় মৰ্যাদা প্ৰদান। 
* চুমা যাচি জুবিনক শেষ বিদায় জনালে পত্নী গৰিমা গাৰ্গে।
* জুবিনক চিতা তোলাৰ পূৰ্বে শেষ বিদায় জনালে ৮৫বছৰীয়া পিতৃ কপিল ঠাকুৰে।
* প্ৰধানমন্ত্ৰীৰ হৈ জুবিনক শেষ শ্ৰদ্ধা কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজুৰ।
* দ্বিতীয়বাৰৰ বাবে পুৱতি নিশা সৰুসজাইৰ পৰা জুবিন গাৰ্গৰ নশ্বৰদেহ জি এম চি এইছলৈ নি মৰণোত্তৰ পৰীক্ষা সম্পন্ন। ৪বিশেষজ্ঞ চিকিৎসকে সম্পন্ন কৰিলে এই পৰীক্ষা। তাৰ পাছত নতুন পোচাক পিন্ধাই দি সৰুসজাইৰ পৰা লৈ যোৱা হৈছিল তেওঁৰ নশ্বৰদেহ সোণাপুৰলৈ।  
*যোৰহাটত ৰাজপথ অৱৰোধ কৰি ৰখা প্ৰতিবাদকাৰীৰ ওপৰত আৰক্ষীৰ লাঠিচালনা। জুবিন গাৰ্গৰ নশ্বৰদেহ যোৰহাটলৈ নিয়াৰ দাবীত সাৱ্যস্ত কৰা হৈছিল এই প্ৰতিবাদ। যোৰহাট প্ৰেছ ক্লাৱ ভাঙি দিয়াৰ ভাবুকি দিয়া দুই প্ৰতিবাদকাৰীক গ্ৰেপ্তাৰ।

২২ ছেপ্তেম্বৰ ২০২৫


*সোণাপুৰৰ কমাৰকুছিত সাজু কৰা হৈছিল জুবিন গাৰ্গৰ সমাধি ক্ষেত্ৰ।
* জুবিনৰ শেষকৃত্যৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যত বন্ধ ঘোষণা শিক্ষানুষ্ঠান।
*সৰুসজাইত কফিন চুই জুবিনক চিৰবিদায় জনালে জুবিনৰ পোহনীয়া কুকুৰ টিয়া, ইকো, মায়া আৰু ৰেম্বোৱে।
*মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা- পুনৰ হ’ব জুবিন গাৰ্গৰ মৰণোত্তৰ পৰীক্ষা। ছিংগাপুৰলৈ তদন্তৰ বাবে যাব অসম আৰক্ষীৰ দল।
*চতুৰ্থ দিনৰ বাবে স্তব্ধ ৰাজ্যৰ জন- জীৱন। বলপূৰ্বকভাৱে একাংশ অনুৰাগীয়ে দোকান- পোহাৰ বন্ধ কৰি দিয়াৰ অভিযোগ। বহু ঠাইত খাদ্যৰ নাটনি। 
*জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধাঞ্জলি নজনোৱাক লৈ তেজপুৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্যৰ বিৰুদ্ধে গৰজি উঠিল ছাত্ৰ- ছাত্ৰী।

২১ ছেপ্তেম্বৰ ২০২৫


*জুবিন গাৰ্গৰ নশ্বৰদেহ ছিংগাপুৰৰ পৰা নতুন দিল্লী হৈ অনা হয় গুৱাহাটীলৈ।
*ৰাজপথৰ দুয়োপাৰে কেৱল মানুহ আৰু মানুহ।
*প্ৰথমে নশ্বৰদেহ লৈ যোৱা হয় কাহিলীপাৰৰ বাসগৃহলৈ। তাৰ পাছত ৰাজহুৱা দৰ্শনৰ বাবে ৰখোৱা হয় সৰুসজাইৰ অৰ্জুন ভোগেশ্বৰ বৰুৱা ক্ৰীড়া প্ৰকল্পত।
*কাহিলীপাৰাৰ বাসগৃহত জুবিনক স্পৰ্শ গৰিমা গাৰ্গৰ।
* তৃতীয় দিনৰ বাবে ৰাজ্যজুৰি স্বতঃস্ফূৰ্ত বন্ধ। 
*ৰাজ্যিক কেবিনেটত সিদ্ধান্ত সোণাপুৰৰ হাতীমূৰা কমাৰকুছিত হ’ব জুবিনৰ শেষকৃত্য।
*যোৰহাটলৈ নিয়া হ’ব চিতাভস্ম, যোৰহাটতো নিৰ্মাণ হ’ব সমাধি ক্ষেত্ৰ।
* জুবিনৰ মৃত্যুৰ তদন্তক লৈ মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া- শ্যামকানু- সিদ্ধাৰ্থ শৰ্মা অসমত নাই। আমি পুলিচ পঠিয়াই অনাৰো নাই পৰিৱেশ। দিল্লীত সিদ্ধাৰ্থ আছিল যদিও লৈ আনিবলৈ উপায় নাই। কাৰণ গৰিমা গাৰ্গে একো কৰিব নালাগে বুলি কৈছে। 
* এয়াৰ ইণ্ডিয়া বিমানেৰে গুৱাহাটীলৈ অনা হৈছিল জুবিনৰ নশ্বৰদেহ। দিল্লী বিমান বন্দৰত মায়াৱিনী গাই জুবিনক শ্ৰদ্ধাঞ্জলি ড০ হিমন্ত বিশ্ব শৰ্মাৰ।
*জুবিনৰ নশ্বৰদেহ ছিংগাপুৰৰ পৰা অনাৰ পাছত দিল্লীত চমজি লৈছিল মুখ্যমন্ত্ৰী ড০ শৰ্মা আৰু কেন্দ্ৰীয় মন্ত্ৰী তথা জুবিনৰ বন্ধু পবিত্ৰ মাৰ্ঘেৰিটাই। 
*দ্বিতীয় দিনাৰ বাবে গুৱাহাটীসহ ৰাজ্যৰ সকলো চহৰ-নগৰ, দোকান- পোহাৰ, ব্যাৱসায়িক প্ৰতিষ্ঠান বন্ধ।

২০ ছেপ্তেম্বৰ ২০২৫


*ছিংগাপুৰত জুবিন গাৰ্গৰ মৰণোত্তৰ পৰীক্ষা সম্পন্ন। নতুন দিল্লীলৈ তেওঁৰ নশ্বৰদেহ অনাৰ প্ৰস্তুতি।
*জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত চি আই ডিয়ে কৰিব বুলি ঘোষণা অসম চৰকাৰৰ।
*যোৰহাটত জুবিনৰ শেষকৃত্য সম্পন্ন কৰিবলৈ আহ্বান অসম সাহিত্য সভাৰ। মুখ্যমন্ত্ৰীৰ নিৰ্দেশত যোৰহাট প্ৰশাসনে সন্ধান কৰে ভূমিৰ। 
*পৰিয়ালৰ লোকে জুবিনৰ শেষকৃত্য গুৱাহাটীৰ আশে- পাশে কৰাতো বিচাৰিছে বুলি সদৰী কৰে আছু নেতৃত্বই।
*শোকত ম্ৰিয়মাণ ৰাজ্যবাসী। ২২ ছেপ্তেম্বৰলৈ ৰাজ্যত তিনিদিনীয়া শোক ঘোষণা।
*ডিব্ৰুগড়ত আছুৰ উদ্যোগত জুবিন গাৰ্গলৈ ৰাজহুৱা শ্ৰদ্ধাঞ্জলি।
*গোৰেশ্বৰত জুবিনৰ অনুৰাগীৰ আত্মহনন। অনুৰাগী গৰাকীৰ নাম আকাশ ডেকা।
*জুবিনৰ অন্তিম যাত্ৰাৰ বাবে সাজু কৰা হয় বাহন। ৭বিধ ফুলেৰে সুসজ্জিত কৰা হয় স্বৰ্গৰথ।
*জুবিনৰ ৰহস্যজনক মৃত্যুৰ চিবিআই তদন্তৰ দাবী যুৱ ছাত্ৰ পৰিষদৰ।

১৯ছেপ্তেম্বৰ ২০২৫


*ছিংগাপুৰৰ পৰা আহিল দুঃখবৰ। নৰ্থ- ইষ্ট ইণ্ডিয়া ফেষ্টিভেললৈ সংগীত পৰিৱেশনৰ বাবে গৈ অকাল মৃত্যুক সাৱটিলে জাতিৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গে।
*ভাৰতীয় সময় মতে দুপৰীয়া ২-৪৫ বজাত ছিংগাপুৰত সাগৰত সাতুৰি থাকোতে শেষ নিশ্বাস ত্যাগ কৰে জুবিন গাৰ্গে।
* ছিংগাপুৰ অসম এছ’ছিয়েছনৰ ১১ জন বিষয়ববীয়াসহ নৌকা বিহাৰলৈ গৈছিল জুবিন গাৰ্গ।
*জুবিনৰ সৈতে সেই সময়ত আছিল মেনেজাৰ সিদ্ধাৰ্থ শৰ্মা, বাদ্যযন্ত্ৰী শেখৰজ্যোতি গোস্বামী, সম্বন্ধীয় ভাতৃ সন্দীপন গাৰ্গ, সহ কণ্ঠশিল্পী অমৃতপ্ৰভা মহন্ত।
*জুবিনৰ মৃত্যুৰ খবৰ পোৱাৰ পাছতে ৰাজ্যজুৰি শোকৰ লহৰ।
*প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ শোকবাৰ্তা- সংগীতলৈ যোগোৱা অৱদানে স্মৰণীয় কৰি ৰাখিব জুবিন গাৰ্গক।
*মুখ্যমন্ত্ৰীৰ ঘোষণা- সৰুসজাই ষ্টেডিয়ামত ৰখা হ’ব জুবিনৰ নশ্বৰদেহ। জুবিনৰ মৃত্যুক লৈ মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া- এয়া অকল্পনীয়, অবিশ্বাস্য আৰু অনাকাঙ্খিত।
* সৰ্বানন্দ সোণোৱালৰ প্ৰতিক্ৰিয়া- অসমীয়াৰ হৃদয়ত থাকিব জুবিন। 
*জুবিন গাৰ্গক বহিঃ ৰাজ্যলৈ নি ষড়যন্ত্ৰমূলকভাৱে হত্যা কৰাৰ অভিযোগ তুলি শ্যামকানু মহন্তৰ বিৰুদ্ধে মৰিগাঁও থানাত প্ৰথমখন এজাহাৰ দাখিল।

যোৱা ৩০দিনৰ ঘটনাক্ৰম এয়া। মানুহৰ মনত এতিয়াও সেই জুবিনৰ মৃত্যুক লৈ সৃষ্টি হোৱা সন্দেহ সজীৱ হৈ আছে। চলি আছে তদন্ত। তাৰ মাজতেই সমাধিস্থলীত অগণন গুণমুগ্ধৰ ভিৰ। কোনোবাই যদি যাচিছে গামোচা, আন কোনোবাই নিজৰ সোণৰ চেইন বা মূল্যৱান এক সম্পদ এৰি থৈ গৈছে জুবিনৰ কাষত।

কায়িকভাৱে নহ’লেও কোনেও বিশ্বাস কৰা নাই জুবিন গাৰ্গ যে নাই। অনুৰাগীৰ বাবে তেওঁ অমৰ। ৫লাখতকৈ অধিক গামোচা তেওঁৰ সমাধিস্থলীত দি থৈ গৈছে। সেই গামচাবোৰো হ’ব পাৰে সম্পদ। জুবিনক ভালপোৱা মানুহৰ বাবে, জুবিনক ভগৱান বুলি ভৱা সকলৰ বাবে তেওঁৰ নামত অৰ্পণ কৰা এই গামোচাবোৰ পৰম পৱিত্ৰ সম্পদ।

গুণমুগ্ধসকলে সেই গামোচাবোৰ সংগ্ৰহ কৰিব পৰাকৈ এক ব্যৱস্থা গঢ়ি তুলিব পাৰি। যিবোৰ গামোচাই স্থান পাব জুবিনৰ নামত কাৰোবাৰ ঘৰৰ থাপনাত। অতি কম মূল্যত এশ বা দুশ টকাৰ বিনিময়ত এই গামোচাবোৰ আগ্ৰহী সকলৰ হাতত তুলি দিলে ইয়াৰ জৰিয়তেও জুবিনৰ নামত গঠন কৰা ন্যাসৰ বাবে সংগ্ৰহ হ’ব অতি কমেও ৫ৰ পৰা ১০কোটি টকা। 

এয়া জুবিনৰ মৃত্যু এমাহ হোৱাৰ উপলক্ষে কৰা এক চিন্তা। সুধীজনে, চৰকাৰে গ্ৰহণ কৰিব পাৰে তেনে কিছু সিদ্ধান্ত, যিবোৰে জুবিনক জুবিনৰ ৰূপত তুলি ধৰিব আৰু ওপৰত...

জুবিন গাৰ্গ