/asomiyapratidin/media/media_files/2026/01/16/whatsapp-image-2026-01-16-14-07-32.jpeg)
মৃদুল কুমাৰ সন্দিকৈ
আৱেগৰ জুই কমিছে। এতিয়া যেন ক’ৰবাত জ্বলি উঠিছে আন একুৰা জুই। ক্ষোভ আৰু ব্যৱহাৰৰ জুই এইকুৰা। সেইকুৰা জুইতে এতিয়া আমি জ্বলাই দিছো হিয়াৰ আঁমঠু বুলি কোৱা জুবিন নামৰ সত্তাটোক।
ন্যায় আৰু সত্যৰ অন্বেষণৰ অচিলা লৈ যিয়ে যেনেকৈ পাৰে, তেনেকৈ হেৰাই যোৱা মানুহজনক লৈ হেতালি খেলিছে। চৰম অস্বস্তিৰে ক’ব লগা হৈছে এই পৰিৱেশে আমাক আৰু সঁচা অৰ্থত জুবিনক ভালপোৱা সকলক হতাশ কৰি তুলিছে।
সকলো ক্ষেত্ৰতে এনে এক টনা- আঁজোৰা চলিছে যে, মৃত্যুৰ পাছতো জুবিনে শান্তি পোৱা নাই। আনকি তেওঁৰ পৰিয়ালেও এই অশান্তিবোৰৰ মাজতে বদনামৰ ভৰ সহ্য কৰিব লগা গৈছে। অসুস্থ হৈ পৰা জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গৰ চৰিত্ৰহনন কৰাসকলে মুকলিকৈ এইবোৰ কথা ক’ব পৰা হ’ল।
সকলো নিমাত ! থান-বান হৈ যোৱা সপোনবোৰ সামৰি জুবিনক তুলি ধৰিবলৈ এক মানসিক সকাহ আৰু শক্তি আমি দিব পাৰিব লাগিছিল। তাৰ বিপৰীতে সামাজিক মাধ্যমত জুবিনৰ গুণৰ চৰ্চাতকৈ তেওঁৰ অতি ব্যক্তিগত কিছু কথা এইসকলে এনেদৰে বিয়পাই দিছে যে, সেইবোৰ যেন তেওঁলোকৰ চকুৰ সন্মুখতে ঘটি আছিল।
বিৰক্তিকৰ হৈ পৰা এই কথাবোৰৰ বাবেই পৰিয়ালৰ লোকে ছিংগাপুৰৰ পৰা কথাবোৰ সামাজিক মাধ্যমত লিখি তেওঁলোকৰ বিৰুদ্ধে উত্থাপিত এচামৰ অভিযোগ খণ্ডন কৰিব লগা হৈছে। জুবিনৰ প্ৰতি আমাৰ দায়িত্ববোধ ইমানলৈকে আছিল নেকি ?
ছিংগাপুৰত কি হৈছিল, অভিযুক্তসকলৰ কি হ’ব সেইবোৰৰ ওপৰত দৃষ্টি নিবদ্ধ সকলোৰে থকা উচিত। ভাব আৰু আৱেগৰ সেই মহা ছুনামি এতিয়া চুপতি কৰি পেলাইছে এচামে। আনকি জুবিনৰ মৃত্যুৰ ঘটনা সঠিক তদন্ত হ’ব আৰু অপৰাধীয়ে কঠোৰ শাস্তি পাব বুলি ঘোষণা কৰাসকলেও আৱেগৰ এই বতাহজাক যিফালে বলে, সেই দিশতে শব্দ- বাক্যৰ বাণ এৰা দেখিবলৈ পোৱা গৈছে।
এই ন্যায় সকলোৰে কাম্য। যদি তদন্ত প্ৰক্ৰিয়াত আসোঁৱাহ আছিল, তেন্তে সেই আসোঁৱাহ তথ্যগতভাৱে উপযুক্ত মঞ্চত তুলি ধৰি এক আইনী যুঁজৰ সৈনিক হোৱাৰ বিপৰীতে কেৱল ন্যায় লাগে, ন্যায় লাগে বুলি চিঞৰি থাকিলে তাৰ কোনো ফলাফল নোলাব।
ইতিমধ্যে জুবিন গাৰ্গৰ এই ঘটনাক্ৰম ৰাজনৈতিক দৃষ্টিভংগীৰে বিভিন্ন জনে তুলি ধৰি অভিযোগৰ পাশাখেল খেলি আছে। সেই খেলত পণবন্দী হৈছে গৰিমা আৰু জুবিন গাৰ্গৰ পৰিয়াল। জুবিনক প্ৰায় প্ৰতিদিনে বিভিন্ন পন্থাৰে প’ষ্টমৰ্টেম কৰা সকলে তেওঁলোকৰ মুখাবোৰ ইতিমধ্যে খুলি আঁচল স্বৰূপ ৰাইজক দেখুৱাইছে।
আৰু কিমান বাৰ জুবিনক হত্যা কৰা হ’ব, সেয়া কোনেও নাজানে। হয়তো জুবিনৰ জনপ্ৰিয়তা, প্ৰাসংগিকতা আৰু এই কথাবোৰক সমল কৰি এই সকলে নিজৰ স্বাৰ্থত ব্যৱহাৰ কৰাৰ এক দীৰ্ঘম্যাদী পৰিকাঠামো গঢ়ি তুলিছে।
সেই সকলে ভিউজ বা আন আশাত সামাজিক মাধ্যম ভৰাই পেলাইছে। অতিকৈ ঘনিষ্ঠ বুলি কোৱা জনেও জুবিন নামৰ সত্তাটোক তুলি ধৰাৰ সলনি ভিতৰৰ খবৰ দিয়াৰ নামত ধাৰা বিৱৰণী লিখি জুবিনকে কাঠগড়াত উঠোৱাৰ চেষ্টা চলাই গৈছে।
মৃত্যুৰ পাছত মানুহে জুবিনক ভগৱানৰ শাৰীলৈ উত্তীৰ্ণ কৰিছিল। সেইজন মানুহকে এতিয়া এচামে চয়তান সজোৱাৰ কছৰৎ আৰম্ভ কৰি দিছে। ভালদৰে লক্ষ্য কৰিলে সেই সকলক চিনি পোৱাত অসুবিধা নহ’ব নিশ্চয় !
জুবিনক এলিমেণ্ট কৰি ব্যৱহাৰ কৰা সকলৰ বাবে জুবিন এটা ব্ৰেণ্ড। আগতেও তেওঁ ব্ৰেণ্ড আছিল, এতিয়াও হৈ আছে। সেয়েহে জুবিনক লৈ টনা- আঁজোৰা চলিয়েই আছে। মৃত্যু হোৱা মানুহজনৰ সৈতে এনে কৰা জানো উচিত ?
মানুহৰ মন বুজিব নোৱাৰি। ভালবোৰতকৈ সঁচাই- মিছাই অপযশ আৰু বেয়া কথাবোৰ চৰ্চা আৰু প্ৰচাৰ কৰাতো আমাৰ এক নিচা হৈ পৰিছে। অতি ব্যক্তিগত বুলি কোনো কথা নাই এতিয়া। মুখৰোচক আৰু অপ্ৰয়োজনীয় কথাৰ পয়োভৰ জুবিনক লৈ বাঢ়িছে। জুবিনে বিচৰাৰ দৰে জুবিনক জুবিন কৰি ৰাখিব নোৱাৰাতো আমাৰ বাবেই চৰম পৰিতাপ আৰু দুৰ্ভাগ্যজনক কথা হৈ পৰিছে...
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us