ডাষ্টবিনত খাদ্য বিচাৰি গাহৰি নহয়, এয়া বনৰীয়া হাতী...

এটা অকল্পনীয় দৃশ্য ! কোনো দিনেই নেদেখা সেই দৃশ্যটোৱে কৈ যায় বহু কথা। বুজাই দিয়ে- বিশ্বৰ সৰ্ববৃহৎ তৃণভোজী প্ৰাণীটোৰ আজিৰ কি অৱস্থা। দৃশ্যটো দেখিলে, কথাবোৰ ভাবিলে মনৰ ভিতৰত উদয় হ’ব ন ন প্ৰশ্নৰ।

New Update
bikhekh lekha (3)

মৃদুল কুমাৰ সন্দিকৈ

Advertisment

এটা অকল্পনীয় দৃশ্য ! কোনো দিনেই নেদেখা সেই দৃশ্যটোৱে কৈ যায় বহু কথা। বুজাই দিয়ে- বিশ্বৰ সৰ্ববৃহৎ তৃণভোজী প্ৰাণীটোৰ আজিৰ কি অৱস্থা। দৃশ্যটো দেখিলে, কথাবোৰ ভাবিলে মনৰ ভিতৰত উদয় হ’ব ন ন প্ৰশ্নৰ।

গুৱাহাটী মহানগৰীৰ নাৰেংগীৰ সেনা শিবিৰত বনৰীয়া হাতীৰ প্ৰৱেশ নতুন ঘটনা নহয়। সমীপৰ আমচিং বনাঞ্চলৰ পৰা প্ৰায়েই আহে বনৰীয়া হাতীৰ জাক। সেনা শিবিৰৰ ভিতৰত প্ৰৱেশ কৰি তাত থকা কেণ্টিন পৰ্যন্ত সোমাইহি বনৰীয়া হাতী। 

সাতগাঁৱৰ পথত সন্ধিয়া সময়ত বুধবাৰৰ দিনা যথেষ্ট ভিৰ। ৬ আগষ্ট ২০২৫ৰ সন্ধিয়া তেতিয়া ৭ বাজিবলৈ কেইমিনিট মান বাকী। সেনা শিবিৰৰ প্ৰৱেশদ্বাৰলৈ কেইশ মান মিটাৰ বাকী। সেই স্থানতে আছে এটা পৌৰ নিগমে স্থাপন কৰা ডাঙৰ ডাষ্টবিন।

সেই ডাষ্টবিনবোৰৰ আশে- পাশে সাধাৰণতে দেখা যায় কুকুৰ- কাউৰীৰ ভিৰ। এনে চুৱাপাতনিত দেখা পোৱা আন এবিধ জন্তু হ’ল গাহৰি। মহানগৰীত সেই ডাষ্টবিনত পেলোৱা প্লাষ্টিক আৰু খাদ্য বিচাৰি কেতিয়াবা ব্যস্ত হৈ থকা দুই- এক লোককো দেখা পোৱা যায়।

কিন্তু, বুধবাৰৰ দৃশ্য আছিল সুকীয়া। মানুহবোৰে হাতত কেমেৰা লৈ সেই দৃশ্য বন্দী কৰিছিল। দুই- এজনে আঁতৰৰ পৰাই সেৱা কৰিছিল পৰম্পৰাগত বিশ্বাসক আধাৰ কৰি। মোবাইলৰ কেমেৰা আৰু পথেৰে স্বাভাৱিকভাৱে অহা- যোৱা কৰা গাড়ীবোৰৰৰ পোহৰ আৰু শব্দলৈ কোনো ভ্ৰূক্ষেপ নাই। 

তাত থকা পেলনীয়া সামগ্ৰীবোৰ এফালৰ পৰা খাই গৈছে জন্তুটোৱে। খোৱা শেষ কৰি শুৰডাল দাঙি মানুহবোৰলৈ চোঁচা এটা লৈ সেনা শিবিৰৰ দিশে গুচি গ’ল গজৰাজ। এই বনৰীয়া হাতীটো যোৱা কিছুদিন ধৰি প্ৰায়েই আহে হেনো সেই ডাষ্টবিনটোৰ কাষলৈ। 

সাধাৰণতে, বনৰীয়া হাতীয়ে জাক বান্ধি ফুৰে। সেই জাকৰ পৰা কেতিয়াবা দুই- এক মখনা আঁতৰি আহে। এনেকৈয়ে আঁতৰি অহা এই বনৰীয়া হাতীটোৰ এতিয়া সেই ডাষ্টবিনটোৱে খাদ্যৰ সম্ভাৰ হৈ পৰিছে।

বনৰীয়া হাতীটোৰ প্ৰস্থানৰ পাছত তাত থকা দুজনমানে আক্ষেপ কৰি ক’লে- এসময়ৰ আটাইতকৈ ৰাজকীয় প্ৰাণীটোৰ জীৱন সংগ্ৰামৰ এয়া এখন বাস্তৱ ছবি। অসমত মহাসংকটত বন্যহস্তী। খাদ্য আৰু বাসস্থানৰ অভাৱত জনাঞ্চল লৈ ওলাই আহে বনৰীয়া হাতীৰ জাক।

সাধাৰণতে, দোকমোকালি বা গধূলি সময়ত সক্ৰিয় হয় হাতী। মেগাহাৰ্বিভ শ্ৰেণীৰ অন্তৰ্গত একোটা হাতীক দৈনিক গড়ে ১৫০ কিলোগ্ৰাম খাদ্যৰ প্ৰয়োজন হয়। সেই খাদ্যৰে অভাৱ এতিয়া হাতীৰ বাবে। ১১২ বিধ প্ৰজাতিৰ গছ, তৃণ খাই হাতীয়ে। তাৰ ভিতৰত প্ৰিয় কলগছ, ঔ-টেঙা আদি। 

এদিন হাতী আছিল আভিজাত্যৰ প্ৰতীক। যুদ্ধৰ পৰা আৰম্ভ কৰি সকলো কামতে হাতীৰ আছিল উপস্থিতি। দক্ষিণ ভাৰতত এতিয়াও হাতী শুভ কামৰ প্ৰতীক। ডাঙৰ মানুহবোৰে হাতীৰ পিঠিতে উঠি ঘূৰিছিল। যুদ্ধলৈ ৰজাই হাতীৰ পিঠিতে বহি গৈছিল। 

সেইবোৰ এতিয়া ইতিহাস। হাতী আৰু মানুহৰ সংঘাত চৌদিশে তুংগত। খোজত কোনো শব্দ নথকা গহীন- গম্ভীৰ হাতীয়ে যে চুৱাপাতনিত এদিন এনেদৰে খাদ্যৰ সন্ধান কৰিব ভাবিব পাৰেনে কোনোবাই ?

২০১৯-২০ বৰ্ষত হাতী- মানুহৰ সংঘাতত অসমত ৭৫জন লোকৰ মৃত্যু হৈছিল। ২০২০-২১ বৰ্ষত সেই সংখ্যা আছিল ৯১জন। ২০২১-২২ বৰ্ষত ৬৩জন আৰু ২০২৩-২৪ত ৭৪জন লোকে এই সংঘাতৰ বাবে প্ৰাণ হেৰুৱাইছিল। কেৱল মানুহেই নহয়, প্ৰাণ হেৰুৱাইছে বনৰীয়া হাতীয়েও।

২০১৯ৰ পৰা ২০২৪চন লৈকে ৰে’লৰ খুন্দাত অসমত ২৪টা হাতীৰ মৃত্যু হৈছে। ২০১৮ৰ পৰা ২০২৪লৈ ৰাজ্যখনত বিদ্যুৎস্পৃষ্ট হৈ ৫৫ টা হাতীয়ে প্ৰাণ হেৰুৱাইছে। ২০২২-২৩ বৰ্ষত চোৰাং চিকাৰীৰ হাতত মৃত্যু হৈছিল দুটা হাতীৰ।

এইবোৰ বন বিভাগৰ তথ্য। মৃত্যুৰ সংখ্যা ইয়াতকৈ অধিক হৈছে হাতী- মানুহৰ সংঘাতত। সেই সংঘাতৰ ছবিখন তুলি ধৰিব পৰা আভাস এয়া। বনৰীয়া হাতীৰ বাবে কিছু কাম হৈছে। কিন্তু সেই কামবোৰেই যথেষ্ট হোৱা নাই। 

২০১৭ চনত প্ৰতিষ্ঠা কৰা ‘হাতী বন্ধু’ নামৰ বেচৰকাৰী সংস্থাটোৱে হাতীৰ খাদ্যৰ বাবে উদ্যোগ লৈছে। নগাঁৱৰ এই অনুষ্ঠানটোৱে হাতীৰ বাবে ধান খেতি আৰু আন খাদ্য ফল-মূলৰ গছ ৰোপণ কৰিছে। এইধৰণৰ উদ্যোগে বনৰীয়া হাতীৰ খাদ্যৰ অভাৱ কিছু লাঘৱ কৰিবলৈ সক্ষম হৈছে।

বনাঞ্চলবোৰ ধ্বংস হৈ গৈ আছে। হাতীয়ে অহা- যোৱা কৰা বাট- পথবোৰত পকী অট্টালিকা উঠিছে। হাতীৰ সংখ্যা বাঢ়ি গৈ আছে, সংকুচিত হৈছে হাতীৰ বাসস্থান আৰু খাদ্যৰ উৎস। তাৰ বাবেতো এতিয়া মহানগৰীৰ ৰাজপথত থকা ডাষ্টবিনতো বনৰীয়া হাতীয়ে খাদ্য বিচাৰি কুকুৰ আৰু কাউৰীৰ দৰে শাৰী পাতিছে।

বনৰীয়া হাতী