/asomiyapratidin/media/media_files/2025/05/05/PjvB8dzSMfuWKxrCLsUM.jpg)
আমাৰ চিন্তা- চেতনাৰ দৈন্যতা অতি ভয়াৱহ ৰূপত প্ৰতিফলিত হ’ব ধৰিছে। দায়িত্বহীন আচৰণ আৰু প্ৰচাৰমুখী প্ৰৱণতাই আমাক গ্ৰাস কৰি পেলাইছে। এই শেহতীয়া ৰোগত কম- বেছি পৰিমাণে আমি সকলোৱে আক্ৰান্ত হৈছো।
সামাজিক মাধ্যমত বিয়পি পৰা খবৰ, চৰ্চা হোৱা বিষয় আৰু আন প্ৰসংগবোৰে তেনে এক ধাৰণাকে আমাৰ সন্মুখত তুলি ধৰিছে। সেই স্থূল ৰুচিবোধে স্থায়িত্বহীন এক আনন্দ প্ৰদান কৰিলেও তাত প্ৰাপ্তি বুলিবলৈ বৰ বিশেষ একো নাথাকে।
ইমান তললৈ আমি নামি গৈছো যে, নিজেই নিজৰ কাপোৰ খুলি আনন্দ আৰু সুখ লাভৰ এক প্ৰতিযোগিতাত নিজকে প্ৰতিযোগী কৰি পেলাইছো। কোনো এক অনুষ্ঠানৰ অতিথি নিৰ্বাচনৰ ক্ষেত্ৰতো এতিয়া সামাজিক মাধ্যমৰ প্ৰভাৱ পৰিলক্ষিত হৈছে। ভাইৰেল হোৱা কোনো লোকক নি সেই অতিথিৰ আসনত বহুৱাই তেওঁলোকক যি ইচ্ছা তাকেই কোৱাৰ সুযোগ দিছো।
একেদৰে ৰাজনৈতিক ক্ষেত্ৰখনতো দায়িত্বশীল লোকসকলে কৰা অদায়িত্বশীল মন্তব্যবোৰে বাতৰিৰ শীৰ্ষ স্থান দখল কৰিছে। তেওঁলোকক প্ৰশ্ন কৰাৰ অধিকাৰ এতিয়া আমাৰ নাই। যি ইচ্ছা তেওঁলোকে সুযোগ- সুবিধা বুজি কৈ যায় আৰু আমি সেই ভাষ্যকে ডাঙৰ লোকৰ বাণী বুলি গ্ৰহণ কৰিব লগা হৈছে।
নেতিবাচক মন্তব্য, নেতিবাচক কৰ্মকাণ্ডৰে আমাৰ চৌদিশ ভৰি পৰিছে। যিবোৰ এখন সভ্য সমাজৰ বাবে জাঁবৰ সদৃশ। আমি কিন্তু সেই জাঁবৰকে সাঁৰথি কৰি আধুনিক জীৱনৰ মাদকতা লৈছো।
কষ্ট আৰু পৰিশ্ৰমৰ মাজেৰে সাধনাৰ জৰিয়তে অহা ভাল কামবোৰক অৱজ্ঞা কৰি এই ধৰণৰ কথা- বতৰা আৰু কৰ্মকাণ্ডক গ্ৰহণ কৰাতো আমাৰ অভ্যাসত পৰিণত হৈছে। ইতিহাস, ঐতিহ্য আৰু বাস্তৱমুখী ধ্যান- ধাৰণাক বিসৰ্জন দিবলৈ আমাৰ কোনো বিবেক দংশনত ভোগা নাই।
তাৰ সুযোগ লৈ এচামে অতি সহজে বিকৃত মানসিকতাৰে সমাজখন গ্ৰাস কৰিছে। সামাজিক মাধ্যমৰ অতি প্ৰভাৱকেন্দ্ৰিক পৰিৱেশৰ সুযোগ তেওঁলোকে লৈছে। এই দিশত প্ৰতিজন সচেতন ব্যক্তিৰে এক দৃঢ় স্থিতিৰ প্ৰয়োজন হৈ পৰিছে।
নহ’লে ছাগলীৰ দৰে এচামে যি ইচ্ছা তাকেই কৈ যাব। আমি সেইবোৰ দেখি- শুনি, হাঁহি- মাতি ইয়াক এক আমোদৰ উৎস বুলি গ্ৰহণ কৰি থাকোতেই সাধনাৰে প্ৰাপ্ত কামবোৰৰ কোনো মূল্যই নাথাকিবগৈ। চৌদিশে এনে ক’ত ঘটনা এতিয়া ঘটিবলৈ ধৰিছে যে আমি নিজেই নিজক প্ৰশ্ন কৰাৰ সময় আহিছে – কিছুমান মানুহক আমি কিহৰ বাবে অতিথি কৰি মাতো !
একেদৰে আন এক প্ৰশ্ন উদয় হয়- কিছুমান কথা আমি কিয় পাতো ! যিবোৰ মানুহক অতিথিৰ মৰ্যাদা দিয়া হয়, সেই মানুহবোৰ একোজন বহুৱা। তেওঁলোকে বহুৱালি কৰাতো হয়তো স্বভাৱ বা দৃষ্টি আকৰ্ষণৰ এক কৌশল। পাতিব লগা বহু ভাল কথা থাকে, যিবোৰৰ চৰ্চা আৰু আলোচনা হ’লে এক প্ৰেৰণাদায়ক পৰিৱেশৰ সৃষ্টি হ’লহেতেঁন !
অলপতে এক জ্ঞান সম্পৰ্কীয় গভীৰ তত্বমূলক ভাষণ শুনাৰ সৌভাগ্য হ’ল। সামাজিক মাধ্যমৰ জৰিয়তে সেই বক্তব্য শুনা হৈছিল। গোৱালপাৰাৰ লক্ষীপুৰ কলেজত ভাৰতীয় জ্ঞান পৰম্পৰাৰ সন্দৰ্ভত এই তাত্বিক ভাষণ আগবঢ়াইছিল দিগন্ত বিশ্ব শৰ্মাই।
গীতাৰ বাণী আওৰাই জ্ঞানৰ অন্বেষণৰ এই প্ৰক্ৰিয়াৰ বিষয়ে ক’বলৈ গৈ বিষয়বস্তুৰ ইমান গভীৰতাত তেওঁ প্ৰৱেশ কৰিছে যে, এই ধৰণৰ প্ৰেৰণামূলক বক্তব্যই আমাক জীৱন দৰ্শনৰ মৰ্ম উপলব্ধি কৰাৰ সুযোগ দিয়ে। এই কথাবোৰৰ কিন্তু ব্যাপক প্ৰচাৰ নহয়। মিলিয়নৰ ঘৰত এই ভিডিঅ’বোৰৰ ভিউজ নাথাকে।
আমি এতিয়া এনে এক বাটেৰে বাট বুলিছো। য’ত সস্তীয়া জনপ্ৰিয়তা, চৰ্চা আৰু আত্মপ্ৰচাৰ আছে। নামাতিব লগা লোকজনক অতিথি কৰি মাতি, পাতিব নলগা কথাবোৰ পাতি পাতি ভাইৰেল কৰাত ব্যস্ত হৈ পৰো। বহু ভাল কথা সেইবোৰৰ মাজতে থাকি যায়, বহু ভাল মানুহ এনে সামাজিক জাঁবৰবোৰৰ আঁৰতে ৰৈ যায়...