/asomiyapratidin/media/media_files/2025/07/17/new-bikhekh-protibedon-1-2025-07-17-13-01-50.jpg)
দিছপুৰৰ পদূলিত এইটো কাৰ অট্টালিকা? কোনোবা ৰজা-মন্ত্ৰী নে পুঁজিপতি অনা অসমীয়াই সাজিছে এই ঘৰ। কেনেকৈ এই বৃহৎ অট্টালিকা নিৰ্মানৰ বাবে প্ৰদান কৰা হ'ল এন অ' চি আৰু অনুমতি? এই নিৰ্মানৰ বিৰুদ্ধে দিয়া অভিযোগ কিয় হঠাৎ নোহোৱা হৈ গ'ল? অসমীয়া প্ৰতিদিন ডিজিটেলৰ বিশেষ প্ৰতিবেদন-
দিছপুৰ অতি ব্যস্ত আৰু নিৰাপত্তাৰ দৃষ্টিৰে সংবেদনশীল ঠাই। অসম সচিবালয় সন্মুখভাগত আৰু সচিবালয় কাষত থকা মিনিষ্টাৰ'চ কল'নিৰ সমীপত যিকোনো ধৰনৰ নিৰ্মাণ কাৰ্যৰ বাবে বহু বিচাৰ-বিশ্লেষণ কৰি অনুমতি প্ৰদান কৰে সংশ্লিষ্ট প্ৰশাসনে।
সচিবালয়ৰ পদূলিতে অতি সংগোপনে চাৰিওকাষে বেৰা দি চলাই থকা হৈছে এটা নিৰ্মাণ কাৰ্য।জি এছ ৰোডৰ পৰা মিনিষ্টাৰ'চ কল'নিলৈ প্ৰৱেশ কৰিব পৰা প্ৰৱেশ পথৰ কেইখোজমান নিলগতে চলি আছে এই নিৰ্মাণ কাৰ্য।
নিৰাপত্তাজনিত আৰু যান-বাহন চলাচলৰ অতি স্পৰ্শকাতৰ অঞ্চল হিচাপে পৰিচিত এই স্থানত ইমান ওখ অট্টালিকা নিৰ্মাণ কৰিবলৈ অনুমতি প্ৰদান কৰাটোৱে আশ্চাৰ্য্যজনক। সচিবালয়ৰ সন্মুখৰ ভাগৰ পৰা আৰম্ভ হোৱা উৰণ সেঁতুৰ তলৰ পথেৰে গ'লে লাষ্টগেটৰ ফালে ঘূৰিবলৈ পথ থকা এই স্থানৰ বিপৰীতে কেবাজনো অনা-অসমীয়া ব্যৱসায়ে মিলি এই নিৰ্মাণ কাৰ্য চলাই গৈছে।
তলৰ অংশৰ নিৰ্মাণ কাৰ্য প্ৰায় সম্পূৰ্ণ হোৱা পাছত ওপৰৰ অংশৰ নিৰ্মাণ কাৰ্য ডেৰ-দুই বছৰ ভিতৰতে সম্পূৰ্ণ হোৱাৰ পাছত সেই স্থানত যান-জঁটৰ অতি ভয়াৱহ সমস্যাই দেখা দিব। এই নিৰ্মাণ কাৰ্যৰ বাবে মূলতঃ জিএমডিএ আৰু জিএমচিএ কিদৰে অনুমতি প্ৰদান কৰিছে সেয়াহে এতিয়া এক গুৰুত্বপূৰ্ণ প্ৰশ্ন হৈ পৰিছে।
উল্লেখযোগ্য যে, মিনিষ্টাৰ'চ কল'নি আৰু সচিবালয়ৰ কাষেৰে যোৱা জিএছ ৰোডটো পাৰ হৈয়ে প্ৰায় ৪ বিঘা মাটিত এই নিৰ্মাণ কাৰ্যৰ বাবে M/S পাৰামাউন্ট তাজ আৰু M/S নাৰায়ন বিল্ডাৰচ্ক অনুমতি প্ৰদান কৰিছে জিএমডিএ।
২০২১ চনৰ ২৩ মাৰ্চত জিএমডিএ MEMO GMDA/PP/1571/23032021 যোগে এই নিৰ্মাণ কাৰ্যৰ বাবে এন অ' চি প্ৰদান কৰিছিল। আনহাতে, ফাইনেল লে প্লে এপ্ৰোভেল জিএমচিএ দিছিল ২ আগষ্ট ২০২২ ত MEMO NO GMC/W26/0026/09024021 যোগে।
সৰু মটৰীয়া ৰাজহ গাঁৱৰ অন্তৰ্গত বেলতলা মৌজাৰ অধীনষ্ঠ পট্টা নং ৬৭৮, দাগ নং ২৯২ ত এই বাণিজ্যিক অট্টালিকাৰ নিৰ্মাণ চলিছে। দুই প্ৰতিষ্ঠানৰ নামত জিএমডিএ আৰু জিএমচিএ অনমুতি প্ৰদান কৰিলেও এই বাণিজ্যিক ভৱনৰ অংশীদাৰিত্ব আছে ৫ জনকৈ অনা অসমীয়া ব্যৱসায়ীৰ।
তেওঁলোক ক্ৰমে সুৰেশ আগৰৱালা, অনুপ পোড্ডাৰ,প্ৰমিলা দেওৰা,ৰাধিকা গুপ্তা আৰু ৰোহিত দেওৰা। ইয়াৰে সুৰেশ আগৰৱালা আৰু অনুপ পোড্ডাৰ পেৰামাউন্ট তাজৰ অন্যতম মালিক। আনহাতে বাকী ৩ জন নাৰায়ন বিল্ডাৰচ্ ৰ পাৰ্টনাৰ।
এই কমাৰচিয়েল বিল্ডিং 2 B প্লাচ,G প্লাচ ৮ মহলাৰ হ'ব। বেটচমেনকে ধৰি মুঠ ১১ মহলাৰ হ'ব এই বিল্ডিং। এই কমাৰচিয়েল বিল্ডিঙৰ মুঠ প্ল'ট এৰিয়া ৫৩৫৩.১৮ বৰ্গ মিটাৰ। আনহাতে ইয়াৰ বুইল্ডআপ এৰিয়া ২১৮৫৬ বৰ্গ মিটাৰ।
এই বাণিজ্যিক অট্টালিকাৰ নিৰ্মাণ ব্যয় থাৱৰ কৰা হৈছিল ৯৭১২ লাখ টকা। প্ৰায় ১০০ কোটি টকাৰে নিৰ্মাণ কৰিব লগা বাণিজ্যিক অট্টালিকাৰ নাম "কেপিটেল এভিনিউ"। ক্ষমতাশালী লোকৰ আশীৰ্বাদ লৈ পৰ্যাপ্ত অনুমোদনৰ অবিহনে এই নিৰ্মাণ চলা বুলি এজন ছাত্ৰ নেতাই এক স্মাৰক পত্ৰযোগে অভিযোগ প্ৰদান কৰাৰ খবৰ আহিছে।
সেই অভিযোগৰ ভিত্তিত জিএমচি বা জিএমডিএ য়ে কি তদন্ত কৰিলে এয়া ৰহস্য়জনক। দিছপুৰৰ পদূলিত এই বৃহত নিৰ্মাণ কাৰ্য চলাবলৈ তেওঁলোকে কেনেকৈ অনুমতি লাভ কৰিলে সেই বিষয়টোত এতিয়া মুখ্যমন্ত্ৰীয়ে হস্তক্ষেপ নকৰিলে ভৱিষ্যতৰ দিনৰ এই নিৰ্মাণ কাৰ্যৰ বাবে দিছপুৰ আৰু এই পথছোৱাত যান-জঁট নিৰাপত্তা আদিৰ বাবে এক বৃহত প্ৰত্যাহ্বানৰ সৃষ্টি হ'ব।
মূল কথাটো হ’ল – সাধাৰণতে প্ৰযোজ্য হোৱা নীতি-নিয়মক উলাই কৰি বিশেষ কেইজনমান বণিয়াই দুটা বৃহৎ নিৰ্মাণ প্ৰতিষ্ঠানৰ জৰিয়তে অতি সন্তৰ্পণে চলাই থকা এই ১০০ কোটিটকীয়া প্ৰকল্পৰ ক্ষেত্ৰত অনৈতিকভাৱে সাৰ-পানী যোগাইছে কোনে ? সেয়া নিশ্চয় ৰাইজে জানিব লাগিব। সেয়েহে ইয়াৰ শিপা বিচাৰিও আমাৰ অনুসন্ধান অৱ্যাহত থাকিব।