শম্ভূমুক্ত হ'ব কেতিয়া তেজপুৰ বিশ্ববিদ্যালয়...

দুৰ্নীতিগ্ৰস্ত আৰু কৰ্মস্থলীত দুমাহতকৈ অধিক দিন কোনো অনুমতি অবিহনে অনুপস্থিত থকা এজন বহু বিতৰ্কিত উপাচাৰ্যৰ বিৰুদ্ধে ব্যৱস্থা ল’বলৈ কিয় সাহস নাই দিল্লী – দিশপুৰৰ ? অসম বিধানসভাত সেই উপাচাৰ্যজনৰ বিৰুদ্ধে আলোচনা কৰিবলৈ বিৰোধীয়ে দাবী উত্থাপন কৰিছিল

New Update
AP FOR WEB NEW  bikhekh lekha NEW 2024 (8)

মৃদুল কুমাৰ সন্দিকৈ

দুৰ্নীতিগ্ৰস্ত আৰু কৰ্মস্থলীত দুমাহতকৈ অধিক দিন কোনো অনুমতি অবিহনে অনুপস্থিত থকা এজন বহু বিতৰ্কিত উপাচাৰ্যৰ বিৰুদ্ধে ব্যৱস্থা ল’বলৈ কিয় সাহস নাই দিল্লী – দিশপুৰৰ ? অসম বিধানসভাত সেই উপাচাৰ্যজনৰ বিৰুদ্ধে আলোচনা কৰিবলৈ বিৰোধীয়ে দাবী উত্থাপন কৰিছিল যদিও সেই দাবী খাৰিজ কৰিছিল শাসকীয় পক্ষই।

ৰাজ্যসভাত এই উপাচাৰ্যগৰাকীৰ বিৰুদ্ধে সাংসদ অজিত কুমাৰ ভূঞাই কিছু কথা দাঙি ধৰিছিল যদিও এতিয়ালৈকে শম্ভূনাথ সিং নামৰ পলাতক উপাচাৰ্যগৰাকীৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই। তেজপুৰ বিশ্ববিদ্যালয়ত উপাচাৰ্যগৰাকীৰ বিৰুদ্ধে প্ৰতিবাদ অৱ্যাহত আছে। 

কেৱল ছাত্ৰ- ছাত্ৰীয়েই নহয়, শম্ভূনাথৰ বিৰুদ্ধে শিক্ষক- কৰ্মচাৰী একেলগ হৈ প্ৰতিবাদ সাৱ্যস্ত কৰিছে। সেই প্ৰতিবাদৰ ভাষা দিল্লীয়েতো শুনিব বিচৰা নাইয়েই, অসমৰ মুখ্যমন্ত্ৰীয়েও হাজাৰ হাজাৰ ছাত্ৰ- ছাত্ৰীৰ ভৱিষ্যতৰ প্ৰতি আওকাণ কৰি বিষয়টো এৰাই চলিছে। 

শম্ভূনাথ সিং নামৰ উপাচাৰ্যজনৰ দুৰ্নীতিৰ দস্তাবেজৰ তালিকা যথেষ্ট দীঘল। তেওঁৰ পৃষ্ঠপোষকতাতেই সংঘটিত হৈছিল কোটি কোটি টকাৰ দুৰ্নীতি। লোকসভাতো তেওঁৰ দুৰ্নীতিৰ খতিয়ান দাঙি ধৰা হৈছে। তাৰ পাছত সেইজন শম্ভূ সিঙে ৪ ডিচেম্বৰ ২০২৫ত আহ্বান কৰিছিল বিশ্ববিদ্যালয়খনৰ ১২৬ সংখ্যক পৰিচালনা ব’ৰ্ডৰ বৈঠক।

ই-মেইলযোগে শম্ভূনাথে এনে বৈঠক আহ্বান কৰাৰ কথা জানিব পৰাৰ পাছত প্ৰতিবাদকাৰী ছাত্ৰ, শিক্ষক সকলোৱে জাঙুৰ খাই উঠে। তেওঁলোকৰ প্ৰশ্ন- কেনেকৈ এই ক্ষমতা পালে শম্ভূনাথ সিঙে। গুগল মিটৰ জৰিয়তে আয়োজন কৰা এই পৰিচালনা ব’ৰ্ডৰ বৈঠক এনে প্ৰতিক্ৰিয়াৰ পাছতেই আবেলি ৪-০০ বজাৰ পৰিৱৰ্তে সন্ধিয়ালৈ অনুষ্ঠিত হয়।

চতুৰ শম্ভূনাথ সিঙে তেওঁৰ ঘনিষ্ঠ বুলি সকলোৱে জনা সাংবাদিকতা আৰু গণ মাধ্যম বিভাগৰ অধ্যাপিকা জয়া চক্ৰৱৰ্তীক সম- উপাচাৰ্য পাতিবৰ বাবে চেষ্টা চলাই যদিও ক্ষুব্ধ শিক্ষকসকলে শম্ভূনাথৰ এই কাৰ্যৰ তীব্ৰ বিৰোধিতা কৰে। 

তাৰ পৰিৱৰ্তে শিক্ষক- ছাত্ৰ সমাজে অধ্যাপক ধ্ৰুৱ কুমাৰ ভট্টাচাৰ্যক ভাৰপ্ৰাপ্ত উপাচাৰ্যৰূপে দায়িত্ব প্ৰদান কৰাত সহমত পোষণ কৰে। বিশ্ববিদ্যালয়ত উপাচাৰ্যগৰাকীৰ অনুপস্থিতিত বা তেওঁৰ কাৰ্য সম্পাদন কৰাত অপৰাগ হ’লে বিশ্ববিদ্যালয়ৰ অধিনিয়ম অনুসৰি জ্যেষ্ঠ অধ্যাপকগৰাকীক ভাৰপ্ৰাপ্ত উপাচাৰ্যৰ দায়িত্ব দিয়াৰ বিধান আছে। 

কিন্তু ধ্ৰুৱ কুমাৰ ভট্টাচাৰ্যতকৈ জ্যেষ্ঠ অধ্যাপক থকাৰ পাছতো তেওঁক এই দায়িত্ব দিয়া হয় যদিও ছাত্ৰ- ছাত্ৰীসকলে কেৱল সন্মুখত থকা পৰীক্ষাৰ বাবে এনে সিদ্ধান্ত সাময়িকভাৱে মানি লয়। কিন্তু তেজপুৰ বিশ্ববিদ্যালয়ত সৃষ্টি হোৱা জটিলতা এতিয়াও আঁতৰ হোৱা নাই। 

শম্ভূনাথ সিঙৰ বিৰুদ্ধে উত্থাপিত অভিযোগৰ বাবে অসমৰ ৰাজ্যপালে কথাবোৰ তদন্ত কৰিবলৈ এখন ফেক্ট ফাইণ্ডিং  কমিটী গঠন কৰি দিছিল। ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য জিতেন হাজৰিকা, উচ্চ শিক্ষা সঞ্চলকালয়ৰ আয়ুক্ত সচিব নাৰায়ণ কোঁৱৰ আৰু আই আই টি গুৱাহাটীৰ সঞ্চালকেৰে গঠিত এই কমিটীখনে প্ৰতিবেদন জমা দিছিল চলিত বৰ্ষৰ অক্টোবৰত।

ৰাজ্যপালে কেন্দ্ৰীয় চৰকাৰলৈ ২২ অক্টোবৰতে সেই প্ৰতিবেদন প্ৰেৰণ কৰিছিল যদিও আজিলৈকে কোনো ব্যৱস্থা গ্ৰহণ নহ’ল। বিশ্ববিদ্যালয়খনৰ প্ৰতি যদি কেন্দ্ৰীয় চৰকাৰ বা ৰাজ্য চৰকাৰৰ সদিচ্ছা থাকিলে হয়, তেন্তে ইমান দিনে বিতৰ্কিত উপাচাৰ্য শম্ভূনাথ সিঙক বাধ্যতামূলক ছুটীত যাবলৈ দি সকলো অভিযোগৰ অনুসন্ধান কৰিবলৈ এখন উচ্চ পৰ্যায়ৰ কমিটী গঠন কৰিলেহেঁতেন।

ইয়াকে নকৰি শম্ভূনাথ সিঙক দিল্লীৰ পৰা ৰিমোট কন্ট্ৰ’লেৰে বিশ্ববিদ্যালয়খন পৰিচালনা কৰাৰ সুযোগ দি থকা হৈছে। এফালে ছাত্ৰ- ছাত্ৰীৰ প্ৰতিবাদ, আনফালে শম্ভূনাথ সিঙৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ নকৰাত বিশ্ববিদ্যালয়খনত জটিলতা অৱ্যাহত আছে।

বিশ্ববিদ্যালয়খনৰ পঞ্জীয়ক লৈ আই আই টি গুৱাহাটীৰ সঞ্চালক দেৱেন্দ্ৰ জালিহালে ১১ অক্টোবৰত এখন পত্ৰ প্ৰেৰণ কৰিছিল। সেই পত্ৰত উল্লেখ কৰিছিল যে, ৰাজ্যপালে গঠন কৰি দিয়া ফেক্ট ফাইণ্ডিং কমিটীয়ে ১২ অক্টোবৰ ২০২৫ৰ পৰা তেজপুৰ বিশ্ববিদ্যালয়ত উপস্থিত থাকিব। ইয়াৰ বাবে এক সুচল স্থানৰ ব্যৱস্থা কৰিবলৈও কোৱা হৈছিল।

প্ৰথম স্তৰত ছাত্ৰ- ছাত্ৰী, শিক্ষক- কৰ্মচাৰীৰ প্ৰতিনিধি আৰু দ্বিতীয় পৰ্যায়ত ব্যক্তিগতভাৱে তেওঁলোকে শম্ভূনাথ সিঙৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰা সকলক লগ কৰিছিল। সেই অনুসৰি ৭দিনৰ ভিতৰত এই প্ৰতিবেদন প্ৰস্তুত কৰা হৈছিল।

উক্ত প্ৰতিবেদনৰ কোনো ফলাফল নোলাল। বিশ্ববিদ্যালয়ৰ ছাত্ৰ সমাজে কেতিয়াও সম- উপাচাৰ্য বিচৰা নাছিল। গতিকে বিশ্ববিদ্যালয়খনত সৃষ্টি হোৱা অস্থিৰ অৱস্থা আঁতৰিলে বুলি এচামে ভাবিছে যদিও সেই সমস্যা সমস্যা হৈয়েই ৰৈ গৈছে। 

ঐতিহ্যমণ্ডিত বিশ্ববিদ্যালয়খনত কিশোৰী মোহন পাঠকৰ দৰে শিক্ষাবিদ উপাচাৰ্য হৈছিল। তেওঁ আছিল পদাৰ্থ বিজ্ঞানৰ মানুহ। একেদৰে জয় ভট্টাচাৰ্য গণিতৰ, এম কে চৌধুৰী ৰসায়ন বিজ্ঞানৰ মানুহ আছিল। যি সকলে এই সন্মানীয় আসনত বহিছিল। বৰ্তমানৰ বিতৰ্কিত উপাচাৰ্য শম্ভূনাথ সিং কিন্তু চৰ্চাত আছে আৰ এছ এছৰ মানুহ বুলি। সেয়ে হয়তো তেওঁৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা নাই কেন্দ্ৰই, ব্যৱস্থা গ্ৰহণ কৰাৰ সাহস কৰিব পৰা নাই মুখ্যমন্ত্ৰীয়ে।

তেজপুৰ বিশ্ববিদ্যালয়