/asomiyapratidin/media/media_files/2025/07/18/whatsapp-image-2025-07-18-14-30-23.jpeg)
মৃদুল কুমাৰ সন্দিকৈ
মহানগৰীৰ এই মাছৰ বজাৰখনলৈ নৰকান্ত নাথ সদায় আহে। অৱশ্যে তেওঁ বজাৰখনলৈ সদায় আহিলেও মাছ নিকিনে। পুৱা ৭-৩০ বজাৰ পৰা ৮-০০ বজাৰ ভিতৰত পাক এটা মাৰি তেওঁ ওলাই যায় মাছৰ বজাৰখনৰ পৰা।
তাৰ পাছত আকৌ ১০-৩০ ৰ পৰা ১১-০০ বজাৰ ভিতৰত নাৰেঙ্গীৰ এই মাছৰ বজাৰখনত প্ৰৱেশ কৰি তাৰ পৰাই ঘৰমুখী হয়। গুৱাহাটীত তেওঁ থকা ৩৫ বছৰৰো বেছি হ’ল। আচল ঘৰ নলবাৰীৰ জাগাৰাত। এতিয়া তেওঁ পৰিয়ালৰ সৈতে ফৰেষ্টগেটৰ শাস্ত্ৰী নগৰত থাকে।
পুৱা ৫-০০ টা বজাতে তেওঁ ঘৰৰ পৰা ওলোৱাটো অলিখিত নিয়ম। দুপৰীয়া ভাত খোৱাৰ সময়ত পুনৰ ঘূৰি গৈ ঘৰ পোৱাৰ পূৰ্বেই এনেদৰে তেওঁ খোজ কাঢ়ি ঘূৰি ফুৰে নাৰেঙ্গী অঞ্চলটোত। তাত বেপাৰ- বাণিজ্য কৰা প্ৰায়বোৰ বেপাৰীয়ে তেওঁৰ চিনাকি।
গুৱাহাটীলৈ আহি তেওঁ প্ৰথম ঠেলা চলাইছিল। তাৰ পাছত ইণ্ডিয়া কাৰ্বনত শ্ৰমিক হিচাপে কাম কৰিছিল। জীৱনৰ বহু উত্থান- পতনৰ সন্মুখীন হৈছে তেওঁ। ৮০ টকাৰ পৰা ইণ্ডিয়া কাৰ্বনত শ্ৰমিক হিচাপে কাম কৰি ১৫০ টকালৈকে প্ৰতিদিনে উপাৰ্জন কৰিয়েই পৰিয়ালটোক পোহপাল দিব লগা হৈছিল।
ঘৰত বৰ বেছি মাটি নাই। খেতি কৰাৰ কথা সেয়েহে ভাবিব নোৱাৰি ওলাই আহিছিল তেওঁ গুৱাহাটীলৈ। ঘূৰি-ফুৰি থকা মানুহ হিচাপে বহুতে পতা কথা তেওঁ শুনে আৰু সেই কথাবোৰৰ ভিত্তিতেই বিষয়বোৰকলৈ নিজস্বঃ এটা ধাৰণা তেওঁ ল’ব পাৰে।
নাৰেঙ্গীৰ মাছৰ বজাৰখনত সেইদিনা তেওঁ প্ৰৱেশ কৰাৰ লগে লগে মাছ বেপাৰীবোৰৰ মাজত ব্যস্ততা বাঢ়িছিল। মাছৰ এজন গ্ৰাহক হিচাপে বজাৰখনলৈ গৈ সেই দৃশ্য প্ৰায়ে প্ৰত্যক্ষ কৰা যায়। মাছ কাটি থকা বেপাৰীবোৰে কাষত থকা কাপোৰখনত হাত মচি নৰকান্ত নাথে আগবঢ়াই দিয়া জালুক দিয়া ৰঙা চাহকাপৰ সোৱাদ লৈছিল।
নৰকান্তৰ এই চাহৰ প্ৰতি আগ্ৰহ নাছিল যদিও মাছ বেপাৰীজনে অনুৰোধ কৰাত তেনে একাপ চাহৰ সোৱাদ লৈ নৰকান্তৰ সৈতে কিছু কথা পাতিছিলো। ভবাৰ দৰে নৰকান্তৰ চাহকাপ সাধাৰণ চাহ নাছিল।
তেওঁৰ চাহ খোৱা মাছ বেপাৰীবোৰে কোৱা কথাই সঁচা। এই কাপ চাহ বিচাৰিলেই পোৱা নাযায়। জালুকৰ গুৰি, ক’লা নিমখ দি সৰু কাপটোত নৰকান্তই আগবঢ়াই দিয়া এই চাহ কাপৰ বিশেষত্ব আছে। চাহৰ লগতে তেওঁ লৈ আহে খুৰমা আৰু নিমকি।
নৰকান্তই ক’লে- বজাৰত পোৱা ৰেডিমেড খুৰমা আৰু নিমকি নহয় এইবোৰ। তেওঁ প্ৰতিদিনেই ৰাতি পিছদিনাৰ বাবে এনেকৈ ১০০ ৰ পৰা ১৫০ খুৰমা- নিমকি বনায়। এইবোৰ বনাবলৈ তেওঁ কম দামী তেল, আটা ব্যৱহাৰ নকৰে।
তেওঁ ভাবে- সেইবোৰ তেওঁ নিজেই খাব, সেয়েহে বিশেষ যতন লৈ এইবোৰ প্ৰস্তুত কৰে। কেৰাচিনৰ ষ্ট’ভটোৰ ওপৰত থকা কেটেলিটোত ২০০ৰো অধিক কাপ চাহ লৈ তেওঁ পুৱা ওলাই আহে। নিৰ্দিষ্ট কিছু ঠাইত তেওঁ এইবোৰ দি ঘৰলৈ ওভতে।
এদিনত তেওঁৰ কিমান উপাৰ্জন হয় বুলি সোধাত মিচিকিয়াই হাঁহি এটা মাৰি তেওঁ ক’লে- গড়ে ৮০০ৰ পৰা ১০০০ টকা তেওঁৰ থাকে। কেতিয়াবা মাজতে ঘৰলৈ গৈ দ্বিতীয়বাৰ চাহ লৈ আহিব লগা হয়। বতৰৰ ওপৰতো বহুখিনি নিৰ্ভৰ কৰে।
বৰষুণৰ বতৰত হেনো চাহৰ বিক্ৰী বাঢ়ে। সৰু দুৰ্ঘটনা এটা হোৱাৰ পাছত ঠেলা- ৰিক্সা বা আন হাজিৰা কাম কৰিব নোৱাৰি বহুদিন তেওঁ ঘৰতে বহি আছিল। কি কৰিম, নকৰিম কৰি থাকোতে মনত পৰিছিল হাইস্কুলত থাকোতে নলবাৰীৰ এখন হোটেলত কাম কৰিছিল।
সেই তেতিয়াই কাৰিকৰে মিঠাই কেনেকৈ বনাই চাইছিল আৰু সহায় কৰি দিছিল। সেই বিদ্যাকে কৰ্ষণ কৰি ঘৰতে মিঠাই বনাবলৈ চেষ্টা কৰিছিল। দুদিনমান বৰ ভাল হোৱা নাছিল যদিও এতিয়া এই বিদ্যাত তেওঁ পাৰ্গত।
এতিয়া তেওঁ বাস কৰা অঞ্চলটোৰ কাৰোবাৰ ঘৰত সকাম-নিকাম বা আন অনুষ্ঠান থাকিলে মিঠাই যোগানৰ কামটো নৰকান্তই কৰে। এনেকৈও বহুকেইটা টকা উপাৰ্জন কৰে নৰকান্তই। এইদৰে চাহ বিক্ৰী কৰা ধনেৰে দুজনী ছোৱালীক স্নাতক ডিগ্ৰীলৈকে পঢ়ালে।
বাস কৰা ঘৰটোৰ মাটিখিনিও কিনিলে। বহু ধন নাথাকিলেও এতিয়া আকাল নাই তেওঁৰ। মাহত ২৫ – ৩০ হাজাৰ টকা উপাৰ্জন হয়। বয়-বস্তুৰ দাম বৃদ্ধিয়ে কিছু প্ৰভাৱ পেলালেও চলি আছে নৰকান্তৰ পৰিয়াল। তেওঁ কিন্তু বঢ়োৱা নাই তেওঁৰ সেই বিশেষ চাহকাপৰ দাম।
এতিয়াও একাপ চাহ তেওঁ ৫টকাতে দিয়ে। নৰকান্তৰ মতে বেছি লাভ নালাগে তেওঁক। চলিব পৰাকৈ ভগৱন্তই সুবিধা অকণ কৰি দিছে, এয়াই বহুত। কথা পাতি পাতিয়ে মানুহজনে কেইবাজনো গ্ৰাহকক চাহ দিলে।
সেই সময়তে চিনাকি মাছ বেপাৰী এজনে নৰকান্তক উদ্দেশ্যি ক’লে- মামাই উচ্ছেদ চলাই আছে দেখিছ নহয় ? তোৰ ঘৰতো বুলডেজাৰ চলাই দিব এদিন। তহঁতৰ মাটিবোৰোতো একচনীয়া। কথাষাৰ শুনি নৰকান্তই যিটো উত্তৰ দিলে, সেই উত্তৰ বহু দেৰি কাণত ৰৈ গ’ল।
নৰকান্তই কৈছিল- “যাই যদি যাবো আৰু। উচ্ছেদ চলে ভালে কৈচ্চি মামাই। এইমাখাই যেনকে মাটি সোপা লৈইছি অখমতে আমাৰ অৱস্থা ভগনীয়া হৈছি। চাবাচোন যোতে উচ্ছেদ চলৈই ত'তে মিঞা ওলে।“
এখন বজাৰত নৰকান্তৰ ৰায় এয়া। এজন সাধাৰণ লোকৰ অনুভৱ এয়া। নৰকান্তৰ দৃষ্টিৰে বাস্তৱৰ প্ৰতিফলন ঘটিল এনেকৈয়ে...