/asomiyapratidin/media/media_files/2026/01/30/ap-for-web-n-2026-01-30-16-19-00.jpeg)
মৃদুল কুমাৰ সন্দিকৈ
বচন ! এয়া ৰাজনৈতিক বচন। নিৰ্বাচনৰ বতৰত নেতাৰ মুখৰ বচন। এই বচনে কাৰোবাক সহায় কৰিব পাৰে, কাৰোবাৰ ভাবমূৰ্তি সৰ্বকালৰ বাবে বিনষ্ট কৰি দিব পাৰে। এই বাস্তৱক কোনোবা ৰাজনৈতিক নেতাই, ক্ষমতাশালী লোকে উপলব্ধি কৰিব নোৱাৰটো সাম্প্ৰতিক সময়ৰ এক অন্যতম দুৰ্ভাগ্যজনক বিষয়।
যেতিয়া কাৰোবাৰ মূৰত ক্ষমতাই ধৰে, নিজেই সৰ্বোচ্চ বুলি জ্ঞান কৰে, তেতিয়াই তেনে লোকৰ মুখত এনেধৰণৰ বচন শুনিবলৈ পোৱা যায়। এই বচন আওঁৰাই নিজকে সচেতন, সক্ৰিয় আৰু ক্ষমতাশালী বুলি জাহিৰ কৰিব বিচৰাজনে এই বচনবোৰৰ পৰা হ’ব পৰা লাভৰ কথা ঠিকেই চিন্তা কৰে।
কিন্তু এই বচনবোৰৰ যে পাৰ্শ্বক্ৰিয়া থাকিব পাৰে, সেই কথা এক সাংবিধানিক পদত থাকি তেওঁলোকে অনুধাৱন কৰিব নোৱাৰাতো অত্যন্ত পৰিতাপৰ বিষয়। এনেবোৰ ক্ষমতাশালী মানুহে এনে এক ভাবমূৰ্তি তৈয়াৰ কৰিব বিচাৰে যে, তেওঁহে এটা জাতি, এখন ৰাজ্য, এখন সমাজ ধৰি ৰাখিছে।
সাম্প্ৰদায়িকতাৰ গেৰুৱা চোলা পিন্ধি এই সকলে চিনাকি- অচিনাকি শ্ৰেণী বিভাজনেৰে ধৰ্মীয় পৰিচয়ৰ যিখন নাটক ৰচনা- পৰিচালনা কৰে তাত বৈচিত্ৰতাৰে ভৰা সমাজখনৰ বাবে ভাঙোনমুখী অনুঘটক থাকে। অচিনাকি সকল যদি সঁচাকৈয়ে তেওঁলোকে কোৱাৰ দৰে অবৈধ প্ৰক্ৰিয়াৰে আহি ইয়াত অগ্ৰাসন কৰিছে, তেওঁলোকক বিতাড়িত কৰা হোৱা নাই কিয় ?
মিঞা অভিধাৰে ৫টকাৰ ঠাইত ৪টকা দি তেওঁলোকক ইয়াত থাকিবলৈ সুবিধা কৰি দিয়াৰ অভিযোগত শাসনৰ বাঘজৰী লৈ থকা এই লোকসকলো দায়ী নহ’বনে ? তেওঁলোকৰ অভিধানত এই অবৈধ লোকসকলৰ পৰিধি ধৰ্মীয় চেতনাৰে নিৰ্ণয় কৰে। সেয়েহে ধৰ্মীয় শ্ৰেণী বিভাজনৰ এনেবোৰ বচন আঁওৰাই সেই সকল লোক নায়ক হ’ব খোজে যদিও তেওঁলোক যে প্ৰকৃততে একো একোজন খলনায়ক সেই কথা সাধাৰণ মানুহেও বুজে।
সেই সকল অবৈধ অনুপ্ৰৱেশকাৰী আমাৰ বাবে বোজা, ডাঙৰ সমস্যা। কিন্তু ইয়াক সৰলীকৰণ কৰি মিঞা নামৰ নেৰেটিভ সৃষ্টিৰে মানুহক আবেগিক কৰা সকলে বাস্তৱ সমাধানৰ পথ আজিও উলিয়াব পৰা নাই।
অসম চুক্তিৰ ৬নং দফা কাৰ্যকৰীকৰণৰ বাবে গঠিত কমিটিৰ প্ৰতিবেদনৰ পৰামৰ্শ লানি দিল্লীয়ে গৈ নাপালে। ইয়াক কাৰ্যকৰী কৰিম বুলি টেঁটু ফালি চিঞৰা সকলে সেইবোৰ কথা পাহৰিলে। মিঞাক মই হাৰাশাস্তি কৰিলো বুলি কোৱা সকলে পাৰে যদি এনে এক বুনিয়াদ গঢ়ি তোলক, যি বুনিয়াদে এই তথাকথিত লোক সকলক আৰ্থিক- সামাজিকভাৱে নিষ্ক্ৰিয় কৰি দিব পাৰিব।
তাকে নকৰি হিতাধিকাৰী সৃষ্টিৰে এটা পংগু জাতি গঢ়িবলৈ অংগীকাৰ কৰা সকলে কিমান দিনলৈ এনে বচন মাতি জাতি- মাটি আৰু ভেঁটিক সুৰক্ষিত কৰি ৰাখিব পাৰিব ? তেওঁলোকৰ এই অগ্ৰাসন নীতিত আছে কেৱল ভোটৰ ৰাজনীতি।
প্ৰদৰ্শনধৰ্মিতৰে এই বচনবোৰ আঁওৰাই তেওঁলোকে মূলসুঁতিৰ লোকসকলক বুজাব খোজে ময়েই জাতিৰ ত্ৰাণকৰ্তা। উগ্ৰ জাতীয়তাবাদেৰে সেই মিচন বিফল হোৱাৰ পাছত ৰাষ্ট্ৰীয়তাবাদৰ নাৱত উঠি একেই উগ্ৰ জাতীয়তাবাদক ধৰ্মীয় ৰঙেৰে তেওঁলোকে এক নতুন পৰিৱেশ গঢ়িবলৈ চেষ্টা চলাইছে। বাকীবোৰ কথা মানুহে চকুৰ সন্মুখতে দেখি আহিছে।
তেওঁলোক আজিৰ তাৰিখত একো একোজন অতি চতুৰ ৰাজনীতিৰ বেপাৰী। তেওঁলোকে জানে- কাক লৈ, কেনেকৈ ৰাজনীতি কৰি মানুহৰ অনুকম্পা আদায় কৰিব পাৰি। কিন্তু কিমান দিনলৈ তেওঁলোকে এই ৰাজনৈতিক বজাৰ মেলি সাম্প্ৰদায়িকতাৰ বচন বিক্ৰী কৰিব ?
এনে সময়ো আহিব- তেওঁলোকৰ এই কৰ্মকাণ্ডৰ বিৰুদ্ধে অলিয়ে- গলিয়ে আলোচনা হ’ব। আজিৰ ৰাজনৈতিক প্ৰভাৱ আৰু ক্ষমতা চিৰস্থায়ী হৈ ৰৈ নেযায়। তেতিয়াই উপলব্ধি কৰিব- এইবোৰ বচন তেওঁলোকৰ বাবে কিমান হানিকাৰক আছিল।
দেশৰ প্ৰতিষ্ঠিত সংবাদ পত্ৰখনত তেওঁলোকৰ এই বচনবোৰৰ আধাৰত লিখা সম্পাদকীয়তো বহু কথা আছে। ইংগিতপূৰ্ণ এই সম্পাদকীয় তেওঁলোকৰ ভৱিষ্যতৰ বিপদ আৰু পৰিস্থিতি ইংগিতপূৰ্ণ সম্ভাৱনা তুলি ধৰা হৈছে।
হয়, এনে অগ্ৰাসনক তৰুণ গগৈয়ে হুংকাৰ দিছিল। গগৈয়ে কৈছিল- হু ইজ বদৰুদ্দিন ? তাতেই ইংগিতপূৰ্ণ এক সাৱধানীক ৰাজনৈতিক বাৰ্তা আছিল। কিন্তু এওঁলোকতো চতুৰ হ’লেও বিচক্ষণ ৰাজনৈতিক নেতা নহয়। তাৰ উমান তেওঁলোকৰ সস্তীয়া, অপ্ৰয়োজনীয় এনে ৰাজনৈতিক বচনবোৰে দি আহিছে, দি যাব...
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us