বিয়াতে উজাৰি দিছে হিয়া...

প্ৰদেশ কংগ্ৰেছৰ প্ৰায়বোৰ নেতাই ইচ্ছা-অনিচ্ছা স্বত্বেও এই বিয়াতে নিজক ব্যস্ত ৰাখিব লগা হৈছে। কিয়নো এতিয়া ৰকিবুল হুছেইনে গৌৰৱ গগৈৰ মুখ্য পৰামৰ্শ দাতা। ৰকিবুল হুছেইনক অসন্তুষ্ট কৰা সাহস কাৰোৱে নাই। 

author-image
Asomiya Pratidin
New Update
WhatsApp Image 2025-12-26 at 3.07.09 PM

মৃদুল কুমাৰ সন্দিকৈ

তাঞ্জিলৰ নিকাহ! তাৰ বাবে তেওঁলৈ অলেখ শুভকামনা। জীৱনৰ দ্বিতীয়টো ইনিংছ আৰম্ভ কৰিব তাঞ্জিল হুছেইনে। এই বিশেষ লেখা লিখিব লগীয়াকৈ তাঞ্জিলৰ এই বিয়াখন বিশেষ নাছিল। কিন্তু একালৰ ক্ষমতাশালী মন্ত্ৰী আৰু বৰ্তমান কংগ্ৰেছৰ সাংসদ ৰকিবুল হুছেইনৰ পুত্ৰ হোৱাৰ সূত্ৰে তাঞ্জিলৰ বিয়াখন কংগ্ৰেছৰে এচাম সচেতন নেতা-কৰ্মীৰ মাজত চৰ্চাৰ বিষয় হৈছে।

নিৰ্বাচিত লোকে ৰকিবুলৰ পুত্ৰৰ বিয়াৰ নিমন্ত্ৰণী পত্ৰ লাভ কৰিছে। নিমন্ত্ৰণী পত্ৰত কবিতা-কবিতা লগাকৈ দৰা তাঞ্জিল আৰু কইনা মোচকানে লিখিছে- অনুগ্ৰহ কৰি মনত ৰাখিব/২০২৫ হ'ল চন/ডিচেম্বৰ হ'ল মাহ/২৩ তাৰিখ-হ'ল মিলাদ/২৪ তাৰিখ- হ'ল হালধী,মেহেন্দি আৰু সংগীত/২৬তাৰিখ-হ'ল নিকাহ/২৭ তাৰিখ-হ'ল অভ্য়ৰ্থনা। বিয়াৰ স্থান গ্ৰীণউদ ৰিজ'ৰ্ট খানাপাৰা।

হালধি,মেহেন্দি,সংগীতত দিলখুচকৈ ফূৰ্তি কৰিছে পৰিয়ালটোৱে। মন খুলি নাচিছে সাংসদ ৰকিবুল হুছেইন আৰু পৰিয়াল স্বজনে। একমাত্ৰ ল'ৰাৰ বিয়া ফূৰ্তি কৰিবই দিয়কচোন। এয়া তেওঁলোকৰ ব্যক্তিগত বিষয়। ৰকিবুল হুছেইনৰ পুত্ৰৰ বিয়াৰ বতাহ ভালকৈ লাগিছে অসমৰ কংগ্ৰেছ নেতা সকলৰ গাতো।

নিকাহ অৰ্থাত বিয়াৰ দিনা দৰাক আশীৰ্বাদ দিবলৈ সকলো কাম-বন সামৰি গুৱাহাটীলৈ ঘূৰি আহিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ। ২৬ ডিচেম্বৰ ২০২৫ ত তেওঁ বিশেষ কাৰ্যসূচী ৰখা নাই। সৰু-সুৰা দুই এটা অনুষ্ঠান দিনৰ ভাগতে ৰাখিছে যদিও সন্ধিয়া তেওঁ হাতত সময় থৈছে ৰকিবুল পুত্ৰৰ নিকাহলৈ যোৱাৰ বাবে।

নিকাহত উপস্থিত থাকি পিছদিনাই তেওঁ অৰ্থাত ২৭ ডিচেম্বৰ ২০২৫ ত উৰা মাৰিব দিল্লীলৈ। দিল্লীত হেনো কংগ্ৰেছ ৱৰ্কিং কমিটীৰ মিটিং আছে। গৌৰৱ গগৈয়ে নহয় এই বিয়াৰ বাবে পৰ্যাপ্ত সময়সূচী হাতত ৰাখি থৈছে কংগ্ৰেছৰ তত্বাৱধায়কৰ দায়িত্বত থকা জীতেন্দ্ৰ সিঙে।

অসমত থকা সিঙে ২৬ ডিচেম্বৰ ২০২৫ ত কি কি কাৰ্যসূচী আছে সেয়া সামাজিক মাধ্যমযোগে ৰাজহুৱাও কৰিছে।সেই কাৰ্যসূচীত তেওঁ এই দিনটোৰ কৰ্মসূচীৰ বৰ্ণনা আছে এনেদৰে- বিয়লি ডেৰ বজাৰ পৰা ২.৪৫ বজালৈ ৰাজীৱ ভৱনত নেতা আৰু কৰ্মীক সাক্ষাত। তাৰ পাছত ৰাজীৱ ভৱনতে কংগ্ৰেছৰ বিভিন্ন কোষ আৰু বিভাগৰ সৈতে আন এখন বৈঠক। ৪ বজালৈ সেই বৈঠক চলিব। ইয়াৰ পাছত ৭ বজাত তেওঁ হেনো যাব তাঞ্জিলৰ নিকাহ অনুষ্ঠানলৈ।

প্ৰদেশ কংগ্ৰেছৰ প্ৰায়বোৰ নেতাই ইচ্ছা-অনিচ্ছা স্বত্বেও এই বিয়াতে নিজক ব্যস্ত ৰাখিব লগা হৈছে। কিয়নো এতিয়া ৰকিবুল হুছেইনে গৌৰৱ গগৈৰ মুখ্য পৰামৰ্শ দাতা। ৰকিবুল হুছেইনক অসন্তুষ্ট কৰা সাহস কাৰোৱে নাই। 

দায়িত্ব পৰিছে বহুতৰ ওপৰত। দিল্লীৰ পৰা আহিব আলহী। বিমান বন্দৰৰ পৰা কোনে কাক আনিব তাৰো হেনো তালিকা সাজু কৰা হৈছে ৰাজীৱ ভৱনতে। বিয়া খাবলৈ তেওঁলোক যাওঁক,আপত্তি কাৰোৱেই নাই। কিন্তু অসম জ্বলি থকা এই সময়খিনিত বিৰোধাী দলৰ নেতা হিচাপে তেওঁলোক উদাস।

যি হৈ আছে হ'বলৈ দিছে। নাই কোনো প্ৰতিক্ৰিয়া, নাই কোনো ৰাজনৈতিক তৎপৰতা। তাৰ পাছত তেওঁলোকে সপোন দেখে ক্ষমতাৰ। ২৬ ৰ সপোন এয়া তেওঁলোকৰ। অতিষ্ঠ হৈ পৰিছে কংগ্ৰেছৰে একাংশ কৰ্মী-নেতা।

বৰমূৰীয়া সকল এতিয়া যোৱা এসপ্তাহ ধৰি বিয়াতে সপি দিছে হিয়া। ভৱা নাই ৰাজনীতিৰ কথা। তাৰ বিপৰীতে শাসকীয় বিজেপি ব্যস্ত ২০২৬ ৰ নিৰ্বাচনক লৈ। কাৰ্যকৰী সভাপতিৰ দায়িত্ব লৈ ২৬ ডিচেম্বৰতে আহিল বিজেপি নেতা নিতিন নবীন। শংকৰদেৱ কলাক্ষেত্ৰত বহিল কাৰ্যনিৰ্বাহক বৈঠক। বজালে তাৰ পৰাই ২৬ ৰ ৰণডংকা।

প্ৰধানমন্ত্ৰী মোডী আহি গ'ল সৌ সেইদিনা। অহা দুমাহত আকৌ অসমলৈ দুবাৰ অহা কথা। ২৯ ডিচেম্বৰত গৃহমন্ত্ৰী অমিত শ্বাহৰ ভ্ৰমণ। ২৬ ৰ পূ্ৰ্ণ প্ৰস্তুতি এনেকৈয়ে কৰিছে বিজেপিয়ে। শুই আছে কংগ্ৰেছ। কোনো এটা ইচ্যুকে মানুহৰ মাজলৈ লৈ যোৱাৰ চেষ্টা কৰা নাই।

উলমাই থৈছে বিৰোধী মিত্ৰতাৰ বিষয়টো। কাৰ্বি আংলঙৰ জুই,জনজাতিকৰণৰ প্ৰসংগ,মুখ্যমন্ত্ৰীৰ একনায়ত্ববাদ আদি বহুবোৰ বিষয় থকা পাছতো কিয় জানো কংগ্ৰেছ আজি সৰৱ হোৱা নাই।হয়তো ধৰি লৈছে আহি আছে ২৬ তো পৰাজয়। 

সেয়ে উপভোগ কৰিছে, বিয়াতে সুযোগ পাই মচগোল হৈছে। কিন্তু কথাবোৰ দৃষ্টিকটু হৈছে। পৰিৱৰ্তনৰ আশা কৰা মানুহবোৰ হতাশ হৈ পৰিছে। গৌৰৱ গগৈক লৈ সৃষ্টি হোৱা উৎসাহবোৰ হেৰাই যাব ধৰিছে। এনেকৈয়ে এতিয়া ৰাজ্যত কংগ্ৰেছ চলিছে। এইবোৰ কথা বিৰোধী দলটোৱে উপলব্ধি কৰিবনে কেতিয়াবা...

ৰকিবুল হুছেইন তাঞ্জিল হুছেইন