/asomiyapratidin/media/media_files/2025/10/03/ap-for-web-new-bikhekh-lekha-5-2025-10-03-14-55-32.jpg)
মৃদুল কুমাৰ সন্দিকৈ
নিজক ৰক্ষা কৰিবলৈ, নিজকে নিৰ্দোষী সজাবলৈ শ্যামকানু মহন্ত নামৰ ব্যক্তিজনে সকলো প্ৰচেষ্টাই কৰিছিল। ১ অক্টোবৰ ২০২৫ৰ নিশা ৰহস্যজনকভাৱে আৰক্ষীৰ হাতত ধৰা দিয়াৰ পূৰ্বেই বিদেশৰ মাটিৰ পৰাই শ্যামকানুৱে নিজক ৰক্ষা কৰিবলৈ আইনী পথো বাচি লৈছিল।
উচ্চতম ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা ৰাজকমলৰ জৰিয়তে শ্যামকানুৱে ৩০ ছেপ্তেম্বৰ ২০২৫ত দাখিল কৰিছিল এখন লেখ আবেদন। এই লেখ আবেদনত শ্যামকানুৱে ভাৰত চৰকাৰ আৰু অন্যান্য পক্ষক বিৰোধী পক্ষৰূপে উল্লেখ কৰিছে।
১৭৪ পৃষ্ঠাৰ লেখ আবেদনখনত শ্যামকানুৱে তেওঁক নিৰ্দোষী বুলি প্ৰমাণ কৰিবলৈ বহু তথ্য- প্ৰমাণ সন্নিৱিষ্ট কৰি দিছিল। ভাৰতীয় সংবিধানৰ ধাৰা নং ১৪, ১৫, ১৬, ১৯, ২০, ২১, ২২ আৰু ৩২ৰ অধীনত দাখিল কৰা হৈছিল এই লেখ আবেদন।
লেখ আবেদনখনত শ্যামকানুৱে জুবিন গাৰ্গৰ মৃত্যুৰ পাছত তেওঁ ভুক্তভোগী হোৱা বুলি উল্লেখ কৰি জীৱন আৰু তেওঁক স্বাধীনতাৰ ন্যায়ৰ লগতে মৰ্যাদা আৰু সন্মান ৰক্ষাৰ বাবে প্ৰাৰ্থনা কৰিছিল। শ্যামকানু মহন্তৰ মতে জুবিন গাৰ্গৰ মৃত্যুৰ পাছত তেওঁক অপৰাধী সজাই ছপা, বৈদ্যুতিন আদি মাধ্যমক এক মিছা নেৰেটিভ সৃষ্টি কৰা হৈছে।
জুবিন গাৰ্গৰ মৃত্যুত তেওঁ ম্ৰিয়মাণ হৈ পৰা বুলি উল্লেখ কৰিছিল এই লেখ আবেদনত। কিন্তু সংবাদ মাধ্যমে তেওঁক অপৰাধী সজাই বিচাৰ কৰাৰ লগতে সামাজিক মাধ্যমতো তেওঁৰ বিৰুদ্ধে ঘৃণা আৰু বিদ্বেষ বিয়পাই দিছে বহুলোকে।
লেখ আবেদনত উল্লেখ কৰিছে যে, তেওঁক বিভিন্ন জনে বিভিন্ন মাধ্যমেৰে ভাবুকি প্ৰদান কৰিছিল। হাজাৰৰো অধিক ই-মেইল, মেচেজ আৰু সামাজিক মাধ্যমৰ জৰিয়তে সেই ভাবুকি প্ৰদান কৰা হৈছিল। উল্লেখ কৰিছে যে তেওঁক ঘৰলৈ আহিলে জীয়াই জীয়াই জ্বলাই দিয়া হ’ব, দেখা পালেই গুলিয়াই দিব, কাটি কাটি টুকুৰা কৰিব, অসমত ভৰি দিলেই মাৰি পেলাব ইত্যাদি।
তেওঁৰ বিৰুদ্ধে ৫৪খনতকৈও অধিক এফ আই আৰ দাখিল কৰাৰ কথা উল্লেখ কৰি আৰু এই গোচৰসমূহৰ তদন্ত চি আই ডিত ৰুজু কৰা এটা সমূহীয়া গোচৰ ১৮/২০২৫ তদন্তৰ বাবে যি তদন্তকাৰী গোট গঠন কৰিছিল, তাৰ জৰিয়তে তেওঁ প্ৰকৃত ন্যায় নাপাব বুলি সন্দেহ কৰিছে।
ৰাইজৰ হেঁচা আৰু আন কিছু কাৰকৰ বাবে সেয়া সম্ভৱ নহ’ব বুলি উল্লেখ কৰি উচ্চতম ন্যায়ালয়ত তেওঁ জীৱন আৰু ব্যক্তিগত স্বাধীনতা ৰক্ষাৰ বাবে এই আবেদন দাখিল কৰিছিল। তেওঁ এই গোচৰ এন আই এ (নিয়া) অথবা চি বি আইলৈ হস্তান্তৰ কৰিবলৈ আবেদন জনাইছিল ন্যায়ালয়ত।
জুবিন গাৰ্গৰ মৃত্যু তেওঁৰ ভগ্নস্বাস্থ্যৰ বাবে হোৱা বুলি আদালতক জানিবলৈ দিছিল শ্যামকানুৱে। জুবিন গাৰ্গৰ পূৰ্বৰ পৰাই চিজাৰ আৰু অন্যান্য স্বাস্থ্যজনিত ইচ্ছু আছিল বুলি উল্লেখ কৰি তেওঁ ন্যায়ালয়ত ইয়াৰ সপক্ষে ২০২২চনত ডিব্ৰুগড়ত অসুস্থ হৈ পৰা জুবিন গাৰ্গ সম্পৰ্কীয় এক খবৰো প্ৰমাণ হিচাপে লেখ আবেদনৰ সৈতে দাখিল কৰিছে।
শ্যামকানু মহন্তই এই লেখ আবেদনত উল্লেখ কৰিছিল যে, ৰাইজৰ ক্ষোভ, সংবাদ মাধ্যমৰ খবৰৰ ওপৰত ভিত্তি কৰি ৰাজ্যিক এজেন্সিসমূহে তেওঁক অপৰাধীৰ দৰে গন্য কৰা যেন ধাৰণা হৈছে। তেওঁৰ সৈতে গণ উন্মাদনাৰ বলি হ’ব পাৰে বুলি সন্দেহ কৰি পূৰ্বতে ৰাজ্যত সংঘটিত ৫টা তেনে ঘটনাৰ কথা উদাহৰণ হিচাপে দাঙি ধৰিছে এই লেখ আবেদনত।
৩ ছেপ্তেম্বৰ ২০২৫ত তেওঁ ছিংগাপুৰলৈ গৈছিল নৰ্থ- ইষ্ট ইণ্ডিয়া ফেষ্টিভেল আয়োজনৰ প্ৰস্তুতিৰ কামত। তাৰ পাছত ঘূৰি আহি পুনৰ ১৩ ছেপ্তেম্বৰত তেওঁ গুৱাহাটীৰ পৰা ছিংগাপুৰ অভিমুখে গৈ অৰ্চাদ হোটেলত আছিল।
২৫ ছেপ্তেম্বৰ ২০২৫ত ঘূৰি অহাৰ কথা আছিল শ্যামকানু মহন্ত। জুবিন গাৰ্গ ১৭ ছেপ্তেম্বৰ ২০২৫ত তেওঁৰ সংগীসকলৰ সৈতে ছিংগাপুৰলৈ গৈছিল আৰু তেওঁ ছিংগাপুৰৰ পান পেচিফিক হোটেলত আছিল।
১৯ ছেপ্তেম্বৰ ২০২৫ত শ্যামকানু হেনো নৰ্থ- ইষ্ট ইণ্ডিয়া ফেষ্টিভেললৈ অহা অতিথিসকলক আদৰণিত ব্যস্ত আছিল। দিনৰ ১-০০ বজাত সিদ্ধাৰ্থ শৰ্মাৰ পৰা তেওঁ এটা ফোন পাইছিল, য’ত জুবিন গাৰ্গৰ এই দুৰ্ঘটনা ঘটাৰ খবৰ দিয়া হৈছিল।
উক্ত দিনা ২-৪৩ বজাত শ্যামকানু মহন্ত হাস্পতালৰ অভিমুখে যাত্ৰা কৰিছিল। স্থানীয় সময় মতে আবেলি ৩-৪৫ বজাত জুবিন গাৰ্গ যে আৰু নাই সেয়া নিশ্চিত হৈছিল।
এনেদৰে জুবিন গাৰ্গৰ মৃত্যুৰ সম্পৰ্কীয় কথাবোৰ তেওঁৰ অধিবক্তাই এই লেখ আবেদনত দিন অনুযায়ী লিপিবদ্ধ কৰি ন্যায়ালয়ক জনাইছিল। ২৬ ছেপ্তেম্বৰ ২০২৫ত বি এন এছ এছৰ ধাৰা ১৭৯ৰ অধীনত তেওঁলৈ এখন জাননী প্ৰেৰণ কৰা হৈছিল। য’ত ৬ অক্টোবৰ ২০২৫ৰ পুৱা ১১-০০ বজাত তেওঁক তদন্তকাৰী গোটৰ সন্মুখত উপস্থিত থাকিবলৈ কোৱা হৈছিল।
২৭ ছেপ্তেম্বৰ ২০২৫ত চি আই ডিয়ে তেওঁৰ বিৰুদ্ধে লুকআইট চাৰ্কুলাৰ ন’টিছ জাৰি কৰে। এই লেখ আবেদনত শ্যামকানুৱে তেওঁৰ বিপৰীত পক্ষ হিচাপে ভাৰত চৰকাৰ, অসম চৰকাৰ, অসমৰ আৰক্ষী সঞ্চালক প্ৰধান, ন্যায়, চি বি আইক পক্ষ কৰিছে।
জুবিন গাৰ্গ যে গুৰুতৰভাৱে অসুস্থ সেই কথা তেওঁ প্ৰতিয়মান কৰিবলৈ এই লেখ আবেদনত পৃষ্ঠা ৩১ৰ পৰা ৪১লৈ ভালেকেইটা বাতৰি কাকতৰ নমুনা গাঁঠি দিছে। লেখ আবেদনৰ পৃষ্ঠা ৪৫ত উল্লেখ কৰা হৈছে যে, ২৪ ছেপ্তেম্বৰ ২০২৫ত সামাজিক মাধ্যমযোগে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই শ্যামকানু মহন্ত আৰু তেওঁৰ কোম্পানীৰ দ্বাৰা আয়োজিত অনুষ্ঠান ৰাজ্যখনত নিষিদ্ধ কৰিছিল। অনুৰূপ ব্যৱস্থা গ্ৰহণ কৰিবলৈ ভাৰত চৰকাৰকো অনুৰোধ কৰিব বুলি মুখ্যমন্ত্ৰীয়ে দিয়া ফেচবুক প’ষ্টটোৰ স্ক্ৰীণশ্বট এই লেখ আবেদনত সন্নিৱিষ্ট কৰিছিল।
ৰাজ্যৰ অধিবক্তাসকলে তেওঁক কোনো আইনী সাহাৰ্য প্ৰদান নকৰো বুলি লোৱা সিদ্ধান্তৰ যি প্ৰেছ বিজ্ঞপ্তি সেয়াও ইয়াত গাঁঠি দিছে লেখ আবেদনখনত। সকলোবোৰ খবৰ, তথ্য এই লেখ আবেদনখনৰ সৈতে গাঁঠি দি অভিনেতা সুশান্ত সিং ৰাজপুতৰ প্ৰসংগ উল্লেখ কৰি তেওঁৰ বিৰুদ্ধে যে অন্যায় হৈছে সেই কথা ন্যায়ালয়ক জনাইছিল শ্যামকানুৰ অধিবক্তাই।
আদালতত তেওঁ আবেদন জনাইছিল- এই গোচৰৰ ন্যায় চি বি আই বা ন্যায়ালয়ৰ এজন অৱসৰপ্ৰাপ্ত ন্যায়াধীশৰ দ্বাৰাই তদন্ত কৰাব লাগে। আস্থা নাই অসম আৰক্ষী, অসম চৰকাৰ বা এই গোচৰ তদন্ত কৰাৰ বাবে গঠন কৰা বিশেষ তদন্তকাৰী গোটৰ ওপৰত।
এই লেখ আবেদনত তেওঁ ২৯ নং পৃষ্ঠাত এখন শপতনামা সংলগ্ন কৰিছে। এই শপতনামাত শ্যামকানু মহন্তই তেওঁ দাখিল কৰা তথ্য- প্ৰমাণ সঠিক আৰু শুদ্ধ বুলি স্বীকাৰোক্তি দিছে। শপতনামাত চহী কৰিছে শ্যামকানুৱে।
২৯ ছেপ্তেম্বৰত স্বাক্ষৰ কৰা এই শপতনামাত চহী কৰা হৈছে জহৰ বাহ্ৰু নামৰ মালেছিয়া চহৰখনত। গতিকে এয়াও এক অন্যতম গুৰুত্বপূৰ্ণ কথা যে, ছিংগাপুৰত থকা শ্যামকানুৱে ২৯ ছেপ্তেম্বৰ ২০২৫ত কেনেকৈ মালেছিয়াত শপতনামা প্ৰস্তুত কৰা দেখুওৱা হৈছে।
ইফালে এনেক্সাৰ পি-১ত জুবিন গাৰ্গ সম্পৰ্কীয় যিটো খবৰ শ্যামকানু মহন্তৰ লেখ আবেদনত গাঁঠি দিয়া হৈছে, সেই খবৰটো প্ৰকাশ পাইছিল টাইমছ অৱ ইণ্ডিয়াৰ ২০ ছেপ্তেম্বৰ ২০২৫ৰ সংখ্যাত। ৰাষ্ট্ৰীয় কাকতখনৰ ই-সংস্কৰণত সেইদিনা পুৱা ১-২০ বজাত প্ৰকাশ কৰা খবৰটোৰ শিৰোণাম আছিল- ”Whene Zubeen Garg was airlifted from Dibrugarh to Guwahati after suiffuring an epileptic fit”
বাতৰিটোত উল্লেখ কৰা হৈছিল ২০২২ত জুবিন গাৰ্গ ডিব্ৰুগড়ৰ এখন ৰিজ’ৰ্টৰ বাথৰুমত অচেতন হৈ পৰিছিল আৰু তেওঁক সংজ্ঞাহীন অৱস্থাত উদ্ধাৰ কৰি বিমানেৰে গুৱাহাটীলৈ অনা হৈছিল। জুবিন গাৰ্গৰ মৃত্যুৰ খবৰ দিবলৈ গৈ এই খবৰ প্ৰস্তুত কৰা হৈছিল আৰু প্ৰসংগক্ৰমে সেই কথা বাতৰিটোত উল্লেখ কৰিছিল।
নিজক ৰক্ষা কৰিবলৈ শ্যামকানু মহন্তই জুবিন কিমান অসুস্থ তাক বুজাবলৈ এই খবৰটো লেখ আবেদনৰ সৈতে সংলগ্ন কৰি দিছে। এয়াও এক নিজক নিৰ্দোষী সজোৱাৰ বাবে শ্যামকানু মহন্তৰ যেন এক পৰিকল্পিত আইনী কৌশল।
উল্লেখযোগ্য যে, জুবিন গাৰ্গে ই-ভিছা নম্বৰ এছ ই ১ ৬১৫৫৫০ যোগে ছিংগাপুৰলৈ গৈছিল। তেওঁৰ ট্ৰেভল ডকুমেণ্ট নম্বৰ আছিল জেদ ৪৭৩৮০৮১। ১১ ছেপ্তেম্বৰ ২০২৫ৰ পৰা ১৩ নৱেম্বৰ ২০২৫লৈ আছিল তেওঁৰ এই ভিছা।
ছিংগাপুৰত জুবিন গাৰ্গে ১৭ ছেপ্তেম্বৰ ২০২৫ৰ পুৱা ১০-২২ বজাত উপস্থিত হৈছিল। তেওঁৰ পাছপ’ৰ্ট নম্বৰ জেড ৪৭৩৮০৮১। হেল ডিক্লাৰেচনত জুবিনৰ কোনো অসুস্থতাৰ কথা উল্লেখ কৰা নাছিল। দিল্লীৰ এই অধিবক্তাজনে আন দুজন অধিবক্তাৰ সহযোগত শ্যামকানু মহন্তৰ হৈ দাখিল কৰা লেখ আবেদনত সংবাদ মাধ্যমত প্ৰকাশিত কিছু খবৰ, আৰক্ষীৰ কেচ ডায়েৰী, এফ আই আৰ, ফটো আদি সংলগ্ন কৰি দিছে।
লেখ আবেদনখন পঢ়িলে বুজা যায় যে, অসমৰ পৰাই তেওঁক সকলো তথ্য লেখ আবেদন দাখিল কৰিব পৰাকৈ সাজু আৰু সংগ্ৰহ কৰি দিয়া হৈছিল। লেখ আবেদনখন দাখিল কৰা ৰাজকমল নামৰ জ্যেষ্ঠ অধিবক্তাগৰাকী এটা সময়ত পাঞ্জাৱত কংগ্ৰেছ চৰকাৰৰ দিনত উপ সহকাৰী মহাধিবক্তা আছিল।
শ্যামকানুৰ অসম আৰক্ষীৰ বিৰুদ্ধে ক্ষোভ, সংবাদ মাধ্যম, সামাজিক মাধ্যমৰ বিৰুদ্ধে দোষাৰোপ, অসম আৰক্ষীৰ তদন্তৰ নিৰপেক্ষতাক লৈ প্ৰশ্ন, মুখ্যমন্ত্ৰীয়ে তেওঁৰ বিৰুদ্ধে ৰাজহুৱা মন্তব্য দিয়াৰ কথা উল্লেখ আদি বিষয়সমূহ মন কৰিব লগা। লেখ আবেদনৰ মতে শ্যামকানুৱেই শুদ্ধ আৰু সত্য। বাকী যত দোষ সংবাদমাধ্যম, ৰাইজ, আৰক্ষী আৰু অসম চৰকাৰৰ। তাৰ মাজতে প্ৰশ্ন হয়- এনে এখন লেখ আবেদন প্ৰস্তুত কৰিবলৈ শ্যামকানুক নিশ্চয় অসমৰ পৰাই সহযোগ কৰা হৈছিল। সেই সকলো নিশ্চয় আমাৰ মাজতে আছে।