/asomiyapratidin/media/media_files/2025/10/17/ap-for-web-new-bikhekh-lekha-6-2025-10-17-14-53-19.jpg)
মৃদুল কুমাৰ সন্দিকৈ
ছিংগাপুৰ আৰক্ষীয়ে জুবিন গাৰ্গৰ মৃত্যু সন্দৰ্ভত এক বিবৃতি জাৰি কৰিছে। সামাজিক মাধ্যম আৰু সংবাদ মাধ্যমত সেই বিবৃতি দিয়া খবৰ ১৭ অক্টোবৰ ২০২৫ ত বিয়পি পৰিছিল। ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমে ছিংগাপুৰ আৰক্ষীৰ এই বিবৃতিক আধাৰ কৰি সংবাদ পৰিৱেশন কৰিছিল।
চি এন এ অনলাইন সংস্কৰণত Darcel Al Anthony নামৰ সাংবাদিক গৰাকীয়ে প্ৰস্তুত কৰা খবৰৰ শিৰোনাম আছিল- "Singapore police say probe into death of Indian singer Zubeen Garg may take up to 3 more months or so" ।
দুপৰীয়া ১.২৮ বজাত আপলোড কৰা হৈছে এই খবৰ। য'ত উল্লেখ কৰা হৈছে যে, এই তদন্ত কৰিবলৈ ছিংগাপুৰ আৰক্ষীক আৰু তিনিমাহ সময়ৰ প্ৰয়োজন হ'ব। ইফালে পি টি আই নামৰ সংবাদ প্ৰতিষ্ঠানটোৰ অনলাইন সংস্কৰণত এই সন্দৰ্ভত প্ৰকাশ কৰা খবৰৰ শিৰোনাম- "Singapore police say probe into singer Zubeen Garg's death may take 3 months or more" । যিটো খবৰ পি টি আইৰ বাবে প্ৰস্তুত কৰিছে গুৰদ্বীপ সিং নামৰ সংবাদিক গৰাকীয়ে।
দ্য হিন্দু কাকতৰ অনলাইন সংস্কৰণত দুপৰীয়া ২ বজাত এই খবৰ প্ৰকাশ কৰা হৈছে। কাকত খনৰ অনলাইন সংস্কৰণৰ বাতৰিটোৰ শিৰোনাম আছিল-"Zubeen Garg death case: Singapore police say probe may take 3 months or more"।
ইণ্ডিয়া টুডেৰ নৰ্থইষ্ট সংস্কৰণত ছিংগাপুৰ আৰক্ষীৰ এই বিবৃতিৰ আধাৰত প্ৰকাশিত খবৰত কোৱা হৈছে যে ছিংগাপুৰত জুবিনৰ মৃত্যুৰ ঘটনাত অস্বাভাৱিকতা একো নাই। ইণ্ডিয়া টুডেৰ সেই খবৰৰ শিৰোনাম-"Singapore Police say no foul play suspected in Zubeen Garg’s death; probe to continue under Coroners Act"।
খবৰটোত আৰু লিখা হৈছে- " The Singapore Police Force (SPF) has issued an official statement addressing widespread speculation and misinformation regarding the circumstances surrounding the death of Indian singer Zubeen Garg.
According to the SPF, the case is being investigated in accordance with Singapore’s Coroners Act 2010, and no foul play is suspected based on preliminary findings. The police emphasised that a thorough and professional investigation is ongoing and may take up to three more months to complete."
যিটো বিবৃতি ৰাজহুৱা বা ভাইৰেল হৈছে সেই বিবৃতিটো ছিংগাপুৰ আৰক্ষী বাহিনী পাব্লিক এফেয়াৰচ্ ডিপাৰ্টমেন্টত জাৰি কৰা বুলি উল্লেখ আছে । ২ পৃষ্ঠাৰ বিবৃতিটোৰ অসমীয়া সাৰংশ এনেধৰণৰ- ছিংগাপুৰ আৰক্ষী বাহিনীৰ (SPF) জুবিন গাৰ্গৰ মৃত্যু সন্দৰ্ভত কিছুমান ভুল তথ্য প্ৰকাশ কৰাৰ দৃষ্টি গোচৰ হৈছে।
এই গোচৰ এছ পি এফে অনুসন্ধান কৰি আছে ছিংগাপুৰ কৰ্নাৰ্ছ এক্ট ২০১০ অনুসৰি। এই গোচৰ তদন্তত এছ পি এফে কোনো অস্বাভাৱিকতা পোৱা নাই।
অভিযোগৰ ভিত্তিত এছ পি এফৰ অনুসন্ধান সম্পূৰ্ণ কৰিবলৈ আৰু ৩ মাহ বা অধিক সময়ৰ প্ৰয়োজন হ'ব। তদন্তত যি পায় সেয়া ছিংগাপুৰ কৰ্নাৰ্ছক জমা দিব। এজন ন্যায়িক বিষয়াই আদালতত সেইবোৰ পৰীক্ষা কৰিব আৰু তাত পোৱা তথ্য সমূহ ৰাজহুৱা কৰা হ'ব।
এই বিবৃতিত লগতে জনোৱা হৈছে ১ অক্টোবৰ অট'পচি ৰিপ'ৰ্ট আৰু এছ পি এফে প্ৰাথমিক তদন্তত পোৱা তথ্য সমূহ ভাৰত চৰকাৰৰ অনুৰোধ মৰ্মে ছিংগাপুৰত থকা ভাৰতৰ উচ্চায়ুক্তক জমা দিছে। এই ঘটনাৰ তদন্তৰ বাবে ছিংগাপুৰৰ আৰক্ষী বাহিনী দায়ৱদ্ধ আৰু পেছাদাৰিত্ব ৰক্ষা কৰি এই গোচৰৰ তদন্ত সম্পূৰ্ণ কৰিবলৈ কিছু সময়ৰ প্ৰয়োজন হ'ব।
ছিংগাপুৰ আৰক্ষীয়ে জড়িত পক্ষসমূহক ধৈৰ্য্য আৰু বুজাবুজিৰে আগবঢ়াৰ লগতে কোনো কল্পনাপ্ৰসূত আৰু মিছা তথ্য নিবিয়পাবলৈ বিবৃতিৰ জৰিয়তে আহ্বান জনাইছে। ছিংগাপুৰ আৰক্ষীৰ ৱেব চাইডত উপলব্ধ আছে সেই বিবৃতি।
ছিংগাপুৰ আৰক্ষীৰ ৱেব চাইডৰ সেই বিবৃতিটো "Statement By The Singapore Police Force On Investigations Into Mr Zubeen Garg’s Death" বুলি উল্লেখ আছে। সেই লিংকটো-
ছিংগাপুৰ আৰক্ষীয়ে ছিংগাপুৰত সংঘটিত ঘটনাৰ তদন্ত কৰিহে এই বিবৃতি প্ৰকাশ কৰিছে। সেই তদন্তৰ আওতালৈ ছিংগাপুৰলৈ অসুস্থ জুবিনক নিয়া, জুবিনৰ কাষতে থাকি জুবিনক লুন্ঠন কৰা আৰু আন বহু গুৰুত্বপূৰ্ণ বিষয় অনা হোৱা নাই।
গতিকে ছিংগাপুৰ আৰক্ষীৰ এই বিবৃতি জুবিনৰ মৃত্যু কেন্দ্ৰিক প্ৰশ্নবোৰৰ উত্তৰ বুলি ধৰিব নোৱাৰি। জুবিনক অৱজ্ঞা কৰা,ছিজাৰ থকা পাছতো পানীত নামিবলৈ দিয়া,ৰাতি দেৰিলৈকে পাৰ্টী আয়োজন কৰা আদি কথাবোৰৰো উত্তৰ কিন্তু জুবিনক ভাল পোৱা সকলে অসমক তদন্তকাৰী সংস্থাৰ পৰা অৱশ্যেই বিচাৰিব।