ৰাজদৰবাৰত জুই ! বিভাগ আছে শুই...

এখন ৰাজদৰবাৰ। বহু ঐতিহাসিক আৰু প্ৰত্নতাত্বিক সমল তথা ঐতিহ্যৰে ভৰা এই ৰাজদৰবাৰখন। এইখন অসমতে আছে এই ৰাজদৰবাৰ। প্ৰত্নতত্ব সঞ্চালকালয়ে চাৰিওফালে বেৰা দি সংৰক্ষণ কৰা বুলি উল্লেখ কৰি আঁৰি থৈছে এখন ডাঙৰ ফলক। পিছে, সেই ফলক অঁৰাতেই যেন দায়িত্ব শেষ হৈছে বিভাগটোৰ।

New Update
bikhekh lekha (13)

মৃদুল কুমাৰ সন্দিকৈ

এখন ৰাজদৰবাৰ। বহু ঐতিহাসিক আৰু প্ৰত্নতাত্বিক সমল তথা ঐতিহ্যৰে ভৰা এই ৰাজদৰবাৰখন। এইখন অসমতে আছে এই ৰাজদৰবাৰ। প্ৰত্নতত্ব সঞ্চালকালয়ে চাৰিওফালে বেৰা দি সংৰক্ষণ কৰা বুলি উল্লেখ কৰি আঁৰি থৈছে এখন ডাঙৰ ফলক। পিছে, সেই ফলক অঁৰাতেই যেন দায়িত্ব শেষ হৈছে বিভাগটোৰ।

WhatsApp Image 2026-01-02 at 5.53.18 PM

তেনে অনুভৱেই যিকোনো লোকৰ হ’ব এই ৰাজদৰবাৰৰস্থলীত প্ৰৱেশ কৰিলে। সন্মুখৰ প্ৰৱেশ গেটখন খুলি থোৱা থাকে সেই স্থানৰ। যাৰ যেতিয়া ইচ্ছা প্ৰৱেশ কৰিব পাৰে তাত। কোনে কি কৰিছে, তাক চাওঁতা কোনোৱেই নাই। ৰাজদৰবাৰত ৰজা আৰু আন বিষয়াসকল বহা আসনবোৰ সংৰক্ষিত কৰা আছে। 

WhatsApp Image 2026-01-02 at 5.53.17 PM (1)

আসনৰ কাষে কাষে লিখা আছে- কোন, ক’ত আৰু কোনখন আসনত বহিছিল। তাৰে বেছিভাগ এনে ফলক আঁৱৰি ধৰিছে খেৰ আৰু বনৰীয়া গছ- গছনিৰে। সেই ৰাজদৰবাৰত প্ৰৱেশ কৰি এই অৱস্থা দেখি এজন স্থানীয় লোকক সেই বিষয়ে সোধাত তেওঁৰ আগ্ৰহ আৰু টান ৰাজদৰবাৰখনৰ প্ৰতি বৰ বিশেষ দেখা পোৱা নগ’ল।

তাতোকৈ আচৰিত হৈ যেতিয়া তেওঁক সোধা হৈছিল যে, ৰাজদৰবাৰখনৰ উক্ত স্থানত কোনে জুই জ্বলাই দিলে, তেতিয়া তেওঁৰ উত্তৰ আছিল- খেৰ- বন গজাৰ বাবে কোনোবাই চাফা কৰিবলৈ অগ্নিসংযোগ কৰিছে। তাৰ বাদে তেওঁৰ উদ্বিগ্নতা দেখা পোৱা নগ’ল।

WhatsApp Image 2026-01-02 at 5.53.17 PM

ৰাজদৰবাৰখনৰ ৰজা আৰু আন বিষয়া বহা আসনবোৰ শিলেৰে সজোঁৱা। সৰু- সৰু শিলৰ টুকুৰাৰ ওপৰত এই আসনবোৰ পাতি থোৱা আছে। সেই স্থানত এই ৰাজদৰবাৰ সন্দৰ্ভত লিখি থোৱা কথাখিনি আছিল- “অসম চৰকাৰ। শিলচাং প্ৰত্নতাত্বিক স্থান। এই শিলচাং প্ৰত্নতাত্বিক স্থানত স্থানীয় খলা ৰজাৰ ৰাজ পাৰিষদবৰ্গ বহা শিলৰ আসনসমূহ সংৰক্ষিত হৈ আছে। এই খলা ৰজা গোভা ৰজাৰ কৰতলীয়া ৰজা আছিল। এই শিলৰ আসনসমূহ তিৱা জনগোষ্ঠীৰ পৰম্পৰাগতভাৱে প্ৰচলিত হৈ অহা অতিকায় শিলাস্তম্ভ সংস্কৃতিৰ অৱশেষ।“

ইয়াৰ পৰাই বুজা যায় যে, তিৱা জনগোষ্ঠী আৰু অসমৰ বুৰঞ্জী তথা ঐতিহ্যৰ বাবে এই স্থানৰ গুৰুত্ব কিমান হ’ব পাৰে। জাগীৰোডৰ পৰা কিছু দূৰ গ’লেই শিলচাং। গুৱাহাটীৰ পৰা নগাঁও অভিমুখী পথৰ সোঁফালে এখন বিশাল খেলপথাৰৰ কাষতে জাগীৰোডৰ সমীপৰ শিলচাংত এই ৰাজদৰবাৰখনৰ আসনসমূহ আছে।

WhatsApp Image 2026-01-02 at 5.53.16 PM (1)

সম্ভৱতঃ শিলৰ চাং পাতি আসন সাজি খলা ৰজা সেই স্থানত বহাৰ বাবেই এই স্থানৰ নাম শিলচাং হৈছিল। বুৰঞ্জীৰ পাত লুটিয়ালে আৰু সঠিক অধ্যয়ন কৰিলে যথেষ্ট সমলৰ বাহক হ’ব উক্ত স্থান। ৰাজদৰবাৰস্থলীত কেইবাখনো এই ঠাইত বহুবিলাক আহল-বহল ধৰণৰ শিলৰ চাং আছে। 

তাত থকা আসনবোৰ আৰু সেই স্থান পবিত্ৰ বুলি গন্য কৰা হয়। আসনবোৰৰ ভিতৰত দেওৰজা আসন, সেনাপতি আসন, ডেকাৰজা আসন, মন্ত্ৰদাতাৰ আসন, দেউৰী, চাওদাং আদিৰ আসন আছে। তেনে এক স্থান উপযুক্তভাৱে সংৰক্ষণ কৰাৰ দায়িত্ব সকলোৰে আছে। ইয়াক লৈ সজাগ- সচেতন হোৱাৰ প্ৰয়োজন চৰকাৰ তথা সংশ্লিষ্ট বিভাগ আৰু স্থানীয় ৰাইজ তথা দল- সংগঠনৰ।

WhatsApp Image 2026-01-02 at 5.53.16 PM

খেৰ গজিছে বুলি উক্ত স্থানত জুই জ্বলাই দিয়া ঘটনা দুৰ্ভাগ্যজনক। অৱশ্যে সেই জুয়ে উক্ত শিলৰ আসনবোৰত এতিয়ালৈকে বিশেষ ক্ষতি কৰা দেখা পোৱা নগ’ল যদিও তেনে স্থানত এনে কাৰ্যই সেই ঐতিহ্যক নষ্ট কৰি পেলাব পাৰে। গতিকে এইক্ষেত্ৰত বিভাগে চকু দিয়াৰ লগতে স্থানীয় জনপ্ৰতিনিধিসকলৰো দায়িত্ব আছে।

জাগীৰোড অসম চৰকাৰ