তথ্য-প্ৰমাণ নষ্ট কৰি ধৰা দিলে শ্যামকানুৱে...

চি আই ডি মুখ্য কাৰ্যালয়ৰ লকআপৰ ভিতৰত দুয়োকে ৰখোৱা আলোকচিত্ৰ ভাইৰেল হৈ পৰে। সংবাদ মাধ্যমৰ হাতত এনেদৰে এই আলোকচিত্ৰ তুলি দি হয়তো দুয়োৰ প্ৰতি আৰক্ষী বা চৰকাৰ কিমান কঠোৰ হৈছে তাক প্ৰতিপন্ন কৰিব বিচৰা হৈছে।

author-image
Asomiya Pratidin
New Update
AP FOR WEB NEW  bikhekh lekha NEW 2024 (4)

মৃদুল কুমাৰ সন্দিকৈ

জুবিন গাৰ্গৰ মৃত্যুৰ ১৩ দিনৰ পাছত নাটকীয়ভাৱে গ্ৰেপ্তাৰ হ'ল শ্যামকানু মহন্ত আৰু জুবিন গাৰ্গৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মা। ৩০ ছেপ্তেম্বৰ ২০২৫ ৰ দুপৰীয়া ১২ বাজি ৪২ মিনিট ৫১ ছেকেণ্ডত (ভাৰতীয় সময়) ভাৰত চৰকাৰৰ গৃহ মন্ত্ৰণালয়ৰ অবৰ সচিব প্ৰবীন সিঙে ছিংগাপুৰৰ এটৰ্নি জেনেৰেললৈ এখন ই- মেইল প্ৰেৰণ কৰিছিল।

fscons.singapore@mea.gov.in ই-মেইল ঠিকনাত প্ৰেৰণ কৰা ভাৰত চৰকাৰৰ অনুৰোধ পত্ৰত ছিংগাপুৰ চৰকাৰৰ পৰা অসম আৰক্ষীয়ে চি আই ডি থানাাত ৰুজু কৰা গোচৰ নম্বৰ ১৮/২০২৫ ৰ অভিযুক্তক গ্ৰেপ্তাৰ বা আটক কৰা বাবে মিউচুৱেল লিগেল সহায় বিচৰা হৈছিল।

সেই পত্ৰৰ প্ৰত্যালিপি প্ৰেৰণ কৰা হৈছিল ছিংগাপুৰত থকা ভাৰতীয় দূতাবাসৰ ফাষ্ট চেক্ৰেটৰি টি প্ৰভাকৰলৈ। তাৰ পাছত ১ অক্টোবৰত নিশা ১২.৩০ বজাত নাটকীয়ভাৱে দিল্লী বিমান বন্দৰৰ পৰা গ্ৰেপ্তাৰ কৰা হয় শ্যামকানু মহন্তক।

অনুৰূপ ধৰণে জুবিন গাৰ্গৰ অপমৃত্যুৰে নাম সাঙোৰ খাই পৰা সিদ্ধাৰ্থ শৰ্মাকো ১ অক্টোবৰৰ পুৱতি নিশা ৰাজস্থানৰ পৰা দিল্লীলৈ আহি থকা পথত গুৰগাঁৱৰ এখন টোলগেটৰ সমীপত গ্ৰেপ্তাৰ কৰে অসম আৰক্ষীয়ে।

দুয়োটা খবৰে জুবিনপ্ৰেমী আৰু তেওঁৰ মৃত্যুৰ ন্যায় বিচৰা সকলৰ বাবে আছিল এটা ভাল লগা খবৰ। ইমান দিনে ইয়াকে বিচাৰি আছিল জুবিনৰ মৃত্যুত ম্ৰিয়ম্মান হৈ পৰা লাখ লাখ জনতাই। তাৰ পাছত এয়াৰ ইণ্ডিয়াৰ IX1197 নম্বৰৰ বিমানখনেৰে দুয়োকে গুৱাহাটীলৈ লৈ অনা হয়।

দিল্লী বিমান বন্দৰৰ টাৰ্মিনেল ৩ ৰ পৰা পুৱা ৪.৩৯ মিনিটত টেক অফ কৰা বিমান খনে বৰঝাৰ বিমান বন্দৰত ১ অক্টোবৰ ২০২৫ ৰ পুৱা ৬.৩৭ ত অৱতৰণ কৰিছিল। লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰ্জাতিক বিমান বন্দৰৰ সমুখত কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলা হৈছিল।

আৰক্ষীৰ এটা দলে দুয়োকে এক বিশাল কনভয়ৰে বিমান বন্দৰৰ ভিতৰৰ পৰা কাৰ্গো গেটেৰে বাহিৰ উলিয়াই পোনে পোনে গীতা নগৰলৈ লৈ আহিছিল। গীতা নগৰত অল্পনা এপাৰ্টমেন্টত থকা চিজিএম ৰ বাসগৃহত দুয়োকে পুৱাই হাজিৰ কৰা হয়।

আদালতৰ পূজা বন্ধৰ বাবে দুই অভিযুক্তক এনেদৰে হাজিৰ কৰাই ১৪ দিনৰ জিম্মাত লৈ চি আই ডিয়ে উলুবাৰীৰ মুখ্য কাৰ্যালয়লৈ লৈ যায়। বিমান বন্দৰৰ পৰা অনা সময়ত দুয়োৰে হাতত কোনো হেণ্ডকাফ নাছিল যদিও আদালতত হাজিৰ কৰা পাছত দুয়োজনৰ হাতত পিন্ধাই দিয়া হৈছিল হেণ্ডকাফ।

লক্ষ্যণীয়ভাৱে, হেণ্ডকাফ পিন্ধাই লৈ যোৱা আলোকচিত্ৰ, চি আই ডি মুখ্য কাৰ্যালয়ৰ লকআপৰ ভিতৰত দুয়োকে ৰখোৱা আলোকচিত্ৰ ভাইৰেল হৈ পৰে। সংবাদ মাধ্যমৰ হাতত এনেদৰে এই আলোকচিত্ৰ তুলি দি হয়তো দুয়োৰ প্ৰতি আৰক্ষী বা চৰকাৰ কিমান কঠোৰ হৈছে তাক প্ৰতিপন্ন কৰিব বিচৰা হৈছে।

কিন্তু সমগ্ৰ ঘটনা প্ৰৱাহ আৰু আন কিছু তথ্যই এই দুই অভিযুক্তৰ প্ৰতি ক'ৰবাত কোনো ক্ষমতাশালী চক্ৰৰ অদৃশ্য কৃপা থকা যেন বোধ হয়। এই সক্ৰিয়তা দুই অভিযুক্তৰ বিৰুদ্ধে প্ৰদৰ্শন কৰা পূৰ্বে তেওঁলোকক বহু সময় দিয়া হ'ল নেকি?

জুবিন গাৰ্গৰ মৃত্যুৰ পাছত যোৱা ১৩ দিন ধৰি অতি গুৰুত্বপূৰ্ণ তথ্য থাকিব পৰা জুবিনৰ মোবাইলটো মেনেজাৰ তথা অভিযুক্ত সিদ্ধাৰ্থৰ হাততে আছিল। সেইটো গ্ৰেপ্তাৰ কৰা পাছত সিদ্ধাৰ্থই আৰক্ষীক জমা দিলে যদিও ইমান দিনে তেওঁৰ হাতত থকাতো এক চিন্তনীয় বিষয় আছিল।

এনে খবৰো আহিছিল যে জুবিন গাৰ্গে ব্যৱহাৰ কৰা নম্বৰটো এটা কোম্পানীৰ নামত আছিল। মুম্বাইৰ নেটৱৰ্ক চাৰ্কলৰ অন্তৰ্গত সেই নম্বৰটো সিদ্ধাৰ্থই নিজৰ নামলৈ আনিবৰ বাবে সংশ্লিষ্ট মোবাইল কোম্পানীটোৰ কাৰ্যালয়ত ২০২৫ বৰ্ষৰ এপ্ৰিলত আৱেদন জনাইছিল নিজৰ ফ'টো আৰু অন্যান্য তথ্য দি।

ইফালে শ্যামকানু মহন্তৰ ঘৰত জুবিন মৃত্যুৰ তদন্তৰ বাবে গঠন কৰা তদন্তকাৰী গোটে অভিযান চলাই বহু আপত্তিজনক তথ্য লাভ কৰিছিল। এই সন্দৰ্ভত চি আই ডি ৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক আচিফ আহমেদে এখন এজাহাৰ নিজাকৈ দাখিল কৰিছিল। সেই এজাহাৰত উল্লেখ থকা অনুসৰি তেওঁৰ বিৰুদ্ধে ৰুজু হৈছিল ৮ টাকৈ ভাৰতীয় ন্যায় সংহিতা, ২০২৩ ৰ ধাৰাত গোচৰ।

সেই ধাৰা কেইটা আছিল- ৩১৬(৫),৩৩৬(৩),৩৩৭,৩৩৮,৩৩৯,৩৪০(২),৩৪১(১) আৰু ৩৪২ (১)। এজাহাৰত উল্লেখ থকা মতে দুখন পান কাৰ্ড পোৱা গৈছিল একেটা কোম্পানীৰ নামত। টেণ্ড এম এম এছ নামৰ শ্যামকানুৰ এই কোম্পানীটোৰ নামত থকা পান কাৰ্ড দুখনৰ নম্বৰ ক্ৰমে- AACTT1645G আৰু AAGFT5093G।

ইয়াৰ উপৰিও লোক নিৰ্মাণ বিভাগৰ পথৰ SLOG চেলৰ চানমাৰী কাৰ্যালয়ত কৰ্মৰত সহকাৰী অভিযন্তাৰ ছীল-মোহৰকে ধৰি বিভিন্ন চৰকাৰী বিষয়াৰ তথা অনুষ্ঠানৰ ছীল-মোহৰ পোৱা গৈছিল। যিবোৰৰ জৰিয়তে অৰ্থনৈতিক অনিয়ম কৰাৰ পূৰ্ণ সম্ভাৱনা আছে।

তেওঁৰ বাসগৃহৰ কাৰ্যালয়ত পোৱা হৈছিল PMGSY আঁচনিৰ অধীনত নিৰ্মাণ কৰা অসম আৰু অৰুণাচলৰ কেবাখনো জিলাৰ পথ নিৰ্মাণৰ তথ্য। পূৰ্বৰ পৰাই এনেবোৰ অনিয়মত সিদ্ধহস্ত আছিল শ্যামকানু মহন্ত। তেওঁ ঠিকাদাৰ প্ৰতিষ্ঠানৰ পৰা যোৱা কেইটামান বছৰতে প্ৰায় ১০ কোটি ঠকা লেনদেনৰ তথ্য পোৱা গৈছে।

সেইবোৰ অবৈধ পন্থাৰে লেনদেন কৰাৰ সম্ভাৱনা ব্যক্ত কৰিছে তদন্তকাৰী বিষয়াই। ইয়াৰ বাবে সঠিক তদন্তৰ প্ৰয়োজন। চতুৰ শ্যামকানু মহন্তই সামাজিক মাধ্যম ফেচবুকযোগে অসম বাসীক জুবিনৰ মৃত্যুত তেওঁৰ হাত নাই বুলি জনাই আহিছিল।

২৫ ছেপ্তেম্বৰ ২০২৫ ত তেওঁ ফেচবুক লাইভযোগে এই দাবী কৰিছিল। তাৰ পাছত ২৯ ছেপ্তেম্বৰ ২০২৫ ত শ্যামকানুৱে অসমলৈ আহি আছো বুলি আন এক পোষ্ট দিছিল। ৩০ ছেপ্তেম্বৰ ২০২৫ ত তেওঁ ৰহস্যজনকভাৱে নিজৰ ফেচবুক একাউন্টটো নিষ্ক্ৰিয় কৰি দিয়ে।

শ্যামকানু মহন্তই এই যোৱা দিন কেইটাত তেওঁৰ বিপদ হ'ব পৰা আন বহু তথ্যও নিষ্ক্ৰিয় আৰু নষ্ট কৰাৰ কথা পোহৰলৈ আহিছে। এই সন্দৰ্ভত লাভ কৰা হৈছে এটা বিস্ফোৰক ই-মেইল। শ্যামকানুৰ দুটা উল্লেখযোগ্য অনুষ্ঠান নৰ্থ ইষ্ট ফেষ্টিভেল আৰু ৰঙালী উৎসৱ।

দুয়োটা উৎসৱৰ বাবে আছিল পৃথক পৃথক ৱেবচাইট। সেই ৱেব চাইট সমূহত আপলোড কৰা আছিল বিভিন্ন গুৰুত্বপূৰ্ণ তথ্য আৰু আলোকচিত্ৰ। ৱেব চাইডটোৰ পৰা এইবোৰ যোৱা কিছু দিনত আতৰাই পেলোৱা হৈছে। লগতে নিষ্ক্ৰিয় কৰি দিয়া হৈছে সেই ৱেৱচাইট।

জানিব পৰা মতে, যিটো প্ৰতিষ্ঠানে তেওঁৰ এই ৱেবচাইট কেইটা চোৱাচিতা কৰে সেই প্ৰতিষ্ঠানটোক ছিংগাপুৰৰ পৰা সেইবোৰ আতৰাই ৱেৱচাইটতো নিষ্ক্ৰিয় কৰিবলৈ অনুৰোধ কৰিছিল। তাৰ পাছত আইটেক কম্পিউতাৰ নামৰ প্ৰতিষ্ঠানটোৱে ২৪ ছেপ্তেম্বৰ ২০২৫ ত টেণ্ড এম এম এছৰ মানৱ দেৱলৈ এটা মেইল প্ৰেৰণ কৰি সেই কথা অৱগত কৰিছিল।

কৌশলপূৰ্ণভাৱে সেইদিনা দিনৰ ১ বাজি ৪০ মিনিটিত প্ৰেৰণ কৰা এই মেইলত উল্লেখ কৰা হৈছিল যে প্ৰতিষ্ঠানটোৱে তেওঁলোকৰ নৰ্থ ইষ্ট ফেষ্টিভেল আৰু ৰঙালী ৱেৱচাইট দুটা চোৱাচিতা কৰিব নোৱাৰে। মেইলত প্ৰয়োজনীয় তথ্য তথা কন্টেন্ট সমূহ ১৫ দিনৰ ভিতৰত ডাউনলোড কৰি ল'বলৈ জনাইছিল।

সন্দেহৰ বিষয় যে, এই আইটেক কম্পিউতাৰ নামৰ প্ৰতিষ্ঠানটোৱে ১৫ নহওঁতেই সেই ৱেৱচাইট কেইটা নিষ্ক্ৰিয় কৰি দিলে। এনেকৈ শ্যামকানুৱে এই সময়ছোৱাত আৰু বহু তথ্য নষ্ট কৰাৰ যোগ দিয়া হ'ল নেকি, সেয়াও এক তদন্তৰ বিষয় হৈ পৰিছে।

আচৰিত কথাতো হ'ল একে দিনাই প্ৰায় একে সময়তে দুয়োজন অভিযুক্তই ধৰা দিলে আৰক্ষীৰ হাতত। মুখ্যমন্ত্ৰীয়ে প্ৰথম ৬ দিন সময় দিছিল। ৰাইজ জাঙুৰ খাই উঠিছিল দুয়োকে পূজাৰ বন্ধ দিছে নেকি বুলি?

তাৰ পাছত ৩৬ ঘন্টা সময় দিয়া হ'ল। সেই সময়তে কাকতলীয়ভাৱে সকলো ঘটিল। যোৰহাটত ১৩ দিনীয়া জুবিনৰ আদ্যশ্ৰাদ্ধ অনুষ্ঠিত হোৱাৰ সমান্তৰালভাৱে গ্ৰেপ্তাৰ হ'ল মূল অভিযুক্ত। 

লুকআউট নটিচো জাৰি কৰা হৈছিল শ্যামকানুক। ৰাইজৰ ৰুদ্ৰ ৰূপ দেখি ঘনে ঘনে সলনি হৈছিল দৃশ্যপট। এই সমগ্ৰ ঘটনাৰ তদন্তই কি ৰূপ পায় তাৰ ওপৰত চোকা নজৰ ৰাখিব সকলোৱে। 

কেনেবাকৈ দুই অভিযুক্ত সাৰি গ'লে ৰাইজে কাকো ক্ষমা নকৰিব। মুখ্যমন্ত্ৰীয়ে এতিয়ালৈ কথা ৰাখিছে বুলি ধৰি ল'লেও তেওঁলোকক উপযুক্ত শাস্তি দিয়াত বিফল হ'লে ৰাইজ নিশ্চিত হ'ব যে এইবোৰ একোখন নাটক। যিখন নাটকৰ নাট্যকাৰে এই খলনায়ক সকলক ৰক্ষণাবেক্ষণ দিবলৈকে সমগ্ৰ ঘটনাৰ এনে নাট্যৰূপ দিলে।

শ্যামকানু মহন্ত