ভি চি নে দস্যু ! জেনেৰেটৰৰ ডিজেলতো যাৰ চকু...

তেজপুৰ বিশ্ববিদ্যালয়ৰ বিতৰ্কিত উপাচাৰ্য শম্ভূনাথ সিঙৰ দুৰ্নীতি- অনিয়মৰ সীমাহীন তালিকা তথ্যসহকাৰে উদঙাই দিয়াৰ পাছতো তেওঁৰ বিৰুদ্ধে তৎকালীন ব্যৱস্থা লোৱা নহ’ল। দেশৰে শীৰ্ষস্থানত থকা বিশ্ববিদ্যালয়খনত বৰঞ্চ অস্থিৰতাৰ মাজলৈ ঠেলি দি বিজেপি চৰকাৰে ৰং চোৱাহে পৰিলক্ষিত হ’ল।

New Update
bikhekh lekha

মৃদুল কুমাৰ সন্দিকৈ

তেজপুৰ বিশ্ববিদ্যালয়ৰ বিতৰ্কিত উপাচাৰ্য শম্ভূনাথ সিঙৰ দুৰ্নীতি- অনিয়মৰ সীমাহীন তালিকা তথ্যসহকাৰে উদঙাই দিয়াৰ পাছতো তেওঁৰ বিৰুদ্ধে তৎকালীন ব্যৱস্থা লোৱা নহ’ল। দেশৰে শীৰ্ষস্থানত থকা বিশ্ববিদ্যালয়খনত বৰঞ্চ অস্থিৰতাৰ মাজলৈ ঠেলি দি বিজেপি চৰকাৰে ৰং চোৱাহে পৰিলক্ষিত হ’ল।

ৰাজনৈতিক কাৰণতে শম্ভূনাথ সিঙক পলাই থকাৰ সুযোগ দি তেওঁক সুৰক্ষা দিবলৈ ব্যস্ত হৈ পৰা ক্ষমতাশালী পক্ষটোৱে ছাত্ৰ- শিক্ষক তথা অসমৰ ৰাইজৰ দাবীৰ প্ৰতি এক উদাসীন ভূমিকা গ্ৰহণ কৰিছে। সকলোৰে মনত এটাই প্ৰশ্ন- শম্ভূনাথ সিঙক বিশ্ববিদ্যালয়খনৰ পৰা আঁতৰাই পঠালে যদি সকলো সমস্যা সমাধান হয়, তেন্তে কিয় এই পদক্ষেপ গ্ৰহণ কৰা নাই ?

কেৱল ধন চিনি পোৱা বিতৰ্কিত এই উপাচাৰ্যগৰাকীয়ে প্ৰথম আহিয়েই বিশ্ববিদ্যালয়খনত থকা নিৰাপত্তা সেৱাক নিজ মৰ্জি অনুসৰি দিল্লীৰ এটা ব্যক্তিগত প্ৰতিষ্ঠানক চমজাই দিছিল। পূৰ্বতে বিশ্ববিদ্যালয়খনত নিৰাপত্তাৰ দিশটো চোৱা- চিতা কৰিছিল, অসমৰ হোমগাৰ্ডে। 

ইয়াৰ বাবদ বিশ্ববিদ্যালয়ে চৰকাৰে নিৰ্ধাৰণ কৰা দৰত ধন ভৰিব লাগিছিল। বিশ্ববিদ্যালয়খনৰ চৌহদত থকা নিৰাপত্তা হোমগাৰ্ডৰ জোৱানে সঠিকভাৱে তদাৰক কৰিছিল। কেৱল সেই সময়ত গাৰ্লছ হোষ্টেলৰ নিৰাপত্তাৰ বাবে পৃথক মহিলা নিৰাপত্তাৰক্ষী নিয়োগ কৰা হৈছিল। 

শম্ভূনাথ সিং আহি নিবিদাৰ জৰিয়তে দিল্লীৰ এম এছ জি ডি এক্স ছিকিউৰিটি চলিউশ্যন প্ৰাইভেট লিমিটেড নামৰ ব্যক্তিগত প্ৰতিষ্ঠান এটাক অতি কৌশলেৰে এই দায়িত্ব অৰ্পণ কৰিছিল। ইয়াৰ বাবদ বিশ্ববিদ্যালয়খনে মাহে পূৰ্বৰ তুলনাত প্ৰায় দুগুণ ধন ব্যয় কৰিব লগাত পৰিছিল। 

যিটো নিৰাপত্তা এজেন্সীক শম্ভূনাথে নিৰাপত্তাৰ দায়িত্ব দিছিল, সেই এজেন্সীটোৱে বিশ্ববিদ্যালয়ৰ পৰা এজন নিৰাপত্তাৰক্ষীৰ বাবে লোৱা ধনৰ আধাহে স্থানীয়ভাৱে নিয়োগ কৰা নিৰাপত্তাৰক্ষীক মাহেকীয়া দৰমহা হিচাপে প্ৰদান কৰে। তাতেই প্ৰায় প্ৰতিমাহে কোটি টকাৰ হৰণ- ভগন ঘটে। এইবোৰৰ অন্তৰালত আছিল শম্ভূনাথৰ কমিছনৰাজ।

কেনেকৈ বিশ্ববিদ্যালয়খনত এক উৎকৰ্ষস্থলী হিচাপে গঢ়ি তুলিব পাৰি, সেই চিন্তা উপাচাৰ্য শম্ভূনাথ সিঙে কোনোদিনেই নকৰিলে। তাৰ বিপৰীতে বিশ্ববিদ্যালয়খনৰ ধন লুটিব পাৰি, সেই চিন্তাতে ব্যস্ত থাকিল শম্ভূনাথ সিং। মানিবলৈ টান লাগিলেও এই গৰাকী শম্ভূনাথে তেজপুৰ বিশ্ববিদ্যালয়ৰ নামত ক্ৰয় কৰা ডিজেলতো চকু দিছিল। 

পূৰ্বতে এক্সপ্ৰেছন অৱ ইণ্টাৰেষ্ট চমুকৈ ইউ অ’ আইৰ জৰিয়তে তেজপুৰ বিশ্ববিদ্যালয়ে তেজপুৰৰ এম এছ ময়ূৰ কো- অপাৰেচন পেট্ৰ’ল পাম্পৰ পৰা নিয়মীয়াকৈ ডিজেল ক্ৰয় কৰিছিল। বিশ্ববিদ্যালয়খনৰ ষ্ট’ৰ এণ্ড পাৰ্চেচ ছেকচনৰ জৰিয়তে ক্ৰয় কৰা হৈছিল ডিজেল। 

শম্ভূনাথে দেখিছিল- যথেষ্ট পৰিমাণৰ ডিজেল বিশ্ববিদ্যালয়খনে ক্ৰয় কৰে। সেই ডিজেল ক্ৰয়ৰ জৰিয়তেও দুই- এটকা ঘটাৰ ধান্দা কৰি শম্ভূনাথে উপাচাৰ্যৰ দায়িত্ব লৈ বিশ্ববিদ্যালয়ৰ ডিজেল ইঞ্জিনিয়াৰিং চেলৰ জৰিয়তে ক্ৰয় কৰাৰ সিদ্ধান্ত লৈছিল।

প্ৰথমে দুমাহ এম এছ এছ এ ফিলিং ষ্টেচনৰ জৰিয়তে এই ডিজেল ক্ৰয় কৰা হৈছিল। কিন্তু ইয়াৰ বাবে ই অ’ আই বিডিং প্ৰচেছ এতিয়াও সম্পূৰ্ণ কৰা নহ’ল। এম পেনেল নকৰাকৈ ভেণ্ডৰৰ পৰা ইঞ্জিনিয়াৰিং চেলে প্ৰায় ৮ হাজাৰ লিটাৰ ডিজেল ক্ৰয় কৰিছিল। 

৭লাখ ১৭ হাজাৰ ৬শ ৮০ টকা মূল্যৰ এই ডিজেল ক্ৰয় কৰিছিল ১৬ জুলাইৰ পৰা ৩১ জুলাই ২০২৫ৰ সময়ছোৱাত। তাৰ পাছত ৫ৰ পৰা ২৮ জুলাই ২০২৫লৈ ৪হাজাৰ ৮শ লিটাৰ ডিজেল ক্ৰয় কৰা হৈছিল। সেই ডিজেলৰ ক্ৰয়ত ব্যয় কৰা দেখুৱা হৈছিল ৪লাখ ৩০ হাজাৰ ৬শ ৮০টকা। 

অনুসন্ধানত পোহৰলৈ আহিছে, যিবোৰ জেনেৰেটৰ চলাবৰ বাবে এই ডিজেল ব্যৱহাৰ কৰা বুলি দেখুৱা হৈছে, সেই জেনেৰেটৰৰ বিপৰীতে থকা ল’গ ডাটাত ইমান সংখ্যক ডিজেল ব্যৱহাৰৰ তথ্য নাই। ইয়াৰোপৰি ডিজেল ক্ৰয়ৰ বাবে দিয়া ইনভয়চত উল্লেখ নাই পৰিবহণ ব্যয় আৰু কিমান লিটাৰ ডিজেল অনা হৈছে সেই তথ্য।

শম্ভূনাথ সিং নামৰ উপাচাৰ্যগৰাকী ইমানেই তলৰ পৰ্যায়ৰ যে বিশ্ববিদ্যালয়খনৰ কেন্দ্ৰীয় পুথিভঁৰালৰ বাবে ক্ৰয় কৰা কিতাপৰ নামতো বেমেজালি সংঘটিত কৰিছে। নিজা প্ৰতিষ্ঠানক তেওঁ ক্ষমতাৰ অপব্যৱহাৰ কৰি সেই ঠিকা প্ৰদান কৰিছিল। 

কিতাপ যোগানৰ বাবে মুঠ ৪০টা এন্টাৰপ্ৰাইজে নিবিদাত অংশ লৈছিল। তাৰে ৩৫টা যোগ্য বুলি নিৰ্বাচিত হৈছিল যদিও প্ৰথমে শম্ভূৱে দিল্লীৰ ৪টা এণ্টাৰপ্ৰাইজক ৫কোটি টকাৰ কিতাপ যোগানৰ ঠিকা প্ৰদান কৰিছিল অনীতিগতভাৱে। জি এফ আৰৰ নৰ্মছ ভংগ কৰি এই ঠিকা প্ৰদান কৰিছিল শম্ভূনাথে।

তাৰ পাছত পুনৰ আন এটা দিল্লীৰে প্ৰতিষ্ঠানক পৃথকলৈ একেই জি এফ আৰ নিয়ম ভংগ কৰি ১কোটি টকাৰ কিতাপ যোগানৰ ঠিকা প্ৰদান কৰিছিল। সাধাৰণতে এই কিতাপ ক্ৰয়ৰ ধন আহে ইউ জি চিৰ অনুদানৰ পৰা। কিন্তু শম্ভূনাথে এই ক্ৰয় প্ৰক্ৰিয়াৰ ধন আদায় দিছিল তেজপুৰ বিশ্ববিদ্যালয়ৰ ইণ্টাৰনেল ৰেভিনিউ ফাণ্ডৰ পৰা। তাতো সেই শম্ভূনাথৰ কমিছনৰ অংক স্পষ্ট হৈ পৰে। 

শম্ভূনাথে যেন তেজপুৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য হিচাপে নহয়, লুণ্ঠক হিচাপেহে যেন যোগ দিছিল। হাই মাস্ত লাইটিং চিষ্টেমৰ টেণ্ডাৰিঙৰ নামতো হৈছল অনিয়ম। এন আই টি নম্বৰ TU/EC/ELECTRICAL/449/2024-25 তাং ৪-০৫-২০২৪ত এই নিবিদা আহ্বান কৰা হৈছিল। বিশ্ববিদ্যালয়খনৰ বিভিন্ন স্থানত ২৫ মিটাৰ উচ্চতাৰ মাস্ত লাইটিং চিষ্টেমৰ বাবে আহ্বান কৰা হৈছিল নিবিদা। 

ইয়াত ৮টা নিবিদাকাৰী প্ৰতিষ্ঠানে এই নিবিদাত অংশ লৈছিল যদিও ইয়াৰে ৬টা প্ৰতিষ্ঠানক অযোগ্য ঘোষণা কৰিছিল অতি ষড়যন্ত্ৰমূলকভাৱে। বিশ্ববিদ্যালয়খনৰ DST- PURSE ১০ কোটি টকীয়া প্ৰজেক্টৰ নামতো ব্যাপক অনিয়ম সংঘটিত হোৱাৰ তথ্য আছে। তদন্ত কৰিলে সেয়া নিশ্চিতভাৱে পোহৰলৈ আহিব। 

এই প্ৰজেক্টৰ নামত হোৱা কেলেংকাৰীৰো অন্যতম মানুহ শম্ভূনাথ সিং আৰু তেওঁৰ আজ্ঞাবাহী কেইজনমান বিষয়া। বিশ্ববিদ্যালয়খনত ছেমি কণ্ডাক্টৰ পাৰামিটাৰ এনালাইজাৰ এটা ক্ৰয় কৰা হৈছিল। ইণ্টাৰনেল ৰেভিনিউ জেনেৰেচন ফাণ্ডৰ পৰা বিশ্ববিদ্যালয়খনৰ ইলেক্ট্ৰনিক আৰু কমিউনিকেছন ইঞ্জিনিয়াৰিং বিভাগৰ বাবে ক্ৰয় কৰিব লগা এই এনালাইজাৰৰ বাবেও ব্যাপক অনিয়মৰ অভিযোগ উঠিছিল।

প্ৰথমে ১.৪কোটি টকীয়া ছেমি কণ্ডাক্টৰ পাৰামিটাৰ এনালাইজৰ ক্ৰয়ৰ নিবিদা নাকচ কৰি দ্বিতীয়বাৰ আন এটা প্ৰতিষ্ঠানক দিয়াৰ বাবে চেষ্টা কৰিছিল। তেজপুৰ বিশ্ববিদ্যালয়ৰ কম্পিউটাৰ ক্ৰয়ৰ কেলেংকাৰীৰ কথা পোহৰলৈ আহিছে বিশ্ববিদ্যালয়খনৰ অডিট ৰিপ’ৰ্টত। 

হোষ্টেলৰ ফাৰ্ণিচাৰ ক্ৰয়ৰ নামত ১৪কোটি টকাৰ অনিয়ম সংঘটিত হৈছিল শম্ভূনাথৰ কাৰ্যকালত। এই ধনেৰে হোষ্টেল আৰু কেইবাটাও বিভাগৰ ফাৰ্ণিচাৰ ক্ৰয়ৰ বাবে ২৫-১২-২০২৪ত নিবিদা আহ্বান কৰা হৈছিল। এই ঠিকা দিয়াৰ বাবে শম্ভূনাথে বহু যোগ্য প্ৰতিষ্টানক বঞ্চিত কৰি এম এছ ইণ্টেক’ক প্ৰদান কৰিছিল। 

য’তেই ঠিকা ত’তেই শম্ভূনাথৰ হাতোৰা আছিল। তাৰ উদাহৰণ হাই মাস্ত ফ্লেগ ইনষ্ট’লেচনৰ নিবিদা। তন্ন তন্নকৈ পৰীক্ষা কৰিলে তেজপুৰ বিশ্ববিদ্যালয়ত শম্ভূনাথ নামৰ উপাচাৰ্যগৰাকীৰ নেতৃত্বত সংঘটিত কেইবাশ কোটিটকীয়া কেলেংকাৰী পোহৰলৈ আহিব।

কাকো দায়িত্ব অৰ্পণ নকৰাকৈ ২২ছেপ্তেম্বৰ ২০২৫ৰ পৰা তেওঁ তেজপুৰ বিশ্বিদ্যালয় চৌহদত অনুপস্থিত হৈ আছে। যিটো তেজপুৰ ইউনিভাৰ্চিটী এক্ট ১৯৯৩ ভংগ কৰিছিল। নিযুক্তিৰ ক্ষেত্ৰতো তেওঁ অনিয়মৰ হাতোৰা বিদ্যমান। নিজৰ মানুহক কিছু স্থানত ৰখোৱাৰ স্বাৰ্থত নিযুক্তি দি ৰাখিছিল শম্ভূনাথে। তাৰ উদাহৰণ কম্পিউটাৰ চেণ্টাৰৰ সঞ্চালক, ফাইনেন্স অফিচাৰ আদি।

তেজপুৰ বিশ্ববিদ্যালয়ৰ শিক্ষক নিযুক্তিৰ ক্ষেত্ৰতো বহু অভিযোগ আছে শম্ভূনাথৰ বিৰুদ্ধে। এইবোৰ কথা জনোৱাৰ পাছতো শম্ভূনাথ কেনেকৈ উপাচাৰ্য হৈ থাকিব পাৰিছে, তাক লৈয়ে গভীৰ প্ৰশ্নৰ সৃষ্টি হৈছে। তেজপুৰ বিশ্ববিদ্যালয়ৰ স্ক্ৰেৱ ডিচপ’জেবলৰ ক্ষেত্ৰতো শম্ভূনাথৰ নাম জড়িত হৈ পৰিছে। 

পুস্পাঞ্জলি ভানিজিয়া প্ৰাইভেট লিমিটেড নামৰ কোম্পানীটো তেজপুৰ বিশ্ববিদ্যালয়ত থকা কেইবাখনো পুৰণি গাড়ী স্ক্ৰেৱৰূপত লৈ যাবলৈ দিয়া হৈছে অনীতিগতভাৱে। সেই বাহনকেইখনৰ ভিতৰত এ এছ ০৩ বি চি ৮৩০৮, এ এছ ০১ ই চি ৭৮৯৮ নম্বৰৰ বাহন দুখন ৩-০৬-২০২৫ত তেজপুৰ বিশ্ববিদ্যালয়ৰ পৰা লৈ যোৱা হৈছিল স্ক্ৰেৱৰূপত।

ইয়াৰোপৰি এ এছ ০৩ বি চি ০৭১৫, এ এছ ১২ বি চি ৯৮৫১ নম্বৰৰ দুখন বাহন ২ জুলাই ২০২৫ত, এ এছ ২৮ এ চি ১২০৬, এ এছ ১২ ডি চি ৯৮৫১, এ এছ ১২ বি ই ৯৮৫১ আদি বাহনবোৰ ২৯- ০৫ -২০২৫ত স্ক্ৰেৱ ৰূপত বিক্ৰী কৰি দিয়া হৈছিল। 

তেজপুৰ বিশ্ববিদ্যালয়ৰ মূল গেটত থকা চি চি টি ভি কেমেৰা পৰীক্ষা কৰিলেই এই সত্যতা পোহৰলৈ আহিব। উপাচাৰ্যগৰাকীয়ে ভ্ৰমণ বানচ আৰু দৈনিক ভাট্টাৰ নামত ক্ষমতাৰ অপব্যৱহাৰ কৰি বহু ধন আত্মসাত কৰাৰ তথ্যও পোহৰলৈ আহিছে। 

ৰিচাৰ্চ স্ক’লাৰশ্বিপৰ নামতো সংঘটিত হৈছে অনিয়ম। ইমানবোৰ অনিয়ম আৰু দুৰ্নীতিৰ বোজা লৈ শম্ভূনাথ সিং নিজেই বিশ্ববিদ্যালয়খনৰ উপাচাৰ্য হৈ থাকিব নালাগিছিল। কিন্তু নৈতিক দিশৰ পৰা তেনে নৈতিকতাৰ গৰাকী নোহোৱা শম্ভূনাথে কেৱল ৰাজনৈতিক ক্ষমতাৰে সকলো নিয়ম ভৰিৰে মোহাৰি এই আসনখনত বহি আছে। 

কেন্দ্ৰীয় চৰকাৰৰ সংশ্লিষ্ট মন্ত্ৰণালয়ে প্ৰায় ডেৰমাহৰো অধিক কাল তেওঁৰ এই মতগৰ্বিতাৰ নীৰৱ দৰ্শক হৈ ৰৈছে। অসম আন্দোলনৰ অন্যতম ফচল তেজপুৰ বিশ্ববিদ্যালয় এজন লুণ্ঠনকাৰী উপাচাৰ্যৰ হাতত বন্দী হৈ পৰাৰ পাছতো উদাস হৈ ৰৈছে অসম চৰকাৰ।

তেজপুৰ বিশ্ববিদ্যালয়