আলু : কে.জি. এতিয়া চাৰে ছয়, সঁচৰ সময়ত ষাঠিকৈ লয়

অংশুমান দিহিঙীয়াৰ লগত কথা পাতিছিলো। এজন উচ্চ শিক্ষিত যুৱ খেতিয়ক তেওঁ। বহুবোৰ বৃত্তিৰে জড়িত হৈ প্ৰচুৰ অভিজ্ঞতা বুটলি তেখেতে এতিয়া বিজ্ঞানসন্মত কৃষি কৰ্মত নিজকে নিয়োগ কৰিছে। শদিয়াৰ এই যুৱ খেতিয়কজনৰ পৰা মূলতঃ কেইটামান কথা জানিব বিচাৰিছিলো।

New Update
bikhekh lekha (15)

মৃদুল কুমাৰ সন্দিকৈ

অংশুমান দিহিঙীয়াৰ লগত কথা পাতিছিলো। এজন উচ্চ শিক্ষিত যুৱ খেতিয়ক তেওঁ। বহুবোৰ বৃত্তিৰে জড়িত হৈ প্ৰচুৰ অভিজ্ঞতা বুটলি তেখেতে এতিয়া বিজ্ঞানসন্মত কৃষি কৰ্মত নিজকে নিয়োগ কৰিছে। শদিয়াৰ এই যুৱ খেতিয়কজনৰ পৰা মূলতঃ কেইটামান কথা জানিব বিচাৰিছিলো।

এইবাৰ তেওঁ প্ৰায় ৩০ বিঘা মাটিত আলু খেতি কৰিছিল। আলুবোৰো যথেষ্ট ভাল হৈছিল। ১০ বিঘামান মাটিৰ আলু তেওঁ খান্দিলে। উৎপাদন যথেষ্ট ভাল। এই ৩০ বিঘা আলুৰ খেতি কৰিবৰ বাবে তেওঁ প্ৰায় ১৫০ বেগ আলুৰ বীজ ক্ৰয় কৰিব লগা হৈছিল। 

পাঞ্জাৱৰ পৰা অনা উন্নত প্ৰজাতিৰ এনে আলু বীজৰ একোটা বস্তাত ৫০ কেজিকৈ আলু থাকে। পাঞ্জাৱত তেনে একোটা আলুৰ বস্তাৰ দাম ৭০০ৰ পৰা ৮০০ টকা। তিনিচুকীয়াৰ মাৰোৱাৰীয়ে পাঞ্জাৱৰ পৰা সেই আলু ক্ৰয় কৰি আনি শদিয়াত বিক্ৰী কৰে ৩হাজাৰ টকাত। 

১ কেজি আলুৰ বীজত ৬০টকাকৈ পৰে এই হাৰত। অংশুমান দিহিঙীয়াই তেনে ১৫০ বস্তা আলু কিনোতে প্ৰায় ৪.৫০ লাখ টকা ব্যয় কৰিছিল। হিচাপ কৰি তেওঁ দেখিছে এবস্তা আলুৰ বীজৰ বিপৰীতে প্ৰায় ১০ বস্তা আলু তেওঁ পাইছে। সৰলভাৱে ক’বলৈ গ’লে ৫০ কেজি আলুৰ বীজ ৰোপন কৰি তেওঁ ৫ৰ পৰা ৬ কুইণ্টল লৈকে আলু লাভ কৰিছে। 

শদিয়াত এতিয়া আলু খেতিৰ বতৰ। বহু কৃষক পৰিয়াল আৰু নিবনুৱা যুৱকে এইবাৰ বিস্তৃত হাৰত আলু খেতি কৰিছিল। অধিকাংশক খেতিয়কে আলু খন্দা নাই। অংশুমানে জানিবলৈ দিয়া মতে তেওঁ উৎপাদন কৰা এই আলু বেপাৰীয়ে ইমান কম মূল্য দিছে যে, প্ৰতিকেজি আলু এই হাৰত বিক্ৰী কৰিলে, তেওঁ কেজিয়ে প্ৰতি ২ৰ পৰা ৩টকা লোকচান ভৰি বিক্ৰী কৰিব লগাত পৰিছে। 

শদিয়াৰ আলু খেতিয়কসকলৰ এতিয়া এয়াই দশা। ইয়াৰ আগৰ বছৰত শদিয়াৰ খেতিয়কসকলে প্ৰতিকেজি আলুত ন্যূনতম ১০ ৰ পৰা ১৫ টকা লাভ কৰিছিল। এইবাৰ প্ৰথমে আলুৰ কেজি ৮টকালৈ নামিল আৰু এতিয়া ৬/৭ টকা দিয়ো কৃষকৰ পৰা আলু ক্ৰয় কৰিব পৰা লোকৰ অভাৱ ঘটিছে।

শদিয়াৰ দিবাং চাপৰিত আলু খেতি যথেষ্ট ভাল হয়। এইবাৰো ভাল হৈছে আলুৰ খেতি। দেওপানী, কুন্দিল, ঘৰমুৱা চাপৰি আদিত প্ৰায় ৫০ হাজাৰ বিঘা মাটিত আলু খেতি কৰিছিল সহস্ৰাধিক খেতিয়কে। এই উৎপাদিত আলুৱে উজনি অসমৰ আলুৰ বজাৰখন দখল কৰাৰ সম্ভাৱনা থকাৰ পাছতো চৰকাৰী পক্ষৰ অমনোযোগীতা, আলু ছিণ্ডিকেট চক্ৰৰ ষড়যন্ত্ৰৰ বাবে হতাশ হৈ পৰিছে কৃষকসকল।

বজাৰত এতিয়া আলুৰ কেজি ২০ৰ পৰা ২৫ টকা। গুৱাহাটী মহানগৰত বহু স্থানত নতুন ভাল আলুৰ দাম কেজি প্ৰতি ৩০ টকা হৈয়েই আছে। অথচ ধাৰ- ঋণলৈ আলু খেতি কৰা খেতিয়কসকলৰ অৱস্থা পানীত হাঁহনচৰা হৈছে। অংশুমানে আলু খেতিৰ নামত ৭/৮ লাখ টকা ব্যয় কৰিছিল। বজাৰত এতিয়া আলু বিক্ৰী কৰা দামৰ সৈতে তেওঁ এক তুলনামূলক গণনা কৰি জনালে লাভৰ সলনি তেওঁৰ ২০ৰ পৰা ৩০শতাংশ লোকচান হ’ব।

কৃষকসকলে ন্যূনতম মূল্য পাব লাগে যদিও তেওঁলোকে সেই মূল্য লাভ কৰা নাই। শদিয়াৰ ক্ষোভিত কৃষকসকলে সেয়ে প্ৰশাসনক অনুৰোধ জনাইছিল এই সন্দৰ্ভত কিবা ব্যৱস্থা গ্ৰহণ কৰিবলৈ। চৰকাৰ আৰু স্থানীয় বিধায়ককো তেওঁলোকে উচিত মূল্য দিয়াৰ ব্যৱস্থা কৰিবলৈ আহ্বান জনাইছিল। 

কোনো সঁহাৰি নাপাই খেতিয়কসকল ওলাই আহিল ৰাজপথলৈ। ট্ৰেক্টৰত প্ৰতিজন খেতিয়কে নিজৰ উৎপাদিত আলুৰ বেগলৈ ৰাজপথলৈ আহি সেই আলুবোৰ পেলাই দিলে ৰাজপথৰ ওপৰত। এনেকৈয়ে ৫জানুৱাৰী ২০২৬ত শদিয়াৰ আলু খেতিয়কসকলে সাৱ্যস্ত কৰিলে প্ৰতিবাদ। 

প্ৰায় ২৫০ কুইণ্টল আলু ৰাজপথত দলিয়াই দিলে খেতিয়কসকলে। এনে এক প্ৰতিবাদ পূৰ্বতেও বিলাহী আৰু আন পাচলিৰ উচিত মূল্য নাপাই খেতিয়কসকলে সাৱ্যস্ত কৰা উদাহৰণ আছে। আনকি গাখীৰো কিলিং নদীত পেলাই দি গো-পালকসকলে এইখন অসমতে প্ৰতিবাদ সাৱ্যস্ত কৰিছিল। 

কিমান ক্ষোভ আৰু দুখত খেতিয়কসকলে এনেদৰে কষ্টৰ ফচল দলিয়াই প্ৰতিবাদ সাব্যস্ত কৰিব লগা হৈছে, সেই বেদনাই কিন্তু দিশপুৰ বা কৃষি বিভাগক দগ্ধ কৰিব পৰা নাই। হিতাধিকাৰীক ধন বিলোৱাত ব্যস্ত এইখন চৰকাৰ। কৃষকৰ প্ৰতি তেওঁলোক কিমান উদাসীন, তাৰ প্ৰমাণ এয়া। 

কৃষিজাত সামগ্ৰী উৎপাদনত সুনাম থকা শদিয়াত আজিলৈকে নাই এটা শীতলীকৰণ ভঁৰাল। এয়াই আঁচল আন্তঃগাঁথনিৰ স্বৰূপ। খেতি কৰা সময়ত কৃষকসকলে শদিয়াত থকা কৃষি বিভাগৰ মহকুমা বিষয়াৰ কাৰ্যালয় লৈ তাতবাতি কাঢ়িছিল। সেই সময়ত আলুৰ খেতিয়কৰ বাবে তেনে কোনো আঁচনি নাই বুলি কৈ দায়িত্ব সামৰিছিল অতুল বৰাৰ কৃষি বিভাগে।

উজনি অসমত আলুৰ চাহিদা পূৰণৰ বাবে অনা হৈছে বহিঃৰাজ্যৰ পৰা আলু। স্থানীয়ভাৱে উৎপাদিত আলু খেতিয়কক বঞ্চিত কৰি বহিঃৰাজ্যৰ আলুৰে এই ছিণ্ডিকেট চক্ৰই মুনাফা বুটলিছে। কৃষকসকল তেওঁলোকে এনে অৱস্থালৈ ঠেলি দিছে যে, যাতে পানীৰ দৰত তেওঁলোকে আলুবোৰ এই চক্ৰক বিক্ৰী কৰিবলৈ বাধ্য হয়। 

শদিয়াৰ এইখন ছবি ৰাজ্যৰ অন্য প্ৰান্তৰো ছবি হ’বলৈ গৈ আছে। খেতি কৰি তাৰ যদি এখন সু-সংহত বজাৰ তেওঁলোকে লাভ নকৰে, তেনেহ’লে খেতি কৰি লাভ কি ? চৰকাৰে যদি খেতিয়কসকলৰ কথা আৰু উৎপাদিত কৃষি সামগ্ৰীৰ ক্ৰয়- বিক্ৰয়ৰ এক গ্ৰহণযোগ্য নীতি নিৰ্ধাৰণ কৰিব নোৱাৰে, তেনেহ’লে শদিয়াৰ বহু আলু খেতিয়কৰ দৰে আন খেতিয়কসকলৰো অৱস্থা কাহিল হৈ পৰিব। 

ৰাজপথত দলিয়াই দিয়া আলুৰ ওপৰেৰে যান- বাহন পাৰ হৈ গৈছিল। কাষত ৰৈ তেনে আলু খেতিয়কে সেই দৃশ্য চাই কান্দোনমুৱা হোৱাও দেখা গৈছিল। তাৰ পাছতো ৰাজ্য চৰকাৰ নিমাত, নিশ্চুপ। শদিয়াৰ আলুৰ খেতিয়কসকলে কি কৰিলে, তেওঁলোকৰ অৱস্থাৰ কথা হৃদংগম কৰিব মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই !

ড০ হিমন্ত বিশ্ব শৰ্মা অতুল বৰা কৃষি বিভাগ শদিয়া আলু