/asomiyapratidin/media/media_files/2025/10/24/whatsap-2025-10-24-13-05-25.jpeg)
মৃদুল কুমাৰ সন্দিকৈ
‘পানচুনা’ৰ পৰাই আৰম্ভ কৰিব লাগিব। ‘কাঞ্চনজংঘা’ নামৰ জুবিন গাৰ্গৰ চিনেমাখনৰ এই গীতটো যথেষ্ট জনপ্ৰিয় হৈছিল। পানচুনা শব্দটোতেই আছে বিষাদ আৰু বিৰহৰ জীৱন্ত গাথা। ছবিখনৰ বাবে পানচুনা শীৰ্ষক গীতটো গাবলৈ জুবিন গাৰ্গে নিৰ্বাচন কৰিছিল এগৰাকী ৰাভা জনগোষ্ঠীৰ গায়িকাক।
পানচুনা ৰাভা- নাম আছিল গায়িকাগৰাকীৰ। পানচুনাৰ গীত প্ৰথম জুবিন গাৰ্গে ৰবীন্দ্ৰ ভৱনত শুনিছিল। তেওঁৰ গীতে জুবিনৰ মন মুহিছিল। ২০১৫ৰ শেষৰ ফালে কোনোবা এটা দিন আছিল সেয়া। দিনটো সঠিকৈ মনত নাই পানচুনা ৰাভাৰ। কিন্তু সময়খিনি সজীৱ এতিয়াও তেওঁৰ মনত।
নিজেই আগবাঢ়ি গৈ পানচুনাক প্ৰশংসা কৰিছিল সেই দিনা। কৈছিল- তই ভাল গাইছ। আহিবিচোন মোৰ তালৈ। পানচুনা যোৱা নাছিল বহুদিন জুবিন গাৰ্গৰ কাষলৈ।
এদিন খানাপাৰাত লগ পাইছিল পুনৰ পানচুনাক। এইজনী পানচুনা হয় নে নহয় বুলি সুধিছিল তেওঁ। আকৌ মাতিছিল জুবিনে তেওঁক ঘৰলৈ। খাৰঘুলিৰ জুবিনৰ ঘৰলৈ এবাৰ গৈছিল পানচুনা। সেই সময়ত জুবিনৰ ঘৰত আছিল মহালক্ষ্মী আয়াৰ।
জুবিনে মহালক্ষ্মীৰ লগত পানচুনাক চিনাকি কৰাই দিছিল। এই বৰ ভাল গাই বুলি প্ৰশংসা কৰিছিল পুনৰ। পানচুনাই এটা গীত বৰ প্ৰাণঢালি গাইছিল। গীতটো আছিল – পানচুনা...।। আচলতে এইটো আছিল এটা ৰাভা লোকসংগীতৰ সুৰৰে সজোৱা গীত।
ৰাভা সকলৰ কোনোবা মানুহ মৰিলে গোৱা হয় এই গীত। ৰাভা জনগোষ্ঠীৰ ৰংদানি ফৈদে এই গীতটো গায়। বিশেষকৈ কোনোবা মহিলাৰ স্বামী মৰিলে আন মহিলাসকলে সেই গীত গাই শোক প্ৰকাশ কৰিছিল। যি গীতৰ অৰ্থ আছিল- শিমলুৰ ডালত বহি কপৌ চৰায়ে ডুগ ডুগকৈ কান্দিছে। সিহঁতে কোনোবা আত্মা দেখিছে।
তাৰ পাছত মূলতঃ মহিলাসকলে গাইছিল- এই ধুনীয়া ঘৰ, সোণৰ সংসাৰ এৰি তুমি গুচি গ’লা, আকৌ তোমাৰ জনম হ’ব। পশু- পক্ষী হৈ নহয় মানুহ হৈ আমাৰ মাজলৈ আহিবা। গীতটোৰ নিৰ্দিষ্ট কোনো কথা নাছিল। আছে কেৱল লোক সুৰ।
মৃতকৰ ভাল গুণবোৰ বখানি মহিলাসকলে নিজৰ কথাৰে সজাই সেই গীত। ৰাভা জনগোষ্ঠীৰ এজন নাট্যকাৰ তথা বিশিষ্ট সাহিত্যিক প্ৰসন্ন পাম। তেওঁ এখন নাটক লিখিছিল। নাটকখনৰ নাম আছিল- দদানবীৰ। সেই নাটকখনত পানচুনা শীৰ্ষক ৰাভা গীতটো সংযোজন কৰা হৈছিল।
সেই লোক সুৰত গাবৰ বাবে তেওঁ এটা গীত লিখিছিল। এই গীতটোৱেই গাইছিল গায়িকাগৰাকীয়ে। গীতটোৰ বাবে তেওঁৰ নামটো মনোজ শৰ্মাই পানচুনা ৰাখিছিল। তেনেকৈয়ে জন্ম হৈছিল পানচুনা ৰাভাৰ।
জুবিন গাৰ্গে শুনিছিল পানচুনাৰ মুখত পানচুনা শীৰ্ষক গীতটি। এদিন জুবিন গাৰ্গে পানচুনাক মাতিছিল ষ্টুডিঅ’লৈ। কৈছিল- পানচুনা গীতটো তেওঁৰ নতুন ছবি কাঞ্চনজংঘাত অন্তৰ্ভূক্ত কৰিব। গাবলৈ দিলে সেই গীত পানচুনাক।
প্ৰথমবাৰ পানচুনাই গীতটো ৰেক’ৰ্ডিং কৰাৰ পাছত জুবিন গাৰ্গক কৈছিল- আৰু এবাৰ ভালকৈ গাব। জুবিন গাৰ্গে ক’লে- হৈ যাব। গানটো ৰেক’ৰ্ডিং কৰি থকা ৰেক’ৰ্ডিষ্টজনেও নালাগে গাব বুলি জনালে। জুবিন গাৰ্গে শশাংক সমীৰক মাতি আনি বাকী অসমীয়া কথাখিনি লিখিবৰ বাবে দিলে।
গীতটো গোৱাৰ পাছত জুবিন গাৰ্গে কৈছিল- তই মই মৰিলে এই গীতটো গাবি দেই। মানুহ মৰিলে গোৱা এই লোক সুৰৰ গীতটো মোৰ বৰ ভাল লাগে। তই মৰাৰ দিনা গাব লাগিব। সেইদিনা খং কৰিছিল পানচুনাই। খঙতে কৈছিল- আপুনি মনে মনে থাকক। গীতটো দিলে দিব, নিদিলে নাই। এইবোৰ কথা কৈ নাথাকিব।
পানচুনাৰ সৈতে আত্মীয়তা গঢ় লৈ উঠিছিল জুবিন গাৰ্গৰ। ভগ্নীৰ দৰে মৰম কৰিছিল পানচুনাক। অনুষ্ঠান পৰিৱেশনৰ বাবে লৈ গৈছিল পানচুনাক। ২০১৭চনৰ নুনমাটি বিহু সন্মিলনত প্ৰথম জুবিনৰ সৈতে গীত গাইছিল পানচুনাই।
পানচুনাৰ ঘৰলৈ গৈছিল জুবিন, চোতালত বহি কথা পাতিছিল। কথাৰ মাজতে জুবিন গাৰ্গে আকৌ কৈছিল- মই মৰিলে কিন্তু তই পানচুনা গাব লাগিব। খঙতে পানচুনাই জুবিনক কৈছিল- আপুনি এইবোৰ কথা কৈ থাকিলে মই গীত গোৱাই বাদ দিম। কেনেকৈ মৰিব আপুনি ? আপোনাক বুঢ়া হ’বই নিদিও।
পানচুনাৰ খং উঠাৰ কথা জুবিনে ধৰিব পাৰিছিল। সেয়েহে পানচুনাক উদ্দেশ্যি কৈছিল- নকও দে আৰু। তেনেকুৱা এক ঘৰুৱা পৰিৱেশতে পানচুনাই জুবিনক উদ্দেশ্যি কৈছিল- মই আপোনাক এটা নাম দিম। জুবিনে সুধিছিল- কি নাম ? পানচুনাৰ মুখত উচ্চাৰিত হৈছিল এটা শব্দ- ‘ৰাংচাং’।
ৱাহঃ ! বৰ ধুনীয়া নাম। ৰাংচাং মানে কি ? জুবিনে সুধিছিল পুনৰ। পানচুনাই কৈ গৈছিল- ৰাংচাং এটা ৰাভা শব্দ। ইয়াৰ অৰ্থ সূৰ্য্য। নামটোৰ অৰ্থ জানি জুবিন আৰু সুখী হৈছিল। তাৰ পাছৰ পৰাই পানচুনাই জুবিনক মাতিছিল ৰাংচাং বুলি।
জুবিনে কেইবাৰো বহুতৰ আগত পানচুনাৰ কথা কৈ তাই দিয়া নতুন নামটোৰ কথা সগৌৰৱে কৈছিল। পানচুনাই আজি ভাবে - তাই সঠিক নামেই দিছিল সেইদিনা। কোনো দিনেই অস্ত নোযোৱা সূৰ্য আছিল জুবিন। পানচুনাক জুবিনে কৈছিল- মইতো সূৰ্যই। ৰাতিও সাৰে থাকো, ঘূৰি ফুৰো...।
কায়িকভাৱে আঁতৰি গ’লেও সূৰ্য হৈ জিলিকি আছে জুবিন, জিলিকি থাকিব চিৰদিন। জুবিন নামৰ সেইখন আকাশত নাই ৰাতিৰ স্থান, আছে তাত এটা ৰাংচাং। পানচুনাই কোৱা সেই ৰাংচাং...।
/asomiyapratidin/media/agency_attachments/2024/11/06/2024-11-06t103056273z-dwa-ad-banner-2024-300x250.png)
Follow Us