/asomiyapratidin/media/media_files/2025/08/21/ap-bikhekh-lekha-27-2025-08-21-14-44-53.jpg)
মৃদুল কুমাৰ সন্দিকৈ
বহু বৃত্তি আছে, যিবোৰ বৃত্তিত কাম কৰাৰ মানুহবোৰক মানুহে যন্ত্ৰ বুলি ভাবে। মানুহৰ বাবেই উৎসৰ্গিত এই সেৱাপূৰ্ণ বৃত্তিত প্ৰায়ে নাথাকে ধন্যবাদ বা কৃতজ্ঞতাৰ প্ৰাপ্তি। এই সকল বৃত্তিধাৰী লোকৰো যে সুখ- দুখ, ঘৰ- সংসাৰ, ভাগৰ আদি থাকিব পাৰে এই কথা আমি পাহৰি যাওঁ।
তেনে এক বৃত্তি হৈছে নাৰ্ছ। ৰোগীক চিকিৎসকৰ পাছতে সেৱা-শুশ্ৰুষা কৰিবলৈ দায়িত্ব অৰ্পণ কৰা নাৰ্ছসকলৰ প্ৰতি আমাৰ বহু ক্ষোভ থাকে। কেতিয়াবা তেওঁলোকে ভালদৰে মাত এষাৰ দিবলৈ কুন্ঠাবোধ কৰে, কেতিয়াবা বেয়া ব্যৱহাৰ কৰে আৰু চৰকাৰী চিকিৎসা খণ্ডত নিয়োজিত নাৰ্ছসকলে কৰ্তব্যত অৱহেলা কৰে বুলি বদনাম আছে।
শেহতীয়াকৈ জি এম চি এইচত সংঘটিত কাণ্ডৰ পাছত আকৌ তেনে অভিযোগত অভিযুক্ত হ’ল এগৰাকী নাৰ্ছ। প্ৰসূতি বিভাগৰ আই চি ইউৰ বিচনা ভাগি অতি দুৰ্ভাগ্যজনকভাৱে এটি ৩দিনীয়া শিশুৰ মৃত্যু হোৱাৰ পাছত সেই সময়ত দায়িত্বত থকা এগৰাকী নাৰ্ছক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে।
তদন্তৰ খাতিৰত আৰক্ষীয়ে ব্যৱস্থা গ্ৰহণ কৰিলেও এই নাৰ্ছগৰাকীৰ বিৰুদ্ধে যি কঠোৰ পদক্ষেপ গ্ৰহণ কৰা হৈছে, সেয়া যেন খেনোক দেখি ৰান্ধো-বাঢ়ো, খেনোক দেখি দুৱাৰ বান্ধো দৰে হৈছে। ৰাজ্যখনত পৰ্যাপ্ত নাৰ্ছ চিকিৎসালয়সমূহত আছেনে?
যদি নাই, তেনেহ’লে একোগৰাকী নাৰ্ছে ৩৫-৪০টা লৈকে শিশুৰ দায়িত্ব ল’ব লগা হোৱা পৰিস্থিতিৰ বাবে দায়ী কেৱল সেই সময়ত দায়িত্বত থকা নাৰ্ছগৰাকীৰ নে বিভাগীয় দায়িত্বশীল উচ্চ পদস্থ লোকসকলো !
চিকিৎসালয়ৰ নীতি অনুসৰি, আই চি ইউত এগৰাকী শিশুৰ বিপৰীতে একোগৰাকী নাৰ্ছ থাকিব লাগে। যদি সেইদৰে সুবিধা কৰিব পৰা হোৱা নাই, তেনে এনে অঘটন ঘটা মূল কাৰকবোৰৰ ভিতৰত এইটোও জানো এটা অন্যতম কাৰক নহয়?
নাৰ্ছসকলক পৰিচালনা কৰিবলৈ একোগৰাকী মেট্ৰন থাকে। থাকে নাৰ্ছ সকলৰ ইনছাৰ্জ। গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত থকা মেট্ৰনগৰাকীয়ে আই চি ইউত বা আন স্থানত কৰ্তব্য সম্পাদন কৰিবলৈ পৰ্যন্ত নাৰ্ছ নথকাৰ কথা বিভাগীয় কৰ্তৃপক্ষক লিখিতভাৱে কেতিয়াবা জনাইছিল নে?
তেওঁলোকৰ অদায়িত্বশীলতাৰ বাবেই অত্যাধিক কামৰ হেঁচা লোৱা কোনো এগৰাকী নাৰ্ছক বিচাৰৰ কাঠগড়াত উঠাবলৈ চেষ্টা কৰাতো ব্যৱস্থাগত ক্ৰুটি থাকিবলৈ কৰা এক প্ৰয়াস। অসমৰ চিকিৎসালয়সমূহত এতিয়া একো একোগৰাকী নাৰ্ছে গড়ে ৬০-৭০জনকৈ ৰোগীক প্ৰতিদিনে সেৱা কৰিব লাগে।
তেওঁলোকৰ ওপৰত পৰা এই কামৰ হেচাঁৰ কথা কোনেও কেতিয়াও নাভাবে। নাৰ্ছসকলে ৰোগী আৰু ৰোগীৰ আত্মীয়ক ভাল ব্যৱহাৰ কৰাতো বাঞ্চনীয় আৰু প্ৰয়োজন। অত্যাধিক কামৰ হেচাঁই নাৰ্ছসকলকো ৰূঢ় কৰি পেলাইছে।
সকলোৰে ধৈৰ্যৰ সীমা আৰু ধৈৰ্য ধৰিব পৰা ক্ষমতা একে নহয়। কেতিয়াবা এজন ৰোগীৰ বাবদ ৪-৫জনকৈ ৰোগীৰ আত্মীয়ই একেটা কথাকেই সোধাই নহয়, তেওঁলোকক অতি বেয়া ব্যৱহাৰো কৰে। প্ৰতিজন ৰোগীৰ বাবেই সমানে দায়ৱদ্ধ এগৰাকী নাৰ্ছে আন এজন ৰোগীৰ সৈতে লাগি থাকোতে কাৰোবাৰ কাষলৈ যাওঁতে অকণমান সময় পলম হ’লেই অভিযোগৰ সন্মুখীন হ’ব লগা হয়।
জি এম চি এইচৰ যিখন বিচনাত ৪টা শিশু ৰখা হৈছিল সেই বিচনাখনত শিশুকেইটাক ৰখাবলৈ নিৰ্দেশ কোনে দিছিল? কেৱল এগৰাকী নাৰ্ছক ইমানবোৰ শিশুৰ দায়িত্ব কোনে দিছিল। এইবোৰ প্ৰশ্নৰ উত্তৰ প্ৰথমে বিচাৰি ল’ব লাগিব।
এতিয়াও ৰাজ্যত বহু বছৰৰ পূৰ্বে অনুমোদন হৈ থকা ১০০০ৰো অধিক নাৰ্ছৰ চাকৰিৰ পদ খালী আছে। ৰোগীৰ পৰিমাণ বাঢ়ি গৈ আছে, নতুন নতুন চিকিৎসালয় হৈছে। কিন্তু সেই অনুপাতে চিকিৎসাকৰ্মী, নাৰ্ছ আদি নিযুক্তি হৈছেনে ৰাজ্যৰ স্বাস্থ্যখণ্ডত ?
স্বাস্থ্য সঞ্চালকালয়, অসমৰ তথ্য অনুসৰি- অসমত তেওঁলোকৰ অধীনত মুঠ এ এন এম নাৰ্ছ আছে- ১৪৪০গৰাকী। ইয়াৰে ধুবুৰী যুটীয়া স্বাস্থ্য সঞ্চালকালয়ৰ অধীনত ৪২গৰাকী, কোকৰাঝাৰত ৩২গৰাকী, চিৰাঙত ১৯গৰাকী, বাক্সাত ৪১গৰাকী, গোৱালপাৰাত ১২গৰাকী, বৰপেটাত ৬১গৰাকী, নলবাৰী ৭৬গৰাকী, দৰঙত ৪৯গৰাকী, শোণিতপুৰত ১০০গৰাকী, লখিমপুৰত ৬৪গৰাকী, ধেমাজিত ২৯গৰাকী, তিনিচুকীয়াত ৪৭গৰাকী, ডিব্ৰুগড়ত ৫৫গৰাকী, শিৱসাগৰত ৪১গৰাকী, গোলাঘাটত ৩৬গৰাকী, যোৰহাটত ৫৫গৰাকী, নগাঁৱত ১০০গৰাকী, মৰিগাঁৱত ৫০গৰাকী, মাজুলীত ৩গৰাকী, কাছাৰত ৫৭গৰাকী, চৰাইদেউত ৮গৰাকী, হাইলাকান্দিত ২৭গৰাকী আদি।
কামৰূপ মেট্ৰৰ যুটীয়া স্বাস্থ্য সঞ্চালকালয়ৰ অধীনত ২৯গৰাকী, কামৰূপত ৯১গৰাকী, পশ্চিম কাৰ্বি আংলঙত ২৮গৰাকী, ওদালগুৰিত ৩১গৰাকী, বঙাইগাঁৱত ৩৭গৰাকী, বিশ্বনাথত ১৮গৰাকী এ এন এম নাৰ্ছ আছে। এয়া এক প্ৰতিচ্ছবি।
ইফালে ধুবুৰী যুটীয়া স্বাস্থ্য সঞ্চালকালয়ৰ অধীনত আছে ১১১গৰাকী ষ্টাফ নাৰ্ছ। তেনেদৰে কোকৰাঝাৰত ১২৪গৰাকী, চিৰাঙত ৪৭গৰাকী, বাক্সাত ৬৫গৰাকী, গোৱালপাৰাত ১০৭গৰাকী, বৰপেটাত ৮১গৰাকী, নলবাৰীত ১৫০গৰাকী, দৰঙত ১২০গৰাকী, শোণিতপুৰত ১১৬গৰাকী, নগাঁৱত ১৩৮গৰাকী, মৰিগাঁৱত ১২০গৰাকী, কামৰূপ মেট্ৰত ১২৩গৰাকী নাৰ্ছৰ অনুমোদিত পদ আছে যদিও বহু পদ এতিয়া খালী হৈয়ে আছে।
নিয়ম অনুসৰি, কৰ্তব্যৰ বাবে তিনিটা চিফ্টত পৰ্যান্ত নাৰ্ছ থকাৰ লগতে ছুটী এৰেঞ্জমেন্টৰ বাবে ৩০শতাংশ অতিৰিক্ত নাৰ্ছ থাকিব লাগে। যিটো প্ৰায়ে দেখা নাযায়। সেইবোৰ আন্তঃগাথঁনিৰ অভাৱ আৰু অসুবিধা ঢাকিবলৈ নাৰ্ছক বলিৰ পঠা সজোৱা হয়, আমিও তেনে অসুবিধা পালে নাৰ্ছকেই সাত পুৰুষ উজাৰি গালি দি সন্তুষ্টি লভো।
সমস্যাবোৰ সমস্যা হৈয়ে ৰৈ যায়। হাস্পতালৰ আই চি ইউৰ বিচনাখন যেতিয়া বেণ্ডেজৰ কাপোৰেৰে মেৰিয়াই নাৰ্ছে ৰোগীক চিকিৎসা কৰিব লগা হয়, তাৰ বাবে হোৱা অঘটনৰ বাবে প্ৰাথমিক অপৰাধী হিচাপে নাৰ্ছকেই গণ্য কৰিলে জানো এইবোৰ সমস্যাৰ সমাধান হ’ব।
একো একোগৰাকী নাৰ্ছে এতিয়া গড়ে ৮০হাজাৰতকৈ অধিক দৰমহা পায়। সেই অনুসৰি ৰোগীক পৰিচৰ্যা কৰিবলৈ তেওঁলোক দায়ৱদ্ধ। তেনে দায়িত্ব নাৰ্ছসকলে পালন কৰিবলৈ এক সেৱাপূৰ্ণ ভাবেৰে উৎসৰ্গিত মন লৈ কাম কৰিব লাগিব। বেছিভাগেই সেয়া কৰে।
পৰিস্থিতিগত কাৰণত কেতিয়াবা কোনো এগৰাকী নাৰ্ছে কৰা ৰূঢ় ব্যৱহাৰে তেওঁলোকৰ বৃত্তিটোৰে জড়িত আন সকলকো বদনামী কৰি পেলায়। ৰোগীৰ সৈতে ২৪ঘন্টাই প্ৰত্যক্ষ সংস্পৰ্শত থকা সূত্ৰে তেওঁলোকৰ প্ৰতি ৰোগীৰ আত্মীয়তাও বাঢ়ে যেনেকৈ ক্ষোভো বাঢ়ে।
ভানুপ্ৰিয়া মিছঙক জি এম চি এইচ কাণ্ডৰ পিছত গ্ৰেপ্তাৰ কৰাত নাৰ্ছ সম্পৰ্কীয় এই কথাখিনি অনুধাৱন কৰাৰ সুযোগ নিশ্চয় সকলোকে দি যাব। ধেমাজিৰ চিচিমুখৰ পৰা আহি জি এম চি এইচত নাৰ্চ সম্পৰ্কীয় পাঠ্যক্ৰম সাং কৰি ২০২৩ত নিযুক্তি লাভ কৰিছিল ভানুপ্ৰিয়াই।
অতি দৰিদ্ৰ পৰিয়ালৰ ভানুপ্ৰিয়াৰ পিতৃ-মাতৃয়ে এতিয়া খবৰতহে শুনিছে জীয়েকৰ কথা। কি কৰিব, কি নকৰিব, জীয়েকে ভুল নে শুদ্ধ কৰিলে তাকো বিচাৰ-বিশ্লেষণ কৰাৰ ক্ষমতা নাই তেওঁলোকৰ। সকলো হেনো চৰকাৰকে এৰি দিছে তেওঁলোকে। বাতৰিত ভানুপ্ৰিয়াৰ খবৰ দেখি উচুপিছে আত্মীয়ই।
নাৰ্ছসকলৰ প্ৰতি এনেকৈয়ে হঠাতে আহে তীব্ৰ প্ৰত্যাহ্বান। তেওঁলোকৰ গাঁত সহজতে অভিযোগৰ সকলো বোজা জাপি দিবলৈ সহজ। ডাঙৰ ডাঙৰ মানুহবোৰৰ বাবে হাজাৰটা অজুহাত থাকে, এই নাৰ্ছসকলৰ বাবে দয়া-মমতা চোন কাৰোয়েই নাথাকে...