সুখত নাই নৱকান্ত বৰুৱাৰ আত্মা !

আসাম টাইপৰ সেই ঘৰটো পৰি আছে জৰাজীৰ্ণ হৈ। অৱশ্যে ঘৰৰ মূল দুৱাৰৰ এটা খুটা ওলমি আছে এখন নাম ফলক। য’ত লিখা আছে নৱকান্ত বৰুৱা।

New Update
AP FOR WEB NEW    bikhekh lekha (1)

নৱকান্ত বৰুৱা। বহুতে তেখেতক মাতিছিল ‘এন কে বি’ বুলি। কোমল অন্তৰৰ এজন ৰসিক ব্যক্তিত্বসম্পন্ন বহু প্ৰতিভাধাৰী কবি- সাহিত্যিক আছিল তেওঁ। সেই নৱকান্ত বৰুৱাৰে ঘৰলৈ গৈছিলো। এদিন সেই ঘৰখন মানুহেৰে ভৰি আছিল। 

Advertisment

সকলোৱে এবাৰ তেওঁক লগ পোৱাৰ হেপাঁহ আছিল তেতিয়া। শিলপুখুৰী মহেন্দ্ৰ লাল বৰুৱা পথত আছিল নৱকান্ত বৰুৱাৰ ঘৰ। সেই ঠাইৰ আশে- পাশে আছিল তিলক হাজৰিকা, বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য, বেণুধৰ শৰ্মা আদিৰ ঘৰ। এতিয়া সেই ঠিকনা মানুহে পাহৰিলে। 

১৯৬৩ চনত মানত নৱকান্ত বৰুৱাই এই ঘৰটো সজা আৰম্ভ কৰিছিল। ১৯৬৪ চনত ঘৰ সজাৰ কাম শেষ হৈছিল। এটা ধুনীয়া চুবুৰী আছিল সেইটো। ভদ্ৰলোক আৰু অসমৰ স্বনামধন্য লোকেৰে ভৰি পৰা চুবুৰী। নৱকান্ত বৰুৱাৰ এই পুৰণি ঘৰটোৰ চৌহদতে এটা কেইবামহলীয়া অট্টালিকা।

আসাম টাইপৰ সেই ঘৰটো পৰি আছে জৰাজীৰ্ণ হৈ। অৱশ্যে ঘৰৰ মূল দুৱাৰৰ এটা খুঁটা ওলমি আছে এখন নাম ফলক। য’ত লিখা আছে নৱকান্ত বৰুৱা।

1 (1)

এদিন এই ঘৰখন বৰ আটোমটোকাৰিকৈ ৰখা ঘৰ আছিল। সন্মুখত আছিল হেনো এখন বাগিচা, এটা সৰু পুখুৰী ইত্যাদি। সৰু গেটখন খুলিয়েই ঘৰটোৰ বাৰাণ্ডাখন। দুৱাৰ প্ৰায় খোলাই ৰাখিছিল নৱকান্ত বৰুৱাই। ড্ৰইংৰূমত সজাই ৰাখিছিল হেনো এটা ডাঙৰ একুইৰিয়াম। 

বেৰত ওলমাই থৈছিল বহু মূল্যৱান ছবি। এতিয়া অৱশ্যে তাত তেনে পৰিৱেশ নাই। পৰিত্যক্ত ঘৰটোৰ মূল দুৱাৰত মাৰি থোৱা আছিল এটা তলা। ঘৰৰ ভিতৰত থকা নৱকান্ত বৰুৱাৰ আটাইতকৈ প্ৰিয় সম্পদবোৰৰ ভিতৰত কিতাপ- পত্ৰবোৰো নাই তাত।

সেই ঘৰখনৰ পুৰণি দিনৰ পৰিৱেশৰ সম্পৰ্কত বিশদভাৱে জানিব পাৰি তেখেতৰ বৰ জোঁৱাই তথা অসম অসামৰিক সেৱাৰ বিষয়া উদয়ন হাজৰিকাই লিখা ‘ মোৰ শহুৰ ছাৰ এন কে বি‘ৰ পৰা। ঘৰখনৰ এখন ছবি ফুটি উঠে সেই গ্ৰন্থখনত থকা নৱকান্ত বৰুৱাৰ ঘৰখনৰ বৰ্ণনা পঢ়িলে।

3 (1)

আমি অৱশ্যে তেনে পৰিৱেশ দেখা নাপালো। আসাম টাইপৰ ঘৰটো জহি- খহি গৈছে। এজাক বৰষুণতে ভিতৰত পানী সোমাই। ফুলবোৰ আছে যদিও যতন নাই। ঘৰখনৰ সন্মুখত ৰৈ প্ৰিয় কবিক স্মৰণ কৰোতে বাৰে বাৰে মনলৈ আহিছিল উদয়ন হাজৰিকাই ‘মোৰ শহুৰ ছাৰ এন কে বি‘ত থকা কথাবোৰলৈ। 

সেই ঘৰটোৰ চৌহদত থকা অট্টালিকাটোত থাকে এতিয়া প্ৰদীপ আচাৰ্য আৰু তেওঁৰ পুত্ৰ। আচাৰ্য নৱকান্ত বৰুৱাৰে সৰু জোঁৱাই। জুনুকাৰ স্বামী। কন্যা জুনুকা ইহসংসাৰত নাই। নৱকান্ত বৰুৱা, তেওঁৰ পত্নী বীণা বৰুৱা গুচি গৈছে এই সংসাৰ এৰি। 

থাকি গৈছিল সেই ঘৰটোত বিজড়িত বহু স্মৃতি। নৱকান্ত বৰুৱাৰ আত্মীয় বুলিবলৈ কন্যা আইনু, তেওঁৰ স্বামী উদয়ন হাজৰিকা, তেওঁলোকৰ সতি-সন্তান, প্ৰদীপ আচাৰ্য, তেওঁৰ পুত্ৰ আদিয়ে হয়তো বৰ আটোমটোকাৰিকৈ ৰাখিব পাৰিলেহেঁতেন এই ঘৰখন।

কিন্তু সেয়া সম্ভৱ হোৱা নাই। নৱকান্ত বৰুৱাই পঢ়া-শুনা কৰা সেই টেবুলখন এতিয়া কি অৱস্থাত আছে তাকো প্ৰদীপ আচাৰ্যৰ বাদে আন সকলে জনাৰ উপায় নাই। এনে বহু স্মৃতি বিজড়িত সম্পদ আছিল বৰুৱা।

নৱকান্ত বৰুৱাক লৈয়ে এটা সৰু যাদুঘৰ হ’লহেঁতেন। ৰখাব পাৰিলেহেঁতেন সংৰক্ষণ কৰি তেওঁৰ সামগ্ৰীৰ লগতে সৃষ্টিৰাজি। সোণত সুৱগা চৰালে হয় তেওঁৰ হাতত থকা অমূল্য কিতাপবোৰে। তেনে একোৱেই নহ’ল। এক সংঘাতময় সময়ে এতিয়া সেই সকলো সম্ভাৱনাক অনিশ্চিয়তাৰ মাজলৈ থেলি দিলে। 

2 (2)

কি আচৰিত ! এই জীৱন আৰু সময়। এক বিষণ্ণ অতীতৰ দস্তাবেজ হৈ ৰৈ আছে তেওঁৰ প্ৰিয় ঘৰটো। টনাটনি চলি আছে ভিতৰি, কাৰ হ’ব সেই সম্পত্তি। 

উচ্চ শিক্ষিত লোকবোৰো যে মানুহ হ’ব নোৱাৰে তাৰেই প্ৰমাণ এতিয়া বিচাৰি পোৱা যায় নৱকান্ত বৰুৱাৰ ঘৰখনত। ক্ষণিকৰ বাবে সেই কথাবোৰ শুনিলে জয় পৰি যায় বুকু। নীৰৱ হৈ ৰোৱা ঘৰটোৱেই যেন উচুপে নৱকান্ত বৰুৱাক বিচাৰি। 

বিচাৰে সেই প্ৰাণচঞ্চল সেই সময়বোৰ ঘূৰাই। কিমান সৃষ্টিৰ সাক্ষী আছিল এই ঘৰখন। বাহিৰৰ মানুহবোৰেচোন এনে মহীৰূহসকলৰ স্মৃতি সাঁচি থয় অতি আদৰেৰে। ভবেন্দ্ৰ নাথ শইকীয়াৰ প্ৰতিটো সম্পদ থৈ দিয়া আছে বৰ আকুলতাৰে। নোৱাৰিলেহেঁতেন জানো নৱকান্ত বৰুৱাকো এনেদৰে জীয়াই তুলিব ?

নোৱাৰাৰ কাৰণ আছে। উদয়ন হাজৰিকাৰ ভাষাত তেওঁলোকে নৱকান্ত বৰুৱা ফাউণ্ডেশ্যন নামেৰে এটা ট্ৰাষ্ট কৰিছিল। ইয়াৰ মূখ্য কাৰ্যালয় হিচাপে নৱকান্ত বৰুৱাৰ সেই শিলপুখুৰীৰ বাসগৃহটো ব্যৱহাৰ কৰিব বিচাৰিছিল। সেই সময়ত জোঁৱাইয়েক প্ৰদীপ আচাৰ্য আৰু ৰবীন গোস্বামীয়ে সেই ঘৰটো ভাড়ালৈ তাত টিউচন চেণ্টাৰ খুলিছিল। 

4

প্ৰদীপ আচাৰ্যক উদয়ন হাজৰিকা আৰু ট্ৰাষ্টৰ সদস্যসকলে বৰুৱা ছাৰৰ পুৰণি ঘৰটোৰ বাৰাণ্ডা সংলগ্ন এটা কোঠা ট্ৰাষ্টৰ অফিচৰ বাবে দিবলৈ অনুৰোধ কৰিছিল। আচাৰ্যই হেনো একাষাৰতে নহ’ব বুলি কৈ দিছিল। কি আচৰিত ! এয়া উদয়ন হাজৰিকা অৰ্থাৎ নৱকান্ত বৰুৱাৰ বৰ জোঁৱায়েকে লিখিতভাৱে উল্লেখ কৰা কথা।

নৱকান্ত বৰুৱাৰ মৃত্যু হৈছিল ২০০২ৰ ১৪ জুলাইত। তেখেতৰ মৃত্যুৰ ছমাহৰ পাছত হৈছিল এই পৰিৱেশ। নিজে সজা ঘৰটোতে নিজৰ বাবে অলপ ঠাইৰ অভাৱ হৈছিল। 

আচাৰ্যক নৱকান্ত বৰুৱাৰ জীয়াৰী আইনুৱে সোধাত ভিতৰফালে থকা গোঁসাই ঘৰটো ল’বলৈ কৈছিল। কিন্তু সেইটো আছিল এটা সৰু কোঠা। সেয়েহে জু- ৰোড তিনিআলিত থকা উদয়ন হাজৰিকা আৰু আইনুৰ ঘৰলৈকে লৈ অহা হৈছিল নৱকান্ত বৰুৱা ফাউণ্ডেচনৰ কাৰ্যালয়। 

নৱকান্ত বৰুৱাৰ স্মাৰক হিচাপে ঘৰটো সংৰক্ষণ নহ’ল। প্ৰদীপ আচাৰ্যই আনিব নিদিলে নৱকান্ত বৰুৱাৰ মেজ- চকী, কিতাপ, আলমাৰি ইত্যাদি। বহুতে চাব বিচাৰি আহিছিল নৱকান্ত বৰুৱাৰ এই সম্পদবোৰ। চাব খুজিছিল তেওঁৰ পঢ়া কোঠালিটো। 

তেনে মানুহ আহিলে শিলপুখুৰীৰ সেই ঘৰটোৰ ঠিকনা দি তেওঁলোকে কৈ পঠিয়াইছিল প্ৰদীপ আচাৰ্যক লগ কৰিবলৈ। ২০১১ চনৰ জানুৱাৰীত নৱকান্ত বৰুৱাৰ সহধৰ্মিণী অসুস্থ হৈ পৰিছিল। প্ৰদীপ আচাৰ্যই হেনো তেতিয়া ৰাতি প্ৰায় ১০-০০ বজাত খবৰটো আইনু আৰু উদয়ন হাজৰিকাক দি কৈছিল- তেওঁৰ গাটো বেয়া। তোমালোকে ডক্টৰ মাতা বা ১০৮ত খবৰ দিয়া।

ইমান অদায়িত্বশীল হ’ব পাৰেনে মানুহ ! প্ৰাণৱন্ত ঘৰখন এনেদৰে হৈ যাব পাৰেনে নিঃশেষ ? নৱকান্ত বৰুৱাৰ পুৰণি ঘৰটোৰ বিজুলী বিল আহিলে প্ৰদীপ আচাৰ্যই হেনো পঠাই দিয়ে আইনুলৈ। কত যে কথা এইবোৰ। 

২০১৫ত সেই ঘৰটো স্মাৰক হিচাপে নতুনকৈ বনোৱাৰ সিদ্ধান্ত লৈছিল। সেয়াও সম্ভৱ নহ’ল তেওঁৰ পৰিয়ালৰ জীৱিত লোকসকলৰ সংঘাতৰ বাবে। সেই মাটিখিনিৰ অংশ বিচাৰিছিল সৰু জোঁৱাই আৰু ভতিজাই। নৱকান্ত বৰুৱাৰ চৌহদৰ আধা মাটি জীৱিত কালতে কনিষ্ঠ জীয়াৰী জুনুকাৰ নামতে লিখি দিছিল। যিমানখিনি মাটি দিছিল তাতোকৈ বেছি অংশত সজা হৈছিল সেই ঘৰ। 

তেতিয়া ভবা নাছিল কোনেও এদিন এনে পৰিৱেশ হ’ব। চৌহদটোৰ বাকী ১৮ লেচামান মাটিহে কাৰো নামত লিখি যোৱা নাছিল। সেইখিনিতো এতিয়া ভাগ লাগে। কিমান বিষাদপূৰ্ণ এই কাহিনী । ডাঙৰ আৰু জ্ঞানী বুলি ভবা মানুহবোৰে যোগ্য নহয় কিজানি। 

5

নৱকান্ত বৰুৱাৰ ঘৰ বুলিবলৈ এতিয়া এটা খলা আছে। তেওঁৰ পঢ়া কোঠালিটোও হেনো ভাঙি পোলোৱা হৈছে। কোনোবা এজন মানুহক থাকিবলৈ দিয়া হৈছে তাত। থাকিব লগা সকলৰ নাই কোনো আবেগ এই ঘৰক লৈ। হয়তো নৱকান্ত বৰুৱাতকৈ তেওঁৰ সম্পত্তিৰ প্ৰতি মোহ বেছি এতিয়া এচামৰ।

কম দিনৰ ভিতৰতে হেৰাই যাব এই ঘৰ। কংক্ৰীটৰ অট্টালিকা থিয় দিব। নৱকান্ত বৰুৱা নামৰ এজন কবি- সাহিত্যিক যে তাত আছিল, সেই কথা পাহৰণিৰ গৰ্ভত হেৰাই থাকিব। যন্ত্ৰিকতা আৰু স্বাৰ্থপৰতাৰে ভৰা এই পৃথিৱীৰ কৰ্ম-কাণ্ড দেখি অচিন দেশত কবিৰ আত্মাই উচুপি থাকিলেও কোনেও উমান নাপাব।

ঐতিহ্যপূৰ্ণ সেই ঘৰটোৰ সন্মুখত ৰৈ কথাবোৰ ভাবি থাকোতে বহু কথাই দোলা দি গ’ল। নৱকান্ত বৰুৱাৰ শান্ত-সৌম্য আৰু সেই শিশুসুলভ নিষ্পাপ হাঁহিমুখীয়া মুখখনে যেন কাণে কাণে কৈ গ’ল- মই নাহোঁ, মই নোৱাৰো আহিব, নাহো / হেৰাই যোৱা ৰঙতেচোন অকলে অকলে হাঁহো...।

নৱকান্ত বৰুৱা