ফেষ্টিভেল পাতিছো আমি, শ্যামকানুও আছে : চাব আপুনি...

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কৰা এনে ঘোষণা আৰু কঠোৰ স্থিতিয়ে এনে এক ধাৰণা দিছিল যে, শ্যামকানু মহন্তৰ সন্দৰ্ভত ৰাইজৰ যি ৰায় তেওঁৰো একেই ৰায় । শ্যামকানু মহন্তৰ সৈতে কোনো বিশেষ সম্পৰ্ক নথকাৰ কথা প্ৰকাশ কৰিবলৈ গৈ

New Update
AP FOR WEB NEW  bikhekh lekha (18)

মৃদুল কুমাৰ সন্দিকৈ

জুবিন গাৰ্গৰ ছিংগাপুৰত ৰহস্যজনক মৃত্যুৰ পাছত বিতৰ্কৰ কেন্দ্ৰবিন্দু হৈছিল শ্যামকানু মহন্তৰ দ্বাৰা আয়োজিত নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেল। এই অনুষ্ঠানত অংশ ল’বলৈ নোযোৱা হ’লেই এনে এক অঘটন সংঘটিত নহ’লহেতেঁন বুলি মানুহে ধৰি লৈছে। 

সেই অনুষ্ঠানৰ আয়োজক হিচাপে জুবিন গাৰ্গক ছিংগাপুৰলৈ নিয়াৰ বাবে শ্যমকানু মহন্তক অপৰাধী বুলি বিশ্বাস কৰি লৈছে। মানুহৰ ক্ষোভ আৰু জুবিনকেন্দ্ৰিক আৱেগৰ প্ৰতি লক্ষ্য ৰাখি পৰৱৰ্তী সময়ত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই শ্যামকানু মহন্ত আৰু তেওঁৰ কোম্পানীক ৰাজ্যত কোনো অনুষ্ঠান অনুষ্ঠিত কৰিবলৈ নিদিয়া আৰু ৰাজ্য চৰকাৰৰ তৰফৰ পৰা কোনো আৰ্থিক সহযোগ কেতিয়াও নিদিয়ে বুলি ঘোষণা কৰিছিল।

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কৰা এনে ঘোষণা আৰু কঠোৰ স্থিতিয়ে এনে এক ধাৰণা দিছিল যে, শ্যামকানু মহন্তৰ সন্দৰ্ভত ৰাইজৰ যি ৰায় তেওঁৰো একেই ৰায়। শ্যামকানু মহন্তৰ সৈতে কোনো বিশেষ সম্পৰ্ক নথকাৰ কথা প্ৰকাশ কৰিবলৈ গৈ এবাৰ তেওঁ অনুষ্ঠিত কৰা ৰঙালী অনুষ্ঠানলৈ গৈ কি পৰিৱেশ দেখিছিল, তাৰো এক বৰ্ণনা দিছিল। 

সময় অতিবাহিত হোৱাৰ লগে লগে যিবোৰ কথা পোহৰলৈ আহিছে, সেই পোহৰলৈ অহা তথ্যবোৰে কিন্তু এখন পৃথক ছবিহে দাঙি ধৰে। সেই তথ্যবোৰে প্ৰমাণ কৰে অসম চৰকাৰেও শ্যামকানু মহন্তক পৃষ্ঠপোষকতা কৰাৰ বাবে উদ্যোগ লৈছিল। ছিংগাপুৰৰ পৰা ২৯ এপ্ৰিল ২০২৫ত এখন চিঠি আহিছিল। 

ছিংগাপুৰত থকা ভাৰতীয় উচ্চায়ুক্ত ছিল্পাক আম্বুলেলৈ লিখা সেই চিঠিখনৰ নম্বৰ আছিল SIN/HC/551/1/2025। মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ে এই চিঠিখন পোৱাৰ পাছত চিঠিখনৰ ই চি আৰ নম্বৰ দিয়া হৈছিল 3392656/2025, তাং 30/04/2025। 

সেই চিঠিখনত বিষয়বস্তু আছিল ছিংগাপুৰত অনুষ্ঠিত হ’ব লগা চতুৰ্থ নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেলত অসমৰ অংশগ্ৰহণ সম্পৰ্কীয়। পত্ৰখনৰ আৰম্ভণিতে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক ছিংগাপুৰত থকা ভাৰতীয় উচ্চায়ুক্তগৰাকীয়ে এডভাণ্টেজ অসম ২ৰ সফলতাৰ বাবে অভিনন্দন জ্ঞাপন কৰিছে। 

মুঠ ৫টা দফাত লিখা এই চিঠিখনৰ উদ্দেশ্য কিন্তু সম্পূৰ্ণ পৃথক আছিল। ২ নং দফাত উচ্চায়ুক্তগৰাকীয়ে জনাইছিল যে, ১৯ৰ পৰা ২১ ছেপ্তেম্বৰলৈ ছিংগাপুৰত নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেল অনুষ্ঠিত হ’ব ছিংগাপুৰৰ ভাৰতীয় উচ্চায়ুক্ত কাৰ্যালয়ৰ সহযোগত।

এই অনুষ্ঠানত উত্তৰ- পূৰ্বাঞ্চলৰ সকলোবোৰ ৰাজ্যৰ উপস্থিতি তেওঁলোকে কামনা কৰাৰ কথা উল্লেখ কৰিছিল পত্ৰত। ৩নং দফাত ভাৰত আৰু ছিংগাপুৰৰ দ্বিপাক্ষিক সম্পৰ্কৰ ৬০ বছৰীয়া বৰ্ষপুৰ্তি উপলক্ষে এই অনুষ্ঠান আয়োজন কৰা ব্যৱসায়, বাণিজ্য, সাংস্কৃতিক বিনিময়ৰ লক্ষ্যৰে অনুষ্ঠাটি পতাৰ কথা কোৱা হৈছিল। 

চিঠিখনৰ চতুৰ্থ দফাটো অত্যন্ত গুৰুত্বপূৰ্ণ। কাৰণ এই দফাত উচ্চায়ুক্তগৰাকীয়ে প্ৰথমে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেলৰ ১৯ ছেপ্তেম্বৰৰ উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকিবলৈ নিমন্ত্ৰণ জনাইছিল। মুখ্যমন্ত্ৰীয়ে লগতে ৰাজ্য চৰকাৰৰ এটা প্ৰতিনিধিমূলক বিষয়াৰ দল, উদ্যোগী, ব্যৱসায়ী আৰু সাংস্কৃতিক জগতৰ নিৰ্বাচিত ব্যক্তি যাতে উপস্থিত থাকে সেই ব্যৱস্থা ল’বলৈ অনুৰোধ কৰা হৈছিল।

লক্ষ্যণীয়ভাৱে পত্ৰখনৰ এই দফাটোৰ শেষৰফালে লিখা বাক্যশাৰী আছিল অতি গুৰুত্বপূৰ্ণ। সেই বাক্যশাৰী লিখিছিল We would also hope that the state government could extend some financial support for this initiative. অৰ্থাৎ ৰাজ্য চৰকাৰৰ পৰা কিছু আৰ্থিক সহযোগৰ আশা কৰা হৈছিল এই পত্ৰখনৰ জৰিয়তে।  

পত্ৰখনৰ পঞ্চম দফাত ছিংগাপুৰৰ উচ্চায়ুক্তগৰাকীয়ে লিখিছে যে, এই নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেলৰ মুখ্য আয়োজক শ্যামকানু মহন্ত। তেখেতে অসম চৰকাৰক অংশগ্ৰহণৰ সম্পৰ্কত সকলোবোৰ যোগাযোগত থাকিব। মূলতঃ শ্যামকানুৰ বাবেই যে এই পত্ৰ মুখ্যমন্ত্ৰীলৈ লিখা হৈছে সেয়া বুজিবলৈ অসুবিধা নহয়। 

পত্ৰখন পোৱাৰ পাছত পত্ৰখনৰ সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে এটা নোট দি পত্ৰখন ৰাজ্যৰ মুখ্য সচিব ৰবি কোটালৈ প্ৰেৰণ কৰিছিল। সেই নোটটোত মুখ্যমন্ত্ৰীয়ে লিখিছে চি এছ প্লিজ স্পীক। অৰ্থাৎ মুখ্য সচিব অনুগ্ৰহ কৰি কথা পাতক। মুখ্য সচিব ৰবি কোটাই চি এম কাৰ্যালয়ৰ পৰা এই পত্ৰ লাভ কৰাৰ পাছত তেওঁ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়লৈ লিখক আৰু পৰামৰ্শ গ্ৰহণ কৰক বুলি লিখি সেই দায়িত্ব দিছিল এক্ট ইষ্ট পলিচি বিভাগৰ সচিবক।

অতি কৌশলগতভাৱে সেই যোগাযোগ কৰা হৈছিল। শ্যামকানু মহন্তক এনেদৰে আশীৰ্বাদ দিয়া মানুহৰ অভাৱ নাছিল। সেই আশীৰ্বাদ তেওঁ পৰোক্ষ- প্ৰত্যক্ষভাৱে দিশপুৰৰ পৰাও লাভ কৰিছিল। তাৰ প্ৰমাণ এই ছিংগাপুৰৰ পৰা অহা এই চিঠিখন। 

সময়ত সকলোৱে নিজক সুৰক্ষিত স্থানত ৰাখি শ্যামকানু মহন্তক সন্মুখলৈ ঠেলি দিলে। ফেষ্টিভেল পতাৰ নামত বণিয়া হৈ পৰা শ্যামকানুৰ দৰে লোকক সৌসেইদিনা লৈকে পৃষ্ঠপোষকতা কৰি অহা ক্ষমতাশালী লোকসকলহে আজিও আঁৰতে ৰৈ গ’ল।

শ্যামকানু মহন্ত