/asomiyapratidin/media/media_files/2025/09/09/ap-for-web-new-bikhekh-lekha-new-2024-2025-09-09-14-33-37.png)
মৃদুল কুমাৰ সন্দিকৈ
১৯৬৭ চনৰ ফেব্ৰুৱাৰীৰ কথা। প্ৰাক্তন বিধায়ক তথা প্ৰবীণ কংগ্ৰেছ নেতা হেমচন্দ্ৰ হাজৰিকাৰ লখিমপুৰৰ ঘৰত গায়ে- মূৰে লেপলৈ শুই আছিল এজন ব্যক্তি। মাজে মাজে তেওঁ চিঞৰে- ”আই অ’ ! এটা জ্বৰতে মই চেপেটা লাগিলো।”
চতুৰ্থ অসম বিধানসভাৰ নিৰ্বাচন সেইবাৰ দুটা পৰ্যায়ত অনুষ্ঠিত হৈছিল। মুঠ ৪৯২গৰাকী প্ৰাৰ্থীয়ে এই নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছিল। সেই সকলৰ ভিতৰত হেমচন্দ্ৰ হাজৰিকাৰ ঘৰত শুই থকা ব্যক্তিজনো আছিল নাওবৈচা সমষ্টিৰ নিৰ্দলীয় প্ৰাৰ্থী।
১৭ ফেব্ৰুৱাৰীৰ ১৯৬৭ত অনুষ্ঠিত হৈছিল ভোটগ্ৰহণ। তাৰ পাছত ভোটগণনাৰ দিনা এইদৰে বিচনাত পৰি আছিল এই ব্যক্তিজন। অৱশেষত সমষ্টিটোৰ নিৰ্বাচনৰ ফলাফল আহি তেওঁৰ কাণত পৰিলে। ১১২ নং নাওবৈচা সমষ্টিত তেওঁ লাভ কৰিছে ১৪,২১৭টা ভোট।
মুঠ ভোটদানৰ ৫৮.১২ শতাংশ লাভ কৰি নিৰ্দলীয় প্ৰাৰ্থী হিচাপে তেঁৱেই জয়ী হৈছে নিৰ্বাচনত । কংগ্ৰেছৰ নিকটতম প্ৰতিদ্বন্দ্বীগৰাকীয়ে সমষ্টিটোত লাভ কৰিছিল ৮,৫০০ ভোট। তৃতীয় স্থানত আছিল চি বিশ্বাস নামৰ প্ৰাৰ্থীগৰাকী। তেওঁ লাভ কৰা ভোটৰ সংখ্যা ১,৭৪৪টা।
৫,৭১৭টা ভোটৰ ব্যৱধানত নাওবৈচা সমষ্টিৰ পৰা ৫বছৰৰ বাবে অসম বিধানসভালৈ নিৰ্বাচিত হ’ল তেওঁ। নিৰ্বাচন খেলিবলৈ তেওঁৰ একেবাৰে ইচ্ছা নাছিল। দেউতাকে দিয়া পৰামৰ্শ অনুসৰি আৰু ১৯৬৬চনত এখন চিনেমা বনাবলৈ লখিমপুৰলৈ যাওঁতে মানুহে তেওঁক কৰা অনুৰোধৰ বাবেহে তেওঁ নিৰ্বাচনৰ প্ৰতিদ্বন্দ্বিতাত নামিছিল।
সমষ্টিটো আছিল অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত। সেই সময়ৰ ৰাজ্যৰ এজন জ্যেষ্ঠ ৰাজনীতিবিদ ফণী বৰায়ো তেওঁক ৰাজনীতিলৈ আহি নাওবৈচা সমষ্টিৰ পৰা নিৰ্বাচনত নামিবলৈ অনুৰোধ কৰিছিল। সাতে- পাঁচে মিলি নিৰ্বাচনত প্ৰাৰ্থী হৈছিল তেওঁ।
এখন নিৰ্বাচনী প্ৰচাৰ পত্ৰ ছপাইছিল তেওঁৰ নামত । নিৰ্দলীয় প্ৰাৰ্থী হোৱাৰ বাবে তেওঁৰ নিৰ্বাচনী প্ৰতীক আছিল এখন বাইচাইকেল। ভোটগ্ৰহণ অনুষ্ঠিত হোৱাৰ দিনা আছিল শুকুৰবাৰ। অসমীয়া তাৰিখ ৪ ফাগুন। পুৱা ৭-৩০ বজাৰ পৰা ৪-৩০ বজালৈ চলিছিল ভোটদান।
গুৱাহাটী আৰ্ট প্ৰিণ্টাৰ্ছত ছপা কৰা এই প্ৰচাৰ পত্ৰ তেওঁ বিলাইছিল ভোটাৰৰ মাজত । অমৰ হাজৰিকাৰ নামত মুদ্ৰিত আৰু তেওঁ নিৰ্বাচনী সমিতিৰ প্ৰধান সম্পাদক সোণাৰাম শইকীয়াৰ দ্বাৰা প্ৰকাশ কৰা হৈছিল এই প্ৰচাৰ পত্ৰখন।
এনেকৈয়ে তেওঁ হঠাৎ প্ৰৱেশ কৰিছিল ৰাজনীতিত। হৈছিল এজন গায়ক বিধায়ক। ৰাজধানী তেতিয়া শ্বিলংত। এছেম্বলী চেম্বাৰত ১৯৬৭ চনৰ ২১ মাৰ্চত পুৱা ১০-০০ বজাৰ পৰা আৰম্ভ হৈছিল বিধানসভাৰ অধিবেশন।
সেইবাৰ বিধানসভাৰ অধ্যক্ষ নিৰ্বাচিত হৈছিল হৰেশ্বৰ গোস্বামী। তেখেত বি.এ, এম. এ আৰু বেৰিষ্টাৰী ডিগ্ৰীধাৰী। সেইদিনা বিধানসভাত ৰাজ্যপালৰ ভাষণৰ সন্দৰ্ভত আলোচনা চলিছিল।
তেওঁ লগতে বিষ্ণু ৰাভা, লক্ষ্যধৰ চৌধুৰী, গৌৰীশংকৰ ভট্টাচাৰ্য, দেৱেশ্বৰ শৰ্মা, পুস্পলতা দাস আদি বহু গুণী- জ্ঞানী বিধানসভালৈ নিৰ্বাচিত হৈ গৈছিল। চাৰিগৰাকী মহিলা বিধায়ক আছিল অসম বিধানসভাত।
ৰাজ্যপালৰ ভাষণৰ বিতৰ্কত অংশ লৈ বিষ্ণুপ্ৰসাদ ৰাভাই সেইদিনা চৰকাৰক তীব্ৰ সমালোচনা কৰিছিল। তেজপুৰ বিধানসভা সমষ্টিৰ পৰা নিৰ্বাচিত হৈ আহিছিল ৰাভা। বিষ্ণু ৰাভাই আৰম্ভ কৰিছিল তেওঁৰ ভাষণ। কৈছিল- মাননীয় অধ্যক্ষ মহোদয়, মাননীয় ৰাজ্যপাল ডাঙৰীয়াৰ ভাষণ শুনিলো। আশা ৰাখিছিলো, তেখেতৰ ভাষণত শিল্পনুৰাগীসকলৰ শিল্পৰ চেষ্টাৰ আহিলা হিচাপে অসমৰ ফিল্ম ষ্টুডিঅ’ৰ সৰ্বাংগীন উন্নতিৰ হকে চৰকাৰে মনোযোগ দিয়াৰ কথা পাম। কিন্তু আমি স্তম্ভিত হ’লো যে তেখেতৰ ভাষণত ইয়াৰ কোনো উল্লেখ নাই। ইয়াৰ দ্বাৰাই অসমৰ শিল্পানুৰাগীসকলক অৱমাননা আৰু অপমানিত কৰা হৈছে বুলি মই ভাবো।
এনেদৰে কৈ ৰাজ্যখনত শিল্প চৰ্চাৰ আৰধনাৰ বাবে চৰকাৰে কৰা অৱহেলাৰ এখন প্ৰতিচ্ছবি দাঙি ধৰিছিল তেওঁ। ৰাভাৰ মতে এটা ৰাজনৈতিক দলে এখন দেশৰ জীৱন গঠন কৰিব পাৰে। কিন্তু তাৰ প্ৰাণ প্ৰতিষ্ঠা কৰিব নোৱাৰে। এই প্ৰাণ প্ৰতিষ্ঠা কৰে শিল্পীসকলে। তেনেস্থলত শিল্পীসকলৰ প্ৰতি চৰকাৰৰ আদৰ- সাদৰ নাথাকে তেন্তে তেওঁলোকে সমাজৰ প্ৰতি কি বৰঙণি যোগাব ?
অসমৰ ৰাইজে সেই বিধানসভালৈ ৩জন শিল্পী নিৰ্বাচিত কৰি পঠিওৱাৰ কথা ৰাভাৰ ভাষণত উল্লেখ আছিল। তেওঁ কৈছিল- অসমৰ ৰাইজে ৩জন শিল্পীক এই সদনলৈ পঠিয়াইছে। তাৰ এজন ড০ হাজৰিকা, আনজন লক্ষ্যধৰ চৌধুৰী আৰু তৃতীয়জন এই অধম অভাজন।
এইক্ষেত্ৰত সকলোৱে আমাৰ মুখলৈ চাই আছে। কিয় আজি ৪বছৰে আমাৰ ফিল্ম ষ্টুডিঅ’ নহ’ল ? ৰবীন্দ্ৰ ভৱনটো চৰকাৰে জাতীয় নাট্যশালালৈ ৰূপান্তৰিত কৰিব বুলি তেওঁ আশা ৰাখিছিল সেইদিনা। ৩জন শিল্পী বিধানসভালৈ নিৰ্বাচিত হৈ অহাৰ কথা ৰাভাই কোৱাৰ সময়ত অসম বিধানসভাৰ সদনৰ ভিতৰত হৰ্ষোল্লাস হৈছিল।
টেবুলত ঢকিয়াই ঢকিয়াই তিনিওগৰাকী শিল্পীক আদৰণী জনাইছিল সেই সময়ৰ বিধানসভাৰ নৱনিৰ্বাচিত সদস্যসকলে। নিৰ্বাচনৰ ফলাফল ঘোষণা হোৱাৰ পাছতে এখন দৈনিক কাকতত এটা কাৰ্টুন প্ৰকাশ পাইছিল।
সেই কাৰ্টুনটোত এজনে তাণ্ডৱ নৃত্য কৰি আছিল। এজনে হাৰমোনিয়াম লৈ গান গাই আছিল আৰু আনজনে ধেনু- কাঁড় লৈ অভিনয় কৰা দৃশ্য আছিল কাৰ্টুনটোত। তাণ্ডৱ নৃত্য কৰি থকা জন আছিল ৰাভা, অভিনয় কৰি থকা জন লক্ষ্যধৰ চৌধুৰী আৰু হাৰমোনিয়াম লৈ গাই থকা জন আছিল তেওঁ।
এয়াই আছিল তেওঁলোক বিধানসভালৈ নিৰ্বাচিত হোৱাৰ পাছত মানুহৰ প্ৰত্যাশা। ১৯৬৭ চনৰ ৩০ মাৰ্চত তেওঁ বিধানসভাত থিয় হৈ কৈছিল- শ্বিলং অসমৰ গৰিষ্ঠ সংখ্যক ৰাইজৰ পৰা বহু নিলগত। খেতিয়ক- বনুৱা আৰু নিম্ন মধ্যবিত্ত ৰাইজে ১০০ টকাৰ ঋণ বিচাৰি ১৫০ টকা খৰচ কৰি ৰঙাফিটাৰ মেৰপাকত সোমাই লটি-ঘটি হয়, কিন্তু কাম নহয়।
ইয়াৰ পূৰ্বেও বিধানসভাত তেওঁ যে এজন ৰাজনীতিবিদ নহয় সেই কথা মুকলিকৈ কৈছিল- মই ব্যৱসায়িক ৰাজনীতিজ্ঞ নহওঁ আৰু কোনো ৰাজনৈতিক দলৰ ভৃত্যও নহওঁ মই মাথোঁ অসমৰ অসমীয়া মানুহ হিচাপে এই সদনত জনসাধাৰণৰ এজন প্ৰতিনিধি হিচাপে কথা ক’ম ।
বিধানসভাৰ মজিয়াত তেওঁ কেতিয়াবা অতি গুৰুত্বপূৰ্ণ বিষয়কলৈ আলোচনা চলি থাকোতে এনেদৰে কটাক্ষ কৰিছিল যে, সেই কটাক্ষই বহুতক চিধা কৰিছিল। এইবোৰ কথা আসাম লেজিলেটিভ এছেম্বলী ডিবেটছ অফিচিয়েল ৰিপ’ৰ্টত লিপিবদ্ধ হৈ আছে।
তেনে এক ৰিপ’ৰ্টৰ ভলিউম ১ নম্বৰ ৮ত উল্লেখ থকা মতে, সেইদিনা কৰ্তন প্ৰস্তাৱক লৈ সদনত আলোচনা চলিছিল। অধ্যক্ষৰ আসনত হৰেশ্বৰ গোস্বামী আৰু সদনত সেইদিনা ৫জন ৰাজ্যিক মন্ত্ৰী, দুজন উপ মন্ত্ৰী, ৬৩জন সদস্য উপস্থিত আছিল। তেতিয়া বিত্তমন্ত্ৰী আছিল কামাখ্যা প্ৰসাদ ত্ৰিপাঠী। বিত্ত বিভাগৰ কাট মোচন অৰ্থাৎ কৰ্তন প্ৰস্তাৱৰ সন্দৰ্ভত আলোচনা চলোৱাৰ লগতে চাপ্লিমেণ্টৰী ষ্টেটমেণ্ট অৱ চাৰ্জ এক্সপ্লেণ্ডেছাৰক লৈও আলোচনা হৈছিল।
হীৰালাল পাটোৱাৰী (পাণ্ডে)য়ে থিয় হৈ সদনত বক্তব্য ৰখাৰ চেষ্টা চলাইছিল- মাননীয় অধ্যক্ষ মহোদয়, আজিৰ সদনত বিত্তমন্ত্ৰী মহোদয়ে টকাৰ কাৰণে চাপ্লিমেণ্টৰী ডিমাণ্ড দাঙি ধৰিছে...
অধ্যক্ষই তেওঁক বাধা দি কৈছিল- আপুনি চাৰ্চ আইটেম পেজ ৭৭ৰ ওপৰত ক’ব। ছাৰ মই পিছত ক’ম বুলি বহিছিল হীৰালাল পাটোৱাৰী। এনেদৰে চলি আছে বিধানসভা। কোনোবাই আপত্তি কৰিছে যে অসমীয়াতে ক’ব লাগে কথাবোৰ ।
সাধাৰণ প্ৰশাসনৰ ডিমাণ্ড নম্বৰ ৭ উত্থাপন কৰিবলৈ অধ্যক্ষই নিৰ্দেশ দিলে। কামাখ্যা প্ৰসাদ ত্ৰিপাঠীয়ে সেই প্ৰস্তাৱ উত্থাপন কৰাৰ পাছত কেইবাজনেও ইয়াৰ বিৰোধ কৰিলে।
পৰৱৰ্তী কাট মোচন উত্থাপন কৰিবলৈ অধ্যক্ষই গোলাঘাটৰ বিধায়ক সোণোশ্বৰ বৰাক নিৰ্দেশ দিলে। বৰাই থিয় হৈ ক’লে- মই মোৰ কৰ্তন প্ৰস্তাৱটো দাঙি ধৰিছো- সোণাই সমষ্টিৰ বিধায়ক ময়নুল হক চৌধুৰীয়ে অধ্যক্ষক উদ্দেশ্যি ইংৰাজীতে ক’লে যে, অধ্যক্ষ মহোদয়, অসমীয়া যিহেতু এটা স্বীকৃতিপ্ৰাপ্ত ভাষা, সেয়েহে তেওঁক অসমীয়াতে এই কাট মোচন উত্থাপন কৰাত কোনেও বাধা দিব নোৱাৰে।
কিয়নো কেইজনমানে সোণেশ্বৰ বৰাই কাট মোচন অসমীয়াতে উত্থাপন কৰাক লৈ কিছু প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল। তেতিয়া অধ্যক্ষই তেওঁক অসমীয়াতে কাট মোচন উত্থাপন কৰিবলৈ নিৰ্দেশ দিছিল। তাৰ মাজতে নাওবৈচাৰ পৰা নিৰ্বাচিত হৈ অহা বিধায়কগৰাকীয়ে অধ্যক্ষক উদ্দেশি কৈছিল- অধ্যক্ষ মহোদয়, ইংৰাজী নোকোৱাৰ সকলৰ ক্ষেত্ৰত বোধ কৰো এইদৰে ক’লে ভাল হ’ব যে “আমুক নম্বৰ প্ৰস্তাৱটো চলাই দিলো।“
সদনত তেতিয়া তেওঁৰ কথা শুনি বিপুল হৰ্ষোধ্বনি উঠিছিল। এয়াই আছিল তেওঁৰ হিউমাৰ। বাহিৰতো, সদনৰ ভিতৰতো। তেওঁ বিধায়ক হৈ থকা সময়ছোৱাত সাংস্কৃতিক দিশত কেইবাটাও উল্লেখযোগ্য অনুষ্ঠান- প্ৰতিষ্ঠান প্ৰতিষ্ঠা কৰা হ’ল। তাৰ ভিতৰত ফিল্ম ষ্টুডিঅ’, আৰ্ট গেলেৰী অন্যতম।
সদনৰ ভিতৰতে নহয়, সদনৰ বাহিৰতো বিভিন্ন মঞ্চত, লেখা-মেলাৰ জৰিয়তে ইয়াৰ বাবে তেওঁ এক জনমত গঠন কৰিছিল। যাৰ বাবে জ্যোতি চিত্ৰবনৰ আধাৰশিলা স্থাপন সম্ভৱ হৈছিল। ৰাজনীতিত থকাৰ ইচ্ছা তেওঁৰ নাছিল যদিও ১৯৭১ চনত তেওঁ মঙলদৈ লোকসভা সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিছিল।
অৱশ্যে সেই নিৰ্বাচনত তেওঁ হাৰিছিল। এইবাৰো তেওঁ নিৰ্দলীয় প্ৰাৰ্থীয়েই আছিল। কংগ্ৰেছৰ ধৰণীধৰ দাসে ৯০,৯৮৫টা, প্ৰজা চ’ছিয়েলিষ্টৰ হেম বৰুৱাই ৫০, ৮৮৫টা আৰু তেওঁ লাভ কৰিছিল ১২,২৩০টা ভোট।
২০০৪ত তেওঁ গুৱাহাটী লোকসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী হৈছিল। সেই বছৰ ২৬ এপ্ৰিলত অনুষ্ঠিত হৈছিল নিৰ্বাচন। এই নিৰ্বাচনত তেওঁ লাভ কৰিছিল ২,৯২,০৯৯ টা ভোট। কংগ্ৰেছ প্ৰাৰ্থী কিৰিপ চলিহাই জয়ী হৈছিল ৩,৫৩,২৫০টা ভোট লাভ কৰি।
এয়াই তেওঁৰ ৰাজনৈতিক পৰিক্ৰমা । এবাৰেই বিধায়ক হ’ল, কেতিয়াও নেতা নহ’ল। শিল্পী হৈয়েই তেওঁ থাকি গ’ল জনতাৰ হৃদয়ত। অৱশ্যে মানুহে এতিয়াও সাঁচি ৰাখিছে ১৯৬৭ চনত নাওবৈচাত তেওঁ বিতৰণ কৰা সেই নিৰ্বাচনী প্ৰচাৰ পত্ৰ। কিয়নো তেওঁ আছিল ড০ ভূপেন হাজৰিকা...।